পৃষ্ঠা:সপ্তপৰ্ণ.djvu/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৪
সপ্তপৰ্ণ

হিয়া যেন হাটখনিত আজি হৰি নাই, হৰি লুকাল! আছে তাত বেহা বাণিজৰ লট্‌ঘট্, অৰিয়াঅৰিৰ ধৰ্‌মাৰ, স্বাৰ্থান্ধৰ ঘোৰ হাহাকাৰ! এই বিৰোধৰ বুকুত, বিচ্ছেদৰ অশ্ৰুধাৰাত, এই অজ্ঞানৰ অন্ধকাৰত, কান্দোনৰ আকাশলঙ্ঘা আটাহত⸺অগতিৰ গতি হৰিক দেখাই জীৱৰ পৰমা গতি। কেনে, মা! কোৱাঁ তোমাৰ মথুৰা হাট মানে হাটৰ হাহাকাৰেৰে বেৰি থকা হৰি নহয় নে? অন্তৰৰ হৰি সমন্বিতে মথুৰাৰহাট নহয় নে⸺যলৈ গলে ইহকালৰ প্ৰতিপত্তিৰ লগে লগে মধুৰ স্মৃতিৰ স্নিগ্ধ আলোকত হৰিৰ বিশ্ব বিমোহন ৰূপত তন্ময় হৈ যাব পাৰি।

 বুজিছোঁ, বুজিছোঁ, তুমি মোক সৰু লৰাটিৰ দৰে পাই কৰবাত ধেমালি উৱলি যায় বুলি মুখেৰে ফুটাই হাঁ-ও নুবুলিলা, না⸺ও নুবুলিলা, মিচিক কৰে হাঁহি এটি মাৰি চাওঁতে চকুতে নাইকিয়া হ’লা। আকাশত শুনিলোঁ⸺কোন দূৰ-দূৰণিলৈ কাহিলি কাহিলিকৈ বলি গ’ল তোমাৰ সেই সুৱদি সুৰ :—

“মথুৰাৰ হাটলৈ যাবকে নোৱাৰি
কানায়ে নিদিলে বাট ঐ
গোবিন্দাই ৰাম।
ৰাধাই বোলে—কানাই, নিয়াঁ পাৰে কৰি
যাওঁ মথুৰাৰ হাট ঐ
গোবিন্দাই ৰাম॥”