পৃষ্ঠা:সপ্তপৰ্ণ.djvu/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৮
সপ্তপৰ্ণ

লোকৰ চেষ্টাই জানোচ৷ আমাৰ মাজৰ কথা গৰকি নোচোৱা লোকসকলৰ সৰল বিশ্বাস শিথিল কৰি দিয়ে।

 তেহেলৈ যেয়ে হওক, সিবিলাকে পূৰ্ণ বা আদৰ্শ মানব কাক বুলিছে সেইটো দেখোন সহজে বুজিবলৈ টান লাগে। পূৰ্ণ মানৱ মানে এক হব পাৰে—যি মানৱ সকলো বিষয়ে পূৰ্ণ। সকলো বিষয়ে সম্পূৰ্ণ কোন? মানৱ নে দেৱতা? দেৱতা মহৎ, সম্পূৰ্ণ নহয়। সম্পূৰ্ণতাৰ প্ৰকাশ এক ভগবান। মানৱক পূৰ্ণতাৰে পৰিপূৰ্ণ বুলি ধৰি ললে আৰু মানৱ হৈ নেথাকে, তত্ত্বমসি “ভক্তৰ ভগবান” হৈ পৰে। 'আদৰ্শৰ পূৰ্ণতা মানুহতে শেষ হৈ গলে লক্ষ্যটি যে অতি সংকীৰ্ণ হয়েই নে, মানেটিও হেৰাই যায়। মানুহৰ হোৱাৰ শেষ নাই, দিন ৰাতি সি হৈ যাবই লাগিছে। তাৰ প্ৰগতিৰ শেষ —সম্পূৰ্ণতা। এই সম্পূৰ্ণতা এক ভগবানতেই সম্ভৱ। অনন্ত পথত মানৱৰ আদৰ্শ লাভ কৰোঁতাই দেখে— আৰু থাকিল, আৰু আছে! আদৰ্শৰ শেষে৷ সেই অনন্ত— ভাৰতৰ শেষ আদৰ্শও যে ভগবান।

 পূৰ্ণ মানৱ মানে আৰু এক হব পাৰে—যিজন মানুহ মানুহে হব পৰাখিনিৰে পৰিপূৰ্ণ। সেয়ে হলেও অৰ্থটি ভালকৈ ওলাই নপৰে যেন লাগে। প্ৰত্যেক মানুহেই নিজ সামৰ্থ্য, নিজ নিজ জ্ঞানৰ জোখেৰে নিজে পূৰ্ণ হৈয়ে আছে। ল’ৰা এটিৰ সংসাৰৰ জ্ঞানলৈ চাই ডেকাই ভাবিব পাৰে সি অসম্পূৰ্ণ। ডেকাৰ সংসাৰ জ্ঞানলৈ চাই বুৰাই ভাবিব পাৰে সি অসম্পূৰ্ণ।