পৃষ্ঠা:সপ্তপৰ্ণ.djvu/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯
প্ৰথম পৰ্ণ

গুণিলোঁ। ভাবৰ তীব্ৰতাত নেজানো কাৰ প্ৰতীক্ষাৰ আকুল আবেগেৰে বাটলৈ বুলি চাই আছোঁ, এনেতে আগ চোতালত শুনিলোঁ ‘গৃহস্থৰ কুশলৰ অৰ্থে হৰি বোল’ বোলা হুঁচৰিৰ হৰিধ্বনি। গিৰ্জনিৰ মাজৰ পৰ৷ কুলিৰ মাতেৰে, দেহিটি ঐ, কিনো সুৰ এটি বলি আহিল! তাৰ শ্লথ লযৰ গুৰু গাম্ভীৰ্য্যত, তাৰ ঢোল তালৰ গভীৰ আঘাতত হৃদয়ৰ গভীৰ দেশ লৰি গ’ল, চিত্ৰৰ ছবিটিৰ দৰে থিক্ শুনি গলোঁ।

“মথুৰাৰ হাটলৈ যাবকে নোৱাৰি
কানায়ে নিদিলে বাট ঐ
গোবিন্দাই ৰাম।
ৰাধাই বোলে, কানাই, নিয়া পাৰে কাৰ
যাওঁ মথুৰাৰ হাট ঐ
গোবিন্দাই ৰাম॥”

প্ৰাণ যেন ভৰি গল উপচি গ’ল। লগে লগে গুণ্‌ গুণাই দোহাৰি গালে।, হেপাহ নপলাল। এই দুন্দুভি ধ্বনিৰ, এই তাল লয়ৰ মধু-মাধুৰীৰে, এই কোকিলকণ্ঠৰ মুক্ত উচ্ছ্বাসৰ মহা আড়ম্বৰেৰে এইয়া কি নামি আহিল! যালৈ বুলি বাটলৈ চাই আছিলোঁ। সেই প্ৰিয়য়েই কি জিল্‌মিল পাখিৰে সুৰৰ ধাৰেৰে মোৰ হিয়াৰ মুখে নামি আহিছে!⸺ সপোন যেন লাগিল, দুধাৰি চকুৰ লো বাগৰি পৰিল তুমি যেয়ে হোৱা⸺তুমি মোৰ গধূলিৰ অতিথি! নেযাবা,