পৃষ্ঠা:সপ্তপৰ্ণ.djvu/১১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৮
সপ্তপৰ্ণ

নাও, আৰু তাৰ নাৱৰীয়া নন্দৰ কানাই। যি দুই মন বা ব্যভিচাৰী ভক্তিৰে যায়, তালৈ নাৱো নাই, কৰ্ণাধাৰ কানায়ো নাই। এই কথা লৈয়েই নানা ৰসৰ বাদ-বিতণ্ডা হ'ল। শেহত একোতে নোৱাৰি মানিনী গোপিনীয়ে মুখ খন পাচি যেন কৰি জোকোৰা এটা মাৰি ৰাধিকাক হাতেৰে টানি অইন ঘাটলৈ লৈ গ’ল। যাওঁতে ভোৰভোৰাই গ’ল,—“ঘাট আৰু তোমাৰটিয়েই হে আছে নে কি?” —অইন ঘাটলৈ গৈ দেখিলে,—সেই, সেই গুটীয়৷ নাও, আৰু সেই কলীয়া কানাই। গোপিনী অবাক;—এবাৰ কানাইৰ মুখলৈ এবাৰ ৰাধাৰ মুখলৈ চাই ৰ’ লাগিল। মুখৰাৰ মুখৰ মাত হৰি গ’ল। এনেতে কানায়ে এটি প্ৰাণ ভৰি যোৱা সুৱদি গীতেৰে সমস্যাৰ সমাধান কৰি দিলে—“আমি ভক্তের তরে ঘাটে ঘাটে নিয়ে বেড়াই ভাঙ্গা তরী”। গানৰ শেহত কীৰ্ত্তনৰ জুমুৰ তুলিলে—“আমি ঘটেও হৰি ঘাটেও হৰি।” নতুন জ্যোতি পৰি গোপিনীৰ প্ৰাণ যেন জিলিকি পৰিল। শ্ৰীৰাধিকাৰ নীলোৎপল নয়ন জৰি প্ৰেমাশ্ৰু ববলৈ ধৰিলে। মধুৰ জুমুৰত এটি যেন চিৰ সত্যই প্ৰাণৰ মাজত ৰূপ ধৰি নাচি উঠিল! সেই দৃশ্য, সেই লীলা—সি যেন আজিও প্ৰাণত বাজি আছে। আমাৰ ঘটে ঘটে আকাৰ নোহোৱা যি জনা হৰি বিৰাজ কৰিছে, তেওঁয়েই আজি আকাৰ লৈ ঘাটে ঘাটে মধুৰ মুৰুলী বজাই বাটলৈ চাই মাতিব লাগিছে। কালে কালে, দেশে দেশে, ভিন ভিন