সুৰ বিচাৰি বাৰ বছৰ

ৱিকিউৎসৰ পৰা
[  ]
[  ]

শাস্ত্ৰীয় সঙ্গীতৰ বহুল প্ৰচাৰৰ জৰিয়তে
অসমীয়া শিল্পী তথা সমাজ সংস্কাৰ আৰু
সংগঠনৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ
কৰিহে মই প্ৰবন্ধসমূহ লিখাৰ প্ৰয়াস
কৰিছো। মই লিখিহে গৈছো, কৃতকাৰ্যতা
কিমান দূৰ তালৈ চকু দিয়া নাই।

.......  .......  ........

“বৰ্তমান শিক্ষা পদ্ধতিৰ আমূল
পৰিবৰ্তনৰ উপায়” এই প্ৰবন্ধটি ১-৮-৭৮
ইং তাৰিখে ছপা হৈ ওলোৱাৰ লগে লগে
বন্ধুমহল, শিক্ষাবিদ, সাহিত্যিক,
ৰাজনৈতিক নেতা আদি ভিন ভিন দিশৰ
চিন্তাশীল সকলৰ মাজত ই এক
আলোড়ন সৃষ্টি কৰিলে। মই ঠিক
এনেকুৱা এটা পৰিৱেশ এই লেখাই সম্ভৱ
বুলি ভবা নাছিলোঁ। পিছে যি কোনো
কাৰণেই নহওঁক, ই সকলোৰে সমাদৰ
লাভ কৰিলে। দেশৰ তথাকথিত কৰ্ণধাৰ
সকলৰ লগত ব্যক্তিগতভাৱে আলোচনা
কৰিলোঁ। প্ৰাক্তন মুখ্যমন্ত্ৰী শৰৎ সিংহ,
বৰ্তমান শিক্ষামন্ত্ৰী লক্ষ্যধৰ চৌধুৰী,
N.C.E.R.T.-ৰ ভাৰপ্ৰাপ্ত।
বিষয়াসকলৰ লগত বিশেষভাৱে
আলোচনা কৰিলোঁ। সকলোতে মাত্ৰ
এটাই কথা— “দেশত অস্থিৰ বাতাবৰণে
বিৰাজ কৰিছে। দেশত কোনো Leader
নাই। গতিকে যিকোনো সৎ কাৰ্য্যই
বৰ্তমান মুৰ্তিমন্ত হোৱা টান। তথাপি
চেষ্টা কৰক। আপোনাৰ চিন্তাই শিক্ষা
সমাজত এক পৰিবৰ্তন আনিব পাৰে।”

[  ]
 


সুৰ বিচাৰি বাৰ বছৰ

(প্ৰয়াত উমৈশ বৈশ্যৰ নিৰ্বাচিত প্ৰবন্ধ সংকলন)




 সম্পাদনা
ড০ শেখৰ জ্যোতি বৈশ্য
 নীলোৎপল শৰ্মা

বাণী প্ৰকাশ

যশোৱন্ত ৰোড, পাণবজাৰ, গুৱাহাটী-১

[  ] SUR BICHĀRI BĀRA BASAR : Some selected articles of Late

Umesh Baishya, edited by Dr. Sekhar Jyoti Baishya and Nilotpal Sarma and published by Mrs. Lukumoni Choudhury, Bani Prakash on behalf of Perfect Imagers, Guwahati-781003.


First Edition : 2015 Price : Rs. 200.00 only.

 

©  ​: ড° শেখৰ জ্যোতি বৈশ্য

প্ৰকাশক  : লুকুমণি চৌধুৰী
 বাণী প্ৰকাশ
 যশোৱন্ত ৰোড, পাণবজাৰ, গুৱাহাটী-১

প্ৰচ্ছদ অংকন : জিতুমনি শৰ্মা

অলংকৰণ  : খাইৰুল হক চৌধুৰী

প্ৰথম প্ৰকাশ  : নৱেম্বৰ, ২০১৫

ISBN  : 978-93-8249596-3

মূল্য  : ২০০.০০ টকা।

অক্ষৰ বিন্যাস : মাধৱ বৰদলৈ

।। মুদ্ৰক।।
পাৰফেক্ট ইমেজাৰ্​ছ, ৰাজগড় ৰোড, ৫ নং উপপথৰ বিপৰীতে, গুৱাহাটী-০৩
ফোনঃ ৯৮৬৪১-৫৫৭৮৮, E-mail: perfect.imagers@gmail.com

[  ]
উমেশ বৈশ্য
জন্ম: ৩ অক্টোবৰ, ১৯৩৯ ইং
বালিলেছা
নলবাৰী− ৭৮১৩৩৫
মৃত্যু: ১ আগষ্ট, ১৯৯৮ ইং
বিৰুবাৰী
গুৱাহাটী−৭৮১০১৬
[  ]

আগকথা

 দেউতাৰ ডায়েৰীৰ কিছু কথাৰে আৰম্ভণি কৰিব খুজিছোঁ— “মই যেতিয়া নলবাৰী গৰ্ডন হাইস্কুলৰ নৱম মান শ্ৰেণীত পঢ়ো (১৯৫৮ চন), কৃতি লেখক হোমেন বৰগোহাঞিৰ লগত অলপ সময় কথা কোৱাৰ সৌভাগ্য ঘটিছিল। কথা প্ৰসংগত গোহাঞিদেৱে দিয়া বহুত উপদেশ আজিও মোৰ মনত আছে। তাৰে দুই-এটা বেণুধৰ শৰ্মাদেৱৰ লগত কথাৰ মাজতে ওলাই পৰিল। বৰগোহাঞিদেৱে কৈছিল, ‘আমি সাহিত্যিক বিলাক ধানখেৰৰ জুইৰ দৰে দপদপাই জ্বলি উঠি নিমিষতে নুমাই যাম। বিশ্বত এনে কিছুমান সাহিত্যিক আছে যিবোৰ শাল কাঠৰ জুইৰ দৰে গহীন। ধীৰে ধীৰে জ্বলে; কিন্তু পলমকৈ নুমাই। সাহিত্যিক বিলাক এঙাৰৰ দৰে পুৰি যায়, কিন্তু ইয়ে দিয়া পোহৰত বিশ্বই জিলিকনি পাই...।' শৰ্মাদেৱে কথাখিনি মনপুতি শুনিলে।

 সাহিত্য সাধনা কেনেকৈ কৰে, লিখাবোৰ সাহিত্য হোৱাটো কেনেকৈ জনা যায় বুলি সোধা প্ৰশ্নৰ উত্তৰত গোহাঞিদেৱে কৈছিল, “লিখা, এনেয়ে পেলাই থোৱা, সময়ে তাৰ বিচাৰ কৰিব।'...”

 মই গণিত বিভাগৰ ছাত্ৰ। মই সাহিত্যৰ মানুহ নহয় আৰু সংগীতৰো নহয়। কিন্তু সাহিত্য আৰু সংগীতৰ ৰস উপলব্ধি কৰিব পাৰোঁ। কালজয়ী সাহিত্য আৰু সংগীতক মই শ্ৰদ্ধা কৰোঁ।

 সৰুৰে পৰা ঘৰত এখন গানৰ স্কুল, এটা প্ৰেছ আৰু দেউতাৰ কেইখনমান কিতাপ (অশান্ত জন্মভূমি, তই যুক্তি যুদ্ধ কৰ, মিলন আদি) দেখা পাইছিলোঁ। কিতাপকেইখন কেতিয়াবা মেলি চাইছিলোঁ যদিও কোনোদিনে পঢ়া নাছিলোঁ। কাৰণ মোৰ কুমলীয়া মনে দেউতাৰ লিখনিৰ উচ্চ স্তৰ ঢুকি পোৱা নাছিল। জীৱনৰ শেষ সময়লৈ (আনকি শয্যাগত অৱস্থাতো) দেউতাক কেৱল সাহিত্য আৰু সংগীত চৰ্চা কৰা দেখিছিলোঁ।

 ১৭ বছৰ আগতে দেউতা ঢুকোৱাৰ সময়ত মই কটন কলেজৰ বি.এছ.চি. প্ৰথম বাৰ্ষিকৰ ছাত্ৰ। মোৰ তলত দুজন ভাইটি আৰু ওপৰত এজন দাদা। দাদা তেতিয়া দুৰ্গাপুৰ Regional Engineering College (REC) ৰ ছাত্ৰ। ঘৰৰ দ্বিতীয় সন্তান যদিও মই প্ৰথম সন্তানৰ দৰে হ’লোঁ। দেউতা নোহোৱা হ’ল যদিও, দেউতাৰ গোটেই জীৱনৰ সাধনাৰ ফল তেওঁৰ সেই লিখা বস্তুবোৰ নোহোৱা হৈ যাব নিদিলোঁ।

[  ] দেউতাৰ সমস্ত লিখনি সযতনে সাঁচি থৈ দিলোঁ। ঘৰুৱা দায়িত্ব তথা নিজৰ পঢ়া-শুনাৰ ব্যস্ততাৰ বাবে প্ৰায় ১২ বছৰমান সেইবোৰ তেনেদৰেই পেলাই থ'বলগীয়া হ'ল। কিন্তু সেই বস্তুবোৰৰ প্ৰতি এটা কৌতূহলে মোৰ মনত অনবৰতে ক্ৰিয়া কৰি থাকিল।

 ইতিমধ্যে মই গৱেষণাৰ কামৰ বাবে শ্বিলঙত থাকিবলৈ লৈছিলোঁ। এবাৰ মই ঘৰলৈ আহোতে দেউতাৰ ‘অশান্ত জন্মভূমি’ (১৯৭৯ চনত প্ৰকাশিত) নামৰ দেশপ্ৰেমমূলক কবিতা পুথিখন মেলি ললোঁ। প্ৰথমে চকু পৰিল অসমৰ ওজা সাহিত্যিক প্ৰখ্যাত বুৰঞ্জীবিদ বেণুধৰ শৰ্মাদেৱে লিখা অভিমতটোৰ ওপৰত। তেওঁ এঠাইত লিখিছে- 'বঙ্গাল’ৰ (বিদেশী) ষড়যন্ত্ৰমূলক হেঁচা নিবাৰণৰ অৰ্থে শ্ৰীমান উমেশ বৈশ্যৰ প্ৰাণত যিকুৰা জুই জ্বলিছে, তাৰ ৰূৰুৱনিত ভাষা উফৰি গৈছে...এই বাক্যশাৰীয়ে মোৰ মনত এক গভীৰ সাঁচ বহুৱাই দিলে। মই কিতাপখন পঢ়ি চালোঁ। তাৰ পিছত তীক্ষ্ণধী পণ্ডিত, সাহিত্যিক তীৰ্থনাথ শৰ্মাদেৱৰ পাতনি সম্বলিত ‘তই যুক্তি যুদ্ধ কৰ‘ (১৯৮০ চনত প্ৰকাশিত) কিতাপখন মেলি ললোঁ। এই দুখন কিতাপ পঢ়াৰ পিছত মই অনুভৱ কৰিলোঁ যে দেউতা আছিল এজন দুৰন্ত দেশপ্ৰেমিক। পৰৱৰ্তী সময়ত মই ১৯৮০ চনত প্ৰকাশিত পদ্মশ্ৰী অতুলচন্দ্ৰ হাজৰিকা আৰু কথাশিল্পী যোগেশ দাসৰ অভিমত সম্বলিত ‘মিলন’ কাব্যখন পঢ়ি চালোঁ। সৌভাগ্যক্ৰমে ১৯৮১ চনৰ অসম সাহিত্য সভাৰ তিনিচুকীয়া অধিবেশনৰ নাহেন্দ্ৰ পাদুন সম্পাদিত অসম সাহিত্য সভা পত্ৰিকাত অসম সাহিত্য সভাৰ ভূতপূৰ্ব সভাপতি বীৰেন বৰকটকীদেৱে লিখা মিলনৰ সমালোচনা এটা পঢ়িবলৈ পাওঁ। এই মহান ব্যক্তিসকলৰ অভিমত তথা সমালোচনা পঢ়াৰ পিছত মই নিশ্চিত হলো যে দেউতাৰ সাহিত্য সৃষ্টি বহুত উচ্চ পৰ্যায়ৰ আছিল। দেউতাৰ সৃষ্টিকৰ্মৰ প্ৰতি মোৰ শ্ৰদ্ধা-ভক্তি আগতকৈও বহুগুণে বাঢ়িল। মই দেউতাৰ লিখনিবোৰ থকা আলমাৰিটো খুলি চালোঁ। পুৰণি ফাইল এটা হাতত লৈয়েই দেখা পালোঁ ‘প্ৰগতিৰ গান’ নামৰ দেশপ্ৰেমমূলক গীতৰ সংকলনখনৰ পাণ্ডুলিপিটো। ১৯৯০ চনতেই পণ্ডিত ড° হীৰেন গোহাঁই আৰু বিশিষ্ট কবি-সমালোচক নলিনীধৰ ভট্টাচাৰ্য্যদেৱৰ পাতনি সম্বলিত পাণ্ডুলিপিটো হাতত লৈ দেখা পালোঁ যে পুথিখন প্ৰকাশৰ বাবে কৰিবলগীয়া একো কামেই দেউতাই বাকী ৰখা নাছিল। মই বিভিন্ন গুণীজনৰ পৰামৰ্শক্ৰমে পৰিয়ালৰ সহযোগত ২০১০ চনত প্ৰগতিৰ গান প্ৰকাশ কৰি উলিয়াও।

 সেই উদ্যমতে দেউতাৰ ১৯৬৫ চনৰ পৰা বিভিন্ন বাতৰি কাকত, আলোচনী আদিত প্ৰকাশিত কিছু প্ৰৱন্ধ আৰু অপ্ৰকাশিত কিছু প্ৰৱন্ধ মই পঢ়ি চালোঁ। মূলতঃ সাহিত্য-কলা-সংস্কৃতি এইবোৰ বিষয়ৰ ওপৰত লিখা প্ৰৱন্ধসমূহ এটা এটাকৈ পঢ়ি চাই এজন গৱেষক ছাত্ৰ হিচাপে মই নিশ্চিত হ'লোঁ যে প্ৰতিটো প্ৰৱন্ধই একো একোখন উচ্চ পৰ্যায়ৰ গৱেষণা পত্ৰতকৈ বহুগুণে শ্ৰেষ্ঠ আৰু প্ৰতিটো প্ৰৱন্ধ আজিও প্ৰাসংগিক। [  ] মই প্ৰৱন্ধসমূহ সংকলন কৰি এখন পুথি আকাৰে ৰূপ দিয়াৰ পণ লওঁ আৰু প্ৰায় ৫০ শতাংশ কাম সম্পূৰ্ণ কৰোঁ। কিন্তু গৱেষণাৰ ব্যস্ততাৰ বাবে পুনৰ এই কামটো কেইবছৰমানৰ বাবে বন্ধ ৰাখিবলগীয়া হ’ল। তাৰ মাজতে অৱশ্যে দুটামান প্ৰৱন্ধ বাতৰি কাকত, আলোচনী আদিত প্ৰকাশ কৰোঁ।
 পৰৱৰ্তী সময়ত কৰ্মসূত্ৰে ভাতৃপ্ৰতীম নীলোৎপল শৰ্মাক ৰামদিয়া বিনন্দি চন্দ্ৰ মেধি মহাবিদ্যালয়ত সহকৰ্মী হিচাপে লগ পাওঁ। ইতিমধ্যেই কেইবাখনো পুথি ৰচনা তথা সম্পাদনা কৰা নীলোৎপলক মই প্ৰৱন্ধকেইটা দেখুৱালোঁ। তেওঁ মোক প্ৰৱন্ধ সংকলনটো প্ৰকাশৰ বাবে পৰামৰ্শ দিলে আৰু লগতে সংকলনটোৰ নামটোও ঠিক কৰি দিলে। প্ৰৱন্ধকেইটা পঢ়ি বিশিষ্ট শিক্ষাবিদ তথা তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ প্ৰো-উপাচাৰ্য ড° অমৰজ্যোতি চৌধুৰীদেৱে এটা স্পষ্ট অনুভৱ লিখি আমাক বহুগুণে উৎসাহিত কৰিলে। মই নীলোৎপলৰ লগত লগ হৈ প্ৰৱন্ধ সংকলনটো সম্পাদনা কৰিম বুলি সিদ্ধান্ত ল’লোঁ। চৌধুৰীদেৱলৈ আমি গভীৰ কৃতজ্ঞতা জনোৱাৰ উপৰিও পুথিখন প্ৰস্তুত কৰা ক্ষেত্ৰত দিহা-পৰামৰ্শ তথা সহায়-সহযোগিতা আগবঢ়োৱা সদৌটিলৈ আমাৰ কৃতজ্ঞতা যাচিলোঁ। গ্ৰন্থখনৰ প্ৰচ্ছদ শিল্পীদ্বয় জিতুমনি শৰ্মা আৰু খাইৰুল হক চৌধুৰী, অসমৰ অগ্ৰণী প্ৰকাশন গোষ্ঠী বাণী প্ৰকাশৰ স্বত্বাধিকাৰী আৰু সমূহ কৰ্মকৰ্তালৈ আমাৰ কৃতজ্ঞতা জনালোঁ। গ্ৰন্থখনৰ অক্ষৰ বিন্যাস কৰা মাধৱ বৰদলৈলৈয়ো আমাৰ সস্নেহ থাকিল।
 প্ৰচাৰ বিমুখ দেউতাৰ কবিতা আৰু গীতৰ কথাৰ গভীৰতাৰ আভাস এটি দিয়াৰ প্ৰয়াসেৰে তথা সাম্প্ৰতিক দেশৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দেউতাৰ দুটি দেশপ্ৰেমমূলক কবিতা ‘ভাঙিবই লাগিব নৰপিশাচৰ ঘোৰ তাণ্ডৱ তাল’ আৰু ‘জ্ঞানীবৰ, তুমি ওলাই আহাৰ লগতে ‘হে ধুমুহা, হে পচোৱা আৰু মিলন গীত’ নামৰ গীত দুটা পুথিখনত সন্নিবিষ্ট কৰিছোঁ। আশাকৰো আমাৰ এই অনুভূতিক পাঠক সমাজে মৰমেৰে চাব।


ইতি-

 

শেখৰ জ্যোতি বৈশ্য
বিৰুবাৰী, গুৱাহাটী-১৬ মো.- ৯৭০৬৩৫৯৬৮০
৯/৯/২০১৫ E-mail : sekharnehu@yahoo.com

[  ]
 

বাটচ’ৰা

 সংগীত কলা, শিক্ষা ব্যৱস্থা, সাহিত্য এই তিনিটা বিষয়ৰ প্ৰবন্ধ সম্বলিত প্ৰয়াত উমেশ বৈশ্যৰ ’সুৰ বিচাৰি বাৰ বছৰ’ শীৰ্ষক প্ৰবন্ধ সংকলনখন সাহিত্যিক সমৃদ্ধতাৰ লগতে বিষয়বস্তুৰ ক্ষেত্ৰতো এক অভিনৱত্বৰ সূচক। লেখকৰ অধ্যয়নৰ বিস্তৃত পৰিমণ্ডল, ভাষিক সচেতনতা আৰু গদ্যশৈলীৰ প্ৰবাহে পঢ়ুৱৈৰ সংবেদনক জোকাৰি যোৱা দিশটোৰ প্ৰতি দৃষ্টি দি ক’ব পাৰি যে প্ৰচাৰৰ প্ৰতি উদাসীন প্ৰয়াত বৈশ্য আছিল অসমীয়া সংগীত-সাহিত্যৰ এগৰাকী নীৰৱ সাধক আৰু সামাজিক ঘটনা-পৰিঘটনাৰ সূক্ষ্ম পৰ্যবেক্ষক। তেখেতৰ প্ৰগতিশীল চিন্তা প্ৰতিটো প্ৰবন্ধই আপোনমনে কঢ়িয়াই লৈ ফুৰিছে।
 সংকলনখনৰ প্ৰথমটো প্ৰবন্ধ ’শাস্ত্ৰীয় সংগীত আৰু অসম’ত লেখকে অসমীয়া শাস্ত্ৰীয় সংগীতৰ বিকৃতকৰণৰ কেইবাটাও দিশ উল্লেখ কৰি অসমীয়া জাতিৰ সজাগতাৰ বিয়োগাত্মক দিশটো মূৰ্ত কৰিছে। কি পটভূমি আৰু পাৰিপাৰ্শ্বিকতাত ভাৰতীয় শাস্ত্ৰীয় সংগীতে এসময়ত মৃত ৰূপ লৈছিল আৰু তাৰ পুনৰুদ্ধাৰত আমি যে আজিও ব্যৰ্থ সেয়াও উন্মোচিত কৰিছে। শিল্প-সংস্কৃতিৰ ব্যৱসায়িক দৃষ্টিভংগীয়ে গুণগত মান অবদমিত কৰাত ১৯৬৮ চনত বৈশ্যই লিখা প্ৰবন্ধটিত তেখেতৰ ক্ষোভ ধ্বনিত কৰিছে। আপোচবিহীন লেখক প্ৰয়াত বৈশ্যই শাস্ত্ৰীয় সংস্কৃতি প্ৰসাৰত কৰ্তব্য পালন নকৰা মাধ্যমবোৰক সমালোচনা কৰি লিখা প্ৰবন্ধটি আজিও প্ৰাসংগিক।
 ’বৰ্তমান অসমীয়া শিল্পীৰ দৃষ্টিভংগী’ শীৰ্ষক সুখপাঠ্য প্ৰবন্ধটিত অসমীয়া থলুৱা সংগীতৰ প্ৰচাৰ আৰু প্ৰসাৰত মনোনিৱেশ নকৰা তথাকথিত শিল্পীলৈ লেখকৰ ক্ষোভ প্ৰকাশৰ আনুষংগিকভাৱে শিল্প-সংস্কৃতিৰ উত্তৰণৰ বাবে আমাৰ কৰণীয় দিশসমূহ উল্লেখ কৰিছে। ’সুৰ বিচাৰি বাৰ বছৰ আৰু’ প্ৰথম ’সঙ্গীতগুৰু জমিৰুদ্দিন ছাৰৰ সোঁৱৰণত’ শীৰ্ষক দুটি প্ৰবন্ধ আত্মজীৱনীমূলক হলেও ভাষিক সচেতনতা আৰু মেদহীনতাই দুয়োটা প্ৰবন্ধকে মানবিশিষ্ট কৰাত অৰিহণা আগবঢ়াইছে। সমসাময়িক সমাজৰ কেতবোৰ চিত্ৰ প্ৰবন্ধ দুটাত প্ৰকাশিত হৈছে।
 সংকলনখনৰ এটা উৎকৃষ্ট প্ৰবন্ধ ’ভূপেন হাজৰিকাৰ সাংস্কৃতিক জীৱনঃ এটি পৰ্যালোচনা’। এই প্ৰবন্ধটিত ভূপেন হাজৰিকাৰ প্ৰতিভাৰ বিশিষ্ট কেইটিমান দিশৰ মূল্যায়নৰ আনুষংগিকভাৱে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুৰাভাৰ প্ৰসংগ অৱতাৰণা কৰি লেখকে আদৰ্শগত দিশত ভূপেন হাজৰিকা জ্যোতি-বিষ্ণুতকৈ কিয় অনগ্ৰসৰ হৈ ৰ’ল তাৰ প্ৰাঞ্জল ব্যাখ্যা আগবঢ়াইছে।
 ‘আমাৰ সাহিত্য-সংস্কৃতিৰ বৰ্তমান অৱস্থা’ শীৰ্ষক প্ৰবন্ধটিৰ বক্তব্য প্ৰথম দুটা। [ ১০ ] প্ৰবন্ধৰ সৈতে একধৰ্মী হলেও সংকটময় অৱস্থাৰপৰা উঠি অহা অসমীয়া ভাষা- সংস্কৃতিৰ পুনৰুদ্ধাৰৰ বাবে লেখকৰ মনত সৃষ্টি হোৱা সংকল্পবোধ তাৎপৰ্যপূৰ্ণ।
 সাম্প্ৰতিক সময়ত ভাৰতীয় শিক্ষা ব্যৱস্থাৰ বিসংগতিয়ে প্ৰকৃত মানৱ সম্পদ গঢ়াত হেঙাৰৰ সৃষ্টি কৰিছে, এই কথা প্ৰয়াত বৈশ্যই উপলব্ধি কৰিছিল ১৯৭৩ চনতে। শিক্ষা ব্যৱস্থাই তেখেতৰ অন্তৰত সৃষ্টি কৰা সংশয় ’বৰ্তমান শিক্ষা জগত’ শীৰ্ষক প্ৰবন্ধত বিশ্লেষণাত্মক দৃষ্টিকোণেৰে উত্থাপিত হৈছে।

 ’অসমত সাহিত্য চৰ্চাৰ সমস্যা’ শীৰ্ষক প্ৰবন্ধটিয়ে বাণিজ্যিক দৃষ্টিভংগীৰ পৃষ্ঠপোষকতাত গঢ়ি উঠা প্ৰকাশন গোষ্ঠীসমূহৰ স্বাৰ্থন্বেষী মনোভাব প্ৰকট কৰাৰ লগতে লেখকৰ ব্যক্তিগত কিছু অভিজ্ঞতাৰ অভিজ্ঞান উন্মুক্ত কৰিছে। অসমীয়া আলোচনীসমূহৰ নেতিবাচক কিছু কথা প্ৰবন্ধটিত উদ্ভাসিত হোৱাৰ লগতে সাহিত্যৰ ক্ষেত্ৰত এনে অৰাজকতাই যেন নবীন লেখকসকলৰ উৎকৰ্ষ সাধন পথৰ অন্তৰায় সেই বাৰ্তাও উজলি উঠিছে।

 ’অন্তঃসাৰ শূন্য : বৰ্তমান শিক্ষা জগত' শীৰ্ষক প্ৰবন্ধটিত শিক্ষা সম্পৰ্কীয় পূৰ্বৰ দুটি প্ৰবন্ধৰ দৰে শিক্ষানীতিৰ মেৰপাকত বিধ্বস্ত ছাত্ৰ-ছাত্ৰীৰ মানসিকতাৰ বিপৰ্যয় আৰু তাৰ অনুষংগৰূপে সমাজ জীৱনলৈ নামি অহা নৈৰাজ্যৰ আলোকপাত কৰা হৈছে। শিক্ষাখণ্ডৰ সংস্কাৰ কামনা কৰা লেখকৰ সচেতন মনৰ দৃঢ়তা তাৎপৰ্যপূৰ্ণ।

 অসমীয়া সাহিত্য ক্ষেত্ৰৰ প্ৰসিদ্ধ পুৰুষ অতুল চন্দ্ৰ হাজৰিকাৰ জীৱনৰ সংক্ষিপ্ত আভাস আৰু তেখেতৰ সাহিত্যকৃতিৰ পৰিচয়মূলক বিবৃতিৰে পুষ্ট ’চমুকৈ অতুল চন্দ্ৰ হাজৰিকা’ শীৰ্ষক প্ৰবন্ধটিত লেখকৰ বিশ্লেষণাত্মক দৃষ্টিভংগীৰ পৰিৱৰ্তে সাহিত্যিকজনাক জনমানসত প্ৰতিষ্ঠা কৰাৰ দুৰ্বাৰ হেঁপাহ মূৰ্ত হৈছে।

 ‘বেজবৰুৱাৰ হাস্যৰস’ শীৰ্ষক প্ৰবন্ধটিত কৃপাবৰী চৰিত্ৰৰ সৈতে লেখকৰ একাত্মতা ব্যঞ্জিত হৈছে। সমাজ বাস্তৱতাক ব্যংগ কৰিবলৈ বেজবৰুৱাই আশ্ৰয় লোৱা পন্থাৰ সৈতে লেখক প্ৰয়াত বৈশ্যৰ আন্তৰিক অভিব্যক্তিৰ যি আশ্চৰ্যজনক সংযোগ সেয়া তাৎপৰ্যপূৰ্ণ। অৱশ্যে বেজবৰুৱাৰ হাস্যৰসধৰ্মী ৰচনাৰ কিছুমান সূক্ষ্ম দোষ বৈশ্যৰ দৃষ্টিৰ পৰা সাৰি যাব পৰা নাই, ইয়ে তেখেতৰ সমালোচনাৰ নিৰপেক্ষতাৰ আভাস দাঙি ধৰে।

 ’বৰ্তমান সমাজ সংস্কাৰৰ উপায়’ শীৰ্ষক প্ৰবন্ধটিৰ জৰিয়তে সমাজ সচেতন লেখক ৰূপে নিজকে প্ৰতিষ্ঠা কৰাত প্ৰয়াত বৈশ্যই উজুটি খোৱা নাই। ৰাজনৈতিক সচেতনতাৰ অধিকাৰী বৈশ্যৰ মনৰ বিকাৰৰ কাৰণ স্বৰূপে সামাজিক দুৰ্নীতিয়ে সৃষ্টি কৰা পাৰিপাৰ্শ্বিকতা প্ৰবন্ধটিৰ পটভূমিত দৃষ্টিগোচৰ হয়। শিক্ষা আৰু জ্ঞানৰ সমাযোজনে এখন দেশক, এটা জাতিক সভ্যতাৰ শীৰ্ষবিন্দুত উপনীত কৰাব পাৰে— প্ৰবন্ধটিৰ মূল বক্তব্য বিষয় এইটোৱেই। [ ১১ ]  শাস্ত্রীয় সংগীতৰ সাধক প্রয়াত বৈশ্যৰ দুখবােধ তীব্রভাবে প্রকাশিত হৈছে। ‘আমাৰ সংগীত কলাৰ বর্তমান অৱস্থা’ শীর্ষক প্রবন্ধটিত। তথাকথিত আধুনিকতাই গ্রাস কৰা অসমীয়া পুৰাতন কৃষ্টিৰ পথাৰখন আৰু তাৰ কাৰণসমূহৰ বিজ্ঞানসম্মত বিশ্লেষণে প্রবন্ধটিৰ সৰহ সংখ্যক ঠাই অধিকাৰ কৰিছে। শিক্ষা ব্যৱস্থাত অনাদৃত সংগীত কলাৰ বাবেই যে সাংস্কৃতিক দাৰিদ্ৰ্যৰ জন্ম সেই কথা উন্মুক্ত হৈছে। প্রসিদ্ধ পণ্ডিত বেণুধৰ শৰ্মাৰদ্বাৰা উচ্চ প্রশংসিত প্রবন্ধটি সংকলনখনৰ বৈভৱৰ অন্যতম প্রতীক।

 পশ্চিমীয়া শিক্ষানীতিৰ গভীৰ আলােকপাত আৰু ভাৰতবৰ্ষত তাৰ প্ৰয়ােগৰ ফলত শিক্ষাক্ষেত্ৰত দেখা দিয়া বিভিন্ন সমস্যাৰ উল্লেখ কৰি শিক্ষা পদ্ধতি সংস্কাৰ কৰাৰ বাবে ভালেমান পৰামর্শ সন্নিৱিষ্ট হৈছে ‘বর্তমান শিক্ষাপদ্ধতিৰ আমূল পৰিৱৰ্তনৰ উপায়’ শীর্ষক প্রবন্ধটিত। এগৰাকী শিক্ষকৰূপে কৰ্মৰত প্রয়াত বৈশ্যই নিজস্ব অভিজ্ঞতা আৰু সূক্ষ্ম দৃষ্টিকোণেৰে আগবঢ়োৱা পৰামর্শসমূহ আজিৰ সময়তাে প্রাসংগিক। প্রবন্ধটিত ৰাজনৈতিক অনগ্ৰসৰতাৰ প্রসংগইয়াে ভুমুক দিছে।

 ‘অসমত সংগীতৰ ৰূপ’আৰু ভাৰতীয় সংগীতৰ স্বকীয়তা ৰক্ষাৰ সমস্যা’এই দুটি বিশ্লেষণাত্মক আলােচনাৰে পৰিপুষ্ট প্রবন্ধত লেখকৰ শিল্পীসুলভ সচেতনতা উদ্ভাসিত হৈছে। অসমীয়া সংগীতৰ স্বকীয়তা ৰক্ষার্থে শিল্পী সমাজৰ কৰণীয় কার্যৰ বিষয়ে আলােকপাত কৰা প্রবন্ধ দুটা বীৰেন্দ্ৰ কুমাৰ ভট্টাচার্য সম্পাদিত নৱযুগত প্রকাশিত। প্রবন্ধ দুটাৰ মানদণ্ড সন্দৰ্ভত কোনাে প্রশ্নৰ অৱতাৰণা নহয়।

 বিশ্বভাৰতী কলাভৱনৰ অধ্যক্ষ প্রসিদ্ধ শিল্পী প্রয়াত নন্দলাল বসুৰ মূল প্রবন্ধৰ অনুবাদ ‘শিক্ষাত শিল্পৰ স্থান’য়ে প্রয়াত বৈশ্যক এগৰাকী সফল অনুবাদকৰূপে পৰিচিতি দিছে। গম্ভীৰ বিষয়বস্তুৰ প্ৰবন্ধটিয়ে শিক্ষা আৰু শিল্পৰ সহাৱস্থান সম্পর্কীয় ধাৰণা শক্তিশালীৰূপে উপস্থাপন কৰিছে।

 সংস্কৃত আলংকাৰিকসকলৰ ধাৰণাৰ ভিত্তিত ক্ষেত্রমােহন গােস্বামীৰ ‘গীতৰ দোষ-গুণ’ শীর্ষক প্রবন্ধটি অনুবাদকৰূপে প্রয়াত বৈশ্যৰ প্ৰাঞ্জলতা, স্বচ্ছতা আশ্বর্যজনক।

 প্রবন্ধ সংকলনখনত প্রয়াত বৈশ্যৰ দ্বাৰা ৰচিত দুটি কবিতা আৰু দুটি গীত সন্নিৱিষ্ট কৰা হৈছে। কাব্যিক আৰু সাংগীতিক দিশত তেখেতৰ ব্যুৎপত্তিৰ পৰিচায়ক কবিতা আৰু গীত দুটাই জাতীয়তাবাদী মননৰ সৈতে প্রগতিশীল দৃষ্টিভংগীও মূর্ত কৰিছে।

 প্রয়াত উমেশ বৈশ্যৰ সৃষ্টিৰ বৰ্ণময় জগতত বিচৰণ কৰি তেখেতৰ বর্ণিল প্ৰতিভাৰ উম পােৱাটো আমাৰ বাবে অনাবিল প্রাপ্তিৰ সঁফুৰা...


২৮ অক্টোবৰ, ২০১৫

নীলােৎপল শর্মা
মাে.- ৯৪০১১৮৪৬৫২

[ ১২ ]

অনুভৱৰ এষাৰ



 প্ৰয়াত শিল্পী উমেশ বৈশ্য ডাঙৰীয়াৰ নিৰ্বাচিত প্ৰৱন্ধ সংকলন ‘সুৰ বিচাৰি বাৰ বছৰ' অসমীয়া সংগীত জগত আৰু আমাৰ শিক্ষাজগত সম্পৰ্কীয় এলানি গভীৰ চিন্তাৰ নিচান। বিশেষকৈ বিশিষ্ট শাস্ত্ৰীয় সংগীতজ্ঞ বৈশ্য ডাঙৰীয়াই ‘অসমৰ শাস্ত্ৰীয় সংগীত' আৰু 'সুৰ বিচাৰি বাৰ বছৰ'ৰ বিষয়ে লিখা প্ৰৱন্ধ দুটাই মাৰ্গীয় সংগীতৰ আঁৰত থকা কঠোৰ সাধনা আৰু সংগীতৰ ব্যপকতাৰ দৰ্শনত হোৱা স্বভাৱজ বিনয়ৰ ছবিখন জল্‌জল্‌ পট্‌পট্‌ কৰি তুলিছে। সেইদৰে ড° ভূপেন হাজৰিকাদেৱৰ সাংস্কৃতিক জীৱন আৰু অসমত সংগীতৰ ৰূপৰ আলোচনাত দেখদেখকৈ নতুন দৃষ্টিকোণৰ সংযোজন হৈছে। এগৰাকী সংগীতজ্ঞ ৰূপে হোৱা অভিজ্ঞতাৰ ভিত্তিত ৰচনা কৰা ভাৰতীয় সংগীতৰ স্বকীয়তা ৰক্ষাৰ সমস্যা’ শীৰ্ষক আলোচনাতো তেনে নতুন চিন্তা আৰু উপলব্ধি জল্‌জল্‌ পট্‌পট্‌ হৈ পৰিছে।

 বৰ্তমানৰ শিক্ষা জগত সম্পৰ্কত তেখেতৰ প্ৰৱন্ধ দুটায়ো চিন্তাৰ নতুন বাট কাটি দিছে। সেইদৰে সাহিত্য চৰ্চা, লক্ষ্মীনাথ বেজবৰুৱা আৰু অতুল চন্দ্ৰ হাজৰিকাদেৱৰ বিষয়ে লিখা প্ৰৱন্ধকেইটাতো সাহিত্যৰ প্ৰতি অনুৰাগৰ লগতে গভীৰ সাহিত্যবোধ উজ্বলি উঠিছে।

 সেয়ে মোৰ একান্ত অনুভৱ— 'সুৰ বিচাৰি বাৰ বছৰ’ শীৰ্ষক সংকলনখনি অসমীয়া সাহিত্যলৈ এক বিৰল সংযোজন ৰূপে স্বীকৃত হ’ব। এইলানি সংকলনৰ সম্পাদক আৰু প্ৰকাশকলৈ সেয়ে অসমৰ সাহিত্যপ্ৰেমী ৰাইজৰ হৈ আন্তৰিক ওলগ জনালোঁহ'ক।


৪, হেমচন্দ্ৰ ৰোড ড° অমৰজ্যোতি চৌধুৰী
গুৱাহাটী প্ৰো-উপাচাৰ্য
২৩-৮-২০১৫ ইং তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়

[ ১৩ ]
 

প্রকাশকৰ ক'বলগীয়া

 ‘সুৰ বিচাৰি বাৰ বছৰ’ প্রবন্ধ সংকলনখনত প্রয়াত উমেশ বৈশ্য ডাঙৰীয়াৰ ১৯৬৫ চনৰ পৰা সময়ে সময়ে আগশাৰীৰ বাতৰি কাকত- আলোচনী আদিৰ যােগেদি প্রকাশিত বিভিন্ন বিষয় (সাহিত্য-কলা- সংস্কৃতি)ৰ প্ৰবন্ধলানিৰ লগতে সেই সময়ৰ শাস্ত্রীয় সংগীতৰ চৰ্চাৰ বিষয়ে পঢ়ুৱৈ সমাজ অৱগত হ’ব। প্রয়াত বৈশ্য ডাঙৰীয়াৰ সুযােগ্য পুত্র ড° শেখৰ জ্যোতি বৈশ্যই এই প্রবন্ধলানি সংৰক্ষণ কৰি শ্ৰীযুত নীলােৎপল শৰ্মাৰ সহযােগত কিতাপ আকাৰে যুগুতাই উলিয়াই তীক্ষ্ণ দূৰদর্শিতাৰ পৰিচয় দিছে, যিখিনিয়ে অনাগত দিনত পঢ়ুৱৈ সমাজক যথেষ্ট উপকৃত কবি। কিতাপখন প্ৰকাশ কৰি আমি ড° বৈশ্য ডাঙৰীয়া আৰু কিতাপখনৰ উত্তৰােত্তৰ উন্নতি কামনা কৰিলোঁ।

 

ইতি⸺
পাণবজাৰ, গুৱাহাটী-১ প্ৰকাশক

১৭/১০/২০১৫ ইং [ ১৪ ]

সূচীপত্ৰ

 

১।
২।
৩।
৪।
৫।
৬।
৭।
৮।
৯।
১০।
১১।
১২।
১৩।
১৪।
১৫।
১৬।
১৭।
১৮।
১৯।
২০।
২১।
২২।
২৩।
২৪।

 

হে ধুমুহা, হে পচোৱা
শাস্ত্ৰীয় সংগীত আৰু অসম
বৰ্তমান অসমীয়া শিল্পীৰ দৃষ্টিভঙ্গী
সুৰ বিচাৰি বাৰ বছৰ
প্ৰথম সংগীত গুৰু জমিৰুদ্দিন ছাৰৰ সোঁ‌ৱৰণত
ভূপেন হাজৰিকাৰ সাংস্কৃতিক জীৱনঃ এটি পৰ্য্যালোচনা
আমাৰ সাহিত্য-সংস্কৃতিৰ বৰ্তমান অৱস্থা
ভাঙিবই লাগিব নৰপিশাচৰ ঘোৰ তাণ্ডৱ তাল
বৰ্তমান শিক্ষা জগত
অসমত সাহিত্য চৰ্চাৰ সমস্যা
অন্তঃসাৰ শূন্যঃ বৰ্তমান শিক্ষা জগত
চমুকৈ অতুল চন্দ্ৰ হাজৰিকা
বেজবৰুৱাৰ হাস্যৰস
বৰ্তমান সমাজ সংস্কাৰৰ এটি উপায়
জ্ঞানীবৰ, তুমি ওলাই আহা
আমাৰ সংগীত কলাৰ বৰ্তমান অৱস্থা
বৰ্তমান শিক্ষাপদ্ধতিৰ আমুল পৰিবৰ্তনৰ উপায়
অসমত সঙ্গীতৰ ৰূপ
ভাৰতীয় সংগীতৰ স্বকীয়তা ৰক্ষাৰ সমস্যা
শিক্ষাত শিল্পৰ স্থান
গীতৰ দোষ-গুণ
মিলন গীত
চকুৰ পচাৰতে প্ৰয়াত উমেশ বৈশ্যৰ জীৱনটো
পৰিশিষ্ট

   

.....
.....
.....
.....
.....
.....
.....
.....
.....
.....
.....
.....
.....
.....
.....
.....
.....
.....
.....
.....
.....
.....
.....
.....

