বৈৰিতাৰ আকাৰ ধাৰণ কৰিলে, আৰু দৈব শক্তিত আসুৰ শক্তিয়ে ব্যাঘাত ওপজাবলৈ ধৰিলে। ভয়ৰ পৰা প্রহ্লাদক উদ্ধাৰ কৰি হৰিৰ মুখে টানি নিবলৈ ভগবান নিজে নামি আহিব লগীয়া হ'ল। যুগোপযোগী দেহেৰে আকৌ এবাৰ নামি আহিল। এয়ে সেই অৰ্দ্ধ মানৱ অৰ্দ্ধ পশু যুগৰ নৰসিংহ অৱতাৰ!—ইয়াৰ পাচত মানুহ হল হয়, তেতিয়াও তাৰ প্রতিপত্তি নাই। আকাৰ প্ৰকাৰত সৰু হলেও, শক্তি সামৰ্থ্যত চাপৰ হৈ পৰিলেও, তাৰ আধ্যাত্মিক বলেৰে তিনিও ভুবন জিনিব পৰা শক্তি যে তাৰ অন্তৰত লুকাই আছে, সেই সুপ্ত শক্তি জগাই পশুবলৰ মুৰত ভৰি দি চিৰদিনৰ নিমিত্তে পৃথিবীত মানুহৰ প্রতিপত্তি স্থাপন কৰি দি যাবলৈ আকৌ ভগবান আহি যাব লগীয়া হ'ল। এইবাৰ বটুৰ বেশেৰে ভগবান নামি আহিল। এয়ে সেই মানৱৰ আদি যুগৰ বামন অৱতাৰ! তাৰ পাচত যেতিয়া উঠি অহা ক্ষাত্র শক্তি মদ গৰ্ব্বত উদভ্রান্ত হৈ মানৱৰ প্ৰাণ স্বৰূপ তপস্যাত বাধা ওপজাই তপোবনত আসুৰ শক্তিৰ তাণ্ডৱ লীলা পাতি পেলালে, আকৌ এবাৰ প্রয়োজন হ’ল ভগবানৰ তেজ৷ জামদগ্নিৰ শৰীৰত সেই তেজ অগ্নিৰ সদৃশ জ্বলি উঠি এবাৰ নহয়, দুবাৰ নহয়, একৈশবাৰ দুৰ্দ্দমনীয় ক্ষাত্র-শক্তিক ভস্মসাৎ কৰি তপস্যাৰ ভূমিলৈ শান্তিৰ ধাৰা বলাই আনি শৌৰ্য্যে, বীর্য্যে, জ্ঞানে- গৰিমাই ভাৰতৰ মুখ উজলাই দি গল।—মদোদ্ধত
পৃষ্ঠা:সপ্তপৰ্ণ.djvu/১২৫
অৱয়ব