পৃষ্ঠা:সপ্তপৰ্ণ.djvu/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰথম পৰ্ণ

 ইমান দিনৰ টোপালি পৰ৷ বিহু আজি আহিছে। পুৱাৰ সুললিত কাকলিত আনন্দৰ নিমাত মুৰুলী বাজি উঠিল—‘আদি মোৰ আনন্দ, অন্ত মোৰ আনন্দ, নিমিষে নিমিষে মোৰ আনন্দ।’ তাৰ প্ৰতিধ্বনি হিয়াই হিয়াই জিকাৰি উঠিল। জুমে জুমে লৰা ছোৱালীয়ে নতুন গামোচা লৈ পদূলিলৈ ওলাই আহিছে,—লন৷ লনে ফুলি ওলমি পৰা কপৌ ফুললৈ চাই হাঁহিত ৰ' লাগিছে! ফুলৰ নাচোন দেখি মন আৰু ৰয় ক'ত? ফুলৰ ছেৱে ছেৱে লাহ লোট নেৰে গা ভাঙ্গি ভাঙ্গি হাঁহিৰ কিৰীলি পাৰি আনন্দত বিভোল।- ফুলি পৰ৷ মুখত কেতেকী ফলৰ ৰেণু সানি জেটুকীয়৷ হাতৰ কেতেকী ফুলটি শুঙ্গি থকাৰ লাচে লাচে অনাকথাতে বনি লৈ ইটিৰ মুখলৈ সিটিয়ে চাই হাঁহিত বাগৰি বাগৰি ডেক৷ গাভৰু আজি আনন্দত বিভোল! লৰ৷ ছোৱালীৰ হাঁহি ধেমালিত প্ৰাণ ঢালি দি অসমৰ বুৰা- বুৰীয়ে বুৰালিত লৰালি পাতি হাঁহিৰ খিকিন্দালি তুলি আজিৰ এই আনন্দত বিভোল! বিহুৱাৰ নাচোনৰ ছেৱে ছেৱে হাতৰ লাচে লাচে পুৰণিক যাবলৈ কৈ নতুনলৈ বুলি হাত বাউলি দিওঁতে নাচোনৰ মাজে মাজে প্ৰাণৰ কথাটি তাৰ কেনেকৈ ফুটি পৰিছে! চুবুৰিয়ে চুবুৰিয়ে বিহুৰ ভিন ভিন আয়োজন, ল'ৰাৰ ল'ৰ৷ ভাগে, ডেকাৰ ডেকা ভাগে, বুৰাৰ বুৰ৷ ভাগে একেই সি বহু হৈ বিয়াপি পৰিছে; বিহুবৰৰ তলে তলে, দেউলৰ জুমে জুমে, ভঠেলিৰ খোলাই