সমললৈ যাওক

পৃষ্ঠা:সপ্তপৰ্ণ.djvu/১৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৮
সপ্তকৰ্ণ

 অকল অন্তৰ জগততে নহয়, বাহ্যিক জগততো নিতে নিতে আমি তেওঁৰ দয়া পাবই লাগিছোঁ৷ যেতিয়া পোনেই ভূমিষ্ঠ হৈ নিঃসহায় অৱস্থাত প্ৰাণৰ আকুলতাত কান্দিবলৈ ধৰিলোঁ তেওঁ তেওঁয়েই যে মাতৃৰক্ত স্তন্য কৰি মোৰ মুখত অমৃত দিছিল। সৰু সৰু চৰাই পোৱালিবিলাকক টোপ দি পাখি গজিলেই আগে আগে উৰি উৰি কোনে আকাশৰ কোলালৈ লৈ যায়? ভগবানৰ পৰা আঁতৰাই আনি অকল মাইকি বাপেকিৰ কথা কলেই নহয়, পিতৃ মাতৃৰ প্ৰেমৰ ধাৰাতো যে সেই অসীম, সেই অনন্তৰে লীলা—অনাদি কালৰ পৰা চলিবই লাগিছে। এই ধাৰাটি আছে বুলিয়েই জগতৰ জীৱ পিতৃ মাতৃত উপজিব লাগিছে। পিতৃ মাতৃৰ প্ৰাণৰ মাজে দি এয়ে সেই ভগবানৰ প্ৰেম, ভগবানৰ দয়া—শতধাৰে সন্তানৰ শিৰলৈ প্ৰতিদান নিবিচাৰি বৈ আহে। অকল মাইকি বাপেকিৰ শক্তি কি—কেচুৱাৰ কান্দোনত মাকৰ ৰক্ত স্তন্য কৰি দিয়ে!—তেওঁৰ প্ৰেমৰ পৰশ নিতে নিতে অন্তৰে বাহিৰে পাবই লাগিছোঁ৷ পাই পাই আমি ইমান দগা হৈ পৰিছোঁ,—ক'ৰ পৰা পাইছোঁ, কোনে দিয়ে তাৰ আমাৰ খবৰেই নাই। আমি যেন বাৰীৰ কোঁৱৰ একোজন। বিশ্ব প্ৰকৃতিয়ে আমাৰ আল পৈচান ধৰিবই লাগিব। কিবা এফেৰা নেপালেই আমাৰ উৎপাত? আমাৰ জন্ম মৃত্যু, বৃদ্ধি অপচয় আদিৰ সঁচাৰ কাঠি ভগবানৰ হাতত,—তাত তুৰি মুৰি কৰিবৰ উপায়