পৃষ্ঠা:সপ্তপৰ্ণ.djvu/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬২
সপ্তপৰ্ণ

তেও ৰজ৷ যি নহলেই নে যুৱৰাজ হবলৈকো অস্বীকাৰ কৰি কৰ্ত্তব্যৰ আহ্বানত লৰি গ’ল। নিজে নিৰ্লিপ্ত থাকি নিজৰ জন লৈ তাৰ পাচত সংগঠন, পালন আৰু বৃদ্ধি ব্যাপাৰত এনে বিভূতি দেখুৱাবলৈ ললে সেইবিলাকলৈ চকু দিলে শ্ৰীকৃষ্ণৰ এই ছোৱা জীৱন অলৌকিকতাৰ মাত্ৰা কম থকাত – সি যে অতি শ্ৰেষ্ঠ মানৱৰ আদৰ্শ হৈ পৰিল তাক শত মুখে স্বীকাৰ কৰিব লাগিব। বৃহৎ মথুৰালীলা দ্বাৰকালীলাত বৃহত্তৰ হল। দ্বাৰকালীলা শ্ৰীকৃষ্ণৰ পৰিণত বয়সৰ লীলা,— ধীৰ, গম্ভীৰ, উদাৰ, — মানৱৰ আত্মা আৰু আত্মতত্ত্বৰ মীমাংসা, জ্ঞান কৰ্ম্ম আৰু ভক্তিৰ অভাবনীয় সমন্বয়েৰে অতি মহান! — সি যেন মহামানৱৰ অতি মহৎ আদৰ্শ। মথুৰা লীলাৰ ক্ৰিয়াত শ্ৰীকৃষ্ণক এই জগতৰ ভাৰ হৰণ কৰি অসীম প্ৰতিভাৰে পালন কৰা জগদাত্মাৰ এক উজ্জ্বল আদৰ্শৰ অৱতাৰ যেন দেখি। এই ক্ৰিয়াই বিয়পি অতি বৃহত্তৰ জগৎ জুৰি অপৰিসীম ক্ৰিয়া শ্ৰীকৃষ্ণৰ দ্বাৰকালীলাত ফুটি পৰিল। বিভিন্ন মতৰ, বিভিন্ন দেহাৰ, বিভিন্ন ধৰ্ম্মৰ সমন্বয়েৰে বিশ্বব্ৰহ্মাণ্ড জিনি আত্মবিদ্যাৰ জ্যোতিৰে জ্বলি উঠা বিশ্বাত্মা মহাবিষ্ণুৰ যি সৌম্য সুচিকোণ অমূৰ্ত্ত মূৰতি সেয়ে দ্বাৰকাৰ শ্যাম-সুন্দৰত সুন্দৰকৈ জিলিকি পৰিল।

 ল’ৰাৰ গাত দেৱতাৰ ভাব দেখিয়েই আমি সৰু লৰাক দেও ল’ৰা বোলোঁ। মানুহৰ জীৱনৰ শৈশৱ কালত স্বভাৱতে স্বৰ্গৰ স্মৃতিৰে এক সুন্দৰ ছবি ফুটি পৰে। শিশুৰ যি