ক্ষাত্ৰশক্তিৰ সংহাৰৰ পাচত আকৌ সেই শক্তিৰ গজালি তপস্যাৰ অনুকূলে মুৰ তোলাই আনিবলৈ আৰ্য্য আৰু অনাৰ্য্যৰ মাজত ভ্ৰাতৃভাব স্থাপন কৰি ভাৰতৰ হৃতা লক্ষ্মী ঘুৰাই আনি ঐশ্বৰ্য্য সমৃদ্ধিৰে জিলিকাই তুলিবলৈ, ৰাজনীতি ক্ষেত্ৰত নানান উৎপাত নানান প্ৰশ্নৰ মুৰ মাৰিবলৈ, আত্ম-প্ৰতিষ্ঠাৰ দুৰাকাঙ্ক্ষালৈ পিঠি দি অসীম ত্যাগেৰে জীৱ মাত্ৰৰে মঙ্গল সাধন কৰি ৰজাৰ আচল চানেকি থৈ যাবলৈ আকৌ এবাৰ ভাৰতে আতুৰ নয়নেৰে ওপৰলৈ চাই বিনাবলৈ ধৰিলে। আকৌ এবাৰ নামি আহিল—দুৰ্ব্বাদল-শ্যাম সুন্দৰ দেহেৰে প্ৰজাৰঞ্জন ৰাম, যাৰ সত্যনিষ্ঠাই যাৰ ভ্ৰাতৃভাবে জগতৰ ক্ষাত্ৰশক্তিক নতুন প্ৰেৰণা দি এক ৰাম-ৰাজ্য স্থাপন কৰি দি গ'ল!—হেজাৰ হেজাৰ বছৰ পাৰ হ'ল, কালৰ গতিৰ লগে লগে জগতৰ নজনা নুশুনা নতুন সমস্যা বহুতো ওলাল। বাহিৰে আসুৰ শক্তিৰ যি সন্ধিত জাগি উঠিল, তাৰ প্ৰাৱল্য দ্বাপৰ আৰু কলিৰ উৎপাত আৰু অত্যাচাৰত পৃথিবী যে ভাৰাক্ৰান্ত হলেই নে, ভিতৰি ভাৰতৰ ধৰ্ম্ম আৰু কৰ্ম্মৰ ৰাজ্যত প্ৰলয়ৰ বিশৃঙ্খলতাই ভয়ঙ্কৰ এক আতঙ্কৰ সৃষ্টি কৰিলে। ধৰ্ম্মৰ ধাৰা নীৰস কঠোৰতাই গিলি ধৰিলে, বন্ধনৰ ভয়ত কৰ্ম্ম নিষ্কৰ্ম্মা হল, চিত্তশুদ্ধি নোহোৱাকৈ সন্ন্যাস গ্ৰহণ কৰাত অবিবেকীৰ উদ্ভণ্ডালি দিনক দিনে চৰিবলৈ ধৰিলে। চাওঁতে চাওঁতে চিত্তবৃত্তি নিৰোধেই যোগৰ চৰম লক্ষ্য হৈ পৰিল, জ্ঞানে
পৃষ্ঠা:সপ্তপৰ্ণ.djvu/১২৬
অৱয়ব