পৃষ্ঠা:সপ্তপৰ্ণ.djvu/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫০
সপ্তপৰ্ণ

আছে সঁচা, আচলতে তুমি তাতেই নাই। তুমি আছা⸺ তাতোকৈ থাউনি নোপোৱ৷ দ’ত।

 তেনে তুমি এই ইতিহাসৰ ঘটনাৱলীৰ অন্তৰ্নিহিত এটি সুক্ষ্ম জগতৰ নীতিৰ ধাৰা, যুগে যুগে স্থূলদেহত ঘটি ঘটি জিলিকি পৰিছা,⸺এক ৰহস্যময় চিৰসত। জাতিয়ে জাতিয়ে, কুলে কুলে, সমাজে সমাজে সকলে। কালতে নিতৌ নতুনকৈ প্ৰকাশ পোৱাদি প্ৰকাশ পাইছা। ৰামায়ণৰ দিনত পোৱা যায়⸺যি উচ্চ আদৰ্শেৰে মধুদৈত্যই দৈত্যকুল তুলি আনি দেৱতাৰ শক্তিৰে মুখ পোহৰাইছিল, পিতাকৰ এনে উচ্চ আদৰ্শক হিয়াৰ পৰা নিৰ্ব্বাসন দি তেওঁৰ পুতেকে মুখত মধু অন্তৰত বিষেৰে ভীষণ ভোগৰ ধাৰা বলাই আনিলে। তাৰ ফলত অকল লৱনেই নহয় গোটেই দৈত্যকুল উচ্ছন্ন হৈ গ’ল, কাৰো নিস্তাৰ নহল! বিশ্বৰ মঙ্গললৈ যেতিয়াই মানুহৰ চেষ্টা জাগি উঠে, তেতিয়াই দেৱতাৰ আশীৰ্ব্বাদ তাৰ শিৰলৈ বৈ আহে। যেতিয়াই ভোগেৰে সি অহমিকাক ভোগাবলৈ ধৰে তেতিয়াই সি নিজৰ বন্ধন নিজে আটি আওমৰণেৰে মৰি যায়। ত্যাগৰ মন্দিৰত ভোগৰ দৈত্য সুমুৱালে সি মন্দিৰ যি ছাৰ্-খাৰ কৰেই নে চাৰিওকাষৰ হাড় মুৰৰ দ’মেৰে ভৰাই পেলায়। মহাভাৰতৰ দিনতে কংসই আৰু এখোজ বেচিকৈ গৈ অলপ নতুনত্ব কৰি পিতাকক কাৰাগাৰত থৈ ভোগৰ দুৱাৰ খুলি দিলে; ফলত তাৰ সবংশে নিধন হ’ল। শেহৰ ছোৱ৷ ইতিহাসতো মছলমান