 

১৫
১৬
২২
২৬
৩৪
৩৭
৪৬
৫১
৫৩
৫৮
৬৩
৬৯
৭৬
৮১
৮৫
৮৭
৯০
১০০
১০৩
১০৮
১১৩
১১৫
১১৭
১১৯

[ ১৫ ]

হে ধুমুহা, হে পচোৱা

হে ধুমুহা, হে পচোৱা, বৰদৈচিলা তুমি আহা
তুমি আহা আহা আহা
আমাৰ চোতালত বিহগছ গজিছে।
ভাঙি ছিঙি উৰুৱাই নিয়া নিয়া॥

০০০


বিষবৃক্ষ ছায়াত অমানুহ বাঢ়িছে
ছলেৰে অমানুহ শিখৰত বহিছে
অজ্ঞৰ আদেশত বিজ্ঞ চলিছে।
অজ্ঞৰ দম্ভই ধ্বংস কৰিলে
জ্ঞানৰ পবিত্ৰ বিশালতা
শেষ হ’ল মানুহৰ মানৱতা॥

০০০


জ্ঞান বিজ্ঞান কলাকৃষ্টি
সাহিত্য সঙ্গীত সংস্কৃতি
য’ত জীপ লৈ সাজি-কাচি উঠে জিলিকি
সেই সমাজ দুৰ্ব্বত্ত গৰাহত আজি মৃত্যুমুখী
সেয়েহে, মাতিছোঁ ধুমুহা, পচোৱা, বৰদৈচিলা
উৰুৱাই যতমানে আৱৰ্জ্জনা
ৰুগ্ন সমাজ বচোৱা
নহ'লে নেবাচে কলুষ সমাজত
সুন্দৰ মানুহৰ সৎ ভাবনা॥*

সুৰাৰোপিত আৰু প্ৰচাৰিত।


^ প্ৰয়াত উমেশ বৈশ্যৰ প্ৰগতিৰ গান’ (২০১০ চনত মৰণোত্তৰ ভাবে প্ৰকাশিত) পুথিৰ পৰা উদ্ধৃত। [ ১৬ ]
 

শাস্ত্ৰীয় সংগীত আৰু অসম

 খৃষ্টীয় পঞ্চদশ আৰু ষষ্ঠদশ শতিকাত মুছলমান সম্ৰাট সকলৰ পৃষ্ঠপোষকতাত ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ বহুল উন্নতি সাধিত হৈছিল। সেই সময়ছোৱাতে অসমীয়া কলা কৃষ্টিৰ পিতৃস্বৰূপ মহাপুৰুষ শ্ৰীশ্ৰীশংকৰদেৱে অসমত জন্ম গ্ৰহণ কৰি ধৰ্ম, সাহিত্য আদি সকলো দিশতে মৃত্যুমুখী অসমীয়া জাতিটোক উদ্ধাৰ কৰে। গীত-মাত, নাটক আদিয়ে জনসাধাৰণৰ মন সহজতে আকৰ্ষণ কৰে কাৰণে শংকৰদেৱে সেইবোৰৰ মাজেদি অসমীয়া জাতিক ধৰ্ম জ্ঞানৰ শিক্ষা দি জাতীয়তা ৰক্ষা কৰিছিল। বাৰ বছৰ কাল ধৰি ভাৰতৰ নানা ঠাই ঘূৰি ফুৰি মহাপুৰুষ জনাই ভাৰতৰ বিভিন্ন ঠাইত পূৰ্ণ উদ্যমে চৰ্চা হৈ থকা শাস্ত্ৰীয় সংগীতৰ সোৱাদ লাভ কৰে আৰু ভ্ৰমণৰ পৰা উভতি আহি শাস্ত্ৰীয় সংগীতৰ বিভিন্ন ৰাগবোৰ অসমতো প্ৰচাৰ কৰাৰ প্ৰয়াস কৰে। অজ্ঞ জনসাধাৰণৰ মাজত বিজ্ঞানসম্মত প্ৰণালীত সেইবোৰৰ চৰ্চা কৰাৰ সুবিধা হয়তো বেছি নাপালে। বৰগীতৰ মাজতে শংকৰদেৱে ৰাগবোৰৰ অলপ অচৰপ ৰূপ আঁকি ৰখাৰ চেষ্টা চলালে। আজিও আমি ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ বহুতো ৰাগৰ নাম শংকৰদেৱৰ বৰগীত সমূহত পাওঁ। কিন্তু শাস্ত্ৰীয় সংগীতৰ যিখিনি ক্ষীণ আভাস বৰগীতত সোমাই আছে সেইখিনিও কিতাপে- পত্ৰই সংগীতৰ নিয়ম অনুসৰি লিখা নথকা বাবে সময়ৰ গতিত আজি বিকৃত ৰূপ লৈছে। সত্ৰই সত্ৰই অথবা নামঘৰৰ ভিতৰ চোতালত আতৈ ভকতসকলৰ কণ্ঠৰ পৰা ক্ৰমে বাগৰি আহি আহি বৰগীতবোৰে আগৰ ৰূপ হেৰুৱাই পেলাইছে। এইখিনিতে এটা কথা উল্লেখ কৰিব পাৰি। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে যিবোৰ সংগীত ৰচনা কৰি গৈছে সেইবোৰ স্বৰলিপিৰ মাজত ৰক্ষিত হৈ আছে। সেইবাবে আজিও তাৰ পৰিবেশন বিজ্ঞান সন্মত। সাংস্কৃতিক দিশত অতি সচেতন বঙালী সকলে শ্ৰদ্ধাসহ ৰবীন্দ্ৰ সংগীত পৰিবেশন কৰে। তেওঁলোকে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ ৰচনা আৰু সুৰৰ ওপৰত পাণ্ডিত্য প্ৰদৰ্শনৰ চেষ্টা নকৰে। কিন্তু স্বৰলিপিৰ ব্যৱস্থা শংকৰদেৱে কৰি থৈ নোযোৱা বাবে বৰগীতৰ সুৰ বিভ্ৰাট ঘটিছে আৰু সাংস্কৃতিক দিশত অতি অসচেতন অসমীয়া সকলে অশ্ৰদ্ধা সহ বৰগীত পৰিবেশন কৰি হোৱাই নোহোৱাই মহাপুৰুষ শংকৰদেৱৰ ৰচনা আৰু সুৰৰ ওপৰতো কৃত্ৰিম পাণ্ডিত্যৰ [ ১৭ ] বহুৱালী দেখুৱাব খোজে। সূক্ষ্ম দ্ৰষ্টা বা শ্ৰোতা আদি নোহোৱা বাবে অথবা দুই- চাৰি থাকিলেও জনপ্ৰিয়তা হেৰুৱাৰ ভয়ত মাত নমতা বাবে আজি এনেবোৰ ভুলে দকৈ শিপা পুতি বহি গৈছে। অৱশ্যে সুখৰ কথা, ভাৰতীয় সংগীতৰ ওপৰত দীৰ্ঘ দিন সাধনা কৰি এক পূৰঠ অভিজ্ঞতা লৈ সংগীত বিশাৰদ শ্ৰীবীৰেন্দ্ৰ কুমাৰ ফুকনে শ্ৰীপুৰুষোত্তম দাসৰ সহযোগত অসম সংগীত নাটক একাডেমীৰ উৎসাহ আৰু উদ্যোগত বৰগীতৰ পুৰণি সুৰবোৰ শাস্ত্ৰীয় সংগীতৰ ভিত্তিত গৱেষণা কৰি ‘স্বৰৰেখাত বৰগীত’ নামৰ পুথিখন লিখি উলিয়াইছে। এই প্ৰচেষ্টাই শংকৰদেৱৰ বৰগীতৰ মৰ্যাদা অক্ষুন্ন ৰখাত সহায় কৰিছে।

 মুছলমান ৰাজত্বৰ অৱসান ঘটাৰ লগে লগে ব্ৰিটিছসকলে ভাৰতত খোপনি পুতিলেহি। ৰজাঘৰৰ মৰম আবদাৰত বলিষ্ঠ হৈ থকা ভাৰতীয় সংগীত কলাকাৰ সকল লাহে লাহে ব্ৰিটিছসকলৰ দিনত অনাদৃত হ'বলৈ ধৰিলে। ধীৰে ধীৰে ভাৰতীয় সংগীতৰ বোৱতী সুঁতিটি অভাৰতীয় পশ্চিমীয়া সংগীত আদিয়ে ভেটি ধৰিলে। ভাৰতীয় সংগীতৰ প্ৰচণ্ড স্ৰোত যেন থমকি ৰ’ল। অসমতো লাহে লাহে ইংৰাজ সকল সোমাই পৰিল। ইংৰাজৰ লগে লগে সোমাই পৰিল অনা-অসমীয়াসকল। বিজাতিৰ প্ৰভাৱত অসমীয়া গীত-মাতৰ পুৰণি ৰূপটোও হৈ পৰিল বিজাতীয়। এনেদৰে বিজতৰীয়া কলা কৃষ্টিয়ে স্বদেশীয় কলা-কৃষ্টিক ৰঘুমলাৰ দৰে ছানি ধৰিলেহি।

 ভাৰত স্বাধীন হ’ল। শিল্পী মনৰ সুস্থ প্ৰকাশে আকৌ বাট বিচাৰি পালে। ভাৰতীয় সংগীতৰ স্তিমিত সুঁতিটি আকৌ মুক্তভাৱে প্ৰবাহিত হ’ল। সংগীতৰ পীঠস্থান সমূহ আকৌ জীৱন্ত হৈ উঠিল। ভাৰতত শিক্ষা-দীক্ষা, সাহিত্য-সংগীত আদি প্ৰচাৰৰ নানা ব্যৱস্থা চলিল। ভাৰতৰ প্ৰায় সকলো ৰাজ্যতে এই সময়ছোৱাত ‘বহুজন হিতায়, বহুজন সুখায়’ নীতিৰ ওপৰত ভিত্তি কৰি অনাতাঁৰ কেন্দ্ৰসমূহ প্ৰতিষ্ঠিত হ’ল। আমাৰ অসমতো ১৯৪৮ চনত গুৱাহাটী নগৰীত অনাতাঁৰ কেন্দ্ৰ এটি স্থাপিত হ’ল। ভাৰতীয় সংগীতৰ ওস্তাদসকলৰ আজন্ম তপস্যালব্ধ গীতবোৰ অসমীয়া শিল্পীসকলে শুনিবলৈ ধৰিলে। শাস্ত্ৰীয় সংগীতৰ মধুৰতা আৰু চমকপ্ৰদ পদ্ধতিয়ে অসমীয়া শিল্পীৰ মন জয় কৰিলে। সেয়েহে অনাতাঁৰ কেন্দ্ৰ খোলাৰ প্ৰথম উদ্যমতে কেইবাজনো অসমীয়া শিল্পীয়ে লক্ষ্ণৌৰ ভাটখাণ্ডে সংগীত বিদ্যালয় আদিলৈ গৈ ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ চৰ্চা কৰিলে। মুষ্টিমেয় কেইজনমান অসমীয়া শিল্পীয়ে আজিও সমাজৰ অৱহেলা, অনাদৰক নেওচা দি ভাৰতৰ বিভিন্ন প্ৰান্তত থকা মহান

কলাকাৰসকলৰ আৰ্হি লৈ নিষ্ঠাৰে শাস্ত্ৰীয় সংগীত চৰ্চা কৰি আছে।

[ ১৮ ]  পিচে এই কথা স্বীকাৰ কৰিব লাগিব যে শাস্ত্ৰীয় সংগীতৰ এক সুস্থ আবহাওয়া বৰ্তমানেও অসমত সৃষ্টি হোৱা নাই৷ ইয়াৰ কাৰণ অৱশ্যে বহুতো আছে। আমাৰ প্ৰতিবেশী ৰাজ্য বঙ্গদেশৰ কথাই নকওঁ, আনকি তুলনামূলক ভাৱে পিছ পৰি থকা উৰিষ্যা ৰাজ্যৰ পৰাও সুনন্দা পাটনায়কৰ দৰে গায়িকা আৰু ভুৱনেশ্বৰ মিশ্ৰৰ দৰে বেহেলা বাদক ওলাইছে। বিহাৰ, পঞ্জাব, মহাৰাষ্ট্ৰ, গুজৰাট আদি ৰাজ্যৰ পৰা ইতিমধ্যে বহু সংখ্যক শাস্ত্ৰীয় সংগীত শিল্পী ভাৰত বিখ্যাত হৈ উঠিছে। বিজ্ঞানসন্মত উপযুক্ত শিক্ষা পদ্ধতি আৰু সাংগীতিক পৰিবেশে জগাই তোলা অক্লান্ত সাধনাৰ বাবে তেওঁলোকে ভাৰতৰ বাহিৰতো সুনাম অৰ্জন কৰিবলৈ সমৰ্থ হৈছে।

 অসমীয়া শিল্পীৰ যে ভাৰত বিখ্যাত নাইবা তাতকৈয়ো উচ্চতৰ গুণসম্পন্ন হোৱাৰ যোগ্যতা নাই বা হ'ব নোৱাৰে এনে নহয়। উপযুক্ত শিক্ষা আৰু সুবিধা পালে অসমৰ শিল্পীয়েও যে সৰ্বভাৰতীয় খ্যাতি অৰ্জন কৰিব পাৰে তাক প্ৰমাণ কৰিছে নগাঁৱৰ উঠি অহা গায়িকা কুমাৰী পাৰবীন চুলতানাই। সুৱদী কণ্ঠৰ অধিকাৰিণী এই গৰাকী শিল্পীয়ে খেয়াল গায়নত যথেষ্ট দক্ষতা অৰ্জন কৰিছে। কলিকতা আৰু বোম্বাইৰ বিভিন্ন সংগীত সন্মিলনত অংশগ্ৰহণ কৰাৰ উপৰিও বিহাৰ, উত্তৰ প্ৰদেশ, পঞ্জাব আদি ঠাইত সংগীত পৰিবেশন কৰি এই গৰাকী শিল্পীয়ে হেজাৰ হেজাৰ শ্ৰোতাৰ মন জয় কৰিব পাৰিছে। পাৰবীন চুলতানাৰ কণ্ঠৰ দুটি ৰাগ লং প্লেয়িং ৰেকৰ্ড যোগে প্ৰকাশ পোৱাটোও কম দক্ষতাৰ কথা নহয়। কাৰণ সৰ্বভাৰতীয় খ্যাতিসম্পন্ন শাস্ত্ৰীয় সংগীত শিল্পীৰ সংগীতহে এনে ধৰণৰ ৰেকৰ্ড যোগে প্ৰকাশ কৰা দেখা যায়। সঁচাকৈয়ে পাৰবীন চুলতানাক লৈ অসমবাসীয়ে গৌৰৱ কৰাৰ যথেষ্ট থল আছে।

 শিৱসাগৰৰ শুভলক্ষ্মীৰ কথাও এইখিনিতে উল্লেখ কৰাটো যুক্তিসংগত হ'ব। দাক্ষিণাত্যৰ ভাৰত নাট্যমৰ দৰে কঠিন ধ্ৰুপদী নৃত্যত শুভলক্ষ্মীয়ে বিশেষ দক্ষতা লাভ কৰিবলৈ সমৰ্থ হৈছে আৰু অকল দাক্ষিণাত্যতে নহয়, ভাৰতৰ বিভিন্ন ঠাইত অসাধাৰণ যোগ্যতাৰে নৃত্য প্ৰদৰ্শন কৰি তেওঁ ৰসিক আৰু কলামোদী সকলৰ পৰা ভূয়সী প্ৰশংসা লভিছে। আমাৰ বাবে ই অতি গৌৰৱৰ কথা। শ্বিলঙৰ শিশিৰ কণাধৰ চৌধুৰীৰ কথাও এইখিনিতে উল্লেখ কৰাটো সমীচীন হ’ব। শ্বিলঙত থকা অৱস্থাতে এই গৰাকী শিল্পীয়ে প্ৰখ্যাত বেহেলাবাদক ভি. জি. যোগৰ তত্ত্বাৱধানত বেহেলা শিকি আকাশবাণীৰ ‘ক’ শ্ৰেণীৰ শিল্পী ৰূপে পৰিগণিত হোৱাৰ সুযোগ পায় আৰু পিছত কলিকতাত বসবাস কৰি সৰ্বভাৰতীয় খ্যাতি অৰ্জন কৰিবলৈ [ ১৯ ] সক্ষম হয়। এনেকৈ দুই-এগৰাকী অসমীয়া শিল্পীয়ে ব্যক্তিগত ভাৱে কৰা ব্যয়বহুল উপযুক্ত প্ৰশিক্ষণৰ ব্যৱস্থাৰ বলতেই আৰু ভাৰতৰ নানা ঠাইৰ গুণী কলাকাৰ সকলৰ পৰা পোৱা প্ৰেৰণাতেই কৃতকাৰ্যতা লাভ কৰিছে। তাৰ বাবে অসম চৰকাৰে তথা অসমীয়া ৰাইজে বিশেষ একো অৰিহণা যোগোৱা নাই বুলি ক'লেও বেছি কোৱা নহয়।

 অসম চৰকাৰে লক্ষ্ণৌ, শান্তি নিকেতন আদি ঠাইত সংগীত শিক্ষাৰ বাবে বছৰি কিছু সংখ্যক ছাত্ৰ-ছাত্ৰীৰ বৃত্তি দিয়াৰ দিহাও কৰিছে সঁচা। কিন্তু সৰহভাগ ক্ষেত্ৰতে এই বৃত্তিৰ বাবে উপযুক্ত অৰ্হতা থকা শিক্ষাৰ্থী আগবাঢ়ি অহা দেখা নাযায়। পঢ়া-শুনা আদি আন কোনো ক্ষেত্ৰতে একো কৰিব নোৱাৰা জনেহে এনেধৰণৰ বৃত্তিৰ বাবে আবেদন কৰে। তদুপৰি কোনো কালে সুস্থ সংগীতৰ পৰিবেশত থাকিবলৈ সুযোগ নোপোৱা বা উচ্চাংগ সংগীতৰ আও-ভাও নোপোৱা এজন শিক্ষাৰ্থীক চাৰি বা পাঁচ বছৰৰ বাবে বাহিৰলৈ বৃত্তি দি পঠিয়াই উচ্চ পৰ্য্য়ায়ৰ সংগীতজ্ঞ গঢ়ি তোলাৰ প্ৰয়াস কৰাটো গছত গৰু উঠাৰ দৰে কথা।

 অসমত সংগীতজ্ঞ বা সংগীত শিল্পী গঢ়ি তুলিবলৈ আমাৰ অসমতে উপযুক্ত পৰিবেশৰ সৃষ্টি কৰিব লাগিব। আৰু লগে লগে উন্নত ধৰণৰ শিক্ষাৰ ব্যৱস্থা কৰি জনসাধাৰণক ইয়াৰ প্ৰতি সচেতন কৰি তুলিব লাগিব। বৰ্তমান আমাৰ অসমত সংগীত শিক্ষাৰ ভাল অনুষ্ঠান নাই বুলিলেই হয়। যি কেইখন আছে তাৰো পানীত হাঁহ নচৰা অৱস্থা। কেইখনমান সংগীত বিদ্যালয়ে লক্ষ্ণৌৰ ভাটখাণ্ডে বিদ্যাপীঠ বা পুণাৰ গন্ধৰ্ব মহাবিদ্যালয় আদিৰ পৰীক্ষা লৈ ছাত্ৰ-ছাত্ৰীসকলক উপাধি আদি দিয়াৰো দিহা কৰিছে। পিছে দেখা গৈছে, সংগীত চৰ্চাৰ ব্যস্ততা সেইবোৰত নাই। আছে অযোগ্য ছাত্ৰ-ছাত্ৰীৰ উপাধি লাভৰ ব্যস্ততা। এইবিলাক অনুষ্ঠানে জনসাধাৰণৰ মাজত সংগীত প্ৰচাৰ কৰাটো মুখ্য বুলি ভবা যেন নেলাগে। ছাত্ৰ-ছাত্ৰীৰ পৰা বুজন ধৰণৰ ফিজ লৈ ব্যৱসায়িক ফালটো ঠিক ৰাখি পৰীক্ষাৰ ভেকো ভাওনা পাতি উপাধি বিতৰণ কৰাৰ ফলত আমাৰ অসমত দুখ লগাকৈ এশ্ৰেণী অসাৰ্থক সংগীত শিল্পীৰ সৃষ্টি হৈছে। এনে শিল্পীৰ সৰহ সংখ্যকেই ৰাগ পৰিবেশন কৰা দূৰৰ কথা সা’ৰ পৰা ৰে'ৰ দূৰত্বকে ভালদৰে বুজি নাপায়। এনেধৰণৰ সংগীত অনুষ্ঠানবিলাকে সংগীতৰ প্ৰচাৰৰ নামত বহুৱালিহে আৰম্ভ কৰিছে।

 অসমত সংগীতৰ উন্নতি সাধন কৰিবলৈ হ'লে সুপৰিকল্পিত এখন পূৰ্ণাংগ সংগীতানুষ্ঠানৰ দৰ্কাৰ। এই অনুষ্ঠানত উচ্চাংগ সংগীতৰ বাহিৰেও অসমৰ থলুৱা গীত-পদ, বৰগীত, সত্ৰীয়া নৃত্য আদিৰ গৱেষণা আৰু প্ৰশিক্ষণৰ ব্যৱস্থা কৰা [ ২০ ] উচিত। বিশ্ববিদ্যালয়ৰ অংগ হিচাপেই হওক বা সুকীয়া ভাৱেই হওক এনে এটি সংগীতানুষ্ঠানে গঢ় লৈ উঠিলেহে আমাৰ মাজৰ পৰা নতুন প্ৰভাৱশালী সংগীত শিল্পী ওলোৱাৰ আশা কৰিব পাৰি। নহ'লে আৰ্থিক অস্বচ্ছলতা আদি নানা কাৰণত বাহিৰলৈ যাব নোৱাৰা অথচ উজ্জ্বল ভবিষ্যতৰ সম্ভাৱনা থকা বহুতো অসমীয়া শিল্পী নীৰৱে মৰহি যাব।
 জনসাধাৰণক উচ্চাংগ সংগীতৰ প্ৰতি আকৃষ্ট কৰাত আকাশবাণীৰো এক গুৰু দায়িত্ব আছে। কিন্তু দুখৰ বিষয় আজি কুৰি বছৰ ধৰি আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰই এই কথা ভাবি নোচোৱা যেন লাগে। বাহিৰৰ বিখ্যাত শিল্পীসকলৰ সংগীত প্ৰচাৰ কৰাটো নিতান্ত প্ৰয়োজন, সেই কথা স্বীকাৰ্য। কিন্তু সেই বুলি অসমৰ উচ্চাংগ সংগীত শিল্পীসকলৰ প্ৰতি সম্পূৰ্ণ উদাসীন হোৱাটো অবাঞ্ছনীয়। এইসকল শিল্পীক উৎসাহ উদ্দীপনা দি উচ্চাংগ সংগীত চৰ্চাৰ প্ৰতি আগ্ৰহ বঢ়োৱাৰ ক্ষেত্ৰত আকাশবাণীয়ে যথেষ্ট অৰিহণা যোগাব পাৰে। আন কেন্দ্ৰৰ পৰা অনা কেইখনমান ৰেকৰ্ড বজাই বা বছৰেকত এবাৰ বা দুবাৰ মান নিমন্ত্ৰিত অতিথিবৃন্দৰ আগত শাস্ত্ৰীয় সংগীতৰ 'জলসাৰ’ আয়োজন কৰিলেই আকাশবাণীৰ কৰ্তব্যৰ ওৰপৰা বুলি ভাবিলে ভুল কৰা হ'ব।
 প্ৰত্যেক শিল্পীয়ে নিজৰ শিল্প চৰ্চা আৰু প্ৰদৰ্শনৰ বাবে এখন প্লেটফৰ্ম বিচাৰে। দিল্লী, কলিকতা, বোম্বাই আদি ঠাইত সংগীত শিল্পীসকলে আকাশবাণীৰ বাহিৰেও বিভিন্ন অনুষ্ঠান, সন্মিলন, চিনেমা আদিৰ যোগেদি নিজৰ কৃতিত্ব প্ৰদৰ্শন সুযোগ লাভ কৰে। কেশৰ বাঈ বিলায়ৎ খাঁ আদি বিখ্যাত সংগীতজ্ঞসকলে ‘আকাশবাণী’ যোগে সংগীত প্ৰচাৰ নকৰে। তথাপি সেই সকল শিল্পীৰ নাম ভাৰতৰ সকলোৱে জানে। কিন্তু অসমৰ শিল্পীসকলৰ সংগীত প্ৰদৰ্শনৰ একমাত্ৰ স্থান হ’ল আকাশবাণী। গতিকে অসমত অৱস্থিত আকাশবাণী কেন্দ্ৰৰ অসমীয়া শিল্পীৰ প্ৰতি এটি বিশেষ দায়িত্ব আছে। পাঁচ-ছয় বছৰ বাহিৰত থাকি শিক্ষা লাভ কৰি সংগীতকে নিজৰ জীৱিকা অৰ্জনৰ পথ হিচাপে গ্ৰহণ কৰা অসমৰ শাস্ত্ৰীয় সংগীত শিল্পীসকলে আকাশবাণীৰ পৰা অকণো অনুপ্ৰেৰণা নাপালে পাব কাৰ পৰা?
 আকাশবাণীৰ শাস্ত্ৰীয় সংগীতৰ চূড়ান্ত বাছনি হয় দিল্লীত। প্ৰত্যেক কেন্দ্ৰৰ পৰা ‘টেপ-ৰেকৰ্ড’ যোগে শিল্পীসকলৰ গীত-মাত এই চূড়ান্ত বাছনিৰ বাবে পঠোৱা হয়। শাস্ত্ৰীয় সংগীতৰ ক্ষেত্ৰত সৰ্বভাৰতীয় মান এটি নিৰ্ণয় কৰাৰ অভিপ্ৰায়েৰেই হয়তো এনে ব্যৱস্থা লোৱা হৈছে। কিন্তু এই ব্যৱস্থাৰে অসমৰ বা অসমৰ দৰে এই ক্ষেত্ৰত পিছ পৰি থকা ৰাজ্যসমূহৰ শিল্পীৰ [ ২১ ] উৎসাহত চেঁচা পানী ঢলা হৈছে। বােম্বাই, কলিকতা বা লক্ষ্ণৌৰ শিল্পীৰ ‘ৰেকৰ্ডৰ পিছত অসমৰ শিল্পীৰ ৰেকর্ডে পৰীক্ষকসকলক হতাশ কৰাটো স্বাভাৱিক। শাস্ত্রীয় সংগীতত ঐতিহ্য সম্পন্ন আৰু উন্নতিশীল ৰাজ্যৰ শিল্পীৰ সৈতে একেখন তুলাচনীৰে অসমীয়া শিল্পীৰ মান নির্ণয় কৰিবলৈ গ’লে অসমৰ পৰা কোনাে কালেও শাস্ত্রীয় সংগীত শিল্পী নােলাব। এই কথা আজি কুৰি বছৰৰ অভিজ্ঞতাৰ পৰা ৰাইজে ভালদৰে বুজিব পাৰিছে। গতিকে অসমৰ শাস্ত্রীয় সংগীত শিল্পীৰ ক্ষেত্ৰত আকাশবাণীৰ বাছনি পৰীক্ষাৰ নিয়ম অলপ সলনি কৰিবৰ হ’ল। সৰ্বভাৰতীয় মান (গ্রেড) নিদি কেৱল গুৱাহাটীৰ বাবেই জানাে এটা বিশেষ নিয়ম কৰি আমাৰ ৰাজ্যৰ শিল্পীসকলক সংগীত পৰিবেশনৰ সুযােগ দিব নােৱাৰি? ভাৰতৰ বিভিন্ন ঠাইত দক্ষতাৰে সংগীত পৰিবেশন কৰি খ্যাতি অর্জা পাৰবীন চুলতানাৰ শাস্ত্রীয় সংগীত আমি আকাশবাণীৰ যােগে কিয় নুশুনাে? লক্ষৌৰ পৰা নিপুণ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ অহা শ্রীমতী লক্ষ্মী শইকীয়া পােন্ধৰ মিনিটৰ বাবে এটা ছােটা খেয়াল পৰিবেশন কৰাৰো অনুপযুক্ত হ’লনে? ইন্দ্ৰেশ্বৰ শৰ্মা বা কণিকা দাসৰ বেহেলা বাদন কেতিয়াও পেলাই দিবলগীয়া নহয়। আকাশবাণীয়ে এনে ধৰণৰ এচাম শিল্পীৰ ক্ষেত্ৰত বেলেগ ব্যৱস্থা নকৰিলে শাস্ত্রীয় সংগীত শিকিবলৈ কোনাে শিক্ষার্থীয়ে আগবাঢ়ি আহিবলৈ সাহস নাপাব।

 অসমত সৰ্বভাৰতীয় মানদণ্ডেৰে সংগীত চর্চা কৰাৰ বাবে প্রয়ােজনীয় সুবিধাখিনি দিবলৈ আমাৰ চৰকাৰ সজাগ হ'বৰ হ’ল। শিক্ষা বিভাগে স্কুলীয়া, কলেজীয়া আনকি বিশ্ববিদ্যালয়ৰ শ্ৰেণীসমূহতাে শাস্ত্রীয় সংগীতৰ ক্রমিক পাঠদানৰ ব্যৱস্থা কৰিবৰ হ’ল। অসমীয়া শিল্পীসমূহে একতাৰ ডােলত আবদ্ধ হৈ সংগীত চর্চাৰ প্রতিকূল পৰিবেশ ধ্বংস কৰি অনুকূল পৰিবেশ সৃষ্টি কৰিবৰ হ’ল। নহ'লে অসমীয়া সংগীত জগতৰ, অসমীয়া শিল্পী সমাজৰ কোনাে কালেই মুক্তি নহ'ব।


^ দৈনিক অসম, ২২ ছেপ্তেম্বৰ ১৯৬৮ চন, দেওবৰীয়া আলােচনী [ ২২ ]

বৰ্তমান অসমীয়া শিল্পীৰ দৃষ্টিভঙ্গী

 অসমীয়া গীত-মাতৰ জগতখনলৈ চকু দিলে প্ৰথমতে কেইটিমান বৰগীত, কেইটিমান লোকগীত, কেইটিমান বনগীত, বিহুগীত আৰু কেইটিমান আধুনিক গীতৰ কথাই মনলৈ আহে। শিল্পীসকলৰ অনেকেই লঘু গীত-মাত পৰিবেশন কৰি অসমত সঙ্গীতজ্ঞ আখ্যাও লাভ কৰিছে। গজল, ভজন আদিও লঘু সঙ্গীতৰ ভিতৰতে পৰে। পিচে অসমত গজল, ভজন আদিৰ দৰে উচ্চ পৰ্য্যায়ৰ লঘু সঙ্গীত পৰিবেশন কৰিব পৰা শিল্পী বেছি নাই। নোহোৱাৰ কাৰণ বেছি ভাগ শিল্পীৰে সুৰ বা সুৰৰ ওপৰত স্বাধীনতাৰ অভাৱ। সুৰ আৰু সুৰৰ ওপৰত স্বাধীনতা অহাটো শাস্ত্ৰীয় সঙ্গীত চৰ্চা বিনে অসম্ভৱ। খেয়াল, ঠুংৰী, কাৱালী আদিৰ শিল্পী নাই বুলিবই পাৰি। নাইতো নায়েই, কিন্তু দুখৰ কথা যে খেয়াল, ঠুংৰী আদিক বুজি পাই প্ৰাণভৰি শুনিব পৰা শ্ৰোতাও আমাৰ মাজত বিৰল। অলপতে অসমৰ স্নায়ুকেন্দ্ৰ গুৱাহাটী নগৰীৰ জিলা পুথিভঁৰালত অনুষ্ঠিত হৈ যোৱা শাস্ত্ৰীয় সঙ্গীতানুষ্ঠান তিনিখনলৈ লক্ষ্য কৰিলে এই কথাৰ সত্যতা ওলাই পৰে। সঙ্গীতৰ ওপৰত অসমীয়া শিল্পী তথা জনসাধাৰণৰ বিকৃত ৰুচি দেখি ইয়াৰ দূৰীকৰণৰ প্ৰচেষ্টাৰে যোৱা ছাব্বিশ ফেব্ৰুৱাৰী আৰু একৈশ, বাইশ মাৰ্চত তিনিখন শাস্ত্ৰীয় সঙ্গীতানুষ্ঠানৰ আয়োজন কৰা হৈছিল৷ ভাৰত তথা পৃথিবী বিখ্যাত কলাকাৰসকলে ইয়াত যোগদান কৰিছিল। কিন্তু লক্ষ্য কৰি দেখা গৈছিল যে তিনিওখন অনুষ্ঠানতে ভাৰতীয় সঙ্গীত ভক্ত শ্ৰোতাৰ ভিতৰত বঙালী আছিল প্ৰায় শতকৰা ষাঠিজন, আন আন অনা-অসমীয়া লোক আছিল প্ৰায় শতকৰা বিশজন আৰু আমাৰ গুণী অসমীয়া শিল্পী আৰু দৰ্শক আছিল প্ৰায় শতকৰা দহজন। অনুষ্ঠানত নিম্নতম অসমীয়া শিল্পী আৰু ৰাইজৰ উপস্থিতিয়ে আমাৰ গীত-মাতৰ জগতখনৰ দুৰ্বলতা আৰু দৰিদ্ৰতা সূচাই দিছে। বিশ্ববিদ্যালয়, কলেজ আদিৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা তাকৰীয়া আছিল। কিন্তু সচৰাচৰ গভীৰ পৱিত্ৰ শাস্ত্ৰীয় সঙ্গীতৰ অনুষ্ঠান নেপাতি লঘু সঙ্গীতৰ বেসুৰা কোলাহল কৰিলেও স্কুল, কলেজ আনকি বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সমদল বানপানীৰ দৰে টৌ তুলি নাচি নাচি অহা দেখা যায়। আন্তৰ্জাতিক খ্যাতিসম্পন্ন সঙ্গীতজ্ঞ ৰবিশঙ্কৰ, পৃথিবী বিখ্যাত সঙ্গীতজ্ঞ আলি [ ২৩ ] আকবৰ খাঁ, ভাৰত বিখ্যাত সঙ্গীতজ্ঞ এ কানন, মালবিকা কানন, শিশিৰ কণাধৰ চৌধুৰী, মণিলাল নাগ, আল্লা ৰেখা খা আদিৰ সঙ্গীত মূৰ্চ্ছনাক অসমীয়া শিক্ষিত লোকসকলে বা অনেক লঘু শিল্পীয়ে সমাদৰ কৰিব নজনাটো বা নোখোজাটো বৰ লাজ আৰু পৰিতাপৰ কথা। ইয়াৰ মাজত অৱশ্যে সঙ্গীতৰ মূল বুজা শ্ৰোতাও নোহোৱা নহয়। মণিলাল নাগৰ চেতাৰৰ সুৰে নিৰ্মলপ্ৰভা বৰদলৈৰ দৰে কবি-প্ৰাণক ব্যাকুল কৰাৰ প্ৰমাণো পোৱা গৈছে। কিন্তু এনে শ্ৰোতা অসমীয়া সমাজত বৰ কম। সঙ্গীতৰ মূল্যবোধ নথকা, হৈ-চৈ কৰি ঘূৰি ফুৰা শ্ৰোতা, শিল্পী আদিৰ উৎপাত অসমত বেছি।

 সঙ্গীতৰ ওপৰত কুৰুচিৰ পাতল বতাহ গোটেই ভাৰত জুৰিয়ে প্ৰবাহিত হৈছে। অসমত ইয়াৰ প্ৰভাৱ কমকৈ পৰা নাই। ইয়াক আদৰি অনাত আমাৰ সৰু- বৰ শিল্পীসকলেই আগ-ভাগ লৈছে। কলা-সংস্কৃতিৰ প্ৰতি বিশেষ জ্ঞান নথকা অধিক সংখ্যক শিক্ষিত বা অশিক্ষিত লোকৰ মন জয় কৰিব পৰাকৈ অ’ৰ-ত’ৰ পৰা যি পায় তাকে কলা-সংস্কৃতি বুলি ধৰি আনি আমাৰ এশ্ৰেণী শিল্পীয়ে কিছুমান সঙ্গীতৰ সৃষ্টি কৰিছে। পাতল কাঠ-বাঁহে সোনকালে জুই উঠাত সহায় কৰাৰ দৰে পাতল লোকসকলেও এই শ্ৰেণীৰ শিল্পীক হোৱাই নোহোৱাই প্ৰশংসাৰ মালা পিন্ধাইছে আৰু লঘু গীত-মাতৰ এক ভিত্তিহীন আলোড়ন গঢ়ি তোলাত সহায় কৰিছে। পিছে সাংস্কৃতিক জ্ঞানহীন (Cultured fool) লোকসকলে পিন্ধোৱা সস্তীয়া প্ৰশংসাৰ মালা যে সুগন্ধযুক্ত নহয় তাক আমাৰ শিল্পীসকলে বুজি নোপোৱা বাবেহে পুতৌ জন্মে। গাধৰ মাজত ৰজা হোৱাৰ দূৰন্ত আশা, ধন আৰু পদৰ অন্বেষণত অহৈতুক অস্থিৰতা আৰু নিষ্ফল ব্যস্ততাই ঘূৰাই লৈ ফুৰোৱা আমাৰ শিল্পীসকলে নিষ্কলুষ সুন্দৰ ভৱিষ্যতৰ উঠি অহা অগণন ল'ৰা-ছোৱালীক কুৰুচিৰে কুপথে নিয়া সম্পূৰ্ণ অনুচিত। ভাৰতীয় সঙ্গীতৰ স্বকীয়তাৰ কথা চিন্তা কৰিব নোৱাৰি যিসকল শিল্পীয়ে মিছা শিল্পী বেশ লৈ অসাৰ্থক সঙ্গীতকলাৰ সৃষ্টি কৰি সমাজক লেতেৰা সোৱাদ দিব ধৰিছে, সেই সকল সঁচাকৈয়ে গৰিহণাৰ পাত্ৰ হোৱা উচিত। বিদেশী ক্ষয়িষ্ণু কলা-কৃষ্টিৰ দীপান্বিতা পাতি স্বদেশীয় কলা-কৃষ্টিক যিসকলে হাৰিকেন লেম্পৰ দৰে ঢিমিক-ঢামাক কৈ জ্বলাই ৰাখি নিৰ্মম ব্যৱহাৰ কৰিছে, সেই সকলৰ অপৰাধ অমাৰ্জনীয় হোৱা উচিত।

