পৃষ্ঠা:সপ্তপৰ্ণ.djvu/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৯
তৃতীয় পৰ্ণ

হৈ যায়! কালিন্দীৰ নীল জলত নীল আকাশৰ জেউতি জলিছে, নীলা তাল তমালৰ নীলা নীলা ছাঁ পৰি কালিন্দীৰ শেল দুটি ঘন নীলেৰে বোলাই তুলিছে; নীল বৰণীয়া নাৱৰ ওপৰত নীলমণিৰ সুনীল ছবিটিয়ে অসীম নীলিমাৰ লহৰি খেলিছে, সেই নীলিমাৰ বুকুত সোণ জিলিকাদি চিকিমিকি জিলিকিছে গোপিনী-মুখৰ কেতেকী-বুলীয়া ল’নি; নীল মেঘৰ কোলাত বিজুলী বুলি ময়ুৰ ময়ুৰী উৰুলীকৃত, তমালৰ ডালে ডালে চালি ধৰি নাচিব লাগিছে!⸺এনে মনোময় ছবি এখনিৰ কল্পনা কৰিও কি সুখ! অকল সুখেই নহয়, লগে লগে নীলমণিৰ ময়ুৰ পাখিৰ ঈষৎ হিল্লোলৰ তালে তালে আমাৰ মন ময়ুৰো নাচি কৃতাৰ্থ হব খোজে! কি মধুৰ এই কল্পনা!⸺কোৱাঁ মাতৃ, তুমি এই যমুনা তীৰৰ স্মৃতিৰে পৰিপূৰ্ণ এটি জীৱন্ত কবিতা নোহোৱা নে? ৰাধাই মথুৰা হাটলৈ যাবলৈ আহি পাৰ কৰি নিবলৈ কানাইক এইদৰে প্ৰাণেৰে মতা নাই নে? হয়, হয়, এইয়েই।

 জগত থিৰ! কেনিবাদি আওপকীয়া বা অকণি পাই গছৰ কুহুমবুলীয়া পাত এখিলি পাতৰ সুৰুঙাই আকাশৰ কোলাত লৰি উঠাদি হাঁহি এটিৰে মুখখনি তোমাৰ লৰি উঠিল,⸺‘নাই নাই’!⸺বুজিছোঁ, বুজিছোঁ,⸺মুখখনি লৰাই নাই নাই বুলিছাঁ,⸺ফুটি পৰিছে তাত⸺আৰু আছে, আৰু আৰু আছে! এই ইতিহাসৰ ওপৰৰ পৰিচয়ত নামটি তোমাৰ