পৃষ্ঠা:সপ্তপৰ্ণ.djvu/১০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০১
চতুৰ্থ পৰ্ণ

আত্মাই জগতৰ মঙ্গলৰ কাৰণে নৰতনু গ্ৰহণ কৰেহি যে ই সত্য কথা; আৰু সেই পবিত্ৰ তনুত অৱস্থা বুজি ভগবানৰ আবেশ হয় এই কথাকে যে মহাভাৰত, দেবী ভাগৱত, শ্ৰীমদ্ভাগবতৰ মাজেদি ভাৰতৰ ঋষি মুনিয়ে কৈ গৈছে। ধৰ্ম্মৰ ঔৰসত দক্ষকন্যা মূৰ্ত্তিৰ গৰ্ভত জন্ম লৈ যি নৰ আৰু নাৰায়ণ ঋষিয়ে বদৰিকাশ্ৰমত উগ্ৰ তপস্যাৰে নিজৰ শৰীৰ শুদ্ধ সাত্বিকতাৰ সম গুণলৈ আনিছিল, সেই নাৰায়ণ ঋষিয়ে দৈবকীৰ গৰ্ভত কৃষ্ণৰূপে আৰু নৰ ঋষিয়ে কুন্তীৰ গৰ্ভত অৰ্জ্জুনৰূপে জন্ম ধাৰণ কৰিলেহি। নাৰায়ণ ঋষিত ভগবানৰ উজ্জ্বল তেজৰ আবেশ হৈছিল! এই তেজৰ জ্যোতি কেতিয়াবা উজ্জ্বল, কেতিয়াবা উজ্জ্বলতৰ, আৰু কেতিয়াবা উজ্জ্বলতম হৈ জ্বলি উঠিছিল,—সেয়ে মথুৰালীলা, দ্বাৰকালীলা আৰু ব্ৰজলীলা!

 বঙ্গদেশৰ বৈষ্ণৱ সম্প্ৰদায়ৰ মতে শ্ৰীকৃষ্ণৰ ব্ৰজলীলাত অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী হৰিৰ অথবা কাৰণাৰ্ণবশায়ী মহেশ্বৰৰ তেজ, দ্বাৰকালীলাত ব্ৰহ্মাণ্ডৰ অধিপতিৰ বা গৰ্ভোদক- শায়ী মহাবিষ্ণুৰ তেজ, আৰু মথুৰা লীলাত এই পৃথিবীৰ অধিকাৰী শ্বেতদ্বীপাধিপতি বিষ্ণুৰ বা ক্ষীৰোদাৰ্ণবশায়ী ভগবানৰ তেজ। সিবিলাকে কৃষ্ণৰ জীৱনীৰ আৰু দুটি ঘটনালৈ আঙ্গুলিয়াই কয়,—ওপজা কৃষ্ণক বসুদেৱে নন্দৰ ঘৰলৈ লৈ যাওঁতে বাটতে কৃষ্ণ যেতিয়া যমুনাত পৰিলে তেতিয়াই ক্ষীৰোদশায়ী বিষ্ণুৰ দেহা যমুনাতে পৰি ৰল। ব্ৰজপুৰলৈ