 শিল্পী মনৰ সুস্থ প্ৰকাশৰ বাবে স্বাধীনতাৰ প্ৰয়োজন। স্বাধীনতা নেপালে বহু সময়ত সাংস্কৃতিক ভাব আদিয়ে মুক্ত প্ৰকাশ লাভ কৰিব নোৱাৰে। সেইবাবেই পৰাধীন হৈ থকাত আমাৰ সুকীয়া কলা কৃষ্টিৰ সৃষ্টি ক্ষমতাক মনতে মাৰ খেদাই [ ২৪ ] বিদেশী সংস্কৃতিক সাৱটি থাকিব লগা হৈছিল। কিন্তু আজি আমি স্বাধীন। প্ৰশ্ৰয় নিদিলে বিদেশী সংস্কৃতিয়ে আমাক আৰু জোৰকৈ হেঁচি ৰাখিব নোৱাৰে। আমাৰ সৃষ্টিক কোনোৱে ভেটিব নোৱাৰে। কিন্তু দেখা গৈছে, ৰাজনৈতিক বাধা নাথাকিলেও দীৰ্ঘ দিনৰ দাসত্বৰ ভাবধাৰাই আজিও আমাৰ শিল্পীসকলৰ মনক দমিত কৰি ৰাখিছে। শিল্পীসকলক সেয়েহে বিদেশী কলা-কৃষ্টিৰ মোহত অন্ধ হৈ থকা দেখা যায়। স্বাধীনতা লোৱাৰ আগৰ ছোৱাৰ কথা যিয়েই নহওক, অন্ততঃ পিছৰছোৱাত অসমত শাস্ত্ৰীয় সঙ্গীতৰ চৰ্চা বাঢ়িব লাগিছিল। কিন্তু বাঢ়িব দূৰৰ কথা ভাৰতীয় সঙ্গীতৰ মান অসমত কমা যেনহে লাগে। ভাৰতীয় সঙ্গীতৰ ওপৰত চিন্তাযুক্ত সাধনা নথকা বাবে আজি পৰ্য্যন্ত অসমত সৰ্বভাৰতীয় খ্যাতিসম্পন্ন শিল্পী বেছি ওলাব পৰা নাই। সঙ্গীত ভক্ত যোগ্য অভিভাৱকৰ উপযুক্ত প্ৰচেষ্টাৰ গুণত অসমৰ পৰা পাৰবীণ চুলতানাই সাহসেৰে ভাৰতীয় শাস্ত্ৰীয় সঙ্গীতৰ ওপৰত সাধনা কৰি ভাৰত বিখ্যাত সঙ্গীতজ্ঞসকলৰ মাজত অলপ ঠাই ল'ব পাৰিছে। অসমৰ বাবে ই গৌৰৱৰ কথা। বীৰেন ফুকন, লক্ষী নেওগ (চুটিয়া), সুধীৰ চৌধুৰী আদি কেইজনমান শিল্পীয়ে অশেষ কষ্ট কৰি ভাৰতীয় সঙ্গীত-কলাৰ ওপৰত সাধনা কৰি আছে। কিন্তু তেওঁলোকৰ পৰা অসম বৰ বেছি উপকৃত হোৱা বুলি ক'ব নোৱাৰি।

 অসমীয়া গীত-মাতৰ জগত আজি কক্ষচ্যুত হৈছে। ইয়াক সৎ পথত আনিবৰ বাবে শিল্পীসকলে চিন্তা কৰাৰ সময় হৈছে। সমাজ পৰিৱৰ্তন কৰাত শিল্পীসকলে এক বিশিষ্ট ভূমিকা গ্ৰহণ কৰিব পাৰে। ইচ্ছা কৰিলে এওঁলোকে শিল্প শক্তিৰ বাঘজৰীৰে সমাজক পুতলা সাজি নচুৱাব পাৰে। সমাজে কিন্তু হঠাতে জোৰ কৰি শিল্পীৰ ৰুচি পৰিৱৰ্তন কৰিব নোৱাৰে। বিচাৰ বুদ্ধিহীন সতি-সন্তানক জ্ঞানী, আদৰ্শ পিতৃয়ে সজ কৰি ল'ব পৰাৰ দৰে; চঞ্চল অবুজ ল'ৰা-ছোৱালীৰ সমদলক আদৰ্শ শিক্ষকে সুশিক্ষা দিব পৰাৰ দৰে; বিশৃংখল আৰু অবাঞ্চিত ভাবে য’তে-ত’তে গজি উঠা বন জংঘলক কাটি-কুটি আদৰ্শ মালীয়ে পৰিকল্পিত ফুলনি সাজিব পৰাৰ দৰে মানসিক নেতৃস্থানীয় সু-শিল্পীসকলেও কুপথে যোৱা সমাজক প্ৰকৃত পথৰ সন্ধান দিব পাৰে।

 ঋষি টলষ্টয়ে ক'বৰ দৰে লেতেৰা বস্তুৰে ঠাই চিকুণাব নোৱাৰি। চিকুনালেও মলিবোৰ য’তে-ত’তে লাগি ঠাইখিনি বেছিকৈ লেতেৰা হোৱাৰহে আশঙ্কা থাকে। বিদেশী লেতেৰা কলা-কৃষ্টিক আমদানি কৰি তাকেই নানা ৰূপত সৃষ্টি কৰা অপৱিত্ৰ শিল্পৰ দ্বাৰায়ো আমাৰ দোষযুক্ত সমাজখন চিকুণাব নোৱাৰি। চিকুণোৱাৰ প্ৰচেষ্টা ল’লেও বেয়াবোৰ বিভিন্ন পথেদি প্ৰৱেশ কৰি দেশখন নষ্ট কৰাৰহে আশংকা [ ২৫ ] আছে। পৰিষ্কাৰ বস্তুৰেহে মলি গুচাব পৰাৰ দৰে বেয়া কলা-সংস্কৃতিক আঁতৰাবলৈকেও পৱিত্ৰ প্ৰতিভাসম্পন্ন শিল্পকৃতিৰ দৰকাৰ। পৱিত্ৰ কলা-কৃষ্টি আমাৰ হাততে আছে। পৃথিৱীৰ ভিতৰতেই আমাৰ ভাৰতীয় সঙ্গীত কলা ধনী। কিন্তু দুখৰ বিষয় এই যে, এডিঙি পানীত নামি থাকিও আমি পানীৰ পিয়াহত মৰিছো। ভাৰতীয় কলা-সংস্কৃতিৰ নানা আপুৰুগীয়া সম্পদৰ মাজত থাকিও আমি আমাৰ পেলনীয়া বস্তুলৈ তৃষ্ণাতুৰ দৃষ্টিৰে চাই আছে। এই দৃষ্টি ঘৃণনীয়। ভাৰতীয় সঙ্গীতৰ বুৎপত্তি অৰ্জন কৰি দেশৰ পৰা বিদেশী বেয়াবোৰ সাৰি-পুছি উলিয়াই দি সু-পৰিকল্পিত এখন সাংস্কৃতিক সমাজ আমি সৃষ্টি কৰা উচিত। সমাজৰ পৃষ্ঠপোষক ৰূপে থকা শিল্পীসকলে বুজা উচিত যে সমাজ সংগঠনত তেওঁলোকে দিয়া নিৰ্দেশৰ এক সুকীয়া মূল্য আছে। তেওঁলোকে নিজা চিন্তাধাৰাক সুপথে চালিত কৰিলেহে সমাজ সুপথে যাব, কলা-সংস্কৃতি, দেশ পোহৰ আৰু মধুৰ হৈ উঠিব। চাক্ষুষ দৃষ্টিত দেখা পোৱা শিল্পীসমূহত বাহিৰে যে বিশেষ প্ৰতিভাসম্ভুত শিল্পী আমাৰ মাজত নাই, এনে নহয়। পুখুৰীত থকা ঘাটক চেলেকনী মাছৰ বাহিৰেও গভীৰ পানীত ডাঙৰ ডাঙৰ মাছ নীৰৱে থাকে। সচৰাচৰ প্ৰভাৱ বিস্তাৰ কৰা শিল্পীসমূহৰ বাহিৰেও সমাজৰ গভীৰত নীৰৱ কৃতি শিল্পী বহুত আছে। এই সকলোবোৰে এক গোট হৈ সৰ্বভাৰতীয় দৃষ্টিভঙ্গীৰে অসমীয়া গীত-মাতৰ জগতখনৰ উন্নতি কল্পে আগবাঢ়ি অহা উচিত। নহ'লে নিজ অস্তিত্বৰ কথা পাহৰি মূল্যহীন গতিৰে আগবঢ়া আমাৰ সঙ্গীত জগতখনৰ ধ্বংস বিনে কোনো গত্যন্তৰ নহ’ব।


^ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য সম্পাদিত 'নৱযুগ’ত প্ৰকাশিত, ২০ এপ্ৰিল ১৯৬৬ চন, বুধবাৰ। [ ২৬ ]

সুৰ বিচাৰি বাৰ বছৰ

 মানৱ জীৱনৰ একোটা উদ্দেশ্য থাকে। এই উদ্দেশ্য ব্যক্তি ভেদে বিভিন্ন সময়ত বিভিন্ন ধৰণে নিৰ্ণিত হয়। এটা সময়ত ময়ো মোৰ জীৱনৰ লক্ষ্য স্থিৰ কৰি ল’লো৷ এনে এটি লক্ষ্য মই সাজিলো, যাক ঢুকি পোৱাৰ পথ হ’ল অতি কণ্টকময়, ক্ষুৰ তীক্ষ্ণ। সেই পথত ভৱিষ্যতৰ অঙ্গীকাৰ লৈ মই নামিলো। সঙ্গীত সাধনা মোৰ জীৱনৰ লক্ষ্য হ’ল। ১৯৫৮ চন। তেতিয়া নলবাৰী গৰ্ডন হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰ। সেই বছৰৰ ১৬ আগষ্টত মুষ্টিমেয় কেইজনমান ছাত্ৰ লৈ নলবাৰী দেৱীৰাম পাঠশালা হাইস্কুলৰ এটি কোঠাত আৰাধ্য গুৰুদেৱ চৈয়দ জমিৰুদ্দিন আহমেদে সঙ্গীত বিদ্যালয় এখন স্থাপন কৰে। নাম দিয়ে গীতশ্ৰী সঙ্গীত বিদ্যালয়। গীতশ্ৰীত মই দিন-বাৰ চাই নাম ভৰ্তি কৰিলোঁ। মই ভৰ্তি হোৱা সময়ত গীতশ্ৰীত ছাত্ৰ-ছাত্ৰী বেছি নাছিল। আমাৰ ভিতৰত ছাত্ৰীৰ সংখ্যাই আছিল বেছি। পিছে নানা কাৰণবশতঃ বন্দনা দত্ত বৰুৱাৰ বাহিৰে আটাইকেইজনীয়ে গীতশ্ৰী এৰি পেলালে। মোৰ লগত একেলগে ভৰ্তি হোৱা ছাত্ৰ কেইজনৰ ভিতৰত বৰ্তমান এজনকো সঙ্গীত চৰ্চা কৰা দেখা নাপাওঁ। আটাইবোৰ বিভিন্ন পথে আঁতৰি গ'ল।

 গীতশ্ৰীত মোৰ সঙ্গীত শিক্ষা আৰম্ভ হ'ল। গুৰুদেৱে মৰমেৰে আঙুলিত ধৰি ধৰি হাৰমনিয়াম যন্ত্ৰৰ সহায়ত স্বৰ জ্ঞানৰ আভাস দিলে। প্ৰপন্ন শিষ্য হৈ গুৰুৰ উপদেশ মতে মই সঙ্গীত শিক্ষাত মন দিলোঁ। ঘৰত মোৰ নিজা হাৰমনিয়াম নাছিল। গতিকে স্কুলত শিকোৱা মতে ঘৰত অভ্যাস কৰাত যথেষ্ট অসুবিধা হৈছিল। হাৰমনিয়াম যন্ত্ৰ এটা কিনাৰ কথা মই এদিন ঘৰত আলোচনা কৰিছিলোঁ। আমাৰ সমাজৰ অধিক সংখ্যক অভিভাৱকে গান বাজনাই ছাত্ৰ-ছাত্ৰীক বিপথগামী কৰা বুলি জ্ঞান কৰে; কিন্তু মোৰ দেউতাই গীত-মাত গোৱা লোকক শ্ৰদ্ধা কৰে। সেয়েহে বোধহয় মোৰ কথাটো তেখেতে মন দি শুনিছিল আৰু যিকোনো উপায়ে হাৰমনিয়াম এটা সংগ্ৰহ কৰাৰ চেষ্টা চলোৱা হৈছিল। আজিও মোৰ স্পষ্ট মনত পৰে, হাৰমনিয়ামৰ অভাৱত এদিন এখন কাগজত শ্ৰদ্ধাৰে হাৰমনিয়ামৰ ছবি এটি আঁকি লৈ তাৰ ওপৰতে যথাস্থানত আঙুলি বুলাই ঘৰতে হামনিয়াম বজোৱাৰ চেষ্টা কৰিছিলোঁ। বজোৱাত হোৱা নোহোৱাটো বুজিবলৈ এদিন গুৰুদেৱক ছবিৰ [ ২৭ ] হাৰমনিয়ামটো দেখুৱালোঁ। তেখেতে গম্ভীৰ অৰ্থপূৰ্ণ হাঁহি এটি মাৰিলে। কাগজৰ হাৰমনিয়ামত আঙুলি বুলাই হলেও সঙ্গীত শিক্ষাৰ আগ্ৰহ দেখি মোৰ প্ৰতি গুৰুৰ মৰম ঘনীভূত হৈ পৰিল। তেখেতৰ মৰমত মই অভিভূত হৈ পৰিলোঁ।

 গভীৰ আত্মবিশ্বাস আৰু ধুমুহাৰ দৰে প্ৰবল এক মনোবলক মূলধন কৰি লৈহে গুৰুৱে সঙ্গীত স্কুল খুলিছিল। আৰম্ভণিতে স্কুলৰ নিজা যন্ত্ৰপাতি বুলিবলৈ একোৱেই নাছিল। হাৰমনিয়াম যন্ত্ৰ এটি আৰু তবলা এযোৰ দিয়াৰ উপৰিও সকলো দিশৰে পৰা সক্ৰিয় সহায় সহযোগ আগবঢ়ালে নলবাৰীৰ বিখ্যাত দত্তবৰুৱা পৰিয়ালে। স্কুলৰ নিজা যন্ত্ৰপাতি নোহোৱা পৰ্য্যন্ত দত্তবৰুৱা পৰিয়ালৰ যন্ত্ৰপাতিৰেই স্কুলৰ কাম চলোৱা হৈছিল। গীতশ্ৰীলৈ দেখুৱা মৰম, সহায়-সহানুভূতিৰ বাবে দত্তবৰুৱা পৰিয়াললৈ মোৰ অভিনন্দন থাকিল।

 দেৱীৰাম পাঠশালা হাইস্কুলত কিছুদিন চলাৰ পিছত ছাত্ৰ-ছাত্ৰীৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি সকলোৰে মত সাপেক্ষে গীতশ্ৰী সঙ্গীত বিদ্যালয় নলবাৰী চহৰৰ প্ৰায় কেন্দ্ৰত থকা ছোৱালী হাইস্কুলৰ পাশ্বৱৰ্তী ১নং প্ৰাইমাৰী স্কুল ঘৰলৈ তুলি অনা হয়। তেতিয়াই মই সঙ্গীতৰ প্ৰধান হিচাবে লগ পাওঁ প্ৰফুল্ল কলিতাক। সেই সময়ত নলবাৰীত আজিৰ দৰে সঙ্গীতৰ বাতাবৰণ নাছিল। সঙ্গীতৰ নামত টকা-পইচা খৰচ কৰি স্কুল পতাৰ প্ৰয়োজনো নলবৰীয়া ৰাইজে বৰ বেছিকৈ উপলব্ধি কৰা নাছিল। গতিকে জয়জয়তে আমি কেইজনমান মানুহে অশেষ কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি গীতশ্ৰী জীয়াই ৰাখিব লগা হৈছিল। মোৰ মনত আছে আমি সকলোবোৰ ছাত্ৰ-ছাত্ৰী লগ লাগি গুৰুক আগত লৈ নলবাৰী ৰাসপূজাত হাতত বাকচ লৈ ৰাইজৰ ওচৰত গীতশ্ৰীৰ সাহায্যৰ্থে পইচা খুজিছিলো। ৰাইজৰ সহানুভূতি আমি নোপোৱাকৈ নাছিলো। ৰাইজৰ পৰা পোৱা টকাৰে অলপ অচৰপ যন্ত্ৰপাতি কিনা হয়।

 লাহে লাহে আমি দুই-এটি গীত-মাত কোনোমতে হাৰমনিয়াম বজাই গাব পৰা হ'লো। প্ৰথমে হাৰমনিয়াম বজাই গীত গোৱাৰ অপাৰ আনন্দত মন-প্ৰাণ নাচি উঠিল। কিবা যেন দিগ্বিজয়ী আনন্দহে চকু-মুখে ফুটি উঠিল। আমাৰ মনত গীত অধ্যয়ন কৰি স্থানীয় দুই-এক অনুষ্ঠানত গীত-মাত পৰিবেশন কৰিবলৈ গুৰুৱে আমাক অনুমতি দিলে। মহা আনন্দে ঠায়ে ঠায়ে আমি দুই-এটি আধুনিক, ভজন, বৰগীত গোৱা আৰম্ভ কৰিলো। ঘৰে বাহিৰে সময় সুযোগে সকলো ঠাইতে কণ্ঠ সাধনৰ চেষ্টা চলিল।

 সস্তীয়া প্ৰশংসাই ন-শিকাৰুৰ সাধনাৰ গতিপথ বন্ধ কৰে। উন্নতিৰ সীমা ৰেখা টানি দিয়ে। এই কথা মই তেতিয়া বুজা নাছিলো। আজি ইয়াক মৰ্মে মৰ্মে [ ২৮ ] উপলব্ধি কৰিছোঁ। সমাজৰ ভাবধাৰা, ছাত্ৰ-ছাত্ৰীৰ মনৰ গতি আদিলৈ লক্ষ্য কৰি গুৰুৱে আমাক অতি কম সময়ৰ ভিতৰতে বাহিৰত গান আদি গাবলৈ অনুমতি দিছিল যদিও বাহিৰৰ কোনো বেয়া উপাদানে যাতে আমাৰ দীৰ্ঘ দিনৰ সাধনাৰ পথ ৰুদ্ধ কৰিব নোৱাৰে, তালৈ তেখেতে সততে সজাগ আছিল। সাধনালব্ধ সঙ্গীত কলাই মানুহৰ মন কেনেদৰে বিশুদ্ধ কৰে, ইয়াৰ সাধনাৰ বাবে কি কি বস্তুৰ প্ৰয়োজন এই সকলোবোৰ কথা তেখেতে আমাক শ্ৰেণীত কোৱাৰ উপৰিও বাটে- পথে সকলো সময়তে বুজাবলৈ যত্ন কৰিছিল। অকল মুখেৰেই যে এইবোৰ কথা বুজাইছিল এনে নহয়, এই বিভাগৰ কিতাপ পত্ৰ আদি পঢ়িবলৈ উপদেশ দিছিল। এদিন গুৰুৱে মোক নিজে সঙ্গীত বিজ্ঞান’ নামৰ আলোচনী এখন পঢ়িবলৈ দিয়ে। তাত আছিল আজন্ম তপস্যালব্ধ জ্ঞান ৰাশিৰে সমৃদ্ধ কেইজনমান ভাৰত তথা পৃথিৱী বিখ্যাত কলাকাৰৰ জীৱনী। এটি এটিকৈ আটাইবোৰ জীৱনী পঢ়িলোঁ। সেইবোৰৰ ভিতৰত ভাৰতীয় সঙ্গীতৰ পিতৃস্বৰূপ ওস্তাদ আলাউদ্দিন খাৰ জীৱনীয়ে মোৰ জীৱনত মচিব নোৱাৰা সাঁচ বহুৱালে। সৰোদ, চেতাৰ, তবলা, কণ্ঠসঙ্গীত, বাঁহী আদি কৰি সোতৰ বিধতে পণ্ডিত শিল্পী আলাউদ্দিন খাঁই এঠাইত লিখিছে যে তেওঁ সঙ্গীত সাগৰৰ পাৰ দূৰণিৰ পৰা ৰিণি ৰিণিহে। দেখা পাইছে। নামিবলৈ পৰা নাই। মহান কলাকাৰজনৰ এই উক্তিয়ে মোক ভবাই তুলিলে। বিশাল সঙ্গীত কলাৰ প্ৰতি শ্ৰদ্ধা মোৰ গভীৰতকৈ গভীৰতৰ হ’বলৈ ধৰিলে। আধুনিক গীত-মাতকেই পোনতে স্বৰ্গীয় সঙ্গীত বুলি ভাবিছিলো যদিও ধীৰে ধীৰে বুজিব পাৰিলোঁ যে শাস্ত্ৰীয় সঙ্গীতেই হ’ল অনিবদ্ধ সৃজনশীল প্ৰকৃত সঙ্গীত কলা।

 সম্ভৱতঃ অধৈৰ্য হৈ গীত-মাত শিকা পৰিত্যাগ কৰিব বুলি ভাবিয়েই গুৰুৱে আমাক কৌশলপূৰ্ণ ভাবে ৰাগৰ ওপৰত আধাৰিত অসমীয়া গীত-মাত, ভজন আদিৰ মাজেদি শাস্ত্ৰীয় সঙ্গীতৰ সোৱাদ ল'বলৈ দিছিল। হয়তো তেখেতে ভাবিছিল আজিৰ দিনত চিন্তাপূৰ্ণ শাস্ত্ৰীয় সঙ্গীতৰ বিশুদ্ধ শিক্ষাৰ বাবে দীৰ্ঘদিন ধৈৰ্যযুক্ত ‘সৰগম’ কৰিবলৈ বেচি ছাত্ৰ নোলায়। কম পৰিশ্ৰম আৰু কম সময়তে হোৱা লঘু গীত-মাতৰ প্ৰতিহে ছাত্ৰ-ছাত্ৰীৰ আকৰ্ষণ বেছি। পিছে আমাৰ মনৰ স্থিৰতালৈ লক্ষ্য কৰি গুৰুৱে লাহে লাহে সঙ্গীত শিক্ষাৰ পদ্ধতি পৰিবৰ্তন কৰিলে। আমাক ইমন, জৌনপুৰী, ৰাগেশ্ৰী, হাম্বীৰ, মালকৌশ আদি কিছুমান ৰাগৰ বিজ্ঞানসন্মত প্ৰাথমিক শিক্ষা দান কৰিলে। ৰাগবোৰৰ আৰোহণ, অবৰোহণ, অলপ অচৰপ বিস্তাৰ, গান নিবন্ধ অংশ, তান আদিৰ সাধাৰণ জ্ঞান দিয়াৰ চেষ্টা কৰিলে। সহপাঠী বন্ধু প্ৰফুল [ ২৯ ] কলিতা, বন্দনা দত্তবৰুৱা আৰু মই একানপতীয়া ভাৱে পবিত্ৰ অন্তৰেৰে শাস্ত্ৰীয় সঙ্গীতত মনোনিবেশ কৰিলে। এই সময়ৰ ভিতৰতে আমাৰ মাজলৈ আৰু দুজন বলীষ্ঠ সঙ্গীতপ্ৰেমী ছাত্ৰ বন্ধু আহিল। এজন হৰেন দত্ত; তেওঁ তবলা বিভাগৰ ছাত্ৰ হ’ল আৰু আনজন শ্ৰীমুজিবুদ্দিন আহমেদ; তেওঁ কণ্ঠ সঙ্গীতত মন দিলে।

 নলবাৰী চহৰ আৰু ইয়াৰ ওচৰৰ গাৱে-ভূঞেও গীতশ্ৰীৰ বতাহ লাগিল। স্কুল-কলেজৰ অনুষ্ঠান আদিত আমি জনাই-নজনাই গুৰুৰ আদেশত শাস্ত্ৰীয় সঙ্গীতৰ দুই এটি ৰাগ তেনেই সাধাৰণ ভাৱে পৰিবেশন কৰিবলৈ ধৰিলোঁ। নলবাৰীৰ বিভিন্ন অনুষ্ঠানে আমাক চেনেহেৰে আমন্ত্ৰণ কৰি উৎসাহিত কৰিলে।

 সঙ্গীতৰ পুথিগত জ্ঞান আৰু ব্যৱহাৰিক জ্ঞান দুটা বেলেগ বস্তু। পুথিগত জ্ঞান কিবা উপায়েৰে ল'ব পাৰিলেও ব্যৱহাৰিক জ্ঞান কিন্তু বিনাগুৰুই পোৱা অসম্ভৱ। এই ব্যৱহাৰিক জ্ঞানৰ উপলব্ধি আৰু শিক্ষাৰ কাৰণে গুৰুৰ গায়ন কৌশল, পদ্ধতি আদি মনপুতি শুনাৰ আৱশ্যক। বিখ্যাত বিখ্যাত গুণী শিল্পীসকলৰ গীত- মাত আদি শুনিলেও সঙ্গীতৰ শিক্ষা লাভ হয়। সেয়েহে যোৱা বাৰ বছৰৰ ভিতৰত আমাৰ বিভিন্ন ঠাইত যি কেইখন সদৌ অসম সঙ্গীত সন্মিলন আৰু সঙ্গীত নাটক একাডেমীৰ অধিবেশন অনুষ্ঠিত হৈছিল তাত আমি আটায়ে উপস্থিত আছিলোঁ। এইবোৰ অনুষ্ঠানতে ভাৰত বিখ্যাত নৃত্যশিল্পী গোপীকৃষ্ণ, তবলা শিল্পী মুন্নেখাঁ, পণ্ডিত চতুৰলাল, ওস্তাদ আল্লাৰেখা খাঁ, ওস্তাদ কেৰামতউল্লা খাঁ, নিখিল ঘোষ, মহাপুৰুষ মিশ্ৰ, কানাইলাল দত্ত, ভাৰত তথা পৃথিৱীবিখ্যাত সৰোদ শিল্পী ওস্তাদ আলি আকবৰ খাঁ, বাহাদুৰ খাঁ, পৃথিৱী বিখ্যাত চেতাৰ শিল্পী পণ্ডিত ৰবিশঙ্কৰ, নিখিল বন্দ্যোপাধ্যায়, বিখ্যাত কণ্ঠশিল্পী চিন্ময় লাহিড়ী, এ.টি. কানন, মালবিকা কানন, সন্ধ্যা মুখাৰ্জী, প্ৰসূন বন্দোপাধ্যায়, দীলিপ চক্ৰৱৰ্তী, ভাৰত বিখ্যাত বেহেলা শিল্পী ভি. জি. যোগ, শিশিৰকণাধৰ চৌধুৰী আদি কলাকাৰসকলৰ সঙ্গীত শুনাৰ সৌভাগ্য ঘটে। সেই মহান শিল্পীসকলৰ সাধনাত ৰূপ লৈ উঠা সঙ্গীতৰ মধুৰতা তথা বিশালতা দেখি তন্ময় হওঁ। কঠোৰ সাধনাৰ চূড়ান্ত সীমনা দেখি তবধ মানো। শিল্পীৰ সাধনাত মূৰ দোৱাওঁ।

 প্ৰতি বছৰে অনুষ্ঠিত হোৱা সৰস্বতী পূজাখন গীতশ্ৰীৰ অপৰিহাৰ্য অনুষ্ঠান। এই অনুষ্ঠানতে বছৰে বছৰে আমি সকলো ন পুৰণি ছাত্ৰ-ছাত্ৰী লগ লাগো। মনৰ মিল সজীৱ কৰো। দিনত পূজা ভাগ শেষ কৰি ৰাতি সঙ্গীতানুষ্ঠান পাতো। সঙ্গীত অনুষ্ঠানত যোগ দিবলৈ অসম তথা অসমৰ বাহিৰৰ বিখ্যাত শিল্পীসকল মাতি অনা হয়। শিল্পীসকলে সুৰ সৃষ্টি কৰে, আমি শুনো। তেখেতসকলৰ সঙ্গীত শুনি আমিও [ ৩০ ] তেনে শিল্পী হােৱাৰ সপােন ৰচোঁ। শিল্পীসকলৰ সঙ্গীতৰ পথত পােৱা ব্যক্তিগত জীৱনৰ বহুমূলীয়া অভিজ্ঞতাৰ কথা, শীতৰ ঠেৰেঙা জাৰত কঁপি কঁপি শুনাে। শুনি হাতীৰ সমান সাহস পাওঁ। সাধাৰণ জুইত দগ্ধ হৈ সমাজ উজলােৱা শিল্পীসকলক প্রণাম জনাওঁ।

 লক্ষ্ণৌ ভাটখাণ্ডে বিশ্ববিদ্যালয়ৰ পৰা নিপুন উপাধিৰে অলংকৃতা বিনেশ্বৰ নেওগৰ জীয়াৰী শ্ৰীলক্ষী শইকীয়াৰ লগত হােৱা সাক্ষাতৰ কথা মই শ্ৰদ্ধাৰে সুৱঁৰিছাে। তেখেতক এবাৰ গীতশ্রীত সঙ্গীত পৰিবেশন কৰিবলৈ মাতি অনা হৈছিল। গীত, গজল, খেয়াল আদিৰ বিশেষত্বপূর্ণ পদ্ধতিৰে তেখেতে আমাক মােহিত কৰিছিল। তেখেতৰ বাসভৱনত গৈয়াে আমি সঙ্গীতৰ সােৱাদ লৈছিলাে। নলবাৰীৰ পৰা যােৰহাটৰ তেখেতৰ নিজা ঘৰলৈ যােৱাৰ পিছতাে সঙ্গীতৰ নানা বিষয়ৰ কথা শুধি তেখেতলৈ চিঠি লিখিছিলাে। তেখেতেও মৰমেৰে মােলৈ সাৰগর্ভ উপদেশপূর্ণ চিঠি লিখিছিল। তেখেতৰ বহুমূলীয়া কথাবােৰ আজিও মই পাহৰা নাই। কথাখিনিৰ এটা অংশ কবিতা আকাৰে সজাই ৰাখিছোঁ—

শব্দধ্বনি সপ্তসুৰে শুদ্ধ প্রাণ সমন্বিতে
সাধন ক্রিয়া সমাপন অতি সুকঠিন
কৰা নিত্য সুৰ চৰ্চা নকৰিবা অৱহেলা
জ্ঞানৰ দীপিতে পাৰা তুমি চিৰদিন।।
আজীৱন শেষ কৰি তিল তিল কৰি
যদিহে কৰে পূজা কোনাে পূজাৰীয়ে
অৱশেষে ভগৱান হ'ব পৰাজয়
হ’ব আহি পূজাৰীৰ দেহতে বিলীন।।

 শ‍ইকীয়াৰ এনে তাৎপর্যপূর্ণ সাৰুৱা উপদেশ বানীয়ে আজিও মােৰ মাজে মাজে হতাশ হ’ব খােজা মনত অসীম বল যােগাই আহিছে।

 ১৯৬২ চন। এই বছৰটো মােৰ অতি দুর্যোগৰ বছৰ। তেতিয়া মই নলবাৰী কলেজৰ আই.এছ.চি. পাছ কৰাে। সেই সময়ত কলেজত বি.এছ.চি. শ্রেণী খােলা নাছিল। গুৱাহাটীত বি.এছ.চি, অথবা আন বিজ্ঞান বিষয়ৰ অধ্যয়ন কৰাৰ আর্থিক বলাে মােৰ নাছিল। ইতিমধ্যে সেই বছৰতেই মােৰ এটা পাৰিবাৰিক দুর্ঘটনা ঘটে। ঘৰৰ অগ্রজ সন্তান হিচাপে সেই দুর্ঘটনাৰ মেৰপাকত এনেদৰে সােমাই পৰিলাে যে তাৰ পৰা মুক্তি পাওঁতে প্রায় এবছৰ লাগিছিল। পৰিয়ালৰ ভৰণ পােষণৰ দায়িত্ব আহি পৰিল। গতিকে দিনত স্কুল মাষ্টৰ হ'লোঁ আৰু ৰাতি নলবাৰী নৈশ কলেজত। [ ৩১ ] বি.এ. শ্ৰেণীত নাম ভৰ্তি কৰিলোঁ। ঘৰুৱা প্ৰতিকূল পৰিবেশে মোক সকলো ফালৰ পৰা যেন সংযত কৰিলে। সঙ্গীত চৰ্চাৰ বাধাহীন গতি সেই সময়ছোৱাত মই অতি কষ্টেৰেহে অটুট ৰাখিবলৈ সক্ষম হৈছিলোঁ। সেই বছৰতে নলবাৰী কলেজৰ পৰা পি.ইউ. পাছ কৰি প্ৰফুল্ল কলিতা আৰু হৰেন দত্ত কটন কলেজত বি.এছ.চি. পঢ়িবলৈ যায়। কৰ্তব্যৰ আহ্বানত আমি সকলোৱে সাময়িক ভাৱে আঁতৰা আঁতৰি হ'লোঁ; কিন্তু আমাৰ যোগসূত্ৰ নিছিগিল। গুৰুদেৱে প্ৰফুল্ল হৰেনক গুৱাহাটীতে সঙ্গীত শিক্ষাৰ বাবে উপদেশ আগবঢ়ালে। সেই উপদেশ মতে তেওঁলোকে গুৱাহাটীত সঙ্গীত চৰ্চা আৰম্ভ কৰিলে। নানা বিপৰ্যয়ৰ মাজত হলেও ময়ো গুৱাহাটীলৈ গৈ গুণী গুৰুৰ ওচৰত সঙ্গীতৰ শিক্ষা পোৱাটো তেখেতে বিবেচনা কৰিলে; সেই মৰ্মে এদিন ময়ো গুৰুৰ পৰামৰ্শ অনুসৰি গুৱাহাটীৰ ছাত্ৰীবাৰীত থকা সঙ্গীত বিশাৰদ সুধীৰ চন্দ্ৰ চৌধুৰীৰ ওচৰত সঙ্গীত শিক্ষা গ্ৰহণ কৰিলোঁ। মই নলবাৰীৰ পৰা মাহত দুবাৰকৈ গুৱাহাটীলৈ যোৱা আৰম্ভ কৰিলোঁ। কিন্তু কেইমাহমান যোৱাৰ পিছত অনিবাৰ্য কাৰণবশতঃ গুৰুদেৱ সুধীৰ চন্দ্ৰ চৌধুৰীৰ ওচৰত মোৰ সঙ্গীত শিক্ষা গ্ৰহণ বন্ধ কৰিবলগীয়া হ'ল।

 ১৯৬৪ চন। মই বি.এ. পাছ কৰিলোঁ। এম.এ. পঢ়াৰ আকাংক্ষা জাগি উঠিল। একমাত্ৰ মনোবলক সাৰথি কৰি মা-দেউতাক কোনোমতে এবছৰ কষ্টেৰে হলেও চলিবলৈ দি ভাগ্য নিৰ্ণয়ৰ বাবে গুৱাহাটীলৈ গ'লো৷ তাত গৈ প্ৰফুল্ল, হৰেনৰ লগত ছাত্ৰীবাৰীৰ কটনিয়ান হোষ্টেলত আকৌ লগ লাগিলো। ছাত্ৰীবাৰীৰ কটনিয়ান হোষ্টেলত আকৌ পূৰ্ণোদ্যমে পুৱা-গধুলি সঙ্গীত ধ্বনি বাজিবলৈ ধৰিলে। আমি তিনিওজন গুৱাহাটীত থাকিলো সঁচা কিন্তু গীতশ্ৰীৰ জৰিয়তে অনুষ্ঠিত হোৱা সকলোবোৰ অনুষ্ঠানতে আমি জৰিত হৈ থাকিলোঁ।

 সঙ্গীত চৰ্চাৰ দৰে সাহিত্য চৰ্চাৰ দিশতো গীতশ্ৰীয়ে মোক যথেষ্ট ইন্ধন যোগাইছে। গুৰুদেৱৰ উৎসাহ উদ্দীপনাতে মই গীত কিছুমান লিখাৰ প্ৰেৰণা পাওঁ। মোৰ “শুভ্ৰ তুষাৰ ৰঙালী কৰি শোণিতৰ নামিল ঢল” এই শাৰীৰে আৰম্ভ কৰা, আৰু “তিমিৰ বিহীন উদয় আকাশৰ ধুৱলী বৰণ কপালত, কোন শিল্পীৰ তুলিকাই আঁকিলে তেজীৰঙা ফোট” এই শাৰীৰে আৰম্ভ কৰা গীত দুটিত সুৰাৰোপ কৰি তেখেতে মোক অসীম সাহস দিছে।

 গুৱাহাটীত থকা সময়ছোৱাত বহুতো সঙ্গীতজ্ঞৰ মই সান্নিধ্য পাইছোঁ। সেই সকলৰ ভিতৰত পূজনীয় হীৰেন শৰ্মা, ড° কবীন্দ্ৰ হুজৰী, পণ্ডিত ৰামপ্ৰৱেশ সিং, কেশৱ চাংকাকতী আদিৰ নাম বিশেষ ভাবে উল্লেখযোগ্য। তেখেতসকলৰ প্ৰেৰণাত [ ৩২ ] আৰু গীতশ্ৰীয়ে সঙ্গীত কলাৰ প্ৰতি আনি দিয়া দৃষ্টিভঙ্গীত বলীয়ান হৈ সঙ্গীত কলাৰ ওপৰত কেইবাটাও আলোচনামূলক প্ৰৱন্ধ লিখাৰ চেষ্টা কৰিছোঁ। ১৯৬৫ চনৰ ৫ ডিচেম্বৰৰ নতুন অসমীয়াৰ দেওবৰীয়া চৰাত “আমাৰ সঙ্গীত কলাৰ বৰ্তমান অৱস্থা” শীৰ্ষক প্ৰৱন্ধটি ছপা হৈ ওলায়। সেই বছৰৰে ১৫ ডিচেম্বৰৰ নৱযুগত “অসমত সঙ্গীতৰ ৰূপ” প্ৰৱন্ধটি প্ৰকাশ হয়। ১৯৬৬ চনৰ ২০ এপ্ৰিলৰ নৱযুগত “বৰ্তমান অসমীয়া শিল্পীৰ দৃষ্টিভঙ্গী” নাম দি প্ৰৱন্ধ এটি লিখো। ইয়াৰ পিছত ১৯৬৬ চনৰ জানুৱাৰী আৰু ২৭ এপ্ৰিলৰ নৱযুগত “ভাৰতীয় সঙ্গীতৰ স্বকীয়তা ৰক্ষাৰ সমস্যা” আৰু “শিক্ষাত শিল্পৰ স্থান” নামৰ আন দুটি প্ৰৱন্ধ প্ৰকাশ হয়। ১৯৬৭ চনৰ ৮ ফেব্ৰুৱাৰীৰ নৱযুগত ক্ষেত্ৰমোহন গোস্বামীৰ মূল ৰচনা “গীতৰ দোষগুণ” অনুবাদ কৰি উলিয়াও। এইবোৰৰ বাহিৰেও “আমাৰ সাহিত্য সংস্কৃতিৰ বৰ্তমান অৱস্থা”, “শাস্ত্ৰীয় সঙ্গীত আৰু অসম” আদি কেইটিমান প্ৰবন্ধ আন আন বাতৰি কাকতত প্ৰকাশ হয়। শাস্ত্ৰীয় সঙ্গীতৰ বহুল প্ৰচাৰৰ জৰিয়তে অসমীয়া শিল্পী তথা সমাজ সংস্কাৰ আৰু সংগঠনৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিহে মই প্ৰৱন্ধসমূহ লিখাৰ প্ৰয়াস কৰিছো। মই লিখিহে গৈছো, কৃতকাৰ্যতা কিমান দূৰ তালৈ চকু দিয়া নাই। ১৯৬৬ চনত “মিলন” নামৰ কবিতা পুথি এখন আৰু “গীত ছন্দ” নামৰ গীতৰ পুথি এখন ৰচিত হয়। দুয়োখনেই বৰ্তমান হাতেলিখা অৱস্থাত আছে। “মিলন”ত সুৰৰ পূজাতেই সুন্দৰ সখি মিলন। সম্ভৱ হৈ উঠিছে। তাৰে এঠাইত লিখিছো—

