হাঁহি,—ক্ষমাৰ মাজেদি বৈ বৈ গল কি সেই অনুপম আনন্দৰ অমৃতধাৰা! আবিৰ্ভাৱৰ দিন ধৰি তিৰোভাৱৰ দিনালৈকে কৃষ্ণৰ জীৱন নিজে ফুল। ফুলটিৰ দৰে কেনে সহজ! যেনিয়ে চোৱা যায় তেনিয়ে শিৱ, তেনিয়ে সুন্দৰ, তেনিয়েই আনন্দৰ ঊৰ্ম্মিয়ে অন্তৰ জগত ঢৌৱাই যায়! জীৱন জোৰা কৰ্ম্মৰ তৰঙ্গ কৰ্ম্ম নহয়, আনন্দময়ৰ আনন্দলীলা!—অন্তৰেদি এই লীলা যদি কোনোৱে বুজিব খোজে, জানিব খোজে,—জানি জানি শেষ কৰিব নোৱাৰে, জনাৰ সীমা নাই, আনন্দৰ অন্ত নাই! কৃষ্ণ যেন এক অসীম সাগৰ,—মুখতে তাৰ ইমান তৰ, নিচেই অকণি অকণি আকলন ল’ৰায়ো পানীত খেল্খেলাই উমলি ফুৰে;—অলপ নামিলেই থাউনি পোৱা ঠাই, সাতুৰিব পৰাই সাতুৰি-নাদুৰি আনন্দত তাত ভাহি যায়;—আৰু তেহেলৈ তাৰ ইমান গভীৰ, ইমান দ’, যেয়ে যিমানে সাধনাৰ শক্তিৰে ডুব দি চাইছে সেয়ে সিমানে কব লাগিছে,—এই আনন্দৰ অন্ত নেপালোঁ,—অন্ত নাই, অন্ত নাই,—ই অসীম, ই অনন্ত! কৃষ্ণৰ কৰ্ম্ম যি, সি হ'ল আনন্দৰ লীলা; লীলাৰ তত্ত্ব যি, সি যে অসীম, সি যে অনন্ত! এই খিনিতে, এই খিনিতে কৃষ্ণ ঈশ্বৰেৰে একাৰ্থক, এই খিনিতে কৃষ্ণ ঈশ্বৰ, কৃষ্ণত ঈশ্বৰৰ সুপ্ৰকাশ! কৃষ্ণৰ পোৱা খিনি তথ্যেৰে যিখিনি নোপোৱা তত্ত্ব আছে; বাহিৰ ভিতৰ দুয়োকো লৈ কৃষ্ণ সমগ্ৰ সম্পূৰ্ন্ন—এই সম্পুৰ্ন্নতাতে পৰিপূৰ্ণতম ব্ৰহ্মৰ বিকাশ! এই সত্যটিকে যুগে
পৃষ্ঠা:সপ্তপৰ্ণ.djvu/৮৩
অৱয়ব