পৃষ্ঠা:সপ্তপৰ্ণ.djvu/১৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬৩
ষষ্ঠ পৰ্ণ

সৎ শক্তিৰ নাম “সন্ধিনী,” চিৎ শক্তিৰ নাম—“সম্বিৎ,” আৰু আনন্দ শক্তিৰ নাম—“হ্লাদিনী”। ভগবানৰ এই হ্লাদিনী শক্তিয়েই প্ৰেমানন্দৰ ভাণ্ড ৰাধা ৰূপেৰে লৈ আহে। ব্ৰজধামৰ গোৱালিনীয়ে স্থূল মথুৰাহাটলৈ স্থূল দধিৰ ভাণ্ডই নানে, আধ্যাত্মিক মথুৰাহাটলৈ আধ্যাত্মিক প্ৰেমৰ অমৃত ভাণ্ডও আনি থাকে। প্ৰেমৰ লীলা প্ৰবৰ্ত্তন কৰিবলৈ নিজ আনন্দ আলোকত প্ৰতিভাত হৈ নিজৰ প্ৰেম পৰশেৰে বিশ্ব ব্ৰহ্মাণ্ডক আনন্দিত কৰিবলৈ শ্ৰীকৃষ্ণই স্বীয় হ্লাদিনী শক্তিক নিজে আবিৰ্ভাব হোৱাৰ কেইবছৰমান আগতে যোগমায়াৰ হাতত ব্ৰজধামলৈ পঠিয়াই দিছিল। এই হ্লাদিনী শক্তিৰ মহিমাতেই গোপীপ্ৰেমৰ আনন্দৰ ধাৰা আজিও নিছিগা ধাৰেৰে ধৰাধামত বব লাগিছে।

 দেখাতে অক’মানি নাৰীৰ হিয়া,—তাত কত লৌকিকতাৰ, কত সামাজিক লোক-গঞ্জনাৰ সুতীব্ৰ শেল, তাতোকৈ অতি সাংঘাতিক শত যুগ যেন শত বছৰৰ দাৰুণ বিৰহ—এই সকলোখিনি ফুলৰ মালাৰ তাড়নৰ দৰে বুকু পাতি লৈছিল এই প্ৰেমানন্দময়ী ৰাধিকাই। ভগবানৰ নিমিত্তে, প্ৰাণৰ প্ৰিয়ৰ নিমিত্তে ওৰে জীৱন দুখ বৰণ কৰি তাত যে কি আনন্দ! সেই আনন্দ জিলিকাই তুলিছিল শ্ৰীৰাধাই নিজৰ জীৱনত। ৰাধাৰ এই চানেকি চাই চায়েই ভাৰতৰ কুললক্ষ্মীসকলে অন্য কি ৰুগ্ন শৰীৰৰ কঁপনিত অৱশ হাতেৰে নিজৰ স্বামীৰ শুশ্ৰূষা কৰি, সন্তান-সন্ততিৰ আল-পৈচান ধৰি,