প্ৰেৰিতা বাল-ঘাতিনী পূতনা! কব পাৰি এই যে প্ৰাণৰ মাজত ধ্যান জগতৰ ৰূপৰ লীলা, ই ভক্তৰ অন্তৰত আত্মাই স্ৰজা এক মায়িক সৃষ্টি! জগতখনিও যে পৰমাত্মাৰ মায়িক সৃষ্টিয়েই, এক যেন মধুৰ সপোন! সপোন ৰাজ্যত সপোনেই সঁচা, সচিতত জগত সঁচা! বিশ্ব চেতনাৰ প্ৰকাশত ফুটি পৰ৷ ধ্যান জগতৰ সত্য একোটি কিন্তু সফল স্বপ্নৰ দৰে ধ্যানতে৷ সঁচা, মূৰ্তমান জগততো সঁচা,—সি সকলো ঠাইতে সদায় সঁচা।
আশ্ৰয় বিচাৰি ভগবানৰ কাষত উপবেশন কৰাই উপাসনা। নিষ্কাম ভাবে ভগবানৰ উপাসনা কৰিব পৰাটি অতি উচ্চ কথা। তালৈ হিয়াখনি উপযোগী নহয় মানলৈ সকাম ভাবে সৰল বিশ্বাসেৰে উপাসনা কৰাটোও নিচেই কম কথা নহয়। নাই-উপাসনাত কৈ অথবা কপট উপাসনাতকৈ সকাম উপাসনা বহু—বহুগুণে ভাল। সকাম উপাসনাত উপাস্যক ঈশ্বৰ বুলি প্ৰাণেৰে বিশ্বাস নকৰিলে উপাসনা কৰিবকে যে নোৱাৰি। ল’ৰাই মৃত্যু যন্ত্ৰণাত ছটফট কৰি আতুৰত “মা, মা” বুলি চিঞৰে, মৃত্যুৰ পুতলি মাকে তাক মৃত্যুৰ হাতৰ পৰা ৰাখিব পাৰিব নে নোৱাৰে সেইটি সি তেতিয়া বিচাৰ কৰিবলৈ হলে মাকক তাৰ মতাই নহব। —আচৰিত কথা এই হে—এনেদৰে এই অৱস্থাত মাকে চকুপানী টুকি জৰা- জীৰ্ণ হাতখনি যেই ল’ৰাৰ মুৰত বুলাই দিয়ে সেই এক অজ্ঞানা পৰশত বৈ পৰা শান্তিৰ শীতল ধাৰা ল’ৰাৰ মুৰলৈ