বসুদেৱে যাক লৈ গল সেইয়া মহেশ্বৰ বিষ্ণুৰ মায়িক দেহা। সেই দেহা নিত্য বৃন্দাবনৰ নিত্য লীলা লৈয়ে আজিও আছে,—“বৃন্দাবনং পৰিত্যজ্য স ক্বচিৎ নৈব গচ্ছতি।” অক্ৰূৰে যেতিয়া ব্ৰজপুৰৰ পৰা মথুৰালৈ কৃষ্ণক লৈ আহিল কৃষ্ণক তৰুতলৰ ৰথৰ ওপৰত থৈ যমুনাৰ জলত বুৰ মাৰি দেখে,—কৃষ্ণ নহয়, ক্ষীৰোদশায়ী ভগবানৰ মূৰ্ত্তি, সেই বসুদেৱে এৰি থৈ যোৱা মূৰ্ত্তি, তাকে মথুৰালৈ লৈ গ'ল। এই বিশ্বাসতে সিবিলাকে কব খোজে যদুপতি কৃষ্ণ ব্ৰজপতি কৃষ্ণ নহয়। ব্ৰজপতি কৃষ্ণ গকুলৰ গৰখীয়া, যদুপতি কৃষ্ণ মথুৰাৰ ৰাজকুমাৰ! ভাবত দুইৰো তাৰতম্য—গকুলৰ গোপ গোপীয়ে মথুৰাত কৃষ্ণক চাবলৈ গৈ যেতিয়া ৰাজকুমাৰ বেশেৰে দেখিলে, তেতিয়া কলৈ আহিলো বুলি থমকি গ’ল,—চকু তললৈ দি থিৰ দিলে! অন্তৰ্যামী কৃষ্ণই সিবিলাকৰ ভাব বুজিব পাৰি, ততালিকে চূড়াত মৈৰা পাখি আৰু পিঠিত ধৰা লৈ মুখৰ মোহন বংশীৰে হাঁহি হাঁহি দেখা দিলেহি। গোপ গোপিনীয়ে আনন্দত উত্ৰাৱল হৈ তেতিয়াহে হেপাহেৰে কৃষ্ণক কৃষ্ণ বুলি সাবটি ধৰিলে।—ইয়াত ভক্ত হৃদয়ৰ মাধুৰ্য্য আৰু ঐশ্বৰ্য্য ভাবৰ তাৰতম্য অথবা নিগূঢ় ৰহস্য থাকিলেও সাধাৰণ চকুৰে আৰু সহজ জ্ঞানেৰে চালে গোটেই কৃষ্ণৰ জীৱনত অৱস্থা ভেদে বিষ্ণুৰ মহাবিষ্ণুৰ আৰু মহেশ্বৰৰ তেজ প্ৰকাশ যে পাইছিল তাত অবিশ্বাস কৰিবলগীয়া একো নাই। লীলাৰ ছলেৰে যশোদাৰ আগত,
পৃষ্ঠা:সপ্তপৰ্ণ.djvu/১১০
অৱয়ব