পৃষ্ঠা:সপ্তপৰ্ণ.djvu/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯
দ্বিতীয় পৰ্ণ

আজি ধৰা পৰিছা। আহাঁ; মা! বিশ্বপ্ৰেমৰ সাকাৰ মূৰতিৰ সেই চিকোণ হাঁহিটিৰে মোৰ প্ৰাণৰ মাজত জিলিকি পৰাঁহি। সংসাৰৰ তাপেৰে তাপিত হৈ উশাহ নেপাই ছট্‌ ফট্ কৰি কৰি তোমাৰ দুৱাৰদলিত পৰি দিবলৈ লৰি গ’লে, তুমি তোমাৰ হাতখনি মোৰ মুৰটিত বুলাই দিবা। তোমাৰ স্নিগ্ধ প্ৰেমৰ পবিত্ৰ পৰশত মোৰ সকলো তাপ যেন পানী হৈ যায়।⸺তেনে বাজাঁ, বাজাঁ,⸺আজি বাজি উঠাঁ,⸺কালিন্দী কূলৰ কলীয়া কানাইৰ মোহন মুৰুলীৰ সুৰে সুৰে বাজি উঠাঁ :⸺

“মথুৰাৰ হাটলৈ যাবকে নোৱাৰি
কানায়ে নিদিলে বাট ঐ
গোবিন্দাই ৰাম।
ৰাধাই বোলে—কানাই, নিয়াঁ পাৰে কৰি
যাওঁ মথুৰাৰ হাট ঐ
গোবিন্দাই ৰাম॥”