পৃষ্ঠা:সপ্তপৰ্ণ.djvu/১৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৬
সপ্তকৰ্ণ

এহাতে গতিশীল পদাৰ্থৰ চেষ্টা, ইহাতে চৈতন্য শক্তিয়ে সেই গতিক বাট ধৰাই দিয়াৰ চেষ্টা।—জড়শক্তিত চৈতন্যৰ অসাধাৰণ প্ৰকাশেই ভাৰতৰ অৱতাৰ-তত্ত্ব। এয়েই ভাৰতৰ অৱতাৰ,—ই যেন মিলন মদিৰাত বাউল হৈ ফুৰা ঋণাত্মক আৰু ধনাত্মক তড়িতৰ সংযোগত জলি উঠা অপাৰ শক্তিৰ এগছি বিজুলী বন্তি।

 সৃষ্টিৰ কল্যাণৰ অৰ্থে সমষ্টিৰ মঙ্গললৈ ভগবান যেনেকৈ নামি আহে ব্যষ্টিৰ মঙ্গললৈকো সেইদৰেই আহি থাকে। আমি এনেয়ে পাই চিনিব নোৱাৰি কথাই কথাই উৰুৱাই নিজ অহমিকাৰ বৰাই কৰোঁ। তাহানি এজন ছাত্ৰই ওখ ধৰণৰ অঙ্ক এটি অনেক চেষ্টাৰ মূৰতো উলিয়াব নোৱাৰি ভাগৰত লাল-কাল্ দি টোপনিত পৰিল৷ পুৱা উঠি দেখে তেওঁ এৰি যোৱা কাগজত অঙ্কটি সুন্দৰকৈ কৰা আছে। কোনে কেনেকৈ কৰিলে তেওঁ কব নোৱাৰে৷ তেওঁয়েই যে ৰাতি ঘুমটিঘুৰণত উঠি অঙ্কটি কৰি পেলালে এই কথা সমূলি পাহৰিলে। কোঠাত শোৱা চাকৰটোৱে দেখি নথকাহলে ই এক সমস্যাই হৈ থাকিলহেঁতেন, কাৰ সহায়ত এই অঙ্কটি হ’ল? আৰু শুনো,—শুনো কি? কবও পাৰোঁ—কেতিয়াবা কোনো ৰোগীয়ে ৰোগৰ যন্ত্ৰণাত কান্দি কাতি থাকিলে তাৰ আপোন জন বৰ ব্যাকুল হৈ পৰে। হঠাৎ সিবিলাকৰ কোনোজনৰ সপোনত ৰোগৰ ঔষধৰ সন্ধান আহি পৰেহি। তাকে ব্যৱহাৰ কৰি নিজে যি ভাল