“চুমা খাই ধীৰে মোক ক'লে যেন মাখিটিয়ে
মলিহীন পৰাণত লয় তেওঁ ঠায়।
লব পাৰে ঠাই মোৰ অচিৰতে অন্তৰত
যদিহে শুধ মনৰ অধিকাৰী হওঁ॥”

আন এঠাইত আছে—

“বিচাৰি বিচাৰি পথ কলুষতা নাশিবৰ
অৱশেষে পালোগ সুৰৰ দুৱাৰ।”

শেষৰ পিনে এঠাইত লিখিছোঁ—

“সাতটি সুৰত সঙ্গীত ধ্বনি
শূন্যত উঠে বাজি
সেই সুৰতে বীণখনি মোৰ
উঠিল ধীৰে কঁপি

[ ৩৩ ]

সুৰ বিচাৰি বাৰ বছৰ
সুৰ বিচাৰি মেলিলাে ঢাপলি
সুৰ মই যে পালাে
সখি সুৰ গৈ একাকাৰ হ’ল
মই সখি হৈ ললাে।”

 এইদৰে গীতশ্রীৰ সাৰ পানীৰে মনৰ ভাব সঞ্জীৱিত কৰি মােৰ লক্ষ্য পথত বর্তমান মুহূৰ্তলৈ চলি আহিছে। কলাপ্রেমী মনৰ সুন্দৰ ৰূপায়নৰ কামনাৰে, কলাকাৰ হােৱাৰ পথত যিসকলে খােজ দিব খােজে, সেইসকলে মনত ৰখা উচিত যে এই পথ সংকটময়। সাধনাত পুৰিলেহে এই পথত জ্যোতিষ্মান হােৱা যায়। সঙ্গীত কলা গুৰুমুখী বিদ্যা। গুৰুবিনে এই কলা চর্চা সম্ভৱ নহয়। মানৱ জীৱনৰ প্রতি মুহূর্ততে সঙ্গীতৰ উপলব্ধি কৰিলেও সূক্ষ্মভাৱে বিচাৰ কৰিলে দেখা যায় যে বর্তমান সমাজে সঙ্গীতৰ ওপৰত পবিত্র ভাব আৰােপ কৰিব নোেখােজে। ল'ৰা- ছােৱালীয়ে সঙ্গীতত আত্মনিয়ােগ কৰিলে অভিভাৱক সকলে পুৰণি কালৰ কথা নকওঁৱেই আজিও কুপথে যােৱা বুলি জ্ঞান কৰে। কিন্তু দৰাচলতে প্রকৃত সঙ্গীতে ল'ৰা-ছােৱালীক কুপথে নিনিয়ে। বৰং ই চিন্তাশীল আৰু ধৈর্যশীলহে কৰে। লিখা পঢ়াত ই অনিষ্ট সাধন কৰা বুলি ভবাটো অর্থহীন। যাজ্ঞবল্কই এঠাইত কৈছে—

"বীণা বাদন তত্বজ্ঞঃ শ্রুতি জাতি বিশাৰদঃ
তালঞ্চ প্রয়াসেন মােমার্গং চ গচ্ছতি।”

 অর্থাৎ যিয়ে বীণা বাদনৰ প্রকৃত তত্ব বুজে, শ্রুতি আৰু জাতিৰ বিষয়ে যাৰ জ্ঞান হয়, যাৰ তালৰ জ্ঞান হৈছে তেওঁ অপ্রয়াসে মুক্তি মার্গত উঠিব পাৰে। এনেহেন সৰগীয় সঙ্গীত কলাক আমি সকলােৱে শ্ৰদ্ধাসহঃ সমাদৰ কৰা উচিত।

 এই কঠিন সাধনাৰ পথেৰে আহি আজি মােৰ এইখিনি উপলব্ধি হৈছে যে সুন্দৰক সুন্দৰকৈ বুজাৰ শক্তি সহজলভ্য নহয়। আজি হিচাব-নিকাচ কৰি দেখিছোঁ মই যেন একোকে নাপালোঁ। কলাকাৰ হােৱাৰ সপােন সপােন হৈয়ে ৰব। বর্তমান এজন যােগ্য শ্রোতা হ’ব পাৰিছে নে নাই সিও সন্দেহ। প্রায় এবছৰ হ’লঅসমৰ অন্যতম শ্রেষ্ঠ কণ্ঠশিল্পী গুৰুদেৱ বীৰেন্দ্ৰ কুমাৰ ফুকনৰ ওচৰত মই শিষ্যত্ব গ্ৰহণ কৰিছোঁ। স্বৰ সাধন কৰি আছে, কিন্তু আজি পৰ্য্যন্ত স্বৰস্থানৰ ওপৰত মােৰ স্বাধীনতা দূৰৰ কথা, সাধাৰণ জ্ঞানখিনিও আহি নপৰিল। নাজানাে কোন দিন যে কলাকাৰৰ দৰে মনেৰে সুৰৰ মহিমা বুজিম।


'ৰূপম’, চতুর্থ বছৰঃ ৩য় আৰু ৪র্থ সংখ্যা, ১৯৭০ [ ৩৪ ]

প্ৰথম সঙ্গীতগুৰু জমিৰুদ্দিন ছাৰৰ সোঁৱৰণত

 মূৰত ধুসৰ চুলি। পিন্ধনত লংপেণ্ট চাৰ্ট। খোজত চঞ্চল বেগ। মুখত ৰুগ্ন অথচ সংগ্ৰামী আবেশ। কথা আৰু সুৰেৰে জীৱনক সুন্দৰ কৰাৰ বাবে দুৰ্বাৰ যুঁজ দিয়া অমৰ শিল্পী ছৈয়দ জমিৰুদ্দিন আহমেদ।

 ১৯৫৮ চন। তেতিয়া নলবাৰীৰ সঙ্গীত আকাশ প্ৰধানকৈ লোকগীতৰ আৰু মাজে মাজে বৰগীতৰ সুৰেৰে আৱৰা। বিজ্ঞানসন্মত পদ্ধতিত সংগীত চৰ্চা নলবাৰীত ভালদৰে ৰূপ লোৱা নাই। এনে সময়তে চৌদিশ ঘূৰি ফুৰি শাস্ত্ৰীয় সঙ্গীত আৰু আধুনিক গীত-মাতৰ বন্তি জ্বলাই নলবাৰীত প্ৰৱেশ কৰিলেহি জমিৰুদ্দিন ছাৰ।

 গীত গাব নোৱাৰা এটা ৰুগ্ন শৰীৰ; কিন্তু জীৱিকাৰ উদগ্ৰ আহ্বান। নলবাৰী দেৱীৰাম পাঠশালাৰ কোনো এক কোঠাত জন্ম হ’ল গীতশ্ৰীৰ। নলবাৰী ছোৱালী হাইস্কুলত গীতশ্ৰী গাভৰু হ’ল। লেম্প, মমবাতিৰ অনুজ্জ্বল পোহৰত সৃষ্টি হ’ল কত কথা, কত সুৰ আৰু কত যে শিল্পীৰ ভ্ৰুণ।

 গীতশ্ৰীৰ অমিয়া সুৰ নলবাৰীৰ পৰিধি পাৰ হ’ল। পাৰ হ’ল উত্তৰ কামৰূপ। পাৰ হ’ল ব্ৰহ্মপুত্ৰ। বিয়পিল অনাতাঁৰ সমগ্ৰ অসম।

 জমিৰুদ্দিন ছাৰ আছিল কৃতি সুৰকাৰ। মাৰ্জিত ৰুচিৰ কথাত মাৰ্জিত সুৰ আছিল তেওঁৰ গীতৰ বৈশিষ্ট্য। শাস্ত্ৰীয় সঙ্গীতৰ প্ৰতি তেওঁৰ আছিল গভীৰ অনুৰাগ। সেয়েহে তেওঁৰ বেচিভাগ গীতেই আছিল বিভিন্ন ৰাগৰ ওপৰত আধাৰিত প্ৰাণস্পৰ্শী গীত।

 তেওঁ শাস্ত্ৰীয় সঙ্গীতৰ একক শিল্পী নাছিল সঁচা; কিন্তু তেওঁৰ দৰে শাস্ত্ৰীয় সঙ্গীতৰ সূক্ষ্ম সৌন্দৰ্য্য উপলব্ধি কৰা শিল্পী কম। তেওঁৰ সেই সুক্ষ্ম উপলব্ধি তেওঁৰ বিভিন্ন গীতত জীৱন্ত হৈ আছে।

 তেওঁ আছিল এজন কৃতি সংগঠক। অসমৰ শাস্ত্ৰীয় তথা লঘু সঙ্গীতৰ শিৰোমণি সকলক তেওঁ নলবাৰীলৈ মাতি আনিছিল। সেই সকলৰ সহযোগেৰে পাতিছিল কত যে সঙ্গীত সভা। তাৰ দ্বাৰা তেওঁ অকল যে তেওঁৰ শাস্ত্ৰীয় সঙ্গীত তথা লঘু সঙ্গীত প্ৰীতিৰেই পৰিচয় দিছিল এনে নহয়,তাৰ দ্বাৰা তেওঁ নলবাৰীৰ শিল্পী জগতৰ ৰুচিবোধৰো সংস্কাৰ কৰিছিল।

 বৰ্তমানৰ নলবাৰীৰ সঙ্গীত জগতৰ প্ৰথম পৰিচয় জমিৰুদ্দিন ছাৰ। তেওঁক [ ৩৫ ] কেন্দ্ৰ কৰিয়েই এতিয়াও নলবাৰীৰ গীতৰ চকৰি ঘূৰি আছে। তেওঁৰ অক্ষয় কীৰ্তি গীতশ্ৰী সঙ্গীত বিদ্যালয়ে আজি মহাবিদ্যালয় ৰূপ লৈ জিলিকি আছে। তেওঁৰ অমূল্য অৱদান আজি গীতশ্ৰীৰ অগণন ছাত্ৰ-ছাত্ৰীৰ অন্তৰে অন্তৰে। নলবাৰীৰ ঘৰে ঘৰে৷

 জমিৰুদ্দিন ছাৰ আছিল এজন কৃতি গীতিকাৰ। সীমিত বচা বচা শব্দ চয়নেৰে তেওঁ ৰচা গীতসমূহ অসমীয়া সাহিত্যৰ সম্পদ হৈ ৰ'ল।

 মানুহ হিচাপে স্থূলদৃষ্টিত তেওঁক সাধাৰণ যেন লাগিছিল। কিন্তু সূক্ষ্ম দৃষ্টিত তেওঁ আছিল অসাধাৰণ। খং অলপ বেছি আছিল। কিন্তু ৰং আছিল তাতকৈও বেছি। ৰংবোৰ সকলোৱে দেখা নাছিল। তেওঁৰ লগত নিবিড়ভাৱে লাগি থকাবোৰে দেখিছিল। আমিও দেখিছিলোঁ। মাদাৰ ইণ্ডিয়া আৰু যুগান্তৰ বিড়িৰ টুকুৰাৰে মজিয়া ভৰাই; অলপ অলপ চাহেৰে কণ্ঠ তিয়াই ৰাতিক দিন কৰি অনৰ্গল পাতি থকা দাৰ্শনিক আলাপৰ মজা আমি পাইছিলোঁ। তেওঁৰ সান্নিধ্যৰ ৰঙীন দিনবোৰৰ কথা আমি পাহৰিব নোৱাৰোঁ।

 উদাৰ অন্তৰৰ জমিৰুদ্দিন ছাৰ সকলোতে বিয়পি আছিল। কোনো এক দৰ্জীৰ দোকানত আজৰি পৰৰ মেলৰে পৰা আৰম্ভ কৰি নলবাৰীৰ অলি-গলি, চাহ-দোকান, ৰাজপথ, বিয়া-সবাহ, কোনো ক্ষুধাৰ্ত শিষ্যৰ চাউলৰ খবৰ, কোনো উকীলৰ চোতালত গীতশ্ৰীৰ পূজা আয়োজন, সাংস্কৃতিক অনুষ্ঠানৰ বিচাৰকৰ আসন, বন্ধুবান্ধৱৰ সংকট কালত সহানুভূতি উপদেশ দান আদি সকলো ক্ষেত্ৰতে আছিল জমিৰুদ্দিন ছাৰ। ক্ষুদ্ৰৰ পৰা বিৰাটলৈ আছিল তেওঁৰ দৃষ্টি।

 যদিও নাম তেওঁৰ জমিৰুদ্দিন জাতত তেওঁ আছিল শিল্পী। সকলো ধৰ্মৰে উৰ্দ্ধত আছিল তেওঁৰ শিল্পী মন। গীতা, বাইবেল, কোৰাণৰ মাজত তেওঁ অৱগাহন কৰিছিল। সেয়েহে সমন্বয়ৰ মাজেৰে উদাৰ ভাৰতীয় সংস্কৃতিক তেওঁ আকোৱালি ল'ব পাৰিছিল।

 এনে বিশাল অন্তৰৰ অধিকাৰী, সুৱাগী, সৎ পুৰুষ জমিৰুদ্দিন ছাৰৰ মানৱী দেহ আজি আমাৰ মাজত নাই। কিন্তু আছে তেওঁৰ আদৰ্শোজ্জ্বল গুণাৱলী। ইয়াক আমি জীয়াই ৰাখিব লাগিব। তেওঁ তেওঁৰ অক্লান্ত সেৱাৰে নলবাৰীক অসমৰ সঙ্গীত জগতত জিলিকাই থৈ গ'ল। তেওঁৰ কৰ্তব্য তেওঁ কৰি গ'ল। এতিয়া আমাৰ তেওঁৰ প্ৰতি কৰ্তব্য কৰাৰ পাল। আমি তেওঁৰ মৃত্যু তিথিত বা জন্ম তিথিত গুণ-কীৰ্তন কৰিলেই তেওঁৰ প্ৰতি আমাৰ কৰ্তব্য কৰা নহ'ব। তেওঁৰ সৃষ্ট গীত-মাতেৰে সৈতে জীৱনী এখন প্ৰকাশ কৰিব পাৰিলেহে তেওঁৰ প্ৰকৃত শিল্পী সত্ত্বাক শ্ৰদ্ধা জনোৱা হ'ব। [ ৩৬ ] তেওঁৰ নামেৰে এটা গৃহ নিৰ্মাণ কৰি তাৰ মজিয়াত তেওঁৰ সাধনাৰ গীতশ্ৰীক জীয়াই ৰাখিব পাৰিলেহে তেওঁৰ আত্মাই শান্তি পাব। এইখিনিহেহ’ব তেওঁৰ প্ৰতি আমাৰ ঘাই কৃতজ্ঞতা। এইখিনিহে হ’ব মহান শিল্পীগৰাকীৰ ঘাই সোঁৱৰণী।

 ৰজাঘৰে অমৰ শিল্পীগৰাকীক আৰ্থিক অনুদানেৰে জীৱন কালত স্বীকৃতি দিছে। ই অতি সুখদায়ক। এতিয়াও মৰণোত্তৰ কালত ৰজাঘৰ আৰু গুণগ্ৰাহী ৰাইজৰ মিলিত চেষ্টাত জমিৰুদ্দিন ছাৰৰ ঘাই সোঁৱৰণীৰূপ লৈ উঠক—এয়েই কামনা।


ৰচনা কালঃ ২৪-০২-১৯৯০ [ ৩৭ ]

ভূপেন হাজৰিকাৰ সাংস্কৃতিক জীৱনঃ
এটি পৰ্যালোচনা

 কলাকাৰে বিভিন্ন মাধ্যমৰ সহায়েৰে বিভিন্ন কলাৰ সৃষ্টি কৰে। মাধ্যম আয়ত্বলৈ অনাৰ উদ্দেশ্যে কলাসৃষ্টিৰ মাধ্যমৰ ওপৰত চলে শিল্পীৰ প্ৰথম সাধনা। মাধ্যম আয়ত্বাধীন হোৱাৰ পিছত আৰম্ভ হয় শিল্পীৰ কলাসৃষ্টি। যি সকল শিল্পীয়ে মাধ্যমৰ ওপৰত সাধনাৰ প্ৰথম স্তৰ বিশুদ্ধ প্ৰণালীৰে অতিক্ৰম কৰিব নোৱাৰে সেই সকল শিল্পীৰ কলাসৃষ্টি সাৰ্থক হ'ব নোৱাৰে। কলাকাৰ নাম লৈ আজীৱন সংগ্ৰাম কৰিলেও সেই সকল শিল্পীয়ে কলাত প্ৰাণ সঞ্চাৰ কৰিব নোৱাৰে। আমাৰ অসমৰ গীত-মাতৰ জগতখনত এই শ্ৰেণীৰ শিল্পীৰ সংখ্যাই সৰহ। কি শাস্ত্ৰীয়, কি লঘু উভয়বিধ সঙ্গীত কলাতেই প্ৰাণৱন্ত কলাসৃষ্টি কৰিব পৰা কৃতি শিল্পীৰ সংখ্যা অসমত তেনেই তাকৰ।

 গীত সৃষ্টিৰ মাধ্যম স্বৰ সমূহক সাধনাৰে বিশুদ্ধ ভাবে আয়ত্ব কৰি বিশেষ নায়কী আৰু গায়কীৰে সৃষ্টিশীল সুৰৰ ইন্দ্ৰজালেৰে লঘু গীত-মাত সৃষ্টি কৰাৰ ক্ষেত্ৰত অসমত ভূপেন হাজৰিকাৰ সমকক্ষ শিল্পী নাই বুলিব পাৰি। হাজৰিকাৰ স্বভাৱ মধুৰ কণ্ঠ সাধনাত সুমধুৰ। স্বৰৰ ওপৰত হাজৰিকাৰ বলিষ্ঠ দখল আছে। সেয়েহে তেওঁৰ গীত বেসুৰা দোষত দুষ্ট নহয়। মধুৰ কণ্ঠেৰে সকলো গীতকেই সুৰত গোৱা বাবে তেওঁৰ যি কোনো গীতেই কাণত অমিয়া ঢালে।

 কথা ভাব সুৰ আৰু তালৰ শুভ মিলনতহে পূৰ্ণাঙ্গ সঙ্গীত কলাই ৰূপ লৈ উঠে। কথাৰ ভাবৰ লগত সেই ভাব মূৰ্ত্তিমন্তকাৰী সুৰ আৰু তালৰ শুভ মিলন ঘটোৱাত হাজৰিকাৰ দক্ষতাৰ তুলনা নাই। গীতৰ কথাত ভাঁহি উঠা ছবি তেওঁৰ সুৰৰ পৰশত জীৱন্ত হৈ শ্ৰোতাৰ চকুত জিলিকি উঠে। এই চিত্ৰধৰ্মিতা হাজৰিকাৰ গীতৰ প্ৰধান বৈশিষ্ট্য। বেচিভাগ অসমীয়া লঘু সঙ্গীত শিল্পীৰ গীতত এনে স্পষ্ট চিত্ৰ দেখা পোৱা নাযায়। তেওঁৰ “ৰুম ঝুম ঝুম ঝুমুকা কঁপাই”গীতটি শুনাৰ লগে লগে অঙ্গে অঙ্গে শোভাযুক্ত চাওতালী গাভৰুজনীয়ে লাজতে ৰূপ লুকুৱাই ৰূপচী নৈত গাধোৱা দৃশ্যটি চকুৰে চাই থকা যেন লাগে। “কত জোৱানৰ মৃত্যু হ’ল”গীতটি শুনি থাকিলে সীমান্তৰ ৰণক্ষেত্ৰত বিচৰণ কৰা যেন লাগে। “ফুট গধূলিতে কপিলী খুটিত”গীতটি শুনিলে নলবাহাদূৰ ছেত্ৰীয়ে গাই বিচৰাৰ চলেৰে কাঞ্চীজনীক মনৰ মৰম যচা দৃশ্যটি [ ৩৮ ] চকুৰ আগত ভাহি উঠে। “অস্ত আকাশৰে হেঙুল ৰহণ সানি” গীতটি শুনিলে অস্ত আকাশৰ হেঙুল ৰহণ সানি ক্লান্ত লুইতৰ হেঙুলীয়া পানী বৈ যােৱা দৃশ্যটি লুইতৰ পাৰত বহি চাই থকা যেন লাগে। “জনকপুৰৰ জানেকীয়ে মিচিক মাচাক হাঁহে” গীতটি শুনিলে ৰতনপুৰ চাহবাগিচাখন চকুৰ আগত জিলিকি উঠে।এইদৰে হাজৰিকাৰ প্রতিটো গীতৰেই স্পষ্ট ভাৱমূৰ্তিৰ ৰূপায়ন অতি মনােমুগ্ধকৰ। সুৰেৰে এই ভাৱমূৰ্তিৰ ৰূপদান কৰিবলৈ যাওঁতে কোনাে কোনাে সময়ত তেওঁৰ গীতে মুক্তক তালত গতি কৰে। কেতিয়াবা আকৌ তালৰ নিৰ্দিষ্ট বন্ধনৰ মাজতাে সুন্দৰ সুৰ সৃষ্টিৰে তেওঁ শ্রোতাক অভিভূত কৰে।

 উচ্চাঙ্গ সঙ্গীতৰ একোটা ৰাগৰ পূৰ্ণ ৰূপায়নৰ বাবে শিল্পীয়ে যথেষ্ট সময় লয়। দীঘলীয়া সময়ৰ ভিতৰত শিল্পীয়ে ৰাগৰ পূৰ্ণ ৰূপ দিয়াত বহুখিনি সুবিধা পায়। কিন্তু তেনেই কম সময়ৰ ভিতৰত আকস্মিক ভাৱে লঘু সঙ্গীতৰ মাজেদি ভাৱমূর্তি ৰূপায়ন কাৰ্য্য সহজসাধ্য নহয়। কলাময়ী ভাবৰ লগত শিল্পী একীভূত হ'লেহে ক্ষণিকৰ ভিতৰত সার্থক লঘুসঙ্গীত সৃষ্টি সম্ভৱ হয়। ভূপেন হাজৰিকা ক্ষণিক ভিতৰতে ভাবৰ বুকুত সমাহিত হ’ব পৰা এক প্রতিভাধৰ শিল্পী। হাজৰিকাৰ দৰে কলাৰ বুকুত নিজকে এৰি দি সুৰত প্রাণ ঢালি ঢালি গীত গােৱা শিল্পীৰ সংখ্যা বিৰল বুলি কলেও বেচি কোৱা নহয়।

 ভূপেন হাজৰিকাৰ গীতৰ আন এটি আকর্ষণীয় দিশ হ’ল আবৃত্তি ধর্মিতা। গীত গাই থকাৰ মাজতে বিশেষ কলা চাতুৰ্য্যৰে কেতিয়াবা কেতিয়াবা তেওঁ গীতৰ কথাকে উদাত্ত কণ্ঠেৰে আবৃত্তি কৰা দেখা যায়। কিন্তু উল্লেখযােগ্য যে তেতিয়াও তেওঁৰ গীতৰ সৌন্দৰ্য্য হেৰাই নাযায়; বৰং দুগুণে চৰেহে। গীত পৰিবেশনৰ এই ৰীতিত তেওঁ অসাধাৰণ।

 সুৰ সৃষ্টিৰ সুচলার্থে গায়কে নানাবিধ যন্ত্রপাতিৰ সহায় লয়। গায়কৰ গীত- মাত সঙ্গীবৃন্দৰ যন্ত্রপাতিৰ সুৰ তালৰ সহযােগত মনােগ্রাহী হৈ উঠে। গায়ক বাদক উভয়ৰে মান উন্নত নহলে গীতৰ মাধুৰ্য্য কমে। কেতিয়াবা কেতিয়াবা আকৌ কোনাে কোনাে বিশিষ্ট গায়কৰ গীত-মাত সঙ্গীবৃন্দৰ বাদ্য-বাজনাৰ কোলাহলত অস্পষ্ট হােৱা শুনা যায়। কিন্তু ভূপেন হাজৰিকাৰ গীত পৰিৱেশনৰ পদ্ধতি এই ক্ষেত্ৰত সম্পূর্ণ সুকীয়া। গীতৰ সভাত তেওঁৰ পৰিবেশন অনাড়ম্বৰ অথচ প্রাণস্পর্শী। তেওঁৰ ক্ষেত্ৰত মানবিশিষ্ট বাদ্য-সঙ্গীবৃন্দ অপৰিহাৰ্য্য নহয় যেন লাগে। বাদ্য বাজনাৰ অতিমাত্রা প্রয়ােগে তেওঁৰ গীত নিষ্প্রভ কৰা দেখা নাযায়। তেওঁৰ গীত সদায় স্পষ্ট। উচ্চাৰণ নিখুঁট। সেয়েহে শ্রোতাই কোনাে সভঙ্গ নােহােৱাকৈ তেওঁৰ গীত বুজি [ ৩৯ ] পায়, সুৰত তল যায়।

 অসমৰ কথা নকওঁৱেই ভাৰতৰ শ্ৰেষ্ঠ গীতিকাৰ সকলৰ ভিতৰত ভূপেন হাজৰিকাও এজন বুলি কলে বোধহয় বেচি কোৱা নহয়। বিভিন্ন সময়ত বিভিন্ন বিষয়বস্তু লৈ লিখা বিভিন্ন গীতত তেওঁৰ বচা বচা শব্দৰ সুপ্ৰয়োগে সৃষ্টি কৰা সাহিত্যৰ সৌন্দৰ্য্য চমক প্ৰদ। সৰ্বসাধাৰণ সুৰকাৰে সংযুক্ত বৰ্ণবহুল কথা সুৰাৰোপৰ বাবে অসুবিধাজনক বুলি মন্তব্য দিয়া শুনা যায়। কিন্তু হাজৰিকাৰ ক্ষেত্ৰত ই ব্যতিক্ৰম। সংযুক্ত বৰ্ণবহুল কথাটো সুমধুৰ সুৰ আৰোপ কৰি হাজৰিকাই কৃতিত্বৰ পৰিচয় দিছে। মাতিলে দাঁত ভঙা শব্দও তেওঁৰ সুৰৰ পৰশত হৈ পৰে মধুৰ ছন্দযুক্ত, সুমিষ্ট, সুললিত। “সাগৰ সঙ্গমত কতনা সাতুৰিলোঁ”, “ৰণ ক্লান্ত নহওঁ” আদি গীত ইয়াৰ উদাহৰণ।

 ভূপেন হাজৰিকা জনতাৰ শিল্পী। জনতাৰ বুকুৰ কথাৰ, বুকুৰ বেথাৰ, আশা- আকাঙক্ষাৰ প্ৰকাশ সাৰ্থক ৰূপে ফুটাই তুলিব পৰা কাৰণেই হাজৰিকা আজি বিশাল জন সমাজৰ স্নেহৰ পাত্ৰ। বিশ্বৰ ইমূৰৰ পৰা সিমূৰলৈ তেওঁ উৰি ফুৰিছে আৰু শ্ৰেষ্ঠ শিল্পী সকলৰ সান্নিধ্যলৈ আহি জ্ঞান বুটলি স্বকীয় প্ৰতিভাৰে সমন্বয়ৰ মাজেৰে অসমীয়া গীত-মাত ৰচিছে, তাত সুৰ দিছে, কণ্ঠ দিছে।

 সমন্বয়ৰ সুৰেৰে অসমৰ জনজাতীয় ভাই-ভনী সকলক তেওঁ আকোৱালি। লৈছে। এই সুৰত বান্ধ খাবলৈকে পাহাৰী ভাই-ভনী সকল ভৈয়ামলৈ লৱৰিছে। পাহাৰ ভৈয়ামৰ সম্প্ৰীতি সাধনত হাজৰিকাৰ গীতৰ যথেষ্ট অৱদান আছে। “চিয়াঙৰে আলং লোহিতৰে খামটি”, “ টিৰাপ সীমান্ত ৰূপৰ নাই অন্ত” আদি গীত সমূহ যেন পাহাৰ আৰু ভৈয়ামৰ ভাই-ভনীসকলৰ মাজত চেনেহৰ এনাজৰীহে। এই গীতসমূহ শুনিলেই পৰ্বত ভৈয়াম সম্প্ৰীতিৰ ভাবত অন্তৰ দ্ৰৱীভূত হয়।

 শাস্ত্ৰীয় সঙ্গীতৰ যাদুময় ৰূপতো হাজৰিকা আকৃষ্ট হোৱা যেন লাগে। লোক সঙ্গীতৰ লগে লগে ৰাগ সঙ্গীত চৰ্চাও কিছু নকৰা হলে ৰাগৰ স্পৰ্শক সুন্দৰ অসমীয়া আধুনিক গীত কিছুমান আমি হাজৰিকাৰ পৰা হয়তো নাপালোহেঁতেন। “নতুন নিমাতী নিয়ৰৰে নিশা”, “অ’ বিদেশী বন্ধু”, “বুকু হম হম কৰে”, “স্নেহে আমাৰ শত শ্ৰাৱনৰ” আদি গীতবোৰ ৰাগ চুই যোৱা উৎকৃষ্ট গীত।

 ভূপেন হাজৰিকা শ্ৰেষ্ঠ লোকশিল্পী। কিন্তু ভাৰতীয় হিন্দুস্থানী সঙ্গীতৰ লগতো পৰিচয় থকা বাবে হাজৰিকাই লতা মঙ্গেশকাৰ, উষা মঙ্গেশকাৰ, সুমন কল্যাণপুৰ, হেমন্ত কুমাৰ, মহম্মদ ৰফী, তালাত মামুদ, মুকেশ আদি ভাৰত বিখ্যাত শিল্পী সকলৰ হতুৱাই উচ্চমান বিশিষ্ট অসমীয়া গীত গোৱাবলৈ সক্ষম হৈছে। [ ৪০ ]  নিজ জীৱনক কেন্দ্ৰ কৰিও হাজৰিকাই কিছুমান গীত সৃষ্টি কৰিছে। সেই গীত সমূহৰ বিষয়বস্তু প্ৰতিজন শ্ৰোতাৰ জীৱনৰ বিষয়বস্তু যেন অনুভূত হোৱাৰ ফলত হাজৰিকাৰ আত্মকেন্দ্ৰিক গীতসমূহহ বহুধা বিভক্ত হৈ বিস্তৰ ৰূপ ধাৰণ কৰি সৰ্বজন হৃদয়সংবেদী গীত ৰূপে সমাদৃত হৈছে।

 এইদৰে ভূপেন হাজৰিকাই দেশপ্ৰেমমূলক, ভক্তিমূলক, যৌৱন ধৰ্মী আদি বিভিন্ন শ্ৰেণীৰ জনপ্ৰিয় গীতসমূহ কথাছবি, ৰেডিঅ’, দূৰদৰ্শন আদি শক্তিশালী জনসংযোগ মাধ্যমেদি প্ৰচাৰ কৰি আৰু নিজেও সুৰীয়া কণ্ঠেৰে চৌদিশে গাই বিশেষকৈ অসমৰ সঙ্গীত জগতত তেওঁৰ নামেৰে এটা যুগ সৃষ্টি কৰিবলৈ সক্ষম হৈছে।

 ভূপেন হাজৰিকা কথাছবি পৰিচালকো। কথাছবিৰ সঙ্গীত পৰিচালক হিচাপেও তেওঁ খ্যাতিমান হৈছে। ছবিৰ বহু গীতত তেওঁ কণ্ঠদানো কৰিছে। হাজৰিকাৰ এই তিনিওটাৰূপ অসমীয়া, বঙালী আৰু হিন্দী ছবিত দেখা যায়। উল্লিখিত তিনিওটা দিশ চালি জাৰি চালে দেখা যায় ছবি জগতত তুলনামূলকভাবে হাজৰিকাৰ প্ৰতিভা শ্ৰেষ্ঠ কণ্ঠশিল্পী ৰূপেহে প্ৰতিভাত হৈছে। ছবিৰ কণ্ঠশিল্পী হাজৰিকা ছবিৰ পৰিচালক হাজৰিকা আৰু ছবিৰ সঙ্গীত পৰিচালক হাজৰিকাতকৈ বেছি উজ্জ্বল। ছবি পৰিচালক ৰূপে হাজৰিকাই আশানুৰূপ কৃতিত্ব দেখুৱাবলৈ সমৰ্থ হোৱা নাই।

 ভূপেন হাজৰিকাৰ সাংস্কৃতিক জীৱনৰ গীতিময় দিশটোৰ এই সম্যক আলোচনাৰ পৰিপূৰক হিচাপে তেওঁৰ আদৰ্শগত গতিধাৰাৰ বিষয়েও কিঞ্চিৎ আলোচনা কৰাটো সমীচীন হব।

 সুপৰিকল্পিত সুস্থ পৰিয়াল এখনৰ গঠন প্ৰক্ৰিয়াত চিন্তাশীল অভিভাৱকৰ সুপৰামৰ্শৰ প্ৰয়োজন থকাৰ দৰে সুপৰিকল্পিত সুস্থ দেশ এখনৰ বিভিন্ন দিশৰ গঠন প্ৰক্ৰিয়াতো যোগ্য চিন্তানায়কৰ সুপৰামৰ্শৰ প্ৰয়োজন আছে। অসমৰ কলা-সংস্কৃতি জগতৰ নিৰ্মাণ প্ৰক্ৰিয়াতো চিন্তাশীল সংস্কৃতি গুৰুসকলে গঠনমুখী দিহা-সুপৰামৰ্শ, ভাব আদৰ্শ আদিৰে অৰিহণা দিছে। আৰু তেওঁলোকৰ ভাব-আদৰ্শই অসমীয়া সংস্কৃতিক সঙ্কটৰ সময়ত ৰক্ষা কৰাৰ লগে লগে গতিপথৰ নতুন দিশৰ সন্ধান দিছে।

 মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱ, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণু ৰাভা অসমীয়া সংস্কৃতিৰ সঙ্কট কালত জন্ম লোৱা একোগৰাকী মহান কলাকাৰ। তেওঁলোকৰ সংস্কাৰধৰ্মী ভাব আদৰ্শই অসমীয়া সংস্কৃতিক নতুন দিশৰ সন্ধান দিছে। তেওঁলোকে অসমীয়া সংস্কৃতিৰ প্ৰগতিশীল ৰূপান্তৰৰ বাবে কাম কৰি গৈছে।

 বৰ্তমান কালত ভূপেন হাজৰিকা অসমীয়া সংস্কৃতি আকাশৰ এটি উজ্জ্বল [ ৪১ ] নক্ষত্ৰ। অসমীয়া সংস্কৃতি জগতত তেওঁ কি দৃষ্টিভঙ্গীৰে কাম কৰিলে আৰু বৰ্তমান নতুন পুৰুষে সম্মুখীন হোৱা সাংস্কৃতিক সঙ্কটৰ পৰা শুদ্ধ পথে ৰূপান্তৰ হোৱাৰ বাবে তেওঁ নতুন পুৰুষক কি সুপৰামৰ্শ তথা আদৰ্শ প্ৰদান কৰিলে অসমীয়া কলা সংস্কৃতিৰ উত্তৰোত্তৰ কল্যাণৰ অৰ্থেই তাৰ এটা আলোচনা হোৱাটো উচিত।

 অসমীয়া জাতিৰ জাতীয়ত্ব শেষ হওঁ হওঁ অৱস্থাত শঙ্কৰদেৱৰ আৱিৰ্ভাৱ হয়। তেওঁ ভাষা-সাহিত্য, সঙ্গীত, চিত্ৰনাট্য আদি দান দি অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠা কৰি গ'ল। জনগণৰ নিৰুদ্ধ চৈতন্য সহজে জাগ্ৰত কৰাৰ একমাত্ৰ উপায় যে সঙ্গীত কলা-মহাপুৰুষে ইয়াক উপলব্ধি কৰিছিল। এই উপলব্ধিৰে তেওঁ সমাজ নিৰ্মাণকাৰী বাণী সমৃদ্ধ গীত-মাত, নাট-ভাওনা আদি সৃষ্টি কৰিছিল আৰু সত্ৰ, নামঘৰৰ মজিয়াত সমগ্ৰ অসমীয়াক একত্ৰিত কৰি বৰগীত, অঙ্কীয়া নাট, সত্ৰীয়া নৃত্য আদিৰ জৰিয়তে জনচিত্ত আকৰ্ষণ কৰি সমাজ সংস্কাৰৰ বিশুদ্ধ বাণী প্ৰচাৰ কৰিছিল। এইদৰেই শঙ্কৰদেৱে বিশাল অসমীয়া জাতি গঢ়ি থৈ গ'ল।

 এইক্ষেত্ৰত শঙ্কৰদেৱৰ বিশেষত্ব মন কৰিবলগীয়া। অলপ গমি চালে বুজা যায় যে শঙ্কৰদেৱে নিজকে শিল্পীৰূপে প্ৰতিষ্ঠা কৰিবলৈ সাধনা কৰি এই কলাবোৰ সৃষ্টি কৰা নাছিল। মৃতপ্ৰায় জাতি এটা পুনৰ নিৰ্মাণৰ অৰ্থে প্ৰয়োজনীয় জ্ঞান বিতৰণৰ উজু মাধ্যমৰূপেহে তেওঁ এই কলাবোৰৰ সৃষ্টি কৰিছিল। মাধৱদেৱকো সেই একেই আদৰ্শেৰে এইবোৰ সৃষ্টি কৰিবলৈ তেওঁ নিৰ্দেশ দিছিল।

 শঙ্কৰদেৱেৰ জন্মৰ ৫০০ বছৰ পিছত অসমীয়া সংস্কৃতি জগতত নতুন জোৱাৰ আনে জ্যোতিপ্ৰসাদে। সমগ্ৰ ভাৰততে তেতিয়া পাশ্চাত্যায়নৰ বতাহ বলিছে। এই বতাহে অসমকো চুইছে। দেশীয় সংস্কৃতি তেতিয়া স্বকীয়তা ৰক্ষাৰ সমস্যাত জৰ্জৰিত। এনে সময়তে জ্যোতিপ্ৰসাদে অসমীয়া জাতীয় সংস্কৃতি ৰক্ষাৰ চিন্তাত উদ্বিগ্ন হৈ উঠে। এনে চিন্তা এটি মনত লৈ কথাছবি শিল্পৰ বিভিন্ন শিক্ষা লাভৰ উদ্দেশ্যে তেওঁ পাশ্চাত্য জগতত প্ৰবেশ কৰে আৰু দেশ বিদেশ ঘূৰি জ্যোতিপ্ৰসাদে অসমীয়া কথাছবি, গীত-মাত, সাহিত্য-সংস্কৃতি জগতলৈ নতুন বাণী কঢ়িয়াই আনে। তেওঁ নিজেই ষ্টুডিঅ’ নিৰ্মাণ কৰি অসমীয়া সংস্কৃতিৰ কালিকাৰে “জয়মতী” উলিয়াই অসমীয়া ছবিশিল্পৰ দুৰ্গম বাট মুকলি কৰে। থলুৱা গীত-মাত, হিন্দুস্থানী সঙ্গীত আৰু পাশ্চাত্য সঙ্গীতৰ সমন্বয়েৰে জ্যোতিপ্ৰসাদে নতুন ৰূপৰ গীত সৃষ্টি কৰে। গীতবোৰৰ কিছুমানত হিন্দুস্থানী আৰু পাশ্চাত্য সুৰৰ অনুৰণন থাকিলেও ই ফলগুৰ দৰেহে থাকিল। সকলোবোৰ গীতৰেই উপৰি প্ৰবাহ কিন্তু অসমীয়া লোক সঙ্গীতৰ স্বকীয় ৰঙেৰে ৰঙীন হৈ স্বকীয় অসমীয়া সঙ্গীতৰ এটি ধাৰা ৰূপে জিলিকি আজিও বৈ [ ৪২ ] আছে। জ্যোতিৰ এই মৌলিক সৃষ্টি অসমীয়া সংস্কৃতিৰ আপুৰুগীয়া সম্পদ হৈ চিৰকাল ৰৈ থাকিব।

