পৃষ্ঠা:সপ্তপৰ্ণ.djvu/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সপ্তপৰ্ণ


বসন্তোৎসৱ পাতি বাসন্তী পূৰ্ণিমাৰ দিন৷ ফল্গুৎসৱেৰে সেই উৎসৱব অন্ত পেলায়। আমাৰ দেশত বসন্তৰ আকলন কালৰ পৰা হাতত লগা অৱস্থা হলেই নতুন বছৰৰ আৰম্ভণ। চ’ত মাহৰ আগ ছোৱাৰ মহাবিষুৱ বা বিষ্ণুপদীৰ দিনৰ পৰাই দিন দিনে দিনে বাঢ়ি যায়। চ’ত বহাগক বসন্ত বুলি ধৰিলে দুইৰো দোমোজাত মহাবিষুৱ সংক্ৰান্তি পৰে। ফাগুন চ’তক বসন্ত বুলি ধৰিলে বসন্ত আৰু গ্ৰীষ্মৰ দোমোজাত এই সংক্ৰান্তি। বসন্ত তেতিয়া সংসাৰৰ কামত হাতত লগা হয়। ৰাশি চক্ৰত অশ্বিনীয়েই আদি নক্ষত্ৰ আৰু মেষেই প্ৰথম ৰাশি বুলি জ্যোতিষে ধৰি লৈছে। অশ্বিনী নক্ষত্ৰৰ মেষ ৰাশিলৈ সূৰ্য্য সংক্ৰমণ হোৱা ক্ষণটিকে মহাবিষুৱ স ক্ৰান্তিৰ ক্ষণ বোলে। ইয়াৰ পৰাই কেউফালে লেখৰ সুচল লাগে গুণে এই মহাবিষুৰ সংক্ৰান্তিৰ দিনাই নতুন বছৰৰ আৰম্ভণ বুলিবলৈ কেবা ফালৰ পৰাও কেবাটি যুক্তিয়েও বল দিয়ে। এই মহাবিষুৱৰ পৰাই আমাৰ দেশৰ নতুন বছৰব আৰম্ভণ। বিষুৱেই মুখ বাগৰি বাগৰি বিহু হৈছেহি। সেয়ে চ’তৰ শেহত হয় গুণে চ’তৰ বিহু, আৰু বহাগত বৰ বিহু পৰে বুলি বহাগৰ বিহু।

 আমাৰ মাজত কেতিয়াৰ পৰা বিহু প্ৰচলন হ’ল তাৰ পম কোনোবা অজান্তীত মিলি আছে। কবিৰ কথাত কবলৈ গলে সি এক—“অনাদি অতীত”। নিজে আৰ্জি নতুন বস্তু এটি লৈ আত্মীয় স্বজনেৰে মিলি আনন্দ উপভোগ কৰাৰ