পৃষ্ঠা:সপ্তপৰ্ণ.djvu/১৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩১
পঞ্চম পৰ্ণ

সকলে কৈ আহিছে,—বিচাৰ, বিচাৰিলেই পাবি।'—ভাৰতৰ ভক্তিবাদৰ কি বিশ্বাস! তাৰ হৃদয়ৰ নিধিক হাততে পাই তাৰ আজি কি আনন্দ! কি বিশ্বজিনা পাঞ্চজন্যৰ পৰিত্ৰ নাদেৰে সি উচ্চ কণ্ঠে জগতৰ শিখৰত ঘোষণা কৰিছে—মোৰ হিয়াত তেওঁলৈ বুলি যি আকুলতা, সেই আকুলতা যে তেওঁৰেই আকুলতা! মোৰ হৃদি মণ্ডপৰ নিভৃত নিকুঞ্জত তেওঁৰেই সেই মুৰুলী ধ্বনি! মই যে মৃগনাভিৰ গন্ধত আকুল হৈ হৰিণৰ দৰে লৰি ফুৰিছোঁ—মিলনৰ আকুলতা লৈ দুৱাৰে দুৱাৰে তেঁৱেই যে ৰ’দে বৰষুণে ঘুৰি ফুৰিছে! এবাৰ প্ৰাণেৰে তোৰ মাতি আন। তেওঁ যে আহিবলৈকে ঘুৰি ফুৰিছে। যেতিয়াই মোহেৰে ঢাকি থোৱা সত্য এটি জানিবৰ একান্ত আগ্ৰহ, একান্ত অকুলতা জাগে, ভগবানে এই দৰে এই দৰেই দেখা দিয়ে, জ্ঞানৰ উন্মেষেৰে হওক অথবা সদগুৰুৰ মুখেৰেই হওক সেই সত্যলৈ লৈ যায়। তেওঁৰ প্ৰকাশলৈ তেঁৱেই লৈ গৈছিল, তেঁৱেই লৈ যায়, তেঁৱেই লৈ যাবও!

 মথুৰাৰ হাটলৈ কানায়ে বাট নিদিলে যাব নোৱাৰি বুলিছা, বুজিছোঁ তুমি ইয়াকে কব খুজিছা,—মথুৰাৰ হাটত বাহিৰৰ বেহা-বেপাৰৰ, আদান প্ৰদানৰ যি হট্ট-হাহাকাৰ তাক যেয়ে সেয়ে চকু মেলিলে দেখে, হাত মেলিলে পায়; কিন্তু এই হট্ট-হাহাকাৰৰ ঘোৰ অন্ধকাৰৰ মাজত হৰিৰ সুন্দৰ সুপ্ৰকাশ, কানাইৰ যি ত্ৰিভঙ্গ ভঙ্গিম ভুবন মোহন,