 মন কৰিবলগীয়া কথা যে জ্যোতিপ্ৰসাদৰৰ মূল লক্ষ্য সংস্কৃতি নিৰ্মাণহে আছিল। অৰ্থ উপাৰ্জন নাছিল। তেওঁ ধনীৰ সন্তান আছিল; কিন্তু ধনমোহ নাছিল। নিজকে শ্ৰেষ্ঠ শিল্পীৰূপে প্ৰতিষ্ঠা কৰাৰ ভাবমূৰ্ত্তিও বোধহয় তেওঁৰ নাছিল। সুন্দৰ সংস্কৃতিৰে দেশ পোহৰাবলৈ উদাৰতা আৰু ত্যাগৰ আদৰ্শেৰে তেওঁ ধুমুহাৰ দৰে কাম কৰি গৈছিল।

 জ্যোতি প্ৰসাদৰ সহযোগী আছিল বিষ্ণুৰাভা। বিষ্ণুৰাভাৰ সাংস্কৃতিক জীৱনৰ বাণী জ্যোতি প্ৰসাদতকৈ ভিন্নসুৰী আছিল৷ তেওঁ শঙ্কৰ-মাধৱৰ আদৰ্শৰ অনুগামী হৈ মাৰ্ক্স আৰু লেনিনৰ আদৰ্শত অৱগাহন কৰিছিল আৰু তেওঁলোকৰ আদৰ্শেৰে জ্যোতিস্মান হৈ কৰ্মপথ ৰচনা কৰিছিল। অসমীয়া জাতিৰ ঐক্য সংহতিৰ অৰ্থে পাহাৰ ভৈয়ামৰ জাতি-উপজাতিৰ সাংস্কৃতিক মিলন ঘটাবলৈ নৃত্য-গীত, চিত্ৰনাট আদিত আত্মনিয়োগ কৰিছিল। অসমীয়া জাতিক পুঁজিবাদী শোষণমুক্ত কৰিবলৈ পৰ্বতে কন্দৰে গাঁৱে-ভূঞে ঘূৰি ফুৰি সভা-সমিতি পাতি হোজা ৰাইজক সমাজবাদৰ কথা কৈ ফুৰিছিল। বিশাল সমাজবাদী অসমীয়া জাতি গঠনাৰ্থে তেওঁ দুৰ্বিসহ জীৱন যাপন কৰিছিল। কথা আৰু কামৰ মিলন ঘটাবলৈ তেওঁ ধনীৰ সন্তান হৈয়ো ধনমোহ ত্যাগ কৰি জনগণৰ সমভাগী হৈ জুপুৰীৰ আশ্ৰয় লৈছিল। তেওঁৰ জীৱন আছিল ত্যাগৰ। আশুতোষ মন আছিল আকাশৰ দৰে উদাৰ। সেয়েহে তেওঁ জুপুৰীত থাকিও হাঁহি হাঁহি বিশ্বৰ ছন্দে ছন্দে মহানন্দে নাচিব পাৰিছিল। তেওঁ কলাগুৰু আছিল; কিন্তু কলাগুৰুৰ ভাবমূৰ্তি লৈ ফুৰা শিল্পী তেওঁ নাছিল। অৰ্থৰ বাবে কলাসৃষ্টি কৰাটো তেওঁ কল্পনাই কৰা নাছিল।

 জ্যোতি বিষ্ণুৰ পিছতে এইক্ষেত্ৰত নাম লব লাগিব ভুপেন হাজৰিকাৰ৷ জ্যোতিপ্ৰসাদ আৰু বিষ্ণুৰাভাৰ সান্নিধ্য লাভৰ সৌভাগ্য ভূপেন হাজৰিকাৰ হৈছিল। কিন্তু এই মহান শিল্পীদ্বয়ৰ ত্যাগ আৰু উদাৰতাময় আদৰ্শৰ প্ৰভাৱ হাজৰিকাৰ জীৱনত সিমান নপৰিল। আৰম্ভণিৰ কালছোলাত ভূপেন হাজৰিকাই সমাজবাদী আদৰ্শৰ গীত গাইছিল। “একাবেকা বাটেৰে কঢ়িয়াওঁ কঢ়িয়াওঁ বৰ বৰ মানুহৰ দোলা”, “অগ্নি যুগৰ ফিৰিঙটি মই”আদি গীতত ইয়াৰ আভাস আছে। কিন্তু পিছৰ ফালে হাজৰিকাৰ আদৰ্শ বিভ্ৰাট ঘটা যেন হ'ল। অসমত ভাৰতীয় গণনাট্য সঙঘৰ দীপ্তিমান কালছোৱাত হাজৰিকাই যি আদৰ্শৰ গীত গাইছিল সেই আদৰ্শ প্ৰতিধ্বনি পিছৰ কালৰ গীতবোৰত নাই যেন লাগে। পিছৰ ফালে হাজৰিকাই স্থান-কাল, সুযোগ-সুবিধা বুজি প্ৰত্যুৎপন্নমতিতাৰে সকলো [ ৪৩ ] ধৰণৰ গীতকে পৰিৱেশন কৰি গৈছে।

 অনুধাৱন কৰিলে দেখা যায় ভূপেন হাজৰিকা দৰাচলতে কোনো বিশেষ আদৰ্শৰ পিছত গতি কৰা শিল্পী নহয়। জীৱনৰ ভিন ভিন স্তৰত সৃষ্টি হোৱা গীত-মাতবোৰৰ ভিন ভিন ভাবে তেওঁৰ কোনো স্থায়ী চিন্তাদৰ্শনৰ কথা নকয়।

 ভূপেন হাজৰিকাই নিজকে যাযাবৰ বুলি অভিহিত কৰিছে আৰু এই কথা স্পষ্টভাবেই সুৰৰ মাজেৰে জনগণক জনাইছে। যাযাবৰী জীৱনত উৰি উৰি বিশ্বঘূৰি যতে যি দেখিছে, কৰিছে তাৰ বাতৰি “মই এটি যাযাবৰ” গীতেৰে ৰাইজক দিছে। কিন্তু বিশ্বঘূৰি পোৱা জ্ঞানেৰে জ্যোতিপ্ৰসাদে অসমীয়া গীত-মাতৰ যি যুগমীয়া ধাৰা বোৱালে হাজৰিকাই বিশ্বঘূৰি পোৱা জ্ঞানেৰে তেনে এটি সুকীয়া অসমীয়া অসমীয়া লগা গীতৰ ধাৰা সৃষ্টি কৰিব নোৱাৰিলে। নিজে কতো লিখি থৈ যোৱা নাই যদিও বিষ্ণুৰাভাও প্ৰকৃতিত এক প্ৰকাৰ যাযাবৰেই আছিল। কিন্তু বিষ্ণুৰাভাৰ দৰে ভূমিত থাকি ভূমাৰ কথা ভাবিব পৰা যাযাবৰ ভূপেন হাজৰিকা হ'ব নোৱাৰিলে। ভূপেন হাজৰিকা ভূমিৰ পৰা উৰি গৈ বিশালতাৰ এক অভিজাত পৰিমণ্ডলত নিমজ্জিত হ’ল। এনে এটি পৰিমণ্ডলত ধনৰ অনিবাৰ্য প্ৰয়োজনতেই হয়তো জ্যোতি বিষ্ণুৰ দৰে প্ৰচুৰ সম্ভাৱনাযুক্ত অসাধাৰণ শিল্পী সত্তাক অৱশেষত ব্যৱসায়ী ৰূপলৈ ৰূপান্তৰিত কৰি ভূপেন হাজৰিকা সাধাৰণ শিল্পী শ্ৰেণীলৈ অৱনমিত হ’ল। আজি ভূপেন হাজৰিকা এক বহুল অনুষ্ঠান মাত্ৰ। জুপুৰীৰ অসমীয়াই ভূপেন হাজৰিকাক আজি সহজে ঢুকি নাপায়। জ্যোতি-বিষ্ণুৱে এইৰূপ লোৱা নাছিল। আৰু বোধহয় এইৰূপৰ কাৰণেই দীপ্ত প্ৰতিভাৰ অধিকাৰী হৈয়ো হাজৰিকা জ্যোতি-বিষ্ণুৰ দৰে মহৎহ'ব পৰা নাই। আৰু জ্যোতি-বিষ্ণুৰ দৰে উদাৰ, মহৎহ’ব নোৱাৰা বাবেই হয়তো শীৰ্ষস্থানত থকা সত্ত্বেও হাজৰিকাৰ মুখত সাংস্কৃতিক নেতৃত্বৰ জিলিকনি নাই।

 ভূপেন হাজৰিকাৰ বৰ্তমান স্থায়ী বাসস্থান কলিকতা। সৰ্বভাৰতীয় বাৰেবৰণীয়া শিল্পীসঙ্গম স্থান বুলিয়েই হওক বা অনুকূল পৰিৱেশযুক্ত কলা সাধনাৰ পীঠস্থান বুলিয়েই হওক বা কোনো অইন কাৰণতেই হওক হাজৰিকাই অসমত থকাতকৈ কলিকতাত থকাটোৱে সমীচীন বুলি ভাবিলে। তেওঁ স্থায়ীভাবে কলিকতাত থকাৰ ফলত পৰোক্ষভাবে অসমীয়া সংস্কৃতি জগতৰ কিছু কল্যাণ সাধিত হলেও কিছু ক্ষতি সাধনো হৈছে। তেওঁ কলিকতাত থকাৰ ফলত অসমৰ সংস্কৃতি জগতৰ তেওঁৰ অনুজ, অনুৰাগী, উপদেশ আকাঙক্ষী শিল্পী সকলে প্ৰয়োজনৰ মুহূৰ্তত তেওঁৰ উপদেশ দিহা-পৰামৰ্শৰ পৰা বঞ্চিত হৈছে। আনহাতে তেৱোঁ ইচ্ছা থাকিলেও তেওঁৰ সুগুণৰ কিছু দান আদি দি অসমৰ উদীয়মান সম্ভাৱনাযুক্ত শিল্পীসকলক অনুপ্ৰাণিত কৰিবলৈ [ ৪৪ ] সময় সুযােগ উলিয়াব পৰা নাই।

 ভূপেন হাজৰিকাক জনতাৰ শিল্পী বুলি কোৱা হয় যদিও লক্ষ্য কৰিলে দেখা যায় জনতাৰ ভিতৰৰ যুৱ সমাজৰ মাজতহে হাজৰিকাৰ জনপ্রিয়তা অধিক। বয়ােবৃদ্ধ চিন্তাশীলৰ স্তৰতাে হাজৰিকা প্রীতি আছে; কিন্তু ই সিমান উত্তাল নহয়। যুৱক হাজৰিকা আৰু যুৱকোত্তৰ হাজৰিকাৰ বেছিভাগ গীতেই স্কুল কলেজীয়া যুৱক-যুৱতীসকলৰ বিশেষ আকর্ষণৰ বস্তু। প্রায় অর্ধশতাব্দী জুৰি হাজৰিকাই উদাত্ত কণ্ঠেৰে গীত গালে আৰু এই অর্ধ শতাব্দী জুৰি স্তৰে স্তৰে অসমৰ যুৱক-যুৱতীসকল হাজৰিকাৰ গীতৰ যাদুত আকর্ষিত হৈ তেওঁৰ গীতৰ সভাত একাণপতীয়া শ্রোতা হৈ আহিছে। শিশু সকলৰ উদ্দেশ্যে হাজৰিকাই বেচি গীত লিখা বা গােৱা নাই। বৃদ্ধ সকলৰ মানসিকতালৈ চাইও বেচি গীত লিখা বা গােৱা নাই। গতিকে এতিয়ালৈ হাজৰিকাৰ গীতৰ সভাসমূহত প্রশংসামুখৰ হাত চাপৰিৰ গঢ় উলিয়ালেও দেখা যাব হাজৰিকাই যুৱ সমাজৰ প্রশংসাৰ হাত চাপৰিয়েই বেচিকৈ পাইছে। কিন্তু হাজৰিকাক প্রধানকৈ অনুপ্ৰেৰণা যােগােৱা আৰু হাজৰিকায়াে প্রধানকৈ মনােৰঞ্জন দিয়া অসমৰ যুৱ সমাজৰ সাংস্কৃতিক উচ্ছংখলতা আৰু পতন মুখীতাৰ বিপৰীতে হাজৰিকাই কোনােদিনে মাত মতাটো পৰিলক্ষিত হােৱা নাই।

 যুৱ সমাজৰ সংস্কৃতি ভাৱনা, চর্চা আজি কোন দিশে গতি কৰিছে তালৈ চকু দিবৰ হ’ল। কিন্তু চকু দিয়া কামটো কৰিব কোনে? সংস্কৃতিৰ মাজত সােমােৱা অপসংস্কৃতিক চিনি উলিয়াব কোনাে? সাধনালব্ধ জ্ঞানেৰে সমৃদ্ধ সংস্কৃতিৰ দিপাল সকলেহে পুংখানুপুংখৰূপে সংস্কৃতিৰ মাজত সােমােৱা অপসংস্কৃতি চিনি উলিয়াব পাৰিব। সেই সকলেহে জাতীয় কর্তব্যবােধেৰে অভিভাৱকৰ মনােভাবেৰে বুজনি দি অপসংস্কৃতিৰ বাহক সকলক সংস্কৃতিৰ শুদ্ধ পথৰ সন্ধান দিব পাৰিব। আৰু সংস্কৃতিৰ মাজত সােমােৱা অপসংস্কৃতি আঁতৰাব পাৰিব। সেই সংস্কৃতিৰ দিপাল সকলৰ উপদেশ-পৰামৰ্শ আদিহে এইক্ষেত্ৰত কাৰ্যকৰীহ'ব।বর্তমান আমাৰ সংস্কৃতি জগতৰ অন্যতম প্রবীণ দিল হ’ল ভূপেন হাজৰিকা। সংস্কৃতি সংস্কাৰৰ এই মহান জাতীয় কর্তব্য সাধনৰ ক্ষেত্ৰত তেওঁ অগ্ৰসৰ হ'ব পাৰে। অসমৰ নাট ঘৰে ঘৰে, বিহুতলীয়ে বিহুতলীয়ে, বাৰেবৰণীয়া সংস্কৃতি সভাই সভাই হাজৰিকাই কণ্ঠ শােণিত নিগৰাই আছে। তেওঁ এতিয়াও ক্লান্ত হােৱা নাই। তেওঁৰ গীতৰ সভাৰ হেজাৰ শ্ৰোতাৰ মাজত তেওঁৰ গীততে তল গৈ থকা উদীয়মান সংস্কৃতিৰ সেৱক যুৱক-যুৱতীসকলক ছাত্র- ছাত্রী বুলি ভাবি লৈ তেওঁলােকৰ উদ্দেশ্যে মঞ্চত গীত পৰিৱেশনৰ আগে বা পাছে । কিঞ্চিৎ সময় গুৰু স্থানীয় হাজৰিকাই জাতীয় সংস্কৃতিৰ শুদ্ধ পথ নির্দেশক আষাৰ। [ ৪৫ ] চেৰেক কথা উপদেশৰ সুৰেৰে কোৱা আৰম্ভ কৰিলে অসমীয়া সংস্কৃতিৰ উত্তৰ সাধক সকলৰ তথা অসমীয়া সংস্কৃতি জগতৰ মহান উপকাৰ কৰা হ'ব। গীতৰ সভাত দিয়া তেওঁৰ জাতীয় সংস্কৃতিৰ পথ নির্দেশক ভাষণবােৰ একত্ৰিত কৰি ছপাই উলিয়ালেও ই অসমীয়া সাহিত্যৰ আপুৰুগীয়া সম্পদ হৈৰ’ব। স্বকীয় শিল্পীজীৱনৰ বিকাশ আৰু প্ৰতিষ্ঠাৰ বাবে হাজৰিকাই যি কৰিলে কৰিলে,এতিয়া অসমীয়া সংস্কৃতিৰ খহনীয়াৰ সঙ্কট কালত জাতিটোৰ কল্যাণৰ অৰ্থে হাজৰিকাই পৰিকল্পিতভাবে সংস্কৃতি পুনৰ নিৰ্মাণৰ কামত আত্মনিয়োেগ কৰাটো সমীচীন। এনে কাৰ্য্যইহে তেওঁৰ মহত্ব কঢ়িয়াই আনিব।

 ভূপেন হাজৰিকা উচ্চশিক্ষিত শিল্পী। বুদ্ধি তেওঁৰ উচ্চ শিক্ষাৰে শাণিত। জন্মগত শিল্পীসত্ত্বাক সেয়েহে তেওঁ অসম, ভাৰত তথা বিশ্বত নির্ভীকভাবে জিলিকাই তুলিবলৈ সক্ষম হৈছে। অসমীয়া সংস্কৃতিৰ প্ৰৱক্তা হৈ দেশে বিদেশে অসমীয়া কলাকৃষ্টিৰ বচা বচা সম্পদবােৰ প্ৰচাৰ কৰিও তেওঁ অসমীয়াৰ গৌৰৱ হৈ উঠিছে। হাজৰিকাই কৰোঁ বুলি আত্মনিয়ােগ কৰিলে অসমীয়া সংস্কৃতিৰ এন্ধাৰে আৱৰা ভিতৰচ'ৰাও যে সাৰি পুচি নিকা কৰিব পাৰিব ই অৱশ্যম্ভাৱী।

 ভূপেন হাজৰিকা অসমী আইৰ কৃতি সন্তান। তেওঁ অসমীয়াৰ অতি চেনেহৰ। চেনেহতে অভিভূত সৰল অসমীয়াই ভূপেন হাজৰিকালৈ যচা উপহাৰৰ অন্ত নাই। অসম তথা ভাৰত চৰকাৰেও তেওঁক গুণানুসাৰে পুৰস্কৃত কৰিছে। তেওঁৰ গীত সমূহক ‘ভূপেন্দ্র সঙ্গীত’ নাম দিও তেওঁৰ গুণমুগ্ধ সকলে তেওঁলৈ মহান উপহাৰ আগবঢ়াইছে। ৰবীন্দ্র সঙ্গীত, নজৰুল সঙ্গীত, জ্যোতি সঙ্গীত আদিৰ দৰে বিশেষ লক্ষণযুক্ত স্বকীয় ধাৰা এটা হাজৰিকাৰ গীতসমূহত আছে নে নাই তাক গৱেষণা কৰা হয়তাে হােৱা নাই। এনে ধৰণৰ সিদ্ধান্তবােৰ বিজ্ঞানসন্মত আৰু যুক্তি নিষ্ঠ নহৈ আবেগজনিত হ'লে ভুল হােৱাৰ সম্ভাৱনা থাকে।

 ভূপেন হাজৰিকাৰ শিল্পী জীৱনৰ এতিয়া বিয়লি পৰ। এতিয়া তেওঁৰ মূল্যায়নৰ সময়। তেওঁৰ সঙ্কটময় শিল্পী জীৱনৰ উচিত মূল্যায়ন হ’ব লাগে। হাজৰিকাৰ উচিত মূল্যায়নে অসমীয়া শিল্পী তথা সংস্কৃতি জগতৰ গতিপথত যে প্রভাৱ পেলাব ই ধুৰুপ।



ড° ভূপেন হাজৰিকাৰ মূল্যায়ন সম্পর্কীয় এই লেখাটো প্রয়াত বৈশ্যৰ প্রতি শ্রদ্ধাঞ্জলি জনাই ‘লুইতৰ পৰা টেমচলৈ’ৰ দ্বাদশ বছৰ, দ্বাদশ সংখ্যা, ২০১১ চনত (প্ৰৱন্ধটো ১৯৯০ চনত লিখা) প্ৰকাশ কৰা হয়। [ ৪৬ ]


আমাৰ সাহিত্য-সংস্কৃতিৰ বৰ্তমান অৱস্থা


 অসমীয়া ভাষা সাহিত্যক এটা সময়ত বিজাতিয়ে গিলি থব খুজিছিল। উনৈছশ শতিকাৰ তেতিয়া শেষ ভাগ। বাহিৰততো কথাই নাই; আনকি নিজৰ ঘৰতে অসমীয়াই অসমীয়া ভাষা ক’বলৈ ভয় কৰিছিল। বিজাতিৰ প্ৰভাৱত আমাৰ চিৰ চেনেহী মাতৃ ভাষা সজাত আৱদ্ধ পখীৰ দৰে আছিল। ভয়তে ঘৰে বাহিৰে বঙালী, ইংৰাজী ভাষাত কথা পাতি অনিচ্ছাতে ইচ্ছা কৰি অসমীয়া লোকে বিলাতী ভেম দেখুৱাব লগা হৈছিল। ঠিক এনে সময়তে কেইজন মান অসমীয়াই মৃত্যুমুখী মাতৃ-ভাষাক উদ্ধাৰ কৰাৰ সপোন দেখিলে। বঙলাৰ মজিয়াত বাস কৰা অসমীয়া ছাত্ৰ গঙ্গা গোবিন্দ ফুকন, দেৱীচৰণ বৰুৱা, শিৱৰাম শৰ্মা বৰদলৈ, কমল চন্দ্ৰ শৰ্মা, ৰমাকান্ত বৰকাকতি, লক্ষ্মীনাথ বেজবৰুৱা আদি কেইজনমানে লগ লাগি অসমীয়া ভাষা উন্নতি সাধিনী (অঃ ভাঃ উঃ সাঃ) সভা পাতি জোনাকী, বিজুলী আদি কাকত উলিয়াই তাৰ মাজেৰে অসমীয়া ভাষা সাহিত্যৰ বিজয় ডঙ্কা বজালে। কাকতবোৰত দৰ্শন, বিজ্ঞান, বুৰঞ্জী ভাষা তত্ত্বৰ তীব্ৰ আলোচনা চলিল। অসমৰ ঠায়ে ঠায়ে অসমীয়া ভাষা প্ৰতিষ্ঠাৰ নতুন বতাহ বলিল। সেই বতাহৰ প্ৰচণ্ড কোবত আমাৰ মাতৃ-ভাষাৰ হাতৰ শিকলি যেন সুলকি পৰিল। বিদেশী ভাষা পলাই সাৰিল। যি দুই চাৰিটা শব্দ সোমাই থাকিল তাকো চালি-জাৰি, খুন্দি-পিহি সেই সকলে অসমীয়া সাঁচত তুলি ল'লে। অসমীয়া ভাষা সাহিত্যৰ নিজত্ব অক্ষুন্ন ৰখাত এই সকলৰ দান আজি কোনোৱে পাহৰিব নোৱাৰে। কিন্তু আজি আমাৰ সাহিত্য জগতত আকৌ এটি ভীষণ সমস্যাই দেখা দিছে। বৰ্ত্তমানৰ সাহিত্যত কোনো গভীৰতা দেখা নেযায়। সাহিত্যৰ বুকুত আজি নানা প্ৰভাৱ পৰিছে। পাঠক সকলৰ মাজতো এক পাতল ৰুচিবোধ সৃষ্টি হৈছে। বুৰঞ্জীবিদ বেণুধৰ শৰ্মাৰ ভাষাৰে ক'বলৈ হ'লে অঃ ভাঃ উঃ সাঃ সভাই নৱ অভ্যুত্থানৰ যিটো যুগ সৃষ্টি কৰিলে তেনেকুৱা এটা যুগৰ আগন্তুকে আকৌ দেখা দিছেহি। চুচুক-চামাককৈ আমাৰ সাহিত্যৰ মজিয়াত জাৱৰ- জোথৰ সোমালেহিয়েই। সেইবোৰ সাৰি গুচাই নেপেলালে আমাৰ ভাষা যে ঠিহিৰা লাগিব ই নহয়, জাতীয় গৌৰৱৰো চিন চাব নথকা হ'বগৈ পাৰে। গতিকে অঃ ভাঃ উঃ সাঃ সভাৰ সাৰথি সকলৰ পদাঙ্ক অনুসৰণ নকৰিলে আমাৰ গত্যন্তৰ নাই।

[ ৪৭ ]

 ভাষা সাহিত্যৰ দৰে সেই সময়ত আমাৰ কলা সংস্কৃতিয়েও ধ্বংস মুখী অৱস্থা এটাৰ সন্মুখীন হৈছিল। কিন্তু নবন্যাস যুগৰ সাৰথি সকলৰ দৰে ধ্বংস মুখী সংস্কৃতিক উদ্ধাৰ কৰিবলৈ সেই সময়ত প্ৰতিভাবান শিল্পী বেছি নোলাল। সাহিত্যিক সকলেও এই সংস্কৃতিৰ দিশটোত বৰ বেছি চকু নিদিলে। অৱশ্যে ডাঃ ৰাধিকা মোহন ঢেকীয়াল ফুকন দেৱে তেতিয়াই ইউৰোপৰ পৰা ঘূৰি আহি ঘৰে ঘৰে পৰি থকা অৱহেলিত গীত-মাত, বৰগীত আদিৰ উন্নতি কল্পে অলপ চেষ্টা চলাইছিল। কিন্তু ই তেনেই নগণ্য আছিল। সেই সময়ত শঙ্কৰ মাধৱৰ পবিত্ৰ নাটতো সূত্ৰধাৰী ভাৱৰীয়াৰ বচনে বিকৃত ৰূপ লৈছিল। গীত-মাতৰ অসমীয়া সুৰ আঁতৰাই দি বঙালা, ইংৰাজী, হিন্দী আদি মিহলি সুৰে খোপনি পুতিছিল। শুধ বগা এৱা গাখীৰৰ দৰে আমাৰ পবিত্ৰ সংস্কৃতিত যেন গৌৰৱৰ চিটিকণিহে পৰিছিল।

 অসমীয়া জাতিৰ প্ৰাণ শ্ৰীশ্ৰী শঙ্কৰদেৱে অসমীয়া জাতিক সাহিত্য সংস্কৃতিৰ তেজ পানীৰে জিলিকাই তুলিছিল। পিতৃত্বৰ মৰমেৰে এই জনা পুৰুষে আমাক লহ- পহীয়াকৈ সজাই পৰাই শুদ্ধ অসমীয়া কৰিছিল। কিন্তু দূৰদৰ্শী আদৰ্শ বৃদ্ধ পিতৃৰ মৃত্যুৰ পিচত অযোগ্য সন্তানে ঘৰৰ অবনতি মাতি অনাৰ দৰে, অযযাগ্য অসমীয়ায়ো গুৰুজনাৰ মৃত্যুৰ পিচত আমাৰ সংস্কৃতিৰ ওপৰত পৰা বিজাতীয় প্ৰভাৱ দূৰ কৰিব নোৱাৰি নিজত্ব বিসৰ্জন দি অতীত গৌৰৱ ঐতিহ্য সকলো যেন বিলুপ্ত কৰিলে। লাইখুটা ভাঙিলে বৰঘৰ দুৰ্বল হোৱাৰ দৰে গুৰুজনাৰ মৃত্যুৰ পিচত আমাৰ সংস্কৃতিৰ বৰঘৰটোও যেন দুৰ্বল হৈ পৰিল। ই যেন ভাৰসাম্য হেৰুৱালে। আজি আমাৰ কলা সংস্কৃতিৰ পানীত হাহঁ নচৰা অৱস্থা সমুপস্থিত। গুৰিয়ালহীন নাও চাকনৈয়াৰ মাজে মাজে আসন্ন মৃত্যুৰ ক্ষণ গণি এনি তেনি উটি যোৱাৰ দৰে অসমীয়া কলা সংস্কৃতিয়েও গুৰিয়ালহীন হৈ মৃত্যুৰ ক্ষণ গণিছে। অসমীয়া সাহিত্যিক সকলে কিঞ্চিত পৰিমাণে হ'লেও সাহিত্য চৰ্চা কৰিবলৈ এৰা নাই। কালজয়ী সাহিত্যৰ সৃষ্টি কৰিব নোৱাৰিলেও অন্ততঃ তেওঁলোকে মাতৃ-ভাষাৰ চিন্তা অলপ কৰিছে। কিন্তু বৰ্তমানৰ অসমীয়া শিল্পী সমাজে কলা সংস্কৃতিৰ শুদ্ধ বিকাশৰ সুস্থ চিন্তা কৰিবলৈ যেন পাহৰি গৈছে। সাহিত্যিক সকলৰ চেষ্টাৰ গুণত অসমীয়া সাহিত্যৰ বুৰঞ্জীয়ে আজি ৰূপ লৈ উঠিছে। কিন্তু শিল্পীসকলৰ এলাহ বা অজ্ঞতাৰ গুণত আজি পৰ্য্যন্ত অসমীয়া কলা সংস্কৃতি সুপ্ত হৈ থাকিল। শিল্পী সকলে আৰু হাত সাৱটি বহি নেথাকি কলা-সংস্কৃতিৰ ক্ষেত্ৰত পৰীক্ষা চলোৱা উচিত।

 সাহিত্যৰ লগত সংস্কৃতিৰ ওতঃপ্ৰোত সম্বন্ধ আছে। সম্বন্ধ থাকিলেও বৰ্তমান সাহিত্যিক সকলে সংস্কৃতিৰ ফালটোক ভালুকৰ সাঙী বুলি ভবা যেন [ ৪৮ ] লাগে। সক্ৰিয় সংগ্ৰাম শীলতাহীন আম ক্লীব সাহিত্যসভাৰ সাহিত্যিক সকলে সাহিত্য সভাক বৰ্ত্তমান জড়দগৱ অৱস্থাৰ পৰা উদ্ধাৰৰ চেষ্টা কৰাৰ লগে লগে দুৰ্বল অসমীয়া সংস্কৃতিৰ ফালটোলৈও সক্ৰিয় দৃষ্টি ৰখাটো ভাল। নহ’লে সাহিত্য, সংস্কৃতি উভয়ৰে অবনতিয়ে আমাৰ জাতীয়তা ধ্বংস কৰিব পাৰে।

 শঙ্কৰ মাধৱৰ বৰগীতবোৰ অসমীয়াৰ অমূল্য সম্পদ। কবি গুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰৰ ৰবীন্দ্ৰ সঙ্গীততকৈ আমাৰ বৰগীতবোৰ কোনো গুণে হীন নহয়। সৰ্বভাৰতীয় ৰেডিঅ’ সন্মিলনত কলাপ্ৰেমী বঙালী লোকসকলে শ্ৰদ্ধাৰে সৈতে ৰবীন্দ্ৰ সঙ্গীত পৰিবেশন কৰি ৰবীন্দ্ৰ ঠাকুৰৰ মান বঢ়াইছে। কিন্তু আমি হীন অসমীয়াই আনৰ পিঠাৰে বিহু পতাৰ মনোবৃত্তি লৈ আপোন পাহৰি শঙ্কৰ মাধৱৰ বৰগীতবোৰ বিকৃত কৰি যেন বহি আছো। শঙ্কৰ মাধৱৰ মান বঢ়াম দূৰৰ কথা, তেওঁলোকৰ নামত কলঙ্কহে সানিছো। আমাৰ বৰগীতে আজি সৰ্বভাৰতীয় স্বীকৃতিৰে সমাদৃত হোৱা নাই। সমাদৃত কৰাবলৈ অসমীয়া শিল্পী অপৰাগ বুলি ক’লেও বেছি কোৱা নহয়।

 শঙ্কৰী নৃত্যতো শাস্ত্ৰীয় গুণ নিহিত হৈ আছে। কিন্তু উপযুক্ত গৱেষণা আৰু চৰ্চাৰ অভাৱত সেই সকলোবোৰ আজি পৰি আছে। অসমীয়াৰ গীত, বাদ্য, নৃত্য, সুৰ,মঞ্চ, ৰাগ, সাহিত্য, ভাৱনা, খোল, মৃদঙ্গ, তাল আদিৰ শুদ্ধ পৰিবেশন নাই। কোনো শিল্পীয়ে এইবোৰত বিশেষ গুৰুত্ব দিয়া দেখা নেযায়। অসমীয়া জাতিৰ পক্ষে ই অতি ভয়াবহ কথা। মণিপুৰী নৃত্য আজি ভাৰত বিখ্যাত। কথক, ভাৰত নাট্যম আদি শাস্ত্ৰীয় নৃত্যৰ দৰে মণিপুৰী নৃত্যয়ো বিজ্ঞান সন্মত শাস্ত্ৰীয় গুণ লাভ কৰিছে। অসমীয়া নৃত্য শিল্পীসকলে সূক্ষ্ম চিন্তা কৰিলে অনায়াসে শঙ্কৰদেৱৰ নৃত্য সমূহক শাস্ত্ৰীয় গঢ় দি ভাৰত বিখ্যাত কৰিব পাৰিব বুলি ভবাৰ স্থল আছে। কামৰূপীয় সঙ্গীত পদ্ধতি আমাৰ নিজা বস্তু। হিন্দুস্থানী বা দক্ষিণ ভাৰতীয় কৰ্ণাটকী সঙ্গীতৰ দৰে কামৰূপীয় সঙ্গীতৰৰ নিজা তাল, ৰাগ আদি আছে। আধামৰা আধা জীয়াকৈ হ'লেও এই পদ্ধতিৰ দোষযুক্ত প্ৰচলন আজিও অসমীয়া নামঘৰে নামঘৰে, সত্ৰই সত্ৰই দেখা যায়। ৰূপক, একতালী, পৰিতাল যতি, খৰমান আদি তাল বিশিষ্ট আৰু বেলোৱাৰ, আশোৱাৰী আদি ৰাগ বিশিষ্ট সঙ্গীতবোৰৰ বিকৃতি ৰূপ নামঘৰ, সত্ৰৰ ভিতৰ চোতালত হলেও মাছে। এনেকুৱা বহু বিলাক অমূল্য সম্পদে। অসমখনত উপযুক্ত বিজ্ঞান সম্মত চৰ্চাৰ কেন্দ্ৰ নথকা বাবে অসমীয়া সূক্ষ্ম কলা পিচ পৰি আছে বুলি আমাৰ ধাৰণা।

 মন কৰিলে দেখা যায় আমাৰ সংস্কৃতিৰ দিশটো বেছি ভাগ সমাজৰ। [ ৪৯ ] দুখীয়া হােজা অসমীয়া গাঁৱলীয়া সমাজখনৰ মাজত নিহিত হৈ আছে। গান বাজনা নৃত্য আদিত মন প্রাণ ঢালি জীৱনৰ সােৱাদ উপলব্ধি কৰি এফালে হােজা দুখীয়া শিল্পী শ্ৰেণীয়ে জাতীয়তা ৰক্ষাত অৰিহণা যােগাইছে আৰু আনহাতে অভাৱ অনাটনৰ মাজত জুৰুলা হৈ শিক্ষিত সমাজৰ অৱহেলিত শ্রেণী হিচাবে দিন নিয়াইছে। শিক্ষিত সমাজৰ আন্তৰিক সমাদৰ নেপাই অথবা এই সমাজখনৰ কৃত্রিম চেনেহলৈ ভ্রুক্ষেপ নকৰি নামঘৰ, সত্ৰৰ বাহিৰে ভিতৰে নিৰক্ষৰ বা অৰ্দ্ধ শিক্ষিত লােক সকলে পবিত্ৰতাৰে সৈতে অসমীয়া কলাৰ ওপৰত সাধ্য অনুসাৰে সাধনা কৰি আছে। নিৰক্ষৰতাই অথবা অলপীয়া শিক্ষাই সুন্দৰ কলাৰ সূক্ষ্ম বিকাশত হয়তাে বাধা হিচাবে থিয় দিছে। বাধা হিচাবে থিয় দিয়াতাে স্বাভাৱিক। কাৰণ সুন্দৰৰ সাধনা অতি দুৰূহ কাম। ইয়াৰ বাবে লাগে অক্লান্ত সাধনা আৰু গভীৰ চিন্তা-যুক্ত ধৈৰ্য্য। অশিক্ষিত বা হােজা লােক সকলে ইয়াৰ শুদ্ধ চিন্তা বিশেষ কৰিব নােৱাৰে। শিক্ষিত সমাজে ইয়াক আকোঁৱালি লৈ সাধনা কৰিলে অসমীয়া কলাই সুন্দৰ ৰূপ ল’ব বুলি আশা কৰিব পাৰি।

 ভাৰতীয় সঙ্গীতৰ ঐতিহ্যৰ কথা চিন্তা কৰি অসমতাে ইয়াৰ বিকাশ সাধন। কৰাৰ উদ্দেশ্য লৈ আৰু অসমীয়া গীত-মাতৰ সমৃদ্ধিৰ কথা ভাবি এসময়ত শিল্পীসকলে এটা আন্দোলন চলাইছিল। সঙ্গীত সমাজ স্থাপন কৰি মুষ্টিমেয় কেইজনমান শিল্পীয়ে এই আন্দোলন চলােৱাৰ প্রমাণ আছে। পিছে ইও কেইবছৰমান থাকি অন্তর্ধান হ’ল। শিল্পীসকলে শেষত গৈ আত্মকেন্দ্রিক হৈ নিজ নিজ ইচ্ছা অনুসৰি কলা চৰ্চাত লাগিল। অসমৰ যােৰহাট, ডিব্ৰুগড়, নগাওঁ আদিত সঙ্গীত চৰ্চাৰ এটা প্ৰেৰণা দেখা গৈছিল। আজি সিও লুপ্তপ্রায়। শিল্পবােধ জগাই তুলিবলৈ আমাৰ স্কুলীয়া, কলেজীয়া আদি শিক্ষাত কোনাে ভাল ব্যৱস্থা নাই। সেইবাবে কলা সংস্কৃতিক হাড়ে হিমজুৱে চিনিব পৰা বা শিল্পীক বুজিব পৰা সমাজ এখন আমাৰ গঢ়ি উঠা নাই। কলাসেৱী নতুন সমাজ এখন নােহােৱা বাবে বৰ্ত্তমানৰ যান্ত্রিক যুগৰ শিক্ষাৰে শিক্ষিত লােকসকলে বিজাতীয় প্রভাৱে তিল তিলকৈ ধ্বংস কৰা আমাৰ সংস্কৃতিৰ বিষয়ময় ৰূপ চিনি উলিয়াব পৰা নাই। যদি এনে অৱস্থাৰ মাজেৰে চেতনাহীন হৈ আৰু কিছুদিন আমি আগুৱাই যাওঁ, আমাৰ অস্তিত্ব সমূলি বিনাশ হ’ব যে সন্দেহ নাই।

 আমি সকলােৱে বুজা উচিত যে সাহিত্য কলা সংস্কৃতি আদিয়েই জাতিৰ প্রাণ। বিশ্বজনীন ভাবেৰে সমৃদ্ধ হৈ নিজত্ব জীয়াই ৰাখি কলা সৃষ্টি কৰিলে যি কোনাে জাতিয়েই সমৃদ্ধিশালী হৈ উঠে। সুন্দৰ কলা-সেৱী এখন সমাজ গঠনৰ [ ৫০ ] প্রতিজ্ঞাৰে বিশ্ববিদ্যালয় আদিত সাহিত্য, বিজ্ঞান আদিৰ দৰে সঙ্গীতাদিৰো শ্রেণী খুলি বৈজ্ঞানিক পদ্ধতিত শিক্ষাৰ ব্যৱস্থা কৰিবলৈ বিভাগীয় মহলক আমি বুজাই দিয়া উচিত। নাচ, কণ্ঠ, সঙ্গীত, বাজনা আদি বেলেগ বেলেগ বিষয়ৰ সুন্দৰ কলাই স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীৰ মাজত যেতিয়া পবিত্রভাবে সােমাই পৰিব, অসমীয়া সংস্কৃতিৰ বিষময় ৰূপবােৰো লাহে লাহে আঁতৰি যাব। এখন উন্নত কলামােদী সমাজো ঠন ধৰি উঠিব।

