নোৱাৰি এই কথাটি জানি উঠোঁ। যাক জানিলেও জনা নহয়, অথচ জানিও অন্ত কৰিব নোৱাৰি, সেয়ে, সেয়ে যে উপনিষদৰ ব্ৰহ্ম!—“অবিজ্ঞাতম্ বিজ্ঞানতাম্ বিজ্ঞাতম্ অবিজানতাম্,”—জানিলে। বোলালৈ যি জনা নহয়, জনা নহল বোলালৈ যি জনা—সেয়ে আমাৰ অসীম, সেয়ে আমালৈ অনন্ত! কৰ্ম্ম যাৰ আনন্দলীলা, তত্ত্ব যাৰ অসীম অনন্ত, তেওঁয়েই আমাৰ ঈশ্বৰ! ঈশ্বৰ বুলিলে আমি তেওকে দেখোঁ, তেওঁকেই বুজোঁ—কৃষ্ণৰ জীৱনলৈ চালে আমি দেখোঁ কি?—যি তেওঁৰ পৰা আঁতৰি আছে সেই পৰ আপোন কৰি দিলে তেওঁৰ জনমে। উপজিয়েই কৃষ্ণই নিজা জননীৰ কোলা এৰি পৰক আপোন কৰা হাঁহিটি হাঁহিছিল ব্ৰজৰ গোপিনী যশোদাৰ কোলাত। লাহে লাহে সেই হাঁহিটিৰ জিলিকনিৰে গোটেই গকুল জিলিকি পৰিল। নকৰিলে নোহোৱা প্ৰয়োজন একো নাই, অথচ শিশু সুলভ পবিত্ৰতাৰে কেনে নিৰ্লিপ্ত নিৰ্ব্বিকাৰ ভাবে আনন্দ বিকীৰণ কৰি কৰি মানৱ জীৱনৰ সাধনাৰ সুমঙ্গলেৰে ব্ৰজধাম খনি কিমান ওপৰলৈ তুলি গ’ল! কেনে সহজে, কেনে সুন্দৰকৈ মথুৰাৰ কাৰ্য্যাৱলীৰে গোটেই ভাৰত আপ্যায়িত কৰিলে! তাত কোনো চেষ্টা নাই,—ভগবানৰ কাৰ্য্যৰ দৰে জ্ঞান ইচ্ছা আৰু যত্নৰ কি সি সহজ বিকাশ! মনৰ কেনিও অকণি বিকাৰ নাই, কেনিও কোনো আসক্তি নাই, কৰ্ম্মৰ ক’তো বন্ধন নাই; আছে কেৱলে ত্যাগৰ তৃপ্তি, সমাপ্তিৰ সুমঙ্গল,
পৃষ্ঠা:সপ্তপৰ্ণ.djvu/৮১
অৱয়ব