চৈতন্যৰ ফালৰ পৰা চালে যি সত্য ক্রমবিকাশত ফুটি উঠে সেয়ে অৱতাৰ-তত্ত্ব। ই এক সমগ্র সত্য৷ ক্রমবিকাশৰ মত ভাৰতীয় মন্ত্ৰেৰে শোধন নকৰাকৈ অৱতাৰ পচিমৰ তত্ত্বত লগালে সি জীণ নেযায়। কথাটি ঠাৰে চিয়াঁৰে কবলৈ গলে কব পাৰি, পচিমীয়া ক্রমবিকাশৰ মতে পদাৰ্থ হল বিবর্তনশীল উপাদানৰ সমষ্টি। জড় পদার্থই ক্রমবিকাশৰ ধাৰাত কিছুমান নিয়মৰ মাজে দি ক্ৰমে জৈব পদার্থ হৈ তাৰ পাচত চিন্তাশীল পদাৰ্থত পৰিণত হয়,—যেনেকৈ জড় পদাৰ্থই জড়ৰ পৰা মৎস্য, তাৰ পৰা কূৰ্ম্ম আদি হৈ ক্রমান্বয়ে উন্নতি লাভ কৰি কৰি ৰামকৃষ্ণত পূর্ণতা প্রাপ্ত হৈছেহি। ই কেৱলে জড় পদাৰ্থৰ যি ঊর্দ্ধগতি বা উত্তৰণ তাৰ সত্যটিহে প্ৰকাশ কৰে। এই উত্তৰণৰ চেষ্টা যে বিৰাট চৈতন্যই প্ৰেৰণা বা পৰশ দি চলাই লৈ যায় এনে কথাৰ ধাৰত পৰিলে বৈজ্ঞানিক নিমাত হৈ থাকে। দেহাতিৰিক্ত বিৰাট চৈতন্য বা সম্বিৎ বুলি যে কিবা আছে তাৰ বৈজ্ঞানিক প্রমাণ নাই। দৰ্শনৰ নেৰা নেপেৰা প্ৰশ্নত কোনো কোনে৷ বৈজ্ঞানিকে কিছুকালৰ আগলৈকে কৈছিল,—মস্তিস্কত কেনেকৈ চৈতন্যৰ বা বিৰাট চৈতন্যৰ প্রকাশ হয় বিজ্ঞান জগতত এতিয়াও সি এক বিষম সমস্যা। মস্তিস্ক আৰু চৈতন্যৰ ভিতৰত এটা আনুসঙ্গিক সম্বন্ধ যে আছে সেইখিনিলৈকে বৈজ্ঞানিকে মানি লব পাৰে; কিয়নো, মস্তিষ্কৰ পৰিবৰ্ত্তনৰ লগে লগে চৈতন্যৰ পৰিবৰ্ত্তন হোৱাৰ
পৃষ্ঠা:সপ্তপৰ্ণ.djvu/১৩০
অৱয়ব