 

নতুন অসমীয়া, ৬ ফেব্ৰুৱাৰী, ১৯৬৬ চনত প্রকাশিত। [ ৫১ ]
 

ভাঙিবই লাগিব নৰপিশাচৰ ঘােৰ তাণ্ডৱ তাল

ডাঢ়ি ৰাখিলে ৰাখিব পাৰি
ৰবীন্দ্ৰ হােৱাহে টান,
জ্ঞানী মুর্খ‌ৰ মতৰ বলত
নৃপতি হবও পাৰি
যদি তাতেই থাকে ধ্যান,
পিছে বিক্রমাদিত্য, আকবৰ, অশােক
এই সব হােৱাহে টান।
বিলাসমত্ত ক্ষমতাদর্পী জীৱন এৰি
সৰল সাধু অশােক, আকবৰ,
বুদ্ধ, গান্ধী, যীশু হবলৈ
কৰিব লাগিব চূড়ান্ত সাধনা পাৰ।
নহলে সাধনা, সৰল সাধু শান্ত হােৱাটো
পশুৰ পৰা মানুহ হােৱাটো
মানুহৰ পৰা দেৱতা হােৱাটো
টান টান মহাটান।
প্রজাৰঞ্জক সাধু নৃপতিৰ সাধনা ভৰা
শান্ত সৰল নৃপতি আজি শূন্য বর্তমান,
কেৱল আত্মহিতায়, আত্মসুখায় কৰ্মৰত
অসাধু ৰজাৰ কুকীৰিতিহে দেশত জ্যোতিষ্মান।
তাৰ প্রমাণ ?
শান্তিৰ নামত য’তে ত’তে আজি
দেশ ৰক্ষক ৰাজ-বিষয়াৰ
পৈশাচিক নাৰীধর্ষণ, নির্য্যাতন,
লুণ্ঠন তাৰ জ্বলন্ত প্রমাণ।
‘মাতৃবৎ পৰদাৰেষু পৰদ্রব্যেষু লােষ্ট্রবৎ
আত্মবৎ সৰ্ব্বভূতেষু যঃ পশ্যতি সঃ পণ্ডিতঃ’
এই বাণী জ্ঞানীকণ্ঠৰ প্রাচীন ভাৰতৰ,

[ ৫২ ]

‘পত্নীবৎ পৰদাৰেষু পৰদ্ৰব্যেযু আত্মসাৎ
শত্ৰুবৎ সৰ্ব্বভূতেষু যঃ পশ্যতি সঃ পণ্ডিতঃ’
এইয়া কাপুৰুষৰ কলুষ বাণী নতুন ভাৰতৰ।
উনৈশ শ আশীচনৰ ভোগালী বিহুৰ ভোগৰ পৰৰ
বৰহমপুত্ৰৰ উত্তৰপাৰৰ কামৰূপ তাৰ সাক্ষী হ’ল
এই সাক্ষী জীৱন্ত হৈ ৰ’ল।
একচেতীয়া ক্ষমতাৰ শতাব্দী ৰচাৰ স্বপ্নতেই
সৰ্ব্ববৃহৎ গণতন্ত্ৰৰ এই দেশত
সৰ্ব্ববৃহৎ পাশৱিকতা ধুমুহা যেন হ’ল।
সেই ধুমুহাৰ কোবাল সোঁতত
আই অসমীৰ জীয়াৰী-বোৱাৰী
গাভৰু, মাতৃ নিঃশেষ হৈ গ’ল
মদমত্ত কামোন্মত্ত পিশাচদলৰ তাণ্ডৱ নাচত
অসম মাতৃৰ বুকুত আজি
আকাশলঙঘী কলঙ্কৰ হ’ল সৃষ্টি হল।
হেৰ অসমীয়া শৰাইঘটীয়া,
তোৰ চকুৰ আগতে মাতৃ ভগ্নীৰ
জীৱন বিফলে গ’ল
তই গুণিছ কি?
এতিয়াও তই গুণিছ কি??
জাগি উঠ হেৰ লুইতপৰীয়া
ৰূপ লৈ যমকাল
পাশৱিকতাৰ উন্মত্ততা, বীভৎসতা ধ্বংস কৰি
ভাঙি দে, তই ভাঙি দে
তই ভাঙিবই লাগিব অসমীয়া তোৰ
কাল শত্ৰু নৰপিশাচৰ ঘোৰ তাণ্ডৱ তাল,
জাগি উঠ হেৰ অসমীয়া তই।
ৰূপ লৈ মহাকাল। □


প্ৰয়াত উমেশ বৈশ্যৰ দ্বাৰা ৰচিত ’তই যুক্তি যুদ্ধ কৰ’ পুথিৰ পৰা লোৱা হৈছে।

(প্ৰকাশ- ১৩ এপ্ৰিল ১৯৮০ চন) [ ৫৩ ]

বৰ্তমান শিক্ষা জগত


 বৰ্তমান ভাৰতৰ শিক্ষা জগতত শিক্ষাবস্তুৰ দ্ৰুত পৰিৱৰ্তন পৰিলক্ষিত হৈছে। আজি পৰ্যন্ত আমাৰ শিক্ষা পদ্ধতিত এক সুস্থিৰ পাঠ্যক্ৰম প্ৰস্তুত হৈ উঠা নাই। অস্থিৰ পাঠ্যক্ৰমৰ মাজেদি আগবাঢ়ি যোৱা বাবে দেশৰ লক্ষ লক্ষ ল’ৰা-ছোৱালী আজি পথভ্ৰষ্ট হৈছে। স্বাধীনতাৰ পিছৰে পৰা আজি পৰ্যন্ত এনে অস্থিৰ শিক্ষা ব্যৱস্থা চলি থকাৰ ফলত ভাৰতত আজি অগণন অসাৰ্থক শিক্ষিত লোকৰ সৃষ্টি হৈছে। এই ক্ৰমবৰ্দ্ধিত সৃষ্টিয়ে চৰকাৰৰ শিক্ষা বিভাগৰ চূড়ান্ত পৰাজয় ঘোষণা কৰিছে।

 জাতীয় ভাব-আদৰ্শ এৰোঁ বুলিলেই এৰিব পৰা বস্তু নহয়। জাতিৰ হাড়ে হিমজুৱে জাতীয় গুণ সোমাই থাকে। অনুশীলনৰ দ্বাৰা পৰিমাৰ্জিত কৰি এই গুণৰ উৎকৰ্ষ সাধন কৰিব পাৰি আৰু এনে উৎকৰ্ষতাৰে জাতীয় বৈশিষ্ট্য জিলিকাই তোলাৰ লগে লগে প্ৰয়োজনবোধে প্ৰগতিশীল দৃষ্টিভঙ্গীৰে বিজাতীয় গ্ৰহণযোগ্য বস্তুৰেও জাতিৰ সমৃদ্ধি সাধন কৰিব পাৰি। কিন্তু নিজৰ গ্ৰহণযোগ্য বস্তু থাকোতেও তাক নিচিনি বা চিনিলেও তাৰ প্ৰতি আস্থা নাৰাখি অইনৰ ক্ষয়িষ্ণুয়েই হওক অথবা বলিষ্ঠ গ্ৰহণযোগ্য বস্তুৱেই হওক তাৰ বিচাৰ বিশ্লেষণ নকৰি আমদানি কৰি থাকিলে মাত্ৰাধিক বিজাতীয় প্ৰভাৱে জাতিৰ স্বকীয়তা ৰক্ষাত বাধাৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি আগবাঢ়ি গ’লে এটি জাতি নিজ অস্তিত্ব ৰাখি সমৃদ্ধিশালী কৰি গঢ়ি তোলাত কোনো আউল নালাগে। পিছে এই ক্ষেত্ৰত ভাৰতৰ আজি আউল লগা দেখা গৈছে। ভাৰতীয় আদৰ্শ প্ৰগতিৰ পৰিপন্থী বুলি জ্ঞান কৰি ভাৰতে ইয়াৰ উৎকৰ্ষৰ নিমিত্তে বিশেষ চেষ্টা কৰা নাই আৰু ঐতিহ্যমণ্ডিত আদৰ্শ বুলি ভাবি ইয়াক ত্যাগ কৰিবও খোজা নাই। আনহাতে দেখা গৈছে পশ্চিমৰ ক্ষিপ্ৰ প্ৰগতি দেখি পাশ্চাত্য আদৰ্শৰ প্ৰতি ভাৰতৰ আসক্তি বাঢ়ি আহিছে। কিন্তু দুই আদৰ্শৰ গ্ৰহণ আৰু বৰ্জন যোগ্য গুণাগুণ বিচাৰ কৰি দুয়োৰে মাজত ভাৰতে সমন্বয় স্থাপন কৰিব পৰা নাই। এই ক্ষেত্ৰত ভাৰত আজি কিংকৰ্তব্য বিমূঢ় হৈ পৰিছে। এনে অৱস্থাৰ মাজত নিজৰ শক্তি, সামৰ্থ্য, সময়, সুযোেগ আদিলৈ লক্ষ্য নাৰাখি ভাৰতে আজি য'তেই জিলিকনি দেখিছে ততেই থাপ মাৰি ধৰিছে। ফলত [ ৫৪ ] দেশ আজি প্ৰায় সকলো ক্ষেত্ৰতেই অকৃতকাৰ্যতাৰ সন্মুখীন হৈছে। এই একে কাৰণতে বৰ্তমান শিক্ষা জগতে আজি বিভ্ৰান্ত হৈছে। শিক্ষা সংস্কাৰৰ ব্যাপক আয়োজন ভাৰতত চলিছে সঁচা; কিন্তু এই পৰ্যন্ত ভাৰতে পুৰণিকলীয়া শিক্ষাপদ্ধতি সলাই এক নতুন ফলপ্ৰদ শিক্ষা পদ্ধতি প্ৰচলন কৰিব পৰা নাই। পুৰুষাৰ্থ কৰি আছে যদিও পাশ্চাত্যৰ বিজ্ঞানসন্মত শিক্ষা পদ্ধতিও ভাৰতে সম্পূৰ্ণৰূপে গ্ৰহণ কৰিব পৰা নাই। পশ্চিমীয়া পৰিবেশৰ লগত ভাৰতীয় পৰিবেশৰ কোনো সামঞ্জস্য নাই। সেয়েহে ভাৰতত ভাৰতীয় পটভূমিত আধাৰিত শিক্ষাবস্তু অধ্যয়নৰ ওপৰত অধিক গুৰুত্ব নিদিয়া পৰ্যন্ত সুস্থ ফলপ্ৰসু শিক্ষাই ৰূপ লৈ উঠিব বুলি আশা কৰা ভুল।

 শিক্ষাজগতত বিজ্ঞানসন্মত সুস্থ পাঠ্যক্ৰম এই পৰ্যন্ত ৰূপ লৈ নুঠিলেও খেলি মেলিৰ মাজেদিয়েই অন্ততঃ যি পাঠ্যক্ৰম স্বাধীনোত্তৰ যুগত গঢ়ি উঠিছে তাৰ যথোচিত শিক্ষাদান শিক্ষানুষ্ঠানসমূহত বোধহয় দিয়া হোৱা নাই। নানা প্ৰতিকূল পৰিবেশৰ মাজত যিখিনি শিক্ষাদান দিয়া হৈছে তাৰো উচিত মূল্যাঙ্কণ বৰ্তমান পৰীক্ষা সমূহে কৰিব পৰা নাই। আজি পৰ্যন্ত শিক্ষা জগতত এটা বিশুদ্ধ বিজ্ঞানসন্মত, মেধামান পৰীক্ষানীতি গৱেষণা কৰি উলিওৱা নহ’ল। নিখুঁত মেধামান পৰীক্ষানীতিৰ অভাৱত ছাত্ৰ-ছাত্ৰীৰ জ্ঞানৰ প্ৰকৃতমান নিৰ্ণয় কৰাত বেমেজালি হৈছে। গভীৰ মননশীলতাৰে গবেষণা কৰি চালে দেখা যায় বিশেষকৈ কলা বিভাগৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ জ্ঞান পৰীক্ষাৰ্থে কৰা নম্বৰ বিভাজন সম্পূৰ্ণ অবৈজ্ঞানিক। অতি কম নম্বৰৰ পাৰ্থক্যই সৃষ্টি কৰা নিন্ম বিভাগে বহু সম্ভাৱনা যুক্ত ছাত্ৰ-ছাত্ৰীৰ জীৱন নষ্ট কৰাৰ উদাহৰণ অলেখ আছে আৰু অবৈজ্ঞানিক পদ্ধতিৰে অনুমানৰ ওপৰত দিয়া নম্বৰৰ ফলত কম নম্বৰৰ পাৰ্থক্যই সৃষ্টি কৰা উচ্চ বিভাগে দৰাচলতে উচ্চ বিভাগৰ অনুপযুক্ত বহু ছাত্ৰ-ছাত্ৰীৰ জীৱন অপ্ৰাপ্য সুযোগ সুবিধাৰে সমুজ্জ্বল কৰি তোলা দেখা যায়। শিক্ষা জগতত দোষযুক্ত পৰীক্ষা নীতিৰ ফলত এই ঘোৰ অবিচাৰ চলিবই লাগিছে। মন কৰিলে দেখা যায় উচ্চ বিভাগত উত্তীৰ্ণ হোৱা বহুতো ছাত্ৰ- ছাত্ৰী নিম্ন বিভাগত উত্তীৰ্ণ হোৱা বহুতো ছাত্ৰ-ছাত্ৰীতকৈ নিম্ন স্তৰৰ। অথচ নিযুক্তি আদিৰ ক্ষেত্ৰত এনে অযোগ্য কিছুমানক মাত্ৰ নম্বৰ চায়েই অগ্ৰাধিকাৰ দি নিযুক্তি দিয়া হয়। আৰু এনেদৰে নিযুক্ত হোৱা দেশৰ অগণন কৰ্মচাৰীয়ে অনুপযুক্ততাৰ ফলত বিভিন্ন ক্ষেত্ৰত নানা বেমেজালিৰ সৃষ্টি কৰিছে। বৰ্তমান পৰীক্ষা পদ্ধতিৰ সুৰুঙাৰে নানা আবৰ্জনা আহি সমাজৰ চাৰিওফালে গোট খাইছে। দেশৰ তথাকথিত কৰ্ণধাৰ, চিন্তানায়কসকলৰ মাজততা দুৰ্ভাগ্যক্ৰমে এনে আবৰ্জনাৰ অনুপ্ৰৱেশ ঘটাৰ [ ৫৫ ] ফলতে বোধহয় তেওঁলোকৰ চিন্তাৰ অনুকূলে সৃষ্টি হোৱা বিভিন্ন দিশৰ পৰিকল্পনাসমূহ আজি অকৃতকাৰ্য হৈ পৰিছে। শিক্ষা জগতৰ শিৰফুটাসকলৰ মাজতো ঠিক এনেদৰে থৰক বৰক চিন্তাৰ সূত্ৰপাত হোৱাৰ ফলতেই আজি শিক্ষা জগতত নানা বিশৃংখলা, হাহাকাৰ আদিৰ সৃষ্টি হোৱা যেন অনুমান হয়।

 শিক্ষাদানৰ বিশিষ্ট উপাদানসমূহৰ ভিতৰত অন্যতম মুখ্য উপাদান হ’ল শিক্ষকসকল। পাকৈত ৰান্ধনিৰ ৰন্ধাবঢ়া পাগত উঠাৰ দৰে যোগ্য শিক্ষকৰ শিক্ষাদান আৰু তত্ত্বাৱধানতো ছাত্ৰ-ছাত্ৰী পাগত উঠে। ছাত্ৰ-ছাত্ৰীক পাগত তুলিব পৰা যোগ্য শিক্ষক শিক্ষানুষ্ঠান সমূহত আছেনে নাই আৰু থাকিলেও বৰ্তমান তেওঁলোকৰ অৱস্থা কি সেইটোহে মন কৰিবলগীয়া। বৰ্তমান বস্তুবাদী প্ৰতিযোগিতৰ দিনত সাধাৰণতে ধনৰ পৰিমাণেৰেহে মানুহৰ সুখ-দুখৰ জোখ-মাখ কৰা হয় বা সামাজিক মূল্য নিৰ্ণয় কৰা হয়। সুখ-দুখ, হাঁহি-অশ্ৰু, সামাজিক উচ্চ মূল্য আদি ধনৰেই সৃষ্টি বুলি মানুহৰ বদ্ধমূল ধাৰণা জন্মাৰ ফলত আজিৰ মানুহে ধনৰ পিছত ঢাপলি মেলিবলৈ আৰম্ভ কৰিছে। গতিকে আজি প্ৰায়ভাগ লোকেই চাকৰি নিৰ্বাচনৰ সময়ত প্ৰকৃত দৰমহাৰ উপৰিও চাকৰিৰ চৌদিশে থকা ওপৰঞ্চি ধনৰ পৰিমানলৈ লক্ষ্য ৰাখিহে চাকৰি নিৰ্বাচন কৰে। এই ক্ষেত্ৰত দেখা গৈছে শিক্ষকতা চাকৰিৰ প্ৰতি মানুহৰ আকৰ্ষণ তুলনামূলকভাৱে কম। বোধহয় ওপৰঞ্চি আয়ৰ ৰুদ্ধ পথেই এই কম আকৰ্ষণৰ কাৰণ। চৰকাৰে বান্ধি দিয়া দৰমহাৰ নিৰিখৰ বাহিৰে আন কোনো উপায়েৰে প্ৰচুৰ অৰ্থ উপাৰ্জন কৰাৰ উজু পথ শিক্ষকসকলৰ নাই বাবে সাধাৰণতে সমাজৰ অৰ্থলোভী তথাকথিত আভিজাত্য স্তৰৰ লোকসকল আৰু নম্বৰৰ পৰিমাণেৰে মেধাবী বুলি পৰিচিতসকল শিক্ষক হ’বলৈ নামি নাহে। আদৰ্শ জলাঞ্জলি দি হলেও এই সকল লোকে আইন অৰ্থাগমৰ পথে ধাবিত হয়। সৰ্বসাধাৰণ আঢ্যৱন্ত লোকসকলৰ কথা নকওঁৱেই আনকি শিক্ষকৰ আদৰ্শৰ জয়গান গাই ফুৰা নেতৃস্থানীয় লোক সকলৰৰ প্ৰায় ভাগেই তেওঁলোকৰ ল’ৰা-ছোৱালীক উদাৰ আনন্দমনে আদৰ্শ শিক্ষক হ’বলৈ উদগনি দিয়া দেখা নাযায়। তেওঁলোকেও সুনীতি বা দুৰ্নীতিৰ মাজেৰে হ’লেও নিজৰ সতি-সন্ততিক অৰ্থকৰী পথত তুলি দিহে শান্তি লভে। আজি দেশৰ সমগ্ৰ স্কুলৰ বেছিভাগ শিক্ষকেই অভাৱ-অনাটনগ্ৰস্ত পৰিয়ালৰ পৰা ওলাই আহিছে আৰু বাকীখিনিয়ে অইন অৰ্থকৰী পথত নিযুক্তি বিচাৰি বিফল হৈ মনৰ ইচ্ছাৰ বিপৰীতে শিক্ষক জীৱন যাপন কৰিছে। বৰ্তমান প্ৰতিযোগিতাৰ দিনত এই স্কুল শিক্ষকসকলৰ জীৱন নিৰ্বাহৰ মানদণ্ড সমাজৰ চকুত অতি নিম্নস্তৰৰ। আজিৰ শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ উপযোগী পাঠদানৰ নিমিত্তে কিতাপ-পত্ৰ অধ্যয়নৰ [ ৫৬ ] চিন্তা ত্যাগ কৰি অৰ্থ প্ৰধান সমাজত খোজ মিলাই চলিবলৈ অৰ্থ চিন্তাত গৃহশিক্ষকৰ ৰূপত ফুৰিব লগা হৈছে। স্বাধীন দেশ এখনত শিক্ষকৰ এনে দৃশ্য অতি অবাঞ্ছনীয় আৰু লজ্জাকৰ। এনে অৱস্থাত কোনো শিক্ষকে কেতিয়াও দেশৰ প্ৰয়োজন অনুসৰি যথোপযুক্ত মানদণ্ডৰ শিক্ষাদান দিব নোৱাৰে।

 শিক্ষাদানৰ মানদণ্ড উন্নয়নৰ পৰিকল্পনাৰে প্ৰশিক্ষণ দিয়াৰ বাবে শিক্ষকসকলক বছৰে বছৰে দলে দলে বি.টি. প্ৰশিক্ষণ কেন্দ্ৰলৈ নিয়াৰ ব্যৱস্থা চৰকাৰে হাতত লৈছে। চৰকাৰৰ এই প্ৰচেষ্টা প্ৰশংসনীয়। কিন্তু বি.টি. প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকসকল থকা স্কুল সমূহতো পাঠদানৰ ক্ষেত্ৰত পূৰ্বৰ ৰীতিৰ বিশেষ সলনি হোৱা দেখা নাযায়। প্ৰশিক্ষণৰ আগতেও কৃতি শিক্ষক বুলি সমাদৃত শিক্ষকসকল প্ৰশিক্ষণৰ পিছত আৰু অধিক সংস্কাৰ হয় যদিও সেই গুণী শিক্ষকসকলেও স্কুলসমূহত যথোপযুক্ত সা-সুবিধা নথকাৰ কাৰণে তেওঁলোকৰ প্ৰতিভা দেখুওৱাৰ সুচল নাপায়। গতিকে চৰকাৰৰ এই প্ৰচেষ্টাও আজি সাৰ্থক হৈ উঠা নাই।

 উপযুক্ত মাটি পালেহে শিল্পীয়ে মনোমাহা মূৰ্তি সাজিব পৰাৰ দৰে উপযুক্ত ছাত্ৰ-ছাত্ৰীকহে শিক্ষকেও মনোমত শিক্ষাদান নিখুঁতভাৱে দিয়াৰ চেষ্টা কৰিব পাৰে। অনুপযুক্ত ছাত্ৰ-ছাত্ৰীক উপযুক্ত কৰাৰ গুৰু দায়িত্ব আপাত দৃষ্টিত শিক্ষকসকলৰ ওপৰত থকা যেন লাগে। কিন্তু বৰ্তমান সমাজত ছাত্ৰ-ছাত্ৰীৰ ওপৰত শিক্ষকৰ দায়িত্ব আংশিকহে, কিয়নো স্কুলত মাত্ৰ পাঁচঘণ্টা সময় শিক্ষকৰ লগত কটোৱাৰ পিছত ছাত্ৰ-ছাত্ৰীয়ে দিনটোৰ বাকী ঊনৈশ ঘণ্টা সময় স্কুলৰ বাহিৰত কটায়। এই সময়ছোৱাৰ গুৰু দায়িত্ব থাকে অভিভাৱকৰ হাতত। নানা ৰুচিপূৰ্ণ বৰ্তমান সমাজখনৰ সাধাৰণতে বেয়া গুণবোৰ গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলক যথোপযুক্ত পৰিচালনা কৰাত অভিভাৱক সকলৰো প্ৰায় ভাগকেই ব্যৰ্থ হোৱা দেখা যায়। ছাত্ৰ-ছাত্ৰীয়ে সমাজৰ ৰুচিৰ অনুকূলে আয়ত্ত কৰা ৰূপ এটা লৈহে স্কুলত প্ৰবেশ কৰে। ছাত্ৰ- ছাত্ৰীৰ দেহ-মনৰ প্ৰাক্‌ আয়ত্ত ৰূপৰ দোষ-ত্ৰুটি নিৰ্মূল কৰি উপযুক্ত ছাত্ৰ-ছাত্ৰী সজাৰ নিমিত্তে শিক্ষকে নানা সমস্যাৰ মাজেৰে হ’লেও ছাত্ৰ-ছাত্ৰীসকলক যি নীতিৰে শিক্ষা দিয়ে তাৰ প্ৰতি তেওঁলোকৰ বিশেষ মনোযোগ দেখা নাযায়। সাধাৰণতে নৈতিক আদৰ্শৰ উপদেশ দিয়া আৰু এই আদৰ্শৰ মাজতেই কালকটোৱা শিক্ষকসকলৰ বৰ্তমান সামাজিক মানদণ্ড দেখি ছাত্ৰ-ছাত্ৰীয়ে শিক্ষকৰ উপদেশমতে জীৱনৰ গতি সলোৱাৰ ইচ্ছা নকৰে। ফলত সমাজৰ সু বা কু আদৰ্শত গঢ়ি উঠা মনোভাৱ ছাত্ৰ-ছাত্ৰীৰপৰা আঁতৰি নাযায় আৰু প্ৰকৃত শিক্ষাদানৰ উপযোগী ছাত্ৰ- ছাত্ৰী, শিক্ষা অনুষ্ঠানসমূহত গঢ় লৈ নুঠে। শিক্ষকৰ সামাজিক জীৱন, উচ্চ মানবিশিষ্ট [ ৫৭ ] নোহোৱা পৰ্যন্ত ছাত্ৰ-ছাত্ৰীৰ মনত শিক্ষকৰ প্ৰতি প্ৰকৃত অনুৰাগ জন্মিব বুলি আশা কৰিব নোৱাৰি। শিক্ষকৰ প্ৰতি ছাত্ৰ-ছাত্ৰীৰ প্ৰবল অনুৰাগ নাথাকিলে শিক্ষকৰ কোনো শিক্ষাদানেই সাৰ্থক হৈ উঠিব নোৱাৰে।

 বিশ্লেষণ কৰি দেখা গ’ল যে বৰ্তমান শিক্ষা জগতৰ মূল উপাদানসমূহ সম্পূৰ্ণ দোষমুক্ত নহয়। দোষমুক্ত হলেও এই আটাই কেইবিধ উপাদানেই পৰস্পৰে পৰস্পৰৰ দোষত্ৰুটিবোৰ বুজিবৰ চেষ্টা কৰি গঠনমুখী মনোভাবেৰে দোষ-ত্ৰুটিবোৰ নিৰ্মূল কৰাৰ প্ৰতিশ্ৰুতি লৈ আগুৱাই আহিলে দেশত পূৰ্ণাংগ শিক্ষাই ৰূপ লৈ উঠিব। আদৰ্শপূৰ্ণ সুস্থ শিক্ষাবস্তু সম্বলিত পাঠ্যক্ৰম বিশেষজ্ঞ সকলৰ দ্বাৰা প্ৰস্তুত কৰাই তাৰ শুদ্ধ ৰূপায়নৰ বাবে শিক্ষাবিভাগে চেষ্টা চলাব লাগিব। এই পাঠদানৰ নিমিত্তে যোগ্যজনক যোগ্য স্থানত নিয়োগৰ ব্যৱস্থা নিস্বাৰ্থভাৱে কৰ্তৃপক্ষই হাতত ল’ব লাগিব। যোগ্যজনক উচিত ৰূপে চিনি উলিওৱা মেধামান পৰীক্ষানীতিৰ দোষ- ত্ৰুটি নিৰ্মূল কৰাত কৰ্তৃপক্ষই সবাতোকৈ অধিক গুৰুত্ব নিদিলে সকলো প্ৰচেষ্টাই অথলে যাব। শিক্ষকসকলক চৰকাৰে আৰ্থিক দিশত উন্নত স্তৰলৈ নিয়াৰ চেষ্টা অচিৰেই নকৰিলে দেশৰ ভৱিষ্যত সকলৰ সৌভাগ্য সোনকালে নাহিব। শিক্ষকে প্ৰাপ্য মৰ্যদাৰে উন্নতমান বিশিষ্ট জীৱন-যাপন কৰা দেখিলে শিক্ষকৰ প্ৰতি থকা সমাজৰ বৰ্তমান ভাবৰ পৰিবৰ্তন হ’ব। সমাজত শিক্ষকৰ নতুন মূল্যবোধ সৃষ্টি হ’ব। শিক্ষকৰ সামাজিক মূল্য বৃদ্ধি হোৱাৰ লগে লগে শিক্ষকৰ প্ৰতি ছাত্ৰ-ছাত্ৰীৰ অনুৰাগ বাঢ়িব। ফলত শিক্ষকৰ সকলো উপদেশ আৰু শিক্ষাই ছাত্ৰ-ছাত্ৰীৰ মনত জীপ লৈ উঠিব। এনেদৰে লাহে লাহে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ মাজত পৱিত্ৰ সম্বন্ধ গঢ়ি উঠিব। এই সম্বন্ধৰ বান্ধোন যাতে কটকটীয়া হয় তাৰ বাবে অভিভাৱকসকলেও ইন্ধন যোগাব লাগিব। শিক্ষকসকলৰ লগত অভিভাৱকসকলে যোগাযোগ ৰখাটো অপৰিহাৰ্য কৰ্তব্য বুলি ভাবিব লাগিব। এনেদৰে চৰকাৰ, শিক্ষক, অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীৰ শুভ-সংযোগ ঘটিলে দেশে বিচৰামতে ফলপ্ৰসূ শিক্ষাই যে ঠন ধৰি উঠিব ই আৱশ্যম্ভাৱী।□


গুৱাহাটী জিলা সাহায্যপ্ৰাপ্ত হাইস্কুল শিক্ষক সন্থাৰ বছৰেকীয়া আলোচনী, ১ম বছৰ, ২য় সংখ্যা, ১৯৭৩ চন। (সম্পাদক- শ্ৰীসুৰেন্দ্ৰ মোহন ঠাকুৰীয়া) [ ৫৮ ]


অসমত সাহিত্য চৰ্চাৰ সমস্যা


 স্কুলীয়া আলোচনীৰ পাততেই সাধাৰণতে ল’ৰা-ছোৱালীসকলৰ সাহিত্যৰ হাত শিক্ষা আৰম্ভ হয়। ল'ৰা-ছোৱালীসকলৰ বেছিভাগেই তেওঁলোকৰ গল্প, কবিতা আদি ছপা আখৰত দেখা পোৱাৰ আশাতে এইবোৰ লিখোঁতে ককাই-ভাই বা কোনো সম্বন্ধীয় লোকৰ আশ্ৰয় লয়। যি সকলৰ এনে আশ্ৰয় নাই সেই সকলৰ কিছুমানে অজ্ঞতা দোষত অইনৰ লেখাকে নকল আদি কৰি প্ৰকাশ কৰিবলৈ ইচ্ছুক হৈ পৰে আৰু কিছুমানে জনাই নজনাই নিজে লিখাৰ প্ৰয়াস কৰে। ঠিক এইদৰে শিশু ল’ৰা-ছোৱালীসকলে স্কুলীয়া আলোচনীৰ মাজেৰেই সাহিত্য ক্ষেত্ৰলৈ যোৱাৰ পথত প্ৰথম খোজ আগবঢ়ায়। শিশুসকলে তেওঁলোকৰ এনে লেখাবোৰ আলোচনীৰ সম্পাদক/সম্পাদিকাৰ হাতত দি তেওঁলোকৰ প্ৰতিজনেই নিজৰ লেখাখিনি ছপা আখৰত চাবলৈ বাটচাই থাকে।

 সম্পাদক/সম্পাদিকাসকলৰ বেছিভাগেই আকৌ সম্পাদনা কি বস্তু বুজি নাপায়। সেয়েহে তেওঁলোকে প্ৰবন্ধ, কবিতা আদি চাইচিতি ছপোৱাৰ উপযুক্তখিনি বাচি উলিয়াই সকলোখিনি ঠাক্-ঠিক্ কৰি দিবলৈ অনুৰোধ কৰে তেওঁলোকৰ শিক্ষাগুৰুসকলক; বিশেষকৈ আলোচনীৰ দায়িত্বত থকা শিক্ষক গৰাকীক। দায়িত্বত থকা শিক্ষক গৰাকীয়ে বা শিক্ষকসকলে লেখাবোৰ পৰীক্ষা-নিৰীক্ষা কৰি দিয়াৰ পিছত লেখাবোৰ ছপা হৈ ওলায়। যিসকল ছাত্ৰ-ছাত্ৰীৰ লেখা ছপা হৈ ওলায়, সেই সকলৰ মন আনন্দিত হয় আৰু এই আনন্দই তেওঁলোকক এখোজ এখোজকৈ সাহিত্যৰ ক্ষেত্ৰলৈ আগবঢ়াই লৈ যায়। শিক্ষকৰ বাচনিত যি সকলৰ লেখা অনুপযুক্ত বিবেচিত হয়, সেইসকলৰ মনত সাময়িকভাৱে নিৰানন্দই দেখা দিলেও সাহিত্যৰ বীজ সুপ্ত হৈ থকা ল’ৰা-ছোৱালীসকলে এইদৰে বাৰে বাৰে চেষ্টা কৰি স্কুলৰ আলোচনীতে প্ৰথমে ভুমুকি মৰা দেখা যায়।

 শিশু সাহিত্যিকসকলৰ এই কুমলীয়া স্তৰত দৰাচলতে সাহিত্যৰ নিপুণ পথ প্ৰদৰ্শকৰ অতি প্ৰয়োজন। কিন্তু সেই পথ প্ৰদৰ্শকৰ সংখ্যা স্কুলসমূহত তেনেই তাকৰ বুলি ক’লেও অত্যুক্তি কৰা নহয়। বহু শিক্ষানুষ্ঠানত সাহিত্য চৰ্চাৰ নাম গোন্ধেই নাই। বহু স্কুল পুথিভঁৰালত শিশু সাহিত্যতো নাথাকেই; ডেকা, প্ৰৌঢ়, [ ৫৯ ] বৃদ্ধ, শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সাহিত্যও অতি কমেই থাকে। যিখিনি থাকে সিও আলমাৰিতেই মলঙি যায়; শিক্ষক-শিক্ষয়িত্ৰীসকলে প্ৰায়েই পঢ়া দেখা নাযায়। শিক্ষকসকলৰ বেছিভাগেই সাহিত্য অধ্যয়ন আৰু চর্চা বিমুখ হােৱাৰ ফলত তেওঁলােকে শিশুসকলক বিজ্ঞানসন্মত যথােপযুক্ত সাহিত্যৰ উপদেশেৰে প্রণালীবদ্ধভাৱে সাহিত্য চর্চাৰ পথত আগবঢ়াই নিবলৈ অক্ষম হৈ পৰা দেখা যায়। তেওঁলােকৰ এই অক্ষমতা শিশুসকলৰ সাহিত্য চর্চাৰ ক্ষেত্ৰত এক প্রধান সমস্যা।

 অসমীয়া সমাজখনৰ ঘৰ সমূহতাে সাহিত্য চর্চাৰ পৰিবেশ প্ৰায়েই নাই। অসমীয়া তথাকথিত শিক্ষিতসকলৰ প্ৰায়ভাগৰেই কিতাপ পঢ়া অভ্যাস কম। তেওঁলােকৰ ল’ৰা-ছােৱালীক ঘৰত সাহিত্যৰ শিক্ষা দিয়াৰ কথা চিন্তা কৰাটো তেওঁলােকে কোনাে কর্তব্যৰ ভিতৰত নধৰে। তেওঁলােকৰ ল’ৰা-ছােৱালীয়ে সেয়েহে সৰু অৱস্থাৰে পৰা সাহিত্য পাঠৰ বিমল আনন্দৰ পৰা বঞ্চিত হয়। এই ক্ষেত্ৰত অৱশ্যে কিছুমান আদর্শ পৰিয়াল নােহােৱা নহয়। সেইবােৰৰ ল’ৰা-ছােৱালীৰ সৰুৰে পৰা এটা সাহিত্যৰ পৰিবেশ পােৱাৰ সৌভাগ্য ঘটে। সাহিত্যিক অথবা সাহিত্যমােদী অভিভাৱকৰ গঠনমুখী সহায়, উৎসাহ, উদ্দীপনা, উপদেশৰ মাজেৰে এই সৌভাগ্যবান শিশুসকলে অনায়াসে সাহিত্য চৰ্চাৰ পথত নামিবলৈ সূচল পায়। পিছে এনে আদর্শ পৰিয়ালৰ সংখ্যাও অসমত বেছি নাই।

 বেছি ভাগ স্কুল আৰু ঘৰৰ সাহিত্য চর্চাৰ প্রতিকূল পৰিবেশৰ মাজত খকা- খুন্দা খাই যিসকল শিশুৱে প্রায় নিজকে নিজে ভুলে-ভ্রান্তিয়ে থৰক বৰককৈ সাহিত্য চৰ্চাত ৰত হৈ আছে সেই সকলৰো বয়স আৰু ভাব উপযােগী সাহিত্য চর্চাৰ একক প্লেটফর্ম শিশু বা চেমনীয়া আলােচনী, বাতৰি কাকত আদিৰ প্ৰচলনো অসমত বেছি দেখা নাযায়। শিশু বা চেমনীয়াসকলৰ সাহিত্যখিনি কোনাে কোনাে বাতৰি কাকত, আলোচনী আদিত অন্তর্ভুক্ত চেমনীয়াৰ চ’ৰা নাইবা ভাইটি-ভণ্টিহঁতৰ চ’ৰাতহে অতি পুতৌ লগা অৱস্থাত দেখা পােৱা যায়। শিশু সাহিত্যৰ প্রতি এনে অৱহেলাৰ কুফল ভাষা সাহিত্যৰ ক্ষেত্ৰত সুদূৰ প্ৰসাৰী। এই কথা অসমীয়াই উপলব্ধি নকৰাটো অতি পৰিতাপৰ কথা।

 চেমনীয়া চিন্তা-চৰ্চাৰ বাবে সাহিত্যালােচনী আদি বেছি নথকাৰ কাৰণে চেমনীয়া সাহিত্যিকসকলে নিৰুপায় হৈ তেওঁলােকৰ লেখাসমূহ প্রকাশৰ আশাৰে তেওঁলােকতকৈ উচ্চ চিন্তাৰ সাহিত্যালােচনী আদিলৈ পঠোৱা দেখা যায়। পিছে উচ্চমানযুক্ত লেখাৰ লগত সাধাৰণতে চেমনীয়াৰ নিম্নমানদণ্ডৰ লেখা সমূহে অস্তিত্ব হেৰুৱাই অনুপযুক্ত বিবেচিত হােৱাৰ ফলত চেমনীয়াৰ লেখাসমূহ প্ৰায়েই [ ৬০ ] অপ্রকাশিত হৈ ৰৈ যায়। আলােচনীৰ ঐতিহ্যপূর্ণ মানদণ্ড আদিলৈ চাই লেখাসমূহ নির্বাচন কৰাৰ কাৰণেই হয়তাে এনে কার্য সংঘটিত হয়। কিন্তু সম্ভাৱনাযুক্ত চেমনীয়া সাহিত্যিকসকলৰ ক্ষেত্ৰত এনে কাৰ্যই কেতিয়াবা কেতিয়াবা হতাশাৰাে সৃষ্টি কৰে। এনে হতাশাৰে বিষণ্ণ হৈ বহু চেমনীয়া সাহিত্যিকে সাহিত্য সৃষ্টিৰ কলা-কৌশল আদিৰ খুঁতি-নাতি শিকি বুজি লােৱাৰ উদ্দেশ্যে প্রতিষ্ঠিত সাহিত্যিকসকলৰ কাষ চপা দেখা যায়। কিন্তু সাধাৰণতে সুন্দৰৰ পূজাৰী হিচাপে শান্ত-সৌম্য মূর্তিৰ অধিকাৰীয়েই হ’ব বুলি ভাবি থকা প্রতিষ্ঠিত সাহিত্যিকসকলৰ প্ৰায় ভাগেই সাহিত্যিকৰ গাম্ভীর্য প্রদর্শন কৰি তেওঁলােকৰ বহুমূলীয়া সময় নষ্ট কৰিব নােৱাৰাৰ ইংগিতময় সংক্ষিপ্ত দুই-এষাৰ কথাৰে সাহিত্য শিক্ষার্থীক হতাশ কৰি পঠোৱাৰ উদাহৰণাে নােহােৱা নহয়। অৱশ্যে সাহিত্য সাধনাই পৱিত্ৰ কৰা উদাৰ হৃদয়ৰ শান্ত-সৌম্য মূর্তিৰ অধিকাৰী সাহিত্যিকো অসমত নােহােৱা নহয়। সাহিত্য সাধনাত পথভ্রষ্ট হ’ব খােজা বহু তৰুণ সাহিত্যিকক এই শ্ৰেণীৰ সাহিত্যিকে নানা উপদেশেৰে পথৰ হেঙাৰ আঁতৰাই মানুহ কৰাৰ উদাহৰণা আছে। কিন্তু এই শ্ৰেণীৰ সাহিত্যিক সংখ্যা অসমত তেনেই কম।

