পৃষ্ঠা:সপ্তপৰ্ণ.djvu/১৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮৭
সপ্তম পৰ্ণ

আঘাত পালেই তাক পৰ বুলি বুকুৰ পৰা উলিয়াই দিয়ে। দিনৰ পোহৰ পাইছে, অথচ আচল বস্তু চিন৷ নাই। চকু মেলি মেলি আচল বস্তু খেপিয়াই ফুৰিছে। ভৰ দিনতে ই যে ৰাতিৰ অভিনয়! ভেদৰ অন্ধকাৰত খেপিয়াই ফুৰি যাক সাধাৰণ প্ৰাণীয়ে দিন বোলে, সেই হে সেই দিন স্থিতপ্ৰজ্ঞ লোকসকললৈ নিশা,—“যস্যাং জাগ্ৰতি ভূতানি সা নিশা পশ্যতো মুনেঃ।” দিনে অজ্ঞান এন্ধাৰ নুগুচায়, গুচায় তাক প্ৰজ্ঞাৰ জ্যোতিয়ে। প্ৰজ্ঞাৰ জ্যোতিতেই জগতৰ আচল ৰূপ উদ্ভাসিত হয়। সূৰ্য্যৰ জ্যোতিয়ে যাক প্ৰকাশ কৰিব নোৱাৰে, অথচ সূৰ্য্য যাৰ জ্যোতিৰে জ্যোতিষ্মান, সেই “তমসঃ পৰস্তাৎ” আদিত্যবৰ্ণ মহান্ পুৰুষ পৰমব্ৰহ্মৰ জ্ঞানময় দীপ্তিত এই জগৎ দীপ্তিমান। তেওঁৰ প্ৰজ্ঞাত, তেওঁৰ জ্ঞানৰ জ্যোতিত বিশ্বব্ৰহ্মাণ্ডৰ প্ৰকাশ, মথুৰাহাটৰো স্বৰূপ প্ৰকাশ!—মথুৰাহাটৰ ভেদ জ্ঞানৰ অন্ধকাৰত এই যে আচল চিৎ স্বৰূপ, যি স্বৰূপে বিশ্বব্ৰহ্মাণ্ড প্ৰজ্ঞাৰ জ্যোতিৰে উদ্দীপিত কৰি অনন্তকালৰ পৰা প্ৰকাশ কৰিব লাগিছে, সেয়ে মথুৰাহাটৰ হৰি!

 মথুৰাহাট দিনে বহে, দিনে ভাঙ্গে। কেতিয়াবাই এদিন হৈছিল, কাহানিবাকৈ এদিন নোহোৱা হব। তাৰ ক্ষয় বৃদ্ধিৰ, আনন্দ বিষাদৰ, জীৱন মৰণৰ কি বিপৰ্য্যয়, কি সমস্যা! সমস্যা হলেও ই আচলতে আচল কথা নহয়। ৰাতিৰ এন্ধাৰে বেলিটি নেমাৰে। জোন উপজি আমালৈ