প্ৰাণ বিনন্দীয়া কৰিছে! প্ৰাণেৰে বুজিলে কি, অন্তৰেৰে মনিলে কি?—“ৰেমে ৰমেশো ব্ৰজসুন্দৰীভিৰ্ষথাৰ্ভক: স্ব- প্ৰতিবিম্ব বিভ্ৰমঃ।”—সৰু লৰাটিয়ে যেন নিজৰ প্ৰতিবিম্বৰ লগত নিজে উমলিব লাগিছে।—এয়ে সেই ব্ৰজবধূ আৰু শ্ৰীকৃষ্ণৰ মধুৰ ৰাসলীলা! এই একেটি উপমাৰ শাস্তি জলেৰে ত্ৰিকালজ্ঞ মুনি শুকদেৱে ৰাসলীলাৰ সকলো আশঙ্কা পবিত্ৰ কৰি দিলে। কি পবিত্ৰ এই লীলা!—কোলাৰ কৃষ্ণক যোগমায়াই কৈশোৰ কৃষ্ণ পাতি এই লীলাকে এদিন পুৰাণ- কাৰক দেখুৱাইছিল ভাণ্ডীৰ বনৰ মাজৰ ৰাধাকৃষ্ণৰ প্ৰথম মিলনত, আৰু সেই একে লীলাকে এঘাৰ বছৰীয়া কৈশোৰ কৃষ্ণক কেচুৱা পাতি যোগমায়াই দুনাই এদিন দেখুৱালে চন্দ্ৰাৱলী ৰাতি মধুৰ শ্ৰীবৃন্দাবনত। একে সেই বালসুলভ লীল৷-মাধুৰীৰ পবিত্ৰ আভাস, একে সেই মধুৰৰো সুমধুৰ জীৱ চৈতন্যৰ নিত্যৰাস! ৰাসলীল৷ ভাষাৰে কাম কেলি যদিও ই ভাবেৰে কাম জগতৰ কাম কেলি নহয়! অবৰুদ্ধ সৌৰত আত্মাৰাম শ্ৰীকৃষ্ণৰ আনন্দ লীলা!—বালক কৃষ্ণই দৰ্পণ চাই নিজ প্ৰতিবিম্বেৰে কৰা এই মধুৰ ৰমণ, এক আত্মা বহু হৈ বহুৰে সৈতে সেই একেই কৰা এই আনন্দ-বিলাস! ই যে আত্মা পৰমাত্মাৰ মধুৰ সঙ্গম, ই যে দৰ্শন আৰু সাধনাৰ গভীৰতম তত্ত্বৰ সহজে দেখা সুন্দৰ বিকাশ! ব্ৰজ যুৱতী সকলৰ অন্তৰৰ চকু মুকলি হ'ল। প্ৰাণভৰা বিশ্বাস উপজিল,—সিবিলাক যেন সৰোবৰৰ কুমুদিনী, চন্দ্ৰমাৰ হাঁহিটিত
পৃষ্ঠা:সপ্তপৰ্ণ.djvu/১৬০
অৱয়ব