পৃষ্ঠা:সপ্তপৰ্ণ.djvu/৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৬
সপ্তপৰ্ণ


পৰশ দি ভাৰতৰ ভক্তকুল পৰমানন্দেৰে পুলকিত কৰিবই লাগিছে!

 হাজাৰ হলেও ইতিহাস হ’ল মনৰ লীলা। মনে ইন্দ্ৰিয়ক লৈ স্থুল জগতৰ ইন্দ্ৰিয়গ্ৰাহ্য পদাৰ্থবিলাকৰ ভিতৰত এইটি এইটিয়েই হে, ই আৰু অইন নহয় এনে ধৰণৰ বিশ্লেষণ কৰি ফুৰে, অব্যৱসায়ী বুদ্ধিয়ে তাকে যুকিয়াই লৈ সংকলন কৰি একো একোটি সিদ্ধান্তেৰে বাহিৰৰ পৰিচয় সাজি লয়। ইয়াতেই সিবিলাকৰ ক্ৰিয়াৰ শেষ। ইতিহাসেই হওক বা বিজ্ঞানেই হওক, সি মন আৰু বুদ্ধিৰ ভাঙ্গি পাতি জোৰা দিয়৷ লীলা। “মনসস্তু পৰা বুদ্ধিৰ্যে৷ বুদ্ধেঃ পৰতস্তু সঃ।”—মনৰ ওপৰত বুদ্ধি, বুদ্ধিৰ ওপৰত তেওঁ। “বাক্যই যেতিয়া তেওঁক প্ৰকাশ কৰিব খোজে, মনে যেতিয়া তেওঁক ধৰিবলৈ যায়, তেওঁক নেপাই বাৰে বাৰে বিফল হৈ উলটি আহে, আনন্দৰ মাজেদি যেতিয়াই সেই আনন্দৰ যোগ হয়, তেতিয়াই তেওঁক প্ৰত্যক্ষে পোৱা যায়। প্ৰাণৰ সকলো ভয় সকলো সংশয় দূৰ হৈ যায়।”—এয়েই সেই ভগৱান, এয়েই সেই জগতৰ আত্মা,—“যতো বাচো নিবৰ্ত্তন্তে অপ্ৰাপ্য মনসা সহ, আনন্দং ব্ৰহ্মণো বিদ্বান ন বিভেতি কুতশ্চন।” মস্তিস্কৰ যুক্তিয়ে য’ত দিক বিদিক নেদেখি থমকি যায়, হৃদয়ে ত’তে তাৰ অনুভূতিৰে অপৰূপ আলোকত সত্য স্বৰূপ আনন্দৰ জ্যোতি জল্‌জল্‌কৈ দেখিবলৈ পায়, প্ৰেমৰ হিল্লোলত প্ৰাণ নাচি উঠে। এই আনন্দস্বৰূপ ভগবানক, এই বিশ্বাত্মাৰ