–ভগবানৰ দৰে সম্পূৰ্ণ হোৱা।”—মানুহে আদৰ্শ লবলৈ টান পায় বুলি আদৰ্শটি ঠেক কৰি পেলালে মানুহৰ চেষ্টাও যে ঠেক হৈ যায়, যিখিনি সি পাব পাৰে তাকো নোপোৱা হয়। কৃষ্ণৰ আদৰ্শ চুটি নকৰাকৈ আমাৰে ইতিহাসৰ অন্য এটি স্থুল মানৱৰ অতি মহৎ চৰিত্ৰলৈ আঙ্গুলিয়াই দিলেই দেখোন কৃষ্ণৰ আদৰ্শও ৰক্ষা পৰে, আৰু টান পোৱা মানুহৰো মখ মৰে, যদিবাও জ্ঞান কৰাটো কোনোমতেই বাঞ্চনীয় বলিব নাৱাৰি। মানুহ অতি শ্ৰেষ্ঠ অতি মহৎ হব পাৰে বলি গৌৰব কৰাতকৈ, মানুহ দৈবা ভাবেৰে স্বয়ং ভগবান হব পাৰে বুলি কব পৰাটো বেচি গৌৰৱৰ নহয় নে? গৌৰব কৰিবলৈ গৈয়েই বা আমাৰ হৈছে কি? অতীতৰ গৌৰব কৰি কৰিয়েই দিন নিয়াইছোঁ। ভাৰতৰ ঋষিয়ে আকাশত আজিও গৰজিব লাগিছে,—আমাৰ গৌৰব কৰি কৰিয়েই তহঁত জীয়াই থাকিবি নে? তহঁতৰ গৌৰব কৰিবলৈ দিলি আমাক ক'ত? তহঁতৰ দৰে ঋণ শুজাব নোৱাৰা সন্তানো আমাৰ ওপজে! কৃষ্ণৰ কৃতিত্বৰ গৌৰব কৰিলেই কৃষ্ণৰ পূজা নহয়, কৃষ্ণৰ পুণ্য বাণীৰে নিজৰ জীৱন সঞ্জীবিত কৰাই হে কৃষ্ণৰ আচল গৌৰব। উপদেষ্টাৰ উপদেশলৈ আওকাণ কৰি যুক্তিৰ জালেৰে উপদেষ্টাক বৰ সৰু কৰাৰ প্ৰযত্নকে উপদেষ্টাৰ পূজা বা সম্মান কৰা বুলিব নোৱাৰি। জনসাধাৰণৰ আজি যদি কিবা একান্ত প্ৰয়োজন তেন্তে সি ভগবান শ্ৰীকৃষ্ণৰ অমৃতময়ী বাণীৰে জীৱন
পৃষ্ঠা:সপ্তপৰ্ণ.djvu/৮৮
অৱয়ব