আত্মাক যতন কৰা। আচলতে এই সংসাৰ অসাৰ নহয়। সংসাৰ ভগবানৰ, মোৰ নহয়। মোৰ মনৰ মোহে, মোৰ অহমিকাৰ আক্ৰোহে সংসাৰ খনি যে মোৰ বুলি চলাব খোজে, এই মোহ এই অভিমান হে মিছা, ই হে অসাৰ।—মানুহে বিশাল বিশ্বৰ ঠাই এচমকা বেৰি লৈ তাক মোৰ ঘৰ বুলি তিনি চাৰিটি জীৱক আবৰি লৈ মোৰ পুত্ৰ পৰিবাৰ বুলি ভগবানলৈ পাহৰি নিজৰ কত্তৃত্বাভিমান চলাবলৈ গৈ যেতিয়া ৰাখোঁ বুলি তাৰ এটিকো ৰাখিব নোৱাৰে তেতিয়া দুহাতেৰে হিয়া ভুকুৱাবলৈ ধৰে। তাকে নকৰি পুত্ৰ পৰিবাৰক প্ৰাণ স্বামীৰ দান বুলি প্ৰেমময়ীৰ পবিত্ৰ পোহৰত গ্ৰহণ কৰিলে মমতাৰ তীব্ৰতা উৰি যায়, শোক মোহৰ বিষ দাঁত সুলকি পৰে,—বাকী যি থাকে সি এক গভীৰ আনন্দ। মোৰ যি আছে, অহমিকাই যাক মোৰ বুলি আগুৰি ৰাখিছে, হেৰাব লগীয়া হলে সি হে হেৰাব, মোৰ ‘মোৰ’ বুলিবলৈ নাইকিয়া হব। বিশ্বৰ কোলাত বিশ্বাত্মালৈ তাক যদি দি দিয়া যায়, সি বিশ্বৰ বস্তু বিশ্বতে থাকিব, হেৰায় কেনেকৈ? বিশ্বৰ বস্তু বিশ্বক দি, প্ৰাণ ভৰি বিশ্বৰ যতন কৰাই যে বিশ্বাত্মাৰ পূজা। সেই হে প্ৰাণ-কৃষ্ণৰে ক্ষুদ্ৰ জগৎ বুলি যতন কৰিবলৈ প্ৰেমময়ী ৰাধাই মথুৰা হাটলৈ আহি হাটৰ হট্ট হাহাকাৰৰ মাজত, জগতৰ ভয়ঙ্কৰ কোলাহলৰ মাজত শান্তি দাতা শ্যাম কানুৰ সুশান্ত মূৰতি জগতবাসীৰ চকুত জিলিকাই ধৰি সকলো আশ্বাসহীন, অশান্তি প্ৰেমৰ পোহৰেৰে মধুৰ কৰিবখু জিছে।
পৃষ্ঠা:সপ্তপৰ্ণ.djvu/১৮১
অৱয়ব