 অসমীয়া সাহিত্যৰ আলােচনী জগতখনাে একমাত্র অর্থাগমক লক্ষ্য কৰিয়েই সস্তীয়া হৈ পৰা যেন লাগে। উচ্চমানৰ আলােচনীৰ সংখ্যাতাে আঙুলিৰ মূৰতেই গণিব পাৰি৷ যি দুই-চাৰিখন মানবিশিষ্ট আলােচনী ওলাইছে, সিও বিশেষ এচাম প্রবীণ সাহিত্যিকৰ চৰ্চা ক্ষেত্র হৈ থকা যেন অনুমান হয়। পাতল ৰুচিৰ আলােচনীত বহু প্রতিভাবান লেখকে ইচ্ছা থাকিলেও স্বকীয় আদৰ্শৰ বিপৰীতে লিখিবলৈ মন নকৰে। এই সকল লেখকৰ লেখাৰ বােৱঁতী সুঁতি এই কাৰণে মৰা সুঁতিৰ দৰে স্তিমিত হৈ গৈছে। সস্তীয়া বােলছবিৰ দৰে সস্তীয়া আলােচনীয়েও অল্পায়ুস হ’লেও বাচি থকা দিনকেইটাত কিছু হৈ-চৈৰ সৃষ্টি কৰে। এই হৈ-চৈত অসমীয়া পাঠক সমাজৰ এচাম ডেকা-ডেকেৰী আনকি বুঢ়া বুঢ়ীও ডুব যােৱাটো পৰিলক্ষিত হৈছে। পাঠক সমাজৰ এনে ৰুচিৰ ক্ৰম বৃদ্ধিয়ে মানবিশিষ্ট সাহিত্য সৃষ্টিৰ পথত এক অন্তৰাই হৈ থিয় দিছে।

 এনেবােৰ বিভিন্ন সমস্যাৰ মাজত হাবাথুৰি খাই যি কেইজন মুষ্টিমেয় সুৰুচিবান উঠি অহা লেখকে সাহিত্য সৃষ্টি কৰে, তেওঁলােকৰাে প্ৰায় ভাগেই একমাত্র আর্থিক দৈন্যৰ বাবে প্রকাশকৰ দুৱাৰে দুৱাৰে অনুগ্রহ বিচাৰি ফুৰিবলগীয়া হয়। প্রকাশক সকলৰো বেছিভাগেই সাহিত্যৰ মানদণ্ড আদিলৈ ভ্রুক্ষেপ নকৰি একমাত্র অর্থাগমত সহায়ক হােৱা নােহােৱাটোলৈ লক্ষ্য কৰিহে পুথি প্রকাশৰ নামত ধন খৰচ কৰিবলৈ [ ৬১ ] আগবাঢ়ে। অর্থাগমত সহায়ক পুথি হ’লে তেওঁলােকে প্রকাশ কৰে আৰু ইয়াৰ বিপৰীত হ’লে তেওঁলােকে সুন্দৰ ভাবে ব্যৱসায়িক হাঁহি এটিৰে নেতিবাচক উত্তৰ দি লেখকক বিদায় দিয়ে। আর্থিক দৈন্যত জুৰুলা হােৱা বহু সম্ভাৱনাপূর্ণ লেখকৰ সুপ্ত প্রতিভা এইদৰেই নিঃশেষ হােৱাৰ উদাহৰণ প্ৰচুৰ আছে। স্বীকৃত নামী লেখকসকলেও যে প্রকাশকসকলৰ সহায়ত পুথি প্ৰকাশ কৰি কষ্টৰ তুলনাত আর্থিক দিশত বিশেষ লাভবান হয়, এনে নহয়। কষ্টৰ তুলনাত তেনেই নামমাত্র টকাৰ বিনিময়ত তেওঁলােকেও তেওঁলােকৰ বহুমূলীয়া ভাব সম্পদেৰে ভৰা পুথিসমূহ প্রকাশকৰ হাতত তুলি দিবলগীয়া হয়। সাহিত্য চর্চাৰ ক্ষেত্ৰত এনেবােৰ নিশ্চিত অর্থনৈতিক ঘাত-প্রতিঘাতৰ কথা চিন্তা কৰিয়েই হয়তাে বেছিভাগ সাহিত্যিকে আজি অসমত একক সাহিত্য সাধনাত ব্ৰতী হােৱা নাই। অসমৰ সাহিত্য জগৎ ঠিক এইদৰে চলি থাকিলে অসমৰ ভাষা সাহিত্য অনুক্রমে লোপ হওঁতে বেছি দিন নালাগিব।

 সাহিত্য চর্চাৰ ক্ষেত্ৰত দেখা দিয়া বিভিন্ন সমস্যাসমূহ দূৰীকৰণার্থে বিজ্ঞানসন্মত বলিষ্ঠ চিন্তাৰে মুখ্য ভূমিকা লােৱাটো অসম সাহিত্য সভাৰ এক মহান কর্তব্য বুলি আমি বিবেচনা কৰোঁ। অসমীয়া সাহিত্য জগতৰ বিভিন্ন স্তৰত অবাঞ্ছনীয় বিশৃংখলতাৰে যি সাহিত্য চর্চা চলিছে, সাহিত্য সভাৰ লগত ওতপ্রােতভাৱে জড়িত থকা উচ্চস্তৰৰ তথাকথিত সাহিত্যিক গােষ্ঠীয়ে আজি তাৰ বিশেষ খা-খবৰ ল’বলৈ ইচ্ছা কৰাটো দেখা নাযায়। বিশাল আকৃতিৰ ভূমিৰ ওপৰত অৱস্থিত হােৱা কাৰণেহে মিছৰৰ পিৰামিডৰ সুউচ্চ চূড়াৰ আকর্ষণীয় সৌন্দর্য বিশ্বত আজি আচৰিত ৰূপত জিলিকি উঠিছে। অসমীয়া সমাজখনৰ এক বিশাল অংশক সাহিত্যপ্রেমী কৰি লৈ তাৰ ওপৰত সাহিত্য সৌধ অৱস্থিত কৰিব পাৰিলেহে অসমীয়া সাহিত্যৰ উচ্চমান বিশিষ্ট সৌন্দর্য ৰূপ বিশ্ব পােহৰাই জিলিকি থাকিব। সেয়েহে আজিৰ চিন্তাশীল সাহিত্যিকসকলে কেৱল মুষ্টিমেয় সাহিত্যিকসকলৰ কাৰণেই সাহিত্য সৃষ্টিত ব্যস্ত থাকিলে নহ’ব; তেওঁলােকে বিশাল জনসাধাৰণৰ সাহিত্য পাঠৰ বা চৰ্চাৰ গতি-বিধি, ৰুচি আদিৰ প্রতি সততে দৃষ্টি ৰাখি উচ্চ স্তৰৰ সাহিত্যৰ মূল স্থিতি ভূমি জনসাধাৰণৰ সাহিত্যপ্রেমক বিশাল ৰূপত শক্তিশালী কৰাৰ প্রতিও সমানে যত্নপৰ হ’ব লাগিব। অসম সাহিত্য সভাৰ অধীনত গাঁৱে-ভূঞে, নগৰে-চহৰে যথেষ্ট শাখা সাহিত্য সভা আছে। প্রয়ােজন হলে এই শাখাৰ সংখ্যা বৃদ্ধি কৰি হ’লেও এইবােৰৰ দ্বাৰা জনসাধাৰণৰ মাজত সাহিত্য প্রেম জাগ্রত কৰাৰ উদ্দেশ্যে বিভিন্ন চেষ্টা চলাব পৰা যায়। এনে চেষ্টাৰ ফলত গাঁৱে-ভূঞে, নগৰে-চহৰে সাহিত্য অধ্যয়ন আৰু চৰ্চাৰ [ ৬২ ] এটি পৰিৱেশ লাহে লাহে হয়তাে ঠন ধৰি উঠিব। পুথি অধ্যয়নৰ অভ্যাস আদি গঢ়ি উঠাৰ লগে লগে সাহিত্য-উপদেষ্টাসকলৰ আলােচনা, উপদেশ আৰু প্ৰভাৱ আদিৰ ফলত লাহে লাহে সর্বসাধাৰণ পাঠকৰ সাহিত্যৰ ৰুচিবােধ উন্নত হৈ আহিব। উন্নত ৰুচিৰ পাঠক সমাজৰ মাজত প্রচলিত আলােচনী, পুথি আদিও লাহে লাহে উন্নত ৰুচিৰ লেখাৰে সমৃদ্ধ হৈ আহিব। সুৰুচিপূর্ণ সাহিত্যৰাজি এনেদৰে লাহে লাহে। সমাজৰ বাহিৰে ভিতৰে পৰিয়ালে পৰিয়ালে সােমাই পৰিব। সমাজত যেতিয়া এনেদৰে ক্ৰমান্বয়ে সুসাহিত্য-প্রীতি বাঢ়ি আহিব, পাঠক সংখ্যা বাঢ়ি আহিব; আপােনা- আপুনি বজাৰত উন্নত ৰুচিৰ ভাল কিতাপৰ বেচা-কিনা বৃদ্ধি হৈ আহিব। বেচা- কিনা বৃদ্ধি হােৱাৰ লগে লগে প্রকাশকসকলৰ মন ফৰকাল হ'ব। প্রকাশকসকলে তেতিয়া প্রবীণ লেখকৰতাে কথাই নাই, নবীন লেখকৰ উপযুক্ত গ্রন্থ আদি প্রকাশ কৰিবলৈ পিছ নুহহিকিব। শিশু, চেমনীয়া, ডেকা-গাভৰুৱে ঘৰে বাহিৰে, স্কুলে- কলেজে সমাজৰ সকলাে স্তৰতে কতাে উজুটি নােখােৱাকৈ এইদৰে যেতিয়া সাহিত্য অধ্যয়ন, চৰ্চাত আত্মনিয়ােগ কৰিবলৈ সূচল পাব তেতিয়া অসমীয়া সাহিত্য জগৎ যে জেষ্ঠ্য, প্রবীণ, গুণী সাহিত্যিকসকলৰ সাহিত্যৰাজিৰ উপৰিও ভিন্ ভিন্ প্রতিভাৰ নতুন নতুন কৃতি সাহিত্যিকৰ নতুন নতুন সাহিত্য সম্ভাৰেৰেও সমুজ্জ্বল হৈ উঠিব ই ধুৰূপ।





প্রয়াত উমেশ বৈশ্যৰ তত্ত্বাৱধানত প্রকাশিত দুমহীয়া আলােচনী ’সুৱাগী’, ১ম বছৰ, ১ম সংখ্যা, ১৯৮০ চন। [ ৬৩ ]


অন্তঃসাৰ শূন্যঃ বৰ্তমান শিক্ষা জগত


 প্ৰাক্ স্বাধীন যুগৰ তুলনাত স্বাধীনোত্তৰ যুগত ভাৰতৰ শিক্ষানুষ্ঠান সমূহে দেশৰ কৰ্ণধাৰ, শিক্ষাবিদসকলৰ চিন্তাৰ অনুকূলে যিসকল শিক্ষিত লোকৰ সৃষ্টি কৰিলে সেইসকলৰ গৰিষ্ঠ সংখ্যকেই অনৰ্থক বুলি ক’লেও অত্যুক্তি কৰা নহয়। বৰ্তমানৰ শিক্ষা জীৱনৰ বুনিয়াদ তৈয়াৰ কৰিবলৈ অক্ষম। ক্ৰমবৰ্দ্ধিত তথাকথিত অসাৰ্থক শিক্ষিত লোকৰ সৃষ্টিয়ে বৰ্তমান শিক্ষাবিভাগৰ চূড়ান্ত পৰাজয় ঘোষণা কৰিছে।

 স্বাধীন দেশ এখনৰ শিক্ষাদিশৰ অক্ষমণীয় বিপৰ্যয়ৰ কাৰণসমূহ নিৰ্ণয় কৰাৰ নিমিত্তে দেশৰ কোনোৱে দায়িত্ববোধপূৰ্ণ মনেৰে অগ্ৰসৰ হোৱা নাই অথবা কাৰণসমূহ নিৰ্ণিত হলেও অৰ্থলিপ্সু মনৰ দাসত্ব স্বীকাৰ কৰি কোনোৱে তাৰ নিৰ্ভুলকৰণৰ প্ৰতি বিশেষ মনোযোগ দিয়া নাই।

 প্ৰয়োজনীয় শিক্ষাবস্তু শিক্ষক, ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু চৰকাৰৰ মণিকাঞ্চন সংযোগতহে পূৰ্ণাঙ্গ শিক্ষা সম্ভৱ হৈ উঠিব পাৰে। এই কেইবিধ উপাদানৰ যিকোনো এবিধৰ ত্ৰুটি-বিচ্যুতি ঘটিলেই শিক্ষা বিপৰ্যয় সংঘটিত হয়। অনুধাৱন কৰিলে দেখা যায় আমাৰ দেশত শিক্ষাসংগঠনৰ আটাইকেইবিধ উপাদানেই দোষপূৰ্ণ, যাৰ ফলত আজি দেশত অপৰিশোধনীয় দোষপূৰ্ণ সীমাহীন শিক্ষিত লোকৰ সৃষ্টি হৈছে।

 ঐতিহ্যমণ্ডিত ভাৰতীয় আদৰ্শক জীয়াই ৰাখি সম্পূৰ্ণ ভাৰতীয় পটভূমিত আধাৰিত শিক্ষাবস্তু গ্ৰহণ নকৰা পৰ্যন্ত ভাৰতীয় আদৰ্শসদ্ভূত শিক্ষাই ৰূপলৈ উঠিব বুলি আশা কৰা ভুল। বৰ্তমান ভাৰতে নিজ আদৰ্শৰ ওপৰত আস্থা ৰাখি পৃথিৱীৰ আন আন প্ৰগতিশীল জাতিসমূহৰ গ্ৰহণীয় বলিষ্ঠ আদৰ্শৰ প্ৰতি আগ্ৰহান্বিত হৈছে নে নিজ আদৰ্শ বলিদান দি অইন অইন আদৰ্শৰ পিছত ঢাপলি মেলিছে বুজিব পৰা নাই। বোধহয় ভাৰতীয় আদৰ্শ আৰু পশ্চিমীয়া আদৰ্শৰ সংঘাতত আমাৰ সমাজ জৰ্জৰিত। এনে এখন আদৰ্শসংঘাত জৰ্জৰ সমাজত আমাৰ চৰকাৰে কোনো এক নিশ্চিত আদৰ্শ আগত ৰাখি শিক্ষাজগতত আজি পৰ্যন্ত এক সুস্থিৰ প্ৰয়োজনীয় শিক্ষাবস্তু সম্বলিত পাঠ্যক্ৰম সাজি উলিয়াব পৰা নাই। গতিকে প্ৰয়োজনীয় [ ৬৪ ] অপ্ৰয়োজনীয় শিক্ষাবস্তুৰ হিচাব আমাৰ শিক্ষা জগতত যিহেতু এই পৰ্যন্ত শূন্য, অসাৰ্থক অকৰ্মন্য শিক্ষিত লোকেৰে আমাৰ দেশ আজি পূৰ্ণ।

 সূক্ষ্মভাৱে লক্ষ্য কৰিলে দেখা যায় আমাৰ দেশৰ শিক্ষকসকল বেছিভাগেই তৃতীয় বিভাগযুক্ত আৰু মেধাহীন। গতিকে তেওঁলোকৰদ্বাৰা বিষয়বস্তুৰ মানবিশিষ্ট শিক্ষাদান সম্ভৱ হৈ নুঠে। সকলো দিশতে দুৰ্বল শিক্ষকেৰে আমাৰ শিক্ষানুষ্ঠানসমূহ পৰিপূৰ্ণ হৈ থকাৰ কাৰণ স্পষ্ট হৈ আছে। মেধাবী প্ৰথম বিভাগযুক্ত বা সন্মান সহ উত্তীৰ্ণ হোৱা তীক্ষ্ণ বুদ্ধিৰ ছাত্ৰ-ছাত্ৰীসকলে সাধাৰণতে শিক্ষকতা কৰাৰ সপোন নেদেখে। অভিভাৱকসকলেও ভুলতেও তেওঁলোকৰ ল’ৰা-ছোৱালীক শিক্ষক সজাৰ কল্পনা নকৰে। কিয়নো তেওঁলোকে জানে যে শিক্ষকতা কৰিলে তেওঁলোকৰ ল’ৰা-ছোৱালীয়ে চিৰস্থায়ী দাৰিদ্ৰৰ হেঁচাত জৰাজীৰ্ণ হৈ এক কৰুণ জীৱন যাপন কৰিব লাগিব। গতিকে প্ৰচুৰ অথাৰ্গমৰ পথ বিচাৰি মেধাৱী ছাত্ৰ-ছাত্ৰীসকল অইন বিভাগে ধাবিত হয়। যি সকল মেধাৰ অভাৱত অইন অৰ্থাগমৰ পথে যাব নোৱাৰে সেই সকলৰ কিছুমানে অৰ্থৰ অন্বেষণত বেহা-বেপাৰৰ মাজত আৱদ্ধ হয় আৰু বেহা-বেপাৰত অৰ্থাভাৱৰ বাবে আৱদ্ধ থাকিব নোৱাৰাসকলৰ কিছুমানে কেৰাণী কামত নিযুক্ত হয়। ওপৰঞ্চি আয়ুক্ত কেৰাণী কাম বিচাৰি বিফল হোৱা সকলৰ কিছুমানে সদৌ শেষত নিৰুপায় হৈ গাঁৱে-ভূঞে গঢ়ি উঠা স্কুলসমূহত নামমাত্ৰ দৰমহাতে শিক্ষকতা আৰম্ভ কৰি আজীৱন দাৰিদ্ৰক স্বাগতম জনায়। শিক্ষকতাৰ দৰে মহান আদৰ্শপূৰ্ণ কামক সন্মান জনাই এই সকল লোকে শিক্ষক হোৱা যেন নালাগে।

 উপযুক্ত শিক্ষক সজাৰ পৰিকল্পনাৰে চৰকাৰে এই শিক্ষকসকলক বছৰে বছৰে দলে দলে বি.টি. প্ৰশিক্ষণ কেন্দ্ৰলৈ নি লাখ লাখ টকা অপব্যয় কৰিছে। প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকসকলৰ বেছিভাগে ব্যৱহাৰিক কাৰ্যকলাপলৈ লক্ষ্য কৰিলে দেখা যায় তেওঁলোকৰ শিক্ষাদানৰ ৰীতি দোষমুক্ত নহয়। প্ৰশিক্ষণৰ আগৰ দোষ প্ৰশিক্ষণৰ পিছততা স্পষ্টৰূপে বৰ্তমান হৈ থাকে। অৱশ্যে কিছুমান শিক্ষকে নিজৰ প্ৰতিভাৰ গুণত প্ৰশিক্ষণ প্ৰাপ্ত হৈ পূৰ্বৰ দোষযুক্ত শিক্ষাৰীতি শুদ্ধ কৰিবলৈ সমৰ্থ হয়। কিন্তু সেই গুণী শিক্ষকসকলেও স্কুলসমূহত যথোপযুক্ত সা-সুবিধা নথকা কাৰণে তেওঁলোকৰ প্ৰতিভা দেখুৱাৰ সুচল নাপায়।

 সমাজৰ কুৰুচি, অভিভাৱকসকলৰ কুৰুচি, কু-শাসন আৰু কু-সঙ্গীৰ ফলত ছাত্ৰ-ছাত্ৰীসকলৰ বেছিভাগ হৈ পৰিছে উচ্ছৃংখল প্ৰকৃতিৰ গুৰু গোসাঁই নমনা উৰ্দ্ধত জীৱ৷ স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীসকলে কুন্ধচ চলন-ফুৰণ, পিন্ধন-উৰণ [ ৬৫ ] আদিয়ে অভিভাৱকসকলৰ বিকৃতি ৰুচি পৰিস্কাৰকৈ দাঙি ধৰে। বর্তমান যুগত চিনেমাৰ কু-প্রভাৱে ছাত্ৰ-ছাত্ৰীৰ নৈতিক দিশৰ পতন ঘটোৱাত যথেষ্ট ইন্ধন যােগাইছে। ইয়াৰ প্ৰভাৱতে গঢ়ি উঠা ছাত্র-ছাত্রীসকলৰ চলন-ফুৰণত বাধা দি ছাত্র- ছাত্রী সুলভ শান্ত-সৌষ্ট বেশভূষা প্রমাণ কৰিবলৈ অন্ততঃ কিছুসংখ্যক সুৰুচিসম্পন্ন অভিভাৱককো আজি ব্যর্থ হােৱা দেখা যায়। আজিৰ ছাত্ৰ-ছাত্ৰীয়ে পশ্চিমৰ পােচাকী প্রভাৱত প্ৰভাৱান্বিত হৈছে। পশ্চিমৰ গুণগত দিশলৈ তেওঁলােকৰ চকু নাই। ঘৰ, বাহিৰ, স্কুল কতাে তেওঁলােকৰ স্থিৰতা নাই। আজিৰ শিক্ষানুষ্ঠান যেন কোলাহলপূর্ণ যান্ত্রিক কাৰখানাহে। এই কাৰখানাত জ্ঞান আহৰণৰ বাবে তেওঁলােকে চিন্তা-চর্চা কৰাৰ বিশেষ প্রয়ােজন বােধ নকৰে। গৃহ শিক্ষক, বজৰুৱা নাট, পৰীক্ষাঘৰৰ নকল বিদ্যা এই আটাইবােৰৰ সমন্বয়ত আজি ছাত্ৰ-ছাত্ৰীৰ মৌলিক চিন্তাৰ দিশ পঙ্গু হৈ গৈছে। যি কেইজন মুষ্টিমেয় ইচ্ছুক জ্ঞানপিপাসু ছাত্র-ছাত্রী থাকে সেই কেইজনেও কাৰখানামুখী শিক্ষানুষ্ঠানৰ কোলাহল আৰু বিষময় আৱহাওৱাৰ মাজত জ্ঞান লাভৰ পৰা বঞ্চিত হয়।

 অভিভাৱকসকলৰ ভূমিকা আমাৰ দেশত অতি দুখলগা। কি শিক্ষিত কি অশিক্ষিত সকলাে শ্ৰেণীৰ অভিভাৱকেই ল’ৰা-ছােৱালীক স্কুলত ভৰ্তি কৰি দিয়াৰ পিছতেই তেওঁলােকৰ কৰ্তব্য শেষ হােৱা বুলি ভাবে। দিনটোৰ মাত্র পাঁচ ঘণ্টা সময় শিক্ষকৰ লগত কটোৱাৰ পিছত বাকী ঊনৈশ ঘণ্টা সময় ল’ৰা-ছােৱালীয়ে অভিভাৱকৰ তত্ত্বাৱধানত কটায়। উনৈশ ঘণ্টা সময়ৰ কৰ্তব্যৰ তালিকাৰ দায়িত্ব থাকে অভিভাৱকৰ হাতত। দেখা যায় কোনাে অভিভাৱকে এই কথাৰ ভূ নাৰাখে। ফলত স্কুলৰ পৰা গৈয়েই ল’ৰা-ছােৱালীয়ে প্ৰায়েই দায়িত্বহীন অভিভাৱকৰ শৃংখলাহীন শাসনৰ অধীনত যেনি-তেনি ঘূৰি-ফুৰি বিপথগামী হৈ ভৱিষ্যতৰ এন্ধাৰ পথ ৰচনা কৰে। বছৰৰ শেষত ল’ৰা-ছােৱালীৰ পৰীক্ষাৰ কুফল দেখিলে এই শ্রেণীৰ অভিভাৱকে সাধাৰণতে শিক্ষকক গালি পৰা দেখা যায়। তেওঁলােকে কোনােদিনে কেতিয়াও শিক্ষকৰ লগত যােগাযােগ ৰখাৰ প্রয়ােজনবােধ নকৰে।

 হােৱাই নােহােৱাই আগপিছ নুগুনি কেৱল পশ্চিমক অনুসৰণ কৰি দেশৰ স্বকীয় বৈশিষ্ট্যক আওকান কৰি ক্ষমতাৰ অপপ্রয়ােগেৰে শিক্ষা জগত অস্থিৰ কৰি তােলাত আটাইতকৈ বেছি অংশ গ্রহণ কৰিছে বর্তমান আমাৰ চৰকাৰে। আমাৰ চৰকাৰ দূৰদৰ্শী নহয়। শিক্ষাপ্রেমী নহয়। আমাৰ শিক্ষাবিভাগ শিক্ষাবিদেৰে গঠিত নহয়। বর্তমান আমাৰ শিক্ষাবিভাগ শিক্ষাপ্রেমহীন কক্ষচ্যুত ৰাজনৈতিক নেতাপ্রধান। শিক্ষাৰ নামতাে তেওঁলােকে লেতেৰা ৰাজনীতি কৰিবলৈ নাপাহৰে। সমগ্র শিক্ষক [ ৬৬ ] শ্ৰেণীৰ উপযুক্ততাৰ ওপৰতেই দেশৰ ভৱিষ্যত কৰ্ণধাৰ ছাত্ৰ-ছাত্ৰীৰ জীৱন নিৰ্ভৰ কৰিছে। এই কথা চৰকাৰে নজনা নহয়। কিন্তু এই গুঢ় সত্যৰ প্ৰতি চৰকাৰ সম্পূৰ্ণ উদাসীন। শিক্ষক শ্ৰেণীক আজি চৰকাৰে নিষ্পেষিত অৱহেলিত কৰি ৰাখিছে। শিক্ষক আজি পুতৌৰ পাত্ৰ। শিক্ষকৰ সন্মান আমাৰ দেশত হেৰাই গৈছে। বোধহয় শিক্ষকতা সন্মানিত কাম নহয় কাৰণে অথবা শিক্ষকসকল অৰ্থকৰী চাকৰিয়াল নোহোৱা বাবে কোনোদিনে আমাৰ ৰজামন্ত্ৰীসকলে তেওঁলোকৰ ল’ৰা-ছোৱালীক শিক্ষক কৰাৰ পৰিকল্পনা কৰা দেখা নাযায়। হিচাপ কৰিলে দেখা যায় কোনো স্কুলতে ক্ষমতাধিষ্ট ৰজা-মন্ত্ৰীৰ ল’ৰা-ছোৱালী শিক্ষক হৈ দুৰ্বহ জীৱন যাপন কৰা নাই। একমাত্ৰ দাৰিদ্ৰক ভয় কৰিয়েই এইসকল দেশপ্ৰেমিকে ধন দৌলতৰ সপোন ৰচি তেওঁলোকৰ ল’ৰা-ছোৱালীক যি কোনো প্ৰকাৰে অইন পথে নিয়াৰ চেষ্টা কৰে। আৰু শিক্ষা বিভাগ দুখীয়া অযোগ্য শিক্ষকসকলৰ হাতত এৰি দি তোষামোদপূৰ্ণ বক্তৃতাৰে শিক্ষকসকলক নানা প্ৰকাৰে ভালৰি লগাই আৰ্থিক দিশত যমৰ যাতনা ভুঞ্জাই তিল তিলকৈ মৃত্যুমুখলৈ ঠেলি দিয়ে।

 অতীত কালত এই ভাৰতত ঋষিৰ অনুমতি লৈহে ঋষিৰ ওচৰত আঠুলৈহে শিক্ষাস্থান আশ্ৰমত প্ৰৱেশ কৰিছিল। কিন্তু আজি এই ভাৰতৰ শিক্ষাদানত ৰজামন্ত্ৰীয়ে শিক্ষকৰ ওচৰত আঠু লৈ প্ৰৱেশ নকৰে৷ পূণ্যদিন উলটি গ’ল। আজি ভোকাতুৰ শিক্ষকে মন্ত্ৰীৰ চৰণ তলত প্ৰণিপাত জনাই কলপুলিৰ তলেৰে মালাপিন্ধাই আদৰি আনি তেওঁলোকৰ সন্তুষ্টিৰ অৰ্থে পূজা পাতে। নহ’লে চৰকাৰ দেৱতা সন্তুষ্ট নহয়। আজিৰ শিক্ষকে নিজৰ প্ৰাপ্যখিনিৰ বাবে চৰকাৰৰ ওচৰত আবেদন, নিবেদন, ক্ৰন্দন, আন্দোলন কৰিব লাগে। চৰকাৰৰ অনুগ্ৰহবিনে আজি শিক্ষকৰ মুক্তি নাই।

 আজি পৰ্যন্ত শিক্ষাজগতত এটা বিশুদ্ধ বিজ্ঞানসম্মত পৰীক্ষানীতি দেখা নগ’ল। আজিৰ পৰীক্ষাই ছাত্ৰ-ছাত্ৰীৰ জ্ঞানৰ প্ৰকৃত মান নিৰ্ণয় কৰাত অকৃতকাৰ্য হৈছে। মুষ্টিমেয় কেইটামান প্ৰশ্নৰ ওপৰত তিনি বা চাৰিঘণ্টা সময় পৰীক্ষা কৰি ছাত্ৰ-ছাত্ৰীৰ বছৰেকীয়া জ্ঞান নিৰ্ণয় কৰা হয়। নিৰ্দিষ্ট নম্বৰৰ সীমাৰে ছাত্ৰ-ছাত্ৰীৰ যোগ্যতা বিভিন্ন বিভাগত বিচাৰ কৰা হয়। ছাত্ৰ-ছাত্ৰীয়েও উত্তীৰ্ণ হোৱ বিভাগৰ ক্ষমতাৰে জীৱনৰ পথ নিৰ্বাচন কৰি লয়। এক কথাত ক’বলৈ হ’লে নম্বৰৰ ওপৰতেই আজিৰ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত জীৱন। কিন্তু গভীৰ মননশীলতাৰে গবেষণা কৰি চালে ছাত্ৰ-ছাত্ৰীৰ জ্ঞান পৰীক্ষাৰ্থে কৰা নম্বৰ বিভাজন সম্পূৰ্ণ অবৈজ্ঞানিক যেন লাগে। অতি কম নম্বৰৰ পাৰ্থক্যই সৃষ্টি কৰা উচ্চ বিভাগে বহু অযোগ্য ছাত্ৰ-ছাত্ৰীৰ [ ৬৭ ] জীৱন অপ্রাপ্য সুযােগ সুবিধাৰে সমুজ্জ্বল কৰি তােলা দেখা যায়। শিক্ষাজগতত দোষযুক্ত পৰীক্ষা নীতিৰ ফলত এই ঘােৰ অবিচাৰ চলিবই লাগিছে। মন কৰিলে দেখা যায় উচ্চ বিভাগত উত্তীর্ণ হােৱা বহুতাে ছাত্র-ছাত্রী নিম্ন বিভাগত উত্তীর্ণ হােৱা বহুতাে ছাত্র-ছাত্রীতকৈ তেনেই নিম্নস্তৰৰ। ব্যৱহাৰিক জীৱনত এনে উচ্চ বিভাগৰ ছাত্ৰ-ছাত্ৰী সমূহ বিকলাঙ্গ ভ্ৰুণৰ দৰেই অসার্থক। নিযুক্তি আদিৰ ক্ষেত্ৰত এনে অযােগ্য কিছুমানক মাত্র নম্বৰ চায়েই অগ্রাধিকাৰ দি নিযুক্তি দিয়া হয়। আৰু এনেদৰে নিযুক্তি হােৱা দেশৰ অগণন কর্মচাৰীয়েই অনুপযুক্ততাৰ ফলত বিভিন্ন ক্ষেত্ৰত নানা বেমেজালিৰ সৃষ্টি কৰিছে।

 আনহাতে পৰীক্ষা নীতিৰ মেৰপাকত যিসকল যােগ্য উপযুক্ত ছাত্ৰই পৰাজয়ৰ গ্লানি বহন কৰিব লগা হয় বা নিম্ন বিভাগত উত্তীর্ণ হয়, সেই সকলৰ বহুতেই ব্যৱহাৰিক জীৱনত অস্থান হৈ হলেও কৃতকার্যতাৰে আগবাঢ়ি সমাজৰ এক এক বলিষ্ঠ ব্যক্তি হিচাবে স্বীকৃতি লৈ উত্তীর্ণ শ্রেণীক চেৰ পেলাই বিজয় গৌৰৱত গৌৰৱান্বিত হয়। কম নম্বৰৰ পাৰ্থক্যই সিহঁতক পিছুৱাই ৰাখিলেও বা নিম্নস্তৰত পেলালেও সিহঁত উত্তীর্ণ বা উচ্চস্তৰৰ যোগ্য। কিন্তু পৰীক্ষানীতি এই যােগ্যতা নির্ণয় কৰিবলৈ অসমর্থ। ইয়াৰ ফলতেই আজি যােগ্য-অযােগ্য সকলাে ছাত্র- ছাত্ৰীয়ে বিশৃংখলভাৱে উত্তীর্ণ-অনুত্তীৰ্ণ হৈছে। ইফালে পৰীক্ষা ঘৰৰ দুর্নীতি আছেই। এই দুর্নীতিৰেও বহুতাে অনুত্তীর্ণ হ’বলগীয়া বা নিম্ন বিভাগ পাবলগীয়া ছাত্র-ছাত্রীয়ে সুখ্যাতিৰে উত্তীর্ণ হােৱা দেখা যায়। লাহে লাহে দেখা গৈছে পৰীক্ষকৰাে দুর্নীতি মূৰ দাঙি উঠিছে। শান্ত-শিষ্ট, জ্ঞানী, চিন্তাশীল পৰীক্ষার্থী দুর্নীতিৰ পৰা আঁতৰত থাকি পৰীক্ষাত অনুত্তীর্ণ হােৱা দেখা যায়। গতিকে আজিৰ পৰীক্ষা ছাত্র-ছাত্রীৰ জ্ঞানৰ প্রকৃত মাপকাঠি নহয়। আজিৰ যান্ত্রিক পৰীক্ষা পদ্ধতিৰ সুৰুঙাৰে নানা আৱৰ্জনা আহি সমাজৰ আগস্থানত গােট খাইছেহি। এই আৱৰ্জনাৰ পুতিগন্ধই সমাজ বিষাক্ত কৰি তুলিছে।

 শিক্ষা বিভাগৰ আজি চিন্তা বিভ্রাট ঘটিছে। নানা দুর্নীতিপূর্ণ নিষ্ফল ব্যস্ততাৰে আজি শিক্ষা জগত তােলপাৰ। নিষ্ফল ব্যস্ততা, মিছা খেলিমেলি আঁতৰ কৰিবৰ সময় কেতিয়াবাই উকলি গ’ল। এই বিশৃংখল আৰু কিছুদিন চলিলে ইয়াক নির্মূল কৰা উজু কাম নহ’ব। আজিৰ যুগে সকলােৰে প্রতি সজাগ দৃষ্টি ৰাখিবলৈ শিকিছে। গতিকে কোনেও কাকো ঠগ-প্ৰৱঞ্চনা কৰাৰ বৃথা চেষ্টা নকৰি প্রত্যেকে প্রত্যেক কর্তব্য কৰাৰ সময় আহিছে। দেশৰ বৃহত্তৰ স্বাৰ্থৰ অনুকুলে প্রত্যেকে কাম নকৰিলে দেশৰ কল্যাণ নাই। শিক্ষাজগতৰ কল্যাণ সাধিবলৈ চৰকাৰে শিক্ষকক তেওঁলােকৰ [ ৬৮ ] দৰেই উচ্চমান বিশিষ্ট জীৱন যাপনৰ সুবিধা দিবলৈ আগবাঢ়িব লাগিব। শিক্ষকে প্ৰাপ্য মৰ্যদাৰে উচ্চ জীৱন যাপন কৰা দেখিলে শিক্ষকৰ প্ৰতি থকা জনতাৰ অতি দিনৰ পুতৌ ভাৱ নাইকিয়া হ’ব। শিক্ষকৰ প্ৰতি সমাজত নতুন মূল্যবোধৰ সৃষ্টি হ’ব। অইন দিশে গুচি যোৱা মেধাৱী ছাত্ৰ-ছাত্ৰীৰ মনত শিক্ষক হোৱাৰ সপোন জাগ্ৰত হ’ব। অভিভাৱক সকলেও তীক্ষ্ণ বুদ্ধিৰ ল’ৰা-ছোৱালীক শিক্ষক হ’বলৈ উদগনি দিব। ফলত আজিৰ দৰে শিক্ষানুষ্ঠান সমূহত অযোগ্য শিক্ষকৰ স্থান নাইকিয়া হৈ যাব। স্কুলত শিক্ষক ভাল হলে ছাত্ৰ-ছাত্ৰী ভাল হ’ব। ভাল ছাত্ৰ-ছাত্ৰীয়ে ভৱিষ্যতে গৈ ভাল অভিভাৱক হ’ব। এনেদৰে লাহে লাহে ভাল মানুহেৰে দেশ ভৰি পৰিব। ভাল নাগৰিকেৰে দেশ ভৰিলে ভাল চৰকাৰ গঠন হ’ব। ভাল চৰকাৰ, ভাল শিক্ষক, ভাল ছাত্ৰ-ছাত্ৰী, ভাল অভিভাৱক থাকিলে দেশত কেতিয়াও শিক্ষা বিভ্ৰাট ঘটাৰ আশংকা নাথাকিব।□






৭ম বছৰ ৫ম/৬ষ্ঠ সংখ্যা ‘ৰূপম’ত প্ৰকাশিত, ১৯৭৩ চন। [ ৬৯ ]

