পৃষ্ঠা:সপ্তপৰ্ণ.djvu/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সপ্তপৰ্ণ



প্ৰথম পৰ্ণ

 চ’ত এই যায় যায। বিদায়ৰ বেলিকা তাই চাগৈ চকুপানী টুকিছিল। কোনোবাই মনিলে নে নমনিলে কব নোৱাৰিলোঁ। ‘বৰ ঘৰ শুৱনী জীয়ৰী ছোৱালী’ এজনী ন ছোৱালী পাতি এঘৰলৈ উলিয়াই দিছে। ইমান দিনে আপোন বুলি আঁকোৱালি থকা মমতাৰ বান্ধোন এৰি যাব লগীয়া হে৷ৱাত তাইৰ অন্তৰ জোল হৈ গ’ল। তাইৰ যি চকুৰ পানী, তাইৰ যি কৰুণ বিননি, এৰি যোৱ৷ হিয়াৰ হুতাহৰ হুমুনিয়া, কান্দোনৰ হাহাকাৰ, দৰালি ঘৰীয়াৰ হাঁহি- খিকিন্দালিত, ঢোল দগৰৰ তুমুল কোৰ্হালত সি উচুপি উচুপি নিজমি গল। কোনোৱে যদিও মনিছিল, মন নিদিলে। নিদিবৰে কথা,—নতুন সংসাৰৰ নতুন উলাহে সকলো কন্দা কট৷ কাটি নিলে; —গ্ৰহণ ভগাৰ পাচত জোনৰ সুচিকোণ মুখখনি দেখিলে জোনৰ মুখত ছাঁ পৰা কথাই মনত দেখোন ছাঁ নেপেলায়!

 এবছৰৰ পুৰণি চ’ত এবছৰলৈ ন বহাগী হৈ আহিছে। বৰদৈচিলাই বাট পদূলি মলচি নিকাকৈ থৈছে। ন-তে ন অঁৰাৰ জিলিকনিত অসম আজি তিৰ্‌ বিৰাব লাগিছে। ঘৰ দুৱাৰ লিপি পুঁচি শালেকটা গামোচাৰে গা মচি অসমৰ