প্ৰাণ ভৰি শুনিছিল। বাঁহীৰ সুৰে সুৰে গৰু গাই দামুৰি- পোৱালিৰে লৰি আহিছিল, গছৰ ডালে ডালে ম’ৰাচৰায়ে চালি ধৰি নাচি নাচি নিজৰ ষড়জ কণ্ঠ বাঁহীৰ সুৰে সুৰে মিলাই লৈছিল। শ্ৰান্ত ক্লান্ত গোপবালকে হিয়া ভৰি ভৰি সেই সুৰ শুনি কৃষ্ণৰ মুখলৈ চাই তন্ময় হৈছিল। ব্ৰজধামৰ আলিয়ে পদূলিয়ে সেই সুৰ, বনে বনে, কদম্বৰ তলে তলে সেই সুৰ, — গোচাৰৰ জুৰে জুৰে, যমুনাৰ তীৰে তাৰে সেই সুৰ,—ঘৰে বাহিৰে, পথাৰে সমাৰে সুললিত বাঁহীৰ সেই সুৰ, সেই প্ৰাণ ভৰি উপচি যোৱ৷ আনন্দৰ ধ্বনি। বাঁহীৰ সুৰত ব্ৰজধাম বিভোল! এই হেন আনন্দৰ ব্ৰজধামত ভয় জাগিয়েই বিশ্বাসৰ আশ্বাসত নিৰ্ভয় হয়, লাজে সংকোচৰ ওৰণি থৈ মুকলি মুৰেৰে উৰি ফুৰে, ক্ৰোধ জাগি, হিংসা জ্বলি পৰম। শান্তিৰ শীতল পৰশত নুমাই যায়। এটি আপোনেই সকলো পৰ মিলাই লৈ ব্ৰজপুৰ কেনে মনোময় কৰি কিমান ওপৰলৈ তুলিলে! স্বৰ্গত হিংসা জাগি প্ৰেম নেপায়, ক্ৰোধ জাগি শান্তি নেপায়, দৰ্প জাগিলে অনুকম্পা নাই; তাতোকৈ উচ্চ তাতোকৈ মহৎ শ্ৰীকৃষ্ণৰ এই ব্ৰজধাম! ই যে ধৰাৰ বুকুত এক – অতি সৃষ্টি! এই সৃষ্টি দেখি সৃষ্টিকৰ্ত্তা ব্ৰহ্মাৰো যে মোহ হব, স্বৰ্গৰাজ ইন্দ্ৰৰো যে দৰ্পচূৰ্ণ হব, তাত আচৰিত হব লগীয়া আছে কি? বাল্যলীলাৰ এই ব্ৰজপুৰত মনৰ বিকাৰে হিয়াৰ আবেগে পশুপক্ষী হৈ কথা কৈছিল। শিশু হিয়াৰ সৰল বিশ্বাস নহলে এই কথা বুজোঁতা
পৃষ্ঠা:সপ্তপৰ্ণ.djvu/৭৩
অৱয়ব