চমুকৈ অতুল চন্দ্ৰ হাজৰিকা


 জন্ম ১৯০৩ চন। পিতৃ - ৰমাকান্ত হাজৰিকা। উপৰি পুৰুষ নগাঁওৰ উড়িয়া গাঁওৰ। কটন কলেজিয়েট স্কুলৰ পৰা ১৯২৩ চনত মেট্ৰিক পাছ কৰে। ১৯২৫ চনত কটন কলেজৰ পৰা আই, এছ, ছি পাছ কৰে। ১৯২৮ চনত কটন কলেজৰ পৰা বি, এ পাছ কৰে। ১৯৩০ চনত সোণাৰাম হাইস্কুলত ১৭ টকীয়া দৰমহাত শিক্ষকতা কৰে। (ৰত্নধৰ শৰ্মাৰ ছুটীত) ১৯৩১ চনত মঙ্গলদৈ হাইস্কুলত শিক্ষকতা কৰে। ১৯৩২ চনত স্কুল চাৱ ইন্সপেক্টৰ হৈ নগাঁওলৈ যায়। সেই সময়ত জয়ন্তী কাকতত ’বৰগঙ্গা’ নামৰ কবিতা লিখে। নগাঁও হাইস্কুলতো এমাহমান শিক্ষকতা কৰে। গুৱাহাটী, ৰঙিয়াতো চাৱ ইন্সপেক্টৰৰ কাম কৰে। ১৯৩৫ চনত বি, এল পাছ কৰে আৰ্ল কলেজৰ পৰা। ১৯৩৭ চনত তেওঁ বৰপেটালৈ যায় প্ৰথমবাৰ। বৰপেটাত কিছুদিন কাম কৰি আকৌ গুৱাহাটীলৈ আহে আৰু এমাহ কাল গুৱাহাটী কলেজিয়েট স্কুলত কাম কৰে। কলেজিয়েট স্কুলৰ পৰা তেওঁ ডিব্ৰুগড় চৰকাৰী হাইস্কুলৰ শিক্ষক হৈ যায়। ডিব্ৰুগড় হাইস্কুলত নৱম শ্ৰেণীৰ ইংৰাজী সাহিত্যৰ পাঠদান কৰোঁতে “দেউতাকৰ জীয়েকলৈ চিঠি” নামৰ জৱাহৰলাল নেহেৰুৰ ইংৰাজীত লিখা কিতাপখন অসমীয়ালৈ অনুবাদ কৰে। কিন্তু নেহেৰুৰ অনুমতি নাপায় ছপাব নোৱাৰিলে। সেইখন শ্ৰীমতী অনুবৰুৱাই অনুবাদ কৰে। ১৯৩৯ চনত ডিব্ৰুগড়ত “ডিব্ৰুগড়” নামৰ কবিতা লিখে। ১৯৩৯ চনতে ডিব্ৰুগড়ৰৰ পৰা আহি আকৌ দ্বিতীয়বাৰ বৰপেটা হাইস্কুল পায়হি। এইবাৰ বৰপেটাত কিছুদিন নিগাজীকৈ থাকে। ১৯৪১ চনত ছেন্ট এডমাণ্টছ কলেজৰ পৰা বি, টি পাছ কৰে। ১৯৪৩ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা প্ৰাইভেটে অসমীয়া বিষয়ত এম, এ পাছ কৰে। স্কুলীয়া শিক্ষকৰ চাকৰিৰ বেছিভাগ সময় হাজৰিকাদেৱে বৰপেটাত কটাইছিল। বৰপেটাত থাকিয়েই তেওঁ এম, এ আৰু বি, টি পাছ কৰে। বৰপেটাত কাম কৰি থাকোতেই তেওঁৰ বিয়া হয়। একমাত্ৰ সন্তান শ্ৰীমতী বিজয়লক্ষ্মীৰৰ জন্ম হয়। এম, এ পাছ কৰাৰ পিছতে তেওঁ ভাৰত স্বাধীন হোৱাৰ আগমুহূৰ্তত কটন কলেজত অধ্যাপক হিচাপে নিযুক্ত হয়। কটনৰপৰা অৱসৰ গ্ৰহণ কৰে ১৯৬০ চনত। ইয়াৰ মাজতে ১৯৫৬ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ বি, টি শ্ৰেণীত অধ্যাপনা [ ৭০ ] কৰে। বি, টি শ্ৰেণীত তেওঁ ১৯৬৯ চনলৈ অধ্যাপনা কৰে।

 অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰ ’মিলন’ৰ গৌৰৱময় কালছোৱাৰ শেষ সম্পাদক আছিল অতুল চন্দ্ৰ হাজৰিকা। ’মিলন'ত তেওঁৰ ’কৃপনৰ একাদশী’, ‘পতিতা’ আৰু ‘ভ্ৰষ্টা’ নামৰ তিনিটা চুটি গল্প ছপা হৈছিল। পিছলৈ তেওঁ গল্প লেখকৰ ভূমিকা বাদ দিয়ে। কলিকতীয়া ‘মিলন’ত হাজৰিকাৰ ’বৃন্দাবন’ নামৰ এটা দীঘলীয়া কবিতা। প্ৰকাশ হয়।

হাজৰিকাদেৱৰ অসম সাহিত্য সভাৰ লগত সক্ৰিয় সহযোগঃ

 ১৯১৭ চনত পদ্মনাথ গোহাঞি বৰুৱাৰ পৌৰাহিত্যত ৰংপুৰ নগৰত অসম সাহিত্য সভাই জন্ম লাভ কৰে। এই সভা দ্বিতীয় মহাসমৰৰ আগৰ কালছোৱাত দোপতদোপে আগবাঢ়ি গৈছিল। কিন্তু দ্বিতীয় মহাসমৰৰ পিছৰ কালছোৱাত এই সভাৰ জীৱনীশক্তি স্তিমিত হৈ আহিছিল। ১৯৫৩ চনমানলৈ বিভিন্ন কাৰণত সাহিত্য সভাৰ দুৰৱস্থা চলে। অসম সাহিত্য সভাৰ মৃতপ্ৰায় পৰিস্থিতিৰ মাজত চিলঙৰ মুকুল সংঘই সভাপতি হৰিপ্ৰসাদ বৰুৱাৰ নেতৃত্বত সাহিত্য সভাখনক পুনৰজীৱন দিবলৈ উঠিপৰি লাগে। এইক্ষেত্ৰত সক্ৰিয়ভাৱে সহায়-সহযোেগ আগবঢ়াইছিল। তেতিয়াৰ বিত্তমন্ত্ৰী মতিৰাম বৰা ডাঙৰীয়াই।

 শ্বিলং সাহিত্য সভালৈ সক্ৰিয় সহযোগ আগবঢ়াবলৈ গুৱাহাটীৰ পৰা যায়। অতুল চন্দ্ৰ হাজৰিকা, ৰজনীকান্ত দেৱ শৰ্মা, বেণুধৰ শৰ্মা আদি সাহিত্যিক সকল। অসম সাহিত্য সভাৰ জাক-জমকীয় চিলং অধিবেশনত অতুল চন্দ্ৰ হাজৰিকা প্ৰধান সম্পাদক নিৰ্বাচিত হয়। শ্বিলং অধিবেশনৰ পাছত যোৰহাট আৰু গুৱাহাটীত তেওঁ পুনৰ প্ৰধান সম্পাদক নিৰ্বাচিত হয়। ধুবুৰী অধিবেশনত তেওঁ প্ৰধান সম্পাদক পদৰ পৰা অব্যাহতি পায়। হাজৰিকাই ১৯৫৯ চনত অসম সাহিত্য সভাৰ নগাঁও অধিৱেশনৰ সভাপতি হয়।

 জোনাকী যুগৰ অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ উত্তৰাধিকাৰী স্বৰূপে স্থান অধিকাৰ কৰা ১৯৫৩ চনত স্থাপিত গুৱাহাটীৰ সবিতা সভাৰ লগত হাজৰিকা ওতঃপ্ৰোতভাৱে জড়িত আছিল

কবি অতুল চন্দ্ৰ হাজৰিকা :

 ১৯৩৪-৩৫ চনত গুৱাহাটীৰ পৰা অমিয় কুমাৰ দাসৰ সম্পাদনাত ওলোৱা ’বাঁহী’ত ‘চিত্ৰদাস’ নাম লৈ হাজৰিকাই বহুতো কবিতা প্ৰকাশ কৰিছিল। ‘তপোবন’ (১৯৫৫), ‘মুকুতামালা’ (১৯৪১), ‘মণিমালা’ (১৯৪১-৪২), ‘পাঞ্চজন্য’, ‘মালিকী[ ৭১ ] মধুৰী’, আৰু ‘ৰুণুক-জুনুক’ (১৯৫৩) —এইকেইখন হাজৰিকাৰ খণ্ড কবিতাৰ পুথি প্ৰকাশ পাইছে। ’মালিকী-মধুৰী’আৰু ৰুণুক-জুণুক’ শিশু উপযোগী কবিতাৰ সংগ্ৰহ। ‘মণিমালা’ চতুৰ্দশপদী কবিতাৰ আৰু ‘মুকুতামালা’ অষ্টপদী কবিতাৰ সমষ্টি। ১৯৭৯ চনত হাজৰিকাৰ শেহতীয়া কবিতাৰ সংগ্ৰহ ‘সন্ধ্যাৰ আৰতি’ প্ৰকাশ পায়। হাজৰিকাই জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা কিছুমানো ‘লুইতৰ পাৰৰ অগ্নিসুৰ’ নাম দি সম্পাদনা কৰে।

 কবি হিচাপে হাজৰিকা সূক্ষ্ম, অন্তস্পৰ্শী কল্পনাৰ অধিকাৰী নহয়। যি অৰ্থত যতীন দুৱৰা, ৰঘুনাথ চৌধুৰী, নলিনীবালা দেৱী, অম্বিকাগিৰী ৰায় চৌধুৰী আদিক কবি বুলিব পাৰি সেই অৰ্থত হাজৰিকাক ধৰিব নোৱাৰি। হাজৰিকাৰ বৰ্ণনা প্ৰতিভা আছে; কিন্তু গভীৰ জীৱন জিজ্ঞাসা নাই। অন্তৰ সঞ্চাৰী কল্পচিত্ৰ আৰু অভিনৱ আলোক সম্পাতী দৃষ্টিৰ বিশেষ পৰিচয় তেওঁৰ কবিতাত পোৱা নাযায়। জীৱনৰ উজ্জ্বল সৰু ঘটনা, অৱজ্ঞা, প্ৰাকৃতিক শোভা বা দৃশ্য আৰু পৰিস্থিতিক তেওঁ বহুত কবিতাত সৰস বৰ্ণনাৰে মনোমোহা কৰি তুলিছে। কোনো কোনো কবিতাত সমাজ সংস্কাৰৰ অস্ত্ৰস্বৰূপে তেওঁ ব্যঙ্গৰো আশ্ৰয় লৈছে। স্বদেশপ্ৰেম, মাতৃভূমি আৰু মাতৃভাষাৰ প্ৰতি একনিষ্ঠ ভক্তি তেওঁৰ কবিতাৰ অন্যতম বৈশিষ্ট্য। হাজৰিকাৰ কবিতাৰ বিষয়বস্তুৰ বিবিধতা আছে। কিন্তু সকলো কবিতাই সংবেদনশীল বা অন্তৰম্পৰ্শী হোৱা নাই। বেছিভাগ কবিতাতে ভাবাবেগৰ আন্তৰিকতা আৰু কল্পনাৰ মহত্ত্ব উপলব্ধি কৰা নাযায়। কিন্তু ’দেৱদাসী’, ‘সোণৰ হৰিণা’, ‘বালিচৰ’ আদি এচাম কবিতা প্ৰকৃত কাব্যিক সৌন্দৰ্যৰে ভৰপূৰ। তেওঁৰ কবিতাত অসমৰ প্ৰায়বোৰ নদ-নদী, ফল-ফুল, চৰাই-চিৰিকটিয়ে কবিতাৰ সাজ পিন্ধি প্ৰকাশ পাইছে।

নাট্যকাৰ অতুল চন্দ্ৰ হাজৰিকাঃ

 হাজৰিকা কবি, নাট্যকাৰ, মঞ্চৰ বুৰঞ্জীলেখক আৰু শিশু সাহিত্যিক হ’লেও হাজৰিকাৰ খ্যাতি নাট্যকাৰ ৰূপেহে। তেওঁৰ নাটসমূহ চাৰিটা শ্ৰেণীত ভগাব পাৰি— (১) পৌৰাণিক (২) বুৰঞ্জীমূলক (৩) বিবিধ বিষয়ক আৰু (৪) অনুবাদ।

 ‘নৰকাসুৰ’ (১৯৩০), নন্দ দুলাল' (১৯৩৫), কুৰুক্ষেত্ৰ’ (১৯৩৬), ‘শ্ৰীৰামচন্দ্ৰ’ (১৯৩৭), ’সাৱিত্ৰী’ (১৯৩৯), ‘বেউলা' (১৯৩৯), ’ৰুক্মিনীহৰণ’ (১৯৪৯), ‘চম্পাৱতী’ (১৯৪৯), ‘নিৰ্য্যাতিত’ (১৯৫০), ‘সীতা’ আৰু ‘দময়ন্তী’ তেওঁৰ পৌৰাণিক নাটক। এই শ্ৰেণীৰ নাটক বেছিভাগৰেই প্ৰকাশৰ মাধ্যম অমিত্ৰাক্ষৰ ছন্দ। কিছুমান পৌৰাণিক নাটকত অমিত্ৰাক্ষৰ ছন্দৰ লগতে তেওঁ মাজে [ ৭২ ] মাজে নীৰস গদ্যতো সংলাপ ৰচনা কৰিছে। ফলত নাটকীয় ৰস সৃষ্টিত বিজুতি ঘটিছে। উদাহৰণ স্বৰূপে ’নন্দ দুলাল’ নাটকৰ চতুৰ্থ অঙ্কৰ প্ৰথম দৰ্শনৰ কাব্য সংলাপৰ মাজত হঠাতে কংসই গদ্যত কালকেতুক ক’বলৈ ধৰে—“কিন্তু সি যে সাধাৰণ শিশু নহয়” আৰু কালকেতুৰ প্ৰস্থানৰ পিছত পুনৰ কাব্য সংলাপলৈ উলটি আহি আকৌ যেতিয়া বসুদেৱৰ লগত গদ্যত কথা কয়, তেতিয়া বৰ বিষসদৃশ লাগে। পদ্য আৰু গদ্যৰ ভাল নলগা এনে সংমিশ্ৰণ তেওঁৰ নাট কেইবাখনতো আছে। পৌৰাণিক নাটসমূহৰ ভিতৰত নৰকাসুৰ বেছি জনপ্ৰিয়। তেওঁৰ এই শ্ৰেণীৰ নাটত কাব্যধৰ্মী বৰ্ণনা এটি বিশেষ লক্ষণ। নাট্যকাৰে য’ত সুবিধা পাইছে অসমীয়া পৰিৱেশ দিবলৈ চেষ্টা কৰিছে। ‘কনৌজ কুঁৱৰী’ (১৯৩৩), ‘ছত্ৰপতি শিৱাজী’ (১৯৪৭), ‘টিকেন্দ্ৰজিৎ’ (১৯৫৯), ‘পানিপথ’ আৰু ‘আহুতি’ৰ অন্তৰ্ভূক্ত নাটিকা দুখনৰ কাহিনী ইতিহাসৰ পৰা গ্ৰহণ কৰিছে। ’কনৌজ কুঁৱৰী’ আৰু ’ছত্ৰপতি শিৱাজীত’ বঙালী নাটৰ ছাঁ পৰিছে। এই কেইখনৰ সংলাপৰ মাধ্যম গদ্য।

 চেক্সপীয়েৰৰ Merchant of Venice আৰু King Lear এই দুখন হাজৰিকাই ‘বণিজকোঁৱৰ’ আৰু ‘অশ্ৰুতীৰ্থ’ নাম দি অসমীয়াত ৰূপান্তৰ কৰে। অনুবাদ কৰোঁতে হাজৰিকাই অসমীয়া পটভূমিত কাহিনী দুটা চিত্ৰিত কৰিছে। যথেষ্ট পাৰদৰ্শিতাৰে ‘বণিজ কোঁৱৰ’ লিখিলে যদিও ক’ব লাগিব যে মূল নাটকৰ ছাইলক, পোৰচিয়া আৰু ঘটনা প্ৰবাহে মনত যি নাট্যৰসৰ ধাৰণাৰ সৃষ্টি কৰে, ৰূপান্তৰে ঠিক তেনেদৰে কৰিব পৰা নাই। তাৰ কাৰণ হ'ল, ৰূপান্তৰৰ পৰিবেশ অসমৰে বুলি ধৰি ল’বলৈ টান লাগে। মূল নাটখনৰ চৰিত্ৰ আৰু পৰিৱেশ একে ধৰণে ৰাখিয়েই আমাৰ মঞ্চৰ উপযোগীকৈ সম্পাদনা কৰি অনুবাদ কৰিলে মূল নাটৰ পৰিৱেশৰ মাজত সোমাই গৈ দৰ্শক-পাঠকে নাট্যৰস উপভোগ কৰাত কোনো অসুবিধা হয়তো নাপালেহেঁতেন।

 ‘শকুন্তলা’ মহাকবি কালিদাসৰ অভিজ্ঞান ‘শকুন্তলম্‌’ৰ অসমীয়া ভাঙনি। ‘শকুন্তলা’ৰ ৰূপায়ণত মহাকবি কালিদাসৰ অমৰ প্ৰতিভাৰ সকলো দিশ মূলৰ সমানেই উজ্জ্বল হৈ নুঠিলেও নাটখন অভিনয় উপযোগী হৈছে। বিবিধ বিষয়ক নাটকৰ ভিতৰত হ’ল ‘মৰ্জ্জিয়ানা’ (১৯৩৯), ’মানস প্ৰতিম’ (১৯৪৮), আৰু ‘ৰংমহল’। আৰব্য উপন্যাসৰ আলিবাবা আৰু দুকুৰি ডকাইতৰ কাহিনী লৈ ‘মৰ্জিয়ানা’ আৰু ফাৰ্চী সাহিত্যৰ ‘শ্বিৰফৰহাত’ কাহিনীটোক অসমীয়া ঐতিহাসিক পটভূমিতে নিক্ষেপ কৰি কাব্য-গীতিমুখৰ ‘মানস প্ৰতিম’ ৰচনা কৰিছে।

 মহাত্মা গান্ধীৰ হৰিজন আন্দোলনৰ প্ৰভাৱ হাজৰিকাৰ ওপৰত পৰে। [ ৭৩ ] অস্পৃশ্যতাৰ সমস্যা লৈ ‘কল্যাণী’ (১৯৩৯) নাটক ৰচিত হৈছে।

 হাজৰিকাৰ ঐতিহাসিক নাটক সমূহৰ ঠায়ে ঠায়ে অসঙ্গতভাৱে আধুনিকতাই প্ৰৱেশ লাভ কৰিছে। অতীতৰ বুকুত বৰ্তমানৰ ভাৱধাৰা আৰোপ কৰিলে অসঙ্গতিয়ে দেখা দিয়ে। তেওঁৰ নাটসমূহ বহিসংঘাত প্ৰধান। নাটত inward appeal বা অন্তৰমুখিতা নাই। ‘টিকেন্দ্ৰজিৎ’, ‘পানিপথ’ আদি দুখনমান নাট কাহিনী ৰচনা আৰু দৃশ্য পৰিকল্পনাত পৰিমিতিবোধে মনোগ্ৰাহী কৰিছে আৰু অসঙ্গতিপূৰ্ণ চিত্ৰ বা কথাও তাত নাই। কিন্তু আগৰ কেইখন নাটত একাধিক উপকাহিনী আৰু চৰিত্ৰৰ বাহুল্যই মূল প্ৰধান বস্তুক আৱৰি ৰাখিছে। ফলত নাটকেইখনে সংহত আৰু প্ৰভাৱশীল ৰূপ ল’ব পৰা নাই। গীতৰ বাহুল্য আৰু স্বদেশপ্ৰীতিৰ উচ্ছাস নাটবোৰৰ আন দুটা উল্লেখযোগ্য বৈশিষ্ট।

 তেখেতৰ পূৰ্ণ পৰ্য্যায়ৰ সামাজিক নাট অৱশ্যে এখনহে বুলিব পাৰি। সেইখন হ’ল কটন কলেজৰ সোণালী জয়ন্তীত প্ৰথম অভিনীত ‘আহুতি’ বিয়াল্লিশৰ বিপ্লৱৰ আলেখ্য, ১৯৫২ চনত প্ৰকাশিত। বিয়াল্লিশৰ শ্বহীদসকলৰ ছায়ামূৰ্ত্তিৰ আৱিভাৱে নাটখনত অভিনৱত্বৰ ৰোল সানিছে।

 হাজৰিকাই শ্ৰুতিৰ ওপৰত গুৰুত্ব দি কেইবাখনো ৰেডিঅ’ নাটো ৰচনা কৰে।

 নাট ৰচনাৰ নতুন পৰীক্ষাও তেওঁ এবাৰ চলাইছিল। ১৯৪৯ চনত ‘ৰুক্মিনীহৰণ’ নাটখন হাতে লিখা অৱস্থাতে কুমাৰ ভাস্কৰ নাট্যমন্দিৰত শঙ্কৰদেৱৰ আৰ্হিত ভাওনা পদ্ধতিৰ সৈতে নিজৰ কল্পনা আৰু সৃজন প্ৰতিভাৰ সংযোগ ঘটাই হাজৰিকা দেৱে মঞ্চত অভিনয় কৰি চাবলৈ যত্ন কৰিছিল। কিন্তু যি কোনো কাৰণতেই তেওঁ কৃতকাৰ্য্য নহ’ল। নাটখনত চলোৱা পৰীক্ষা শলাগি জ্যোতিপ্ৰসাদ আগৰৱালাই হাজৰিকালৈ লিখিছিল— “আমাৰ এতিয়া চেষ্টা চলাব লাগে যাতে আমি শঙ্কৰী নাটকীয় কাৰিকৰীৰ সৈতে আধুনিক নাটকীয় কাৰিকৰীৰ সমন্বয় কৰি এটা নতুনযুগীয় অসমীয়া নাটকীয় কাৰিকৰীৰ উদ্ভাৱন কৰিব পাৰোঁ। তেতিয়া হ’লে আমাৰ নাটকীয় কাৰিকৰীতো এটা নিজা বৈশিষ্ট্য থাকিব।”

 ৰঙ্গমঞ্চৰ উপযোগী ইমানখিনি নাট ৰচনা কৰি দ্বিজেন্দ্ৰলাল, গিৰীশচন্দ্ৰ, ক্ষীৰোদপ্ৰসাদ আদি বঙালী নাট্যকাৰ সকলৰ প্ৰভাৱ অসমৰ মঞ্চৰ পৰা আঁতৰ কৰি অসমীয়া নাট্যকলাৰ নটৰাজক ৰঙ্গমঞ্চৰ বেদীত সুপ্ৰতিষ্ঠা কৰাত হাজৰিকাৰদান অমূল্য বুলি স্বীকাৰ কৰিব লাগিব।

[ ৭৪ ]  মঞ্চৰ ইতিহাস ‘মঞ্চলেখা’ হাজৰিকাৰ এক উল্লেখযোগ্য যুগমীয়া সাহিত্যৰ অৱদান। এই গ্ৰন্থত অসমীয়া ৰঙ্গমঞ্চ সমূহৰ বুৰঞ্জী সন্নিৱিষ্ট হৈছে। উল্লেখযোগ্য যে এই গ্ৰন্থৰ বাবেই হাজৰিকাই ১৯৭১ চনত সাহিত্য একাডেমীৰ পুৰস্কাৰ লাভ কৰে। তেওঁৰ নাট্য প্ৰতিভা স্বকীয় দ্বীপ্তিত উজ্জ্বল হৈ অকল অসমতে নহয়, সদৌ ভাৰততে স্বীকৃতি লাভ কৰে। হাজৰিকাই নাট তথা সাহিত্যৰ অৰিহণাৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰৰ পৰা লাভ কৰে ৰাষ্ট্ৰীয় পুৰস্কাৰ ‘পদ্মশ্ৰী' উপাধি।

শিশু সাহিত্যিক অতুল চন্দ্ৰ হাজৰিকাঃ

 শিশু সাহিত্যিক ৰূপেও হাজৰিকাই এখন সুকীয়া আসন অধিকাৰ কৰিছে। শিশুৰ পৰা বুঢ়ালৈকে তেওঁ জনসাধাৰণৰ সাহিত্যিক আছিল বুলি ক’লেও বেছি কোৱা নহয়। আমাৰ তথাকথিত সাহিত্যিক সকলে সাধাৰণতে শিশু সাহিত্য সৃষ্টিৰ প্ৰতি গুৰুত্ব দিয়া দেখা নাযায়। সেই বাবেই বোধহয় আজি অসমীয়া সাহিত্যৰ পঢ়ুৱৈ সমাজত শিশুসকলৰ উখল-মাখল নাই। চেমনীয়াৰো অৱস্থা তথৈবচ। অকল বুঢ়া কেইটাই অসমীয়া সাহিত্য জীয়াই ৰাখিব পাৰিব বুলি ভবাটো ভুল হৈ আছে। সাহিত্যৰ খাদ্য শিশুসকলকো সাহিত্যিক সকলে যোগান ধৰা উচিত। এই মহান কৰ্ত্তব্যলৈ হাজৰিকাই চকু দিছিল। 'কথা কীৰ্ত্তন’ (১৯৪৫), 'ঈছপৰ সাধু’, ‘ল’ৰাৰ জাতক’, কথাদশম’, ৰামায়ণৰ ৰহঘৰা (১৯৫৬), 'অঙ্কীয়া নাটৰ সাধু’, ‘অপেশ্বৰীৰ দেশ’ (১৯৫২), ‘এণ্ডাৰচনৰ সাধু’ (১৯৬০), 'ৰাণী হিমানী’ (১৯৬১), ‘দিগ্বিজয়ী’, ‘গ্ৰীছৰ সাধু’ আদি প্ৰায় একুৰিৰো অধিক শিশু সাহিত্য হাজৰিকাই অসমীয়া সাহিত্যলৈ দান দি গৈছে। উল্লেখযোগ্য যে কেইবাবছৰো ধৰি হাজৰিকাই ‘দীপক’ নামৰ শিশু আলোচনী এখনৰ সম্পাদনা কৰিছিল।

 বৰ্ত্তমানলৈকে অতুল চন্দ্ৰ হাজৰিকাৰ প্ৰায় আঢ়ৈকুৰিৰো অধিক পুথি প্ৰকাশ পাইছে। আধুনিক অসমীয়া সাহিত্যলৈ ইমান অধিক সংখ্যক পুথি কোনেও দান কৰা নাই। বোধহয় বেজবৰুৱাৰ বহুমুখী সাহিত্য সম্ভাৰৰ অতুল চন্দ্ৰ হাজৰিকাৰ বহুমুখী সাহিত্য সম্ভাৰৰ তুলনাত সংখ্যা কম হ’ব।

 হাজৰিকাৰ সাহিত্য কৃতিৰ বেছিভাগেই হয়তো কালজয়ী হ;ব নোৱাৰিব; কিন্তু বৰ্ত্তমান সাহিত্যক পুষ্ট কৰাত আৰু সাধাৰণ পাঠকৰ সাহিত্যতৃষ্ণা দূৰ কৰাত যে হাজৰিকা সাহিত্যৰাজি প্ৰধান সহায়ক হৈছে সেই বিষয়ে কোনো সন্দেহ নাই।

 হাজৰিকাৰ ভাষাৰ গাঁঠনি নিভাঁজ অসমীয়াসুৰী। বাক্যৰ গাঠনি সৰল সহজ, জতুৱাঠাঁচযুক্ত। বেজবৰুৱা, বেণুধৰ শৰ্মা, সত্যনাথ বৰা আদি বিশেষ ৰীতিৰ গদ্য [ ৭৫ ] লেখক সকলৰ দৰে হাজৰিকাকো এজন ভাল গদ্য লিখক বুলি ক’ব পাৰি। সময়ৰ লগত খাপখুৱাই সাহিত্য সৃষ্টি কৰাটো তেওঁৰ এটা বৈশিষ্ট্য আছিল। তেওঁ আছিল আজীৱন সাহিত্যিক। মৰাৰ সময়লৈকে সাহিত্য সৃষ্টি কৰি তেওঁ এক অভিলেখ সৃষ্টি কৰি গৈছে। তেওঁ আছিল সুৱাগী, সদালাপী, সৎপুৰুষ। তেওঁৰ ওচৰলৈ গ’লে সৰু বৰ সকলাে সাহিত্যিকে সমাদৰ পাইছিল। আলােচনী আদিত প্ৰকাশৰ বাবে কবিতা আদি বিচাৰি তেওঁৰ ওচৰলৈ গ’লে, কাকো কেতিয়াও তেওঁ নিৰাশা নকৰিছিল। সেয়েহে বােধহয় অসমীয়া আলােচনীৰ পাতে পাতে হেজাৰৰাে অধিক কবিতা তেওঁৰ জিলিকি আছে।

 তেওঁৰ সান্নিধ্যলৈ আহি বহু নবীন সাহিত্যিকে উৎসাহিত হৈ সাহিত্য চৰ্চ্চাৰ প্রেৰণা লভিছিল। (এইখিনিতে মােৰ ১৯৮০ চনত প্রকাশিত “মিলন’’ কাব্যৰ প্রসঙ্গ উল্লেখ কৰিব লাগিব; সূৰ্য্য বৈশ্যৰ সুন্দৰৰ দিক্ দৰ্শনৰ কথাও উল্লেখ কৰিব লাগিব।)

 হাজৰিকা আজি আমাৰ মাজত নাই। কিন্তু এইগৰাকী উদাৰমনা, পবিত্র অন্তৰৰ সাহিত্যিকৰ মহান আদর্শ আমাৰ মাজত উজ্জ্বল হৈ আছে। আৰু এই আদর্শ চিৰদিন জীয়াই থাকক—তাৰেই কামনা কৰি মােৰ বক্তৃতাৰ সামৰণি মাৰিলাে।


এই প্ৰৱন্ধটো ২৯-১২-১৯৮৬ তাৰিখে লিখি থৈ গৈছিল।

[ ৭৬ ]

বেজবৰুৱাৰ হাস্যৰস

 ১৮২৬ চনত ইয়াণ্ডাবু সন্ধিমতে অসম ইংৰাজৰ অধীনলৈ গ’ল। কোম্পানী আমােলত আমদানি হ’ল বঙ্গদেশৰ লােক কেৰাণী মহৰি ৰূপে। ফলত খিলঞ্জীয়া অসমীয়া ভাষাটোৰ জাত মৰিল। ১৮৩৬ চনত অসমৰ পঢ়াশালি আৰু আদালতত বঙলা ভাষা সােমাল। ১৮৭২ চনলৈ ইয়াৰ ৰাজত্ব চলিল। খৃষ্টান-মিছনাৰী সকলৰ অকুণ্ঠ সহযােগ আৰু বিশেষকৈ প্রাতঃস্মৰণীয় পুৰুষ আনন্দৰাম ঢেকিয়াল ফুকনৰ ঐকান্তিক চেষ্টাৰ ফলত অসমীয়া ভাষাৰ পুনৰ প্ৰতিষ্ঠা হ’ল ১৮৭৩ চনত। ইংৰাজ আমােলৰ লগে লগে পুৰনি ভাব ধাৰা, প্রাচীন ঐতিহ্যৰ বান্ধ এৰাই পশ্চিমীয়া ভাব, ইংৰাজী শিক্ষা আদি এপিনে প্রচাৰ হ’ল আৰু আনপিনে তেনেকৈ বৃটিছৰ বিৰুদ্ধে চিংফৌ-খামটিয়ে ৰণ কৰিলে। পিয়লি ফুকনৰ নেতৃত্বত আৰু সাতাৱন ছালত মণিৰাম দেৱানৰ জৰিয়তে দ্রোহ অগনিও দপ্‌দপাই উঠিল। বগলি বৰবিহৰ মেলা তৰি বগা বঙালহতে এপিনে যেনেকৈ অসমীয়া জাতিটোৰ অন্তৰ খুলি খুলি খােৱাৰ দিহা কৰিলে, আনপিনে তেনেকৈ চাহৰ খেতি বুলি উদ্যোগ পর্বৰো সূচনা কৰিলে। অৱশ্যে ইংৰাজ ভঁৰাল চহকী কৰিবলৈহে। এনে এটি বাতাবৰণৰ মাজত সেইসময়ৰ আগশাৰীৰ অসমীয়া সকলৰ প্ৰায়ভাগেই পশ্চিমীয়া আদৱ-কায়দাৰ মাজত সােমাই অভিজাতৰ শাৰী শুৱনি কৰিছিল। সেই সকলৰে কিছুমানে দেশীয় সংস্কৃতিৰ মােহ আৰু পশ্চিমৰ সংস্কৃতিৰ প্ৰভাৱ - এই দুইটাৰ টনা আজোৰাত পৰি দুইটাকে ৰক্ষা কৰাৰ নিষ্ফল চেষ্টা কৰিছিল। সুস্থ-অসুস্থ, সুকৃতি-দুষ্কৃতিৰ এই দোমোজা কালতে লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম হৈছিল। তেতিয়া অসমত ব্যাকৰণ এখন হৈছেহে। অভিধান গঠনৰ বেছি দিন হােৱা নাই। পুথিভঁৰাল বুলিবলৈ নায়েই। অসমৰ প্রতিবেশী কলিকতা আছিল ন-সভ্যতাৰ থলী। শিক্ষাৰ ক্ষেত্ৰত আদর্শ কলিকতা। অসমীয়া সকলে উচ্চ শিক্ষা ল’ব লগা হৈছিল কলিকতাত। কলিকতালৈ মাহেকৰ বাট। তাকো নাৱেৰে। ধন ভগনৰ কথা আছেই। এনে এটি পৰিবেশৰ মাজেৰেই কলিকতাত থাকি অসমীয়া ভাষা উন্নতি সাধিনী সভা পাতি জোনাকী যুগৰ সাহিত্যিক সকলে অৰুণােদয় যুগৰ অসমীয়া ভাষাৰ গঢ় সলায় আৰু অসমীয়া ভাষাতে নিৰহ-নিপানী ৰচনাৰে মুষ্টিমেয় কেইগৰাকীমান সাহিত্যিকে অসমীয়া নৱন্যাসৰ [ ৭৭ ] সূচনা কৰে। সেই মুষ্টিমেয় সাহিত্যিক কেইগৰাকীৰে সৰ্বশ্ৰেষ্ঠজন হ’ল বেজবৰুৱা।

 বেজবৰুৱাৰ সাহিত্য সৃষ্টিৰ থলীখন বেদ-উপনিষদৰে পৰা আৰম্ভ কৰি ভাগৱতলৈকে বিয়পি আছে। দীননাথ বেজবৰুৱাৰ ঘৰুৱা পৰিবেশ সম্পূৰ্ণ বৈষ্ণৱ পৰিবেশ। তেওঁৰ পুত্ৰৰ মনতো তাৰ গভীৰ সাঁচ পৰিছে। তেওঁৰ লেখাত সেই সত্য ধৰা পৰে। ইংৰাজী সাহিত্যৰ প্ৰতিও তেওঁৰ দুৰ্বলতা আছিল। সপ্তদশ শতিকাৰ প্ৰেমৰ কবিতা কিছুমানৰ সৌৰভ বেজবৰুৱাৰ কদম কলিত আছে। টেলিশ্যন, কাউপাৰৰ কবিতাৰ তৰ্জুমাও তেওঁ অসমীয়ালৈ কৰিছে। হেমলেটৰ কিছু অংশও তেওঁ অসমীয়ালৈ ভাঙিছিল। কিং লিয়েৰ আৰু চতুৰ্থ হেনচীৰ অৰিহণাও বেজবৰুৱাৰ নাটত ধৰা পৰে। গতিকে পূৱ-পশ্চিমৰ সাহিত্য সূঁতিত অবগাহন কৰি বেজবৰুৱাই তেওঁৰ অফুৰন্ত সাহিত্যৰাজি ৰচনা কৰা বুলি ক'লে ভুল কোৱা নহয়। ভাৰতীয় প্ৰজ্ঞা, পশ্চিমীয়া প্ৰভাৱ, আঞ্চলিক লোক সংস্কৃতি এই আটাইখিনিৰে সংমিশ্ৰণ বেজবৰুৱা।

 বেজবৰুৱাৰ সাহিত্যধাৰা কেইবাটাও। তাৰে ধাৰা এটা হৈছে তেওঁৰ লোক সাহিত্য। “লিটিকাই’ৰ পৰা আৰম্ভ কৰি আটাইকেইখন ধেমেলীয়া নাট সাধুকথাৰ ওপৰত ভিৰ দি লিখা। তেওঁৰ চুটিগল্পৰ ভালেখিনি সাধুকথাৰহে ওচৰ চুবুৰীয়া।

 বেজবৰুৱাৰ পৰা হাঁহিৰ খলকনিৰে ৰজন-জনাই আন এটি বিশাল সাহিত্য সূঁতি ওলাইছে। বেজবৰুৱা যশস্যা মন্দিৰলৈ মূলতঃ এই সূঁতিটোৰে উটি গৈছে।

 হাঁহি বেজবৰুৱাৰ লগৰীয়া আছিল। তেওঁৰ হাঁহিৰ ঘাই উঁহ তেওঁৰ স্বাস্থ্যৰে ভৰপূৰ শৰীৰ। সেই শৰীৰত লুকাই আছিল তেওঁৰ হাঁহিৰ অতিকৈ ঘাই উঁহ তেওঁৰ স্বাস্থ্যবান মন আৰু নিৰ্ভীক আৰু নিৰ্মল এখনি হৃদয়। এনে হিয়ামন দেহ লৈ তেওঁ হাঁহিছিল আৰু সকলোকে হহুৱাইছিল।

 বেজবৰুৱাই মন কৰিছিল যে ভাৰতীয় লোকে কমকৈ হাঁহে। ভাৰতীয় মানুহৰ হাড়ে হাড়ে সিৰে সিৰে এনে এটা ভাবে শিয়াই আছে যে হাঁহিলে মানুহ পাতল হয়, হঁহা মানুহ চেলেপু। হাঁহি হৰিজন, তাক চুব নাপায়। তাৰ ছাঁতো ভৰি দিব নাপায়। আন কি হাঁহিৰ এই ধাৰণাটো হেনো গ্ৰীচৰ এৰিষ্টোটলৰো। বেজবৰুৱাই এইবোৰ মানিবলৈ অস্বীকাৰ কৰিছে। এৰিষ্টোটলে “কমেডি” আলোচনা প্ৰসঙ্গত কৈছে যে নীচ বা নিম্নধৰণৰ চৰিত্ৰৰ অনুকৰণৰ দ্বাৰা হাস্যৰসৰ উদ্ভৱ হয়। অৱশ্যে তেখেতে নীচ বা নিম্ন শব্দৰ অৰ্থ চৰিত্ৰগত নিম্ন বুজোৱা নাই। কুৎসিত অৰ্থতহে ইয়াক ব্যৱহাৰ কৰিছে। থমাচ হকৰ মতে আনৰ দুৰ্দ্দশা দেখি নিজৰ উচ্চতা বা উৎকৰ্ষতা উপলব্ধি কৰি দৰ্শক বা পাঠকৰ যি আত্মপ্ৰসাদৰ ভাব সৃষ্টি হয় সেয়ে [ ৭৮ ] হাস্যৰসৰ মূল। হবচৰ মতে আনৰ প্ৰতি অৱজ্ঞা বা তুচ্ছ তাচ্ছিল্যৰ ভাব দেখুওৱাটো আৰু আনক আঘাট কৰাটো মানুহৰ স্বাভাৱিক প্রবৃত্তি। এয়েই হাস্যৰসৰ মূল। আত্মতৃপ্তি, আত্মপ্রসাদ আৰু আনৰ প্রতি ঈর্ষা ভাব মানুহৰ সহজাত প্রবৃত্তি। গতিকে অন্য লােকক জব্দ হােৱা দেখিলে বা সঙ্কটপূর্ণ পৰিস্থিতিত পৰা দেখিলে অনেকে হাঁহি সম্বৰণ কৰিব নােৱাৰে।

 আলঙ্কৰিক সকলে ইয়াক শূদ্ৰ ৰস বুলি অপাংক্তেয় কৰি থৈছে। কিন্তু বেদ উপনিষদৰ পৰা আৰম্ভ কৰি আধুনিক যুগৰ কাব্য, নাটকলৈকে ভাৰতীয় সাহিত্যত হাস্যৰসৰ ধাৰা প্রবাহিত হৈ আহিছে আৰু নৱ ৰসৰ শাৰীত ঠাই পায়াে আহিছে। অসমৰ পুৰণি সাহিত্যত হাস্যৰসৰ অভাৱ নাই। শঙ্কৰ-মাধৱৰ সাহিত্যত অনাবিল হাঁহিৰ ধাৰ। বনগীত, বিয়ানাম, বহুৱালি এইবােৰতাে অপৰ্য্যাপ্ত হাঁহিৰ ৰহঘৰা। বেজবৰুৱা এইবােৰৰ উত্তৰাধিকাৰী। বেজবৰুৱাৰ মত হৈছে সকলাে বয়সতে, সকলাে ঋতুতে, সকলাে স্থানতে হাঁহিব লাগে। আন কি, হাইস্কুলবােৰতাে হাঁহিৰ ক্লাছ খুলিবলৈ দৰ্খাস্ত দিবলৈ তেওঁ উপদেশ দিছে। “বেজবৰুৱাই এই বিষয়ে ইমান strongly feel কৰিছে যে তেওঁ ইমান দূৰলৈকে প্রস্তাৱ কৰিব খুজিছে যে যি ছাত্র- ছাত্রীৰ পেট কামােৰে, তাকো যেন বলেৰে হাঁহিবলৈ বাধ্য কৰা হয়।” বৰবৰুৱাই* আকৌ কৈছে কান্দোন