প্ৰৱল হয়, ত’ত এটি পুৰুষক দুটি প্ৰকৃতিয়ে পতিৰূপে বৰণ কৰিলে প্ৰকৃতিৰ বুকু জুৰি সতিনীয়াহৰ জীয়া জুই জলি উঠে। মন যোগাব নোৱাৰা সংসাৰত কথাই নাই, নানা ভোগ-বিলাসৰ প্ৰাচুৰ্য্য থক৷ ৰাজপৰিবাৰতো সতিনীৰ ভীষণ ঈৰ্ষানল বাড়বানলৰ দৰে অনাজালে জলি থাকে। শান্তি কাৰো নাই, ক’তো নাই। আজিও জগতত এই সতিনীয়াহৰ কিমান হাই-কাজিয়া, কত যে হত্যাকাণ্ড, কিমান ৰক্তপাত হবই লাগিছে!—গকুলৰ অগণন গোপিনীয়ে কানাইক প্ৰকাশ্যে পতিৰূপে পাবলৈ কামনা কৰিছিল; অথচ, সিবিলাকৰ ভিতৰত ঈৰ্ষাৰ গন্ধ নাই।—অন্তৰত সকলোৰে আনন্দ। সুন্দৰ সুগন্ধি ফুল এপাহি ছিঙ্গি আনি নিজৰ খোপাত গুজি নিজে গৌৰব কৰাৰ আক্ৰোহ সিবিলাকৰ নাই। গোপনে গোপনে নিজৰ তৃপ্তিলৈ কানুৰ স্পৰ্শ সুখৰ অভিলাষ কোনো এজনে কৰা নাছিল। একেটি চন্দ্ৰৰ চিকোণ মুখখনিলৈ চাই চাই ইটিৰ মুখলৈ সিটিয়ে নিৰীক্ষণ কৰি আনন্দত গা ঢালি দিয়াহে সিবিলাকৰ কামনা৷ অগণন নদীৰ মহাসাগৰৰ মহা মেলাত মিলি যোৱা বাসনা এটিৰ আভাস এই কামনাত যেন বিৰিঙ্গি পৰিছিল। গোপিনীৰ কামনা, গোপিনীৰ বাসনা চাওঁতে চাওঁতে নিষ্ঠাত পৰিণত হ'ল। সিবিলাকৰ প্ৰাণৰ আকুলতা পূৰ্ণ কৰি এক পূৰ্ণ ৰসৰ আনন্দ-আস্বাদ দিবলৈ সকলো সুন্দৰৰ সুন্দৰ আয়োজন হৈ পৰিল।—শৰতৰ চন্দ্ৰাৱলী এনেয়ে বিতোপন, তাতে সেই ৰাতি পূৰ্ণিমা; যমুনাৰ ৰূপালী
পৃষ্ঠা:সপ্তপৰ্ণ.djvu/১৫৮
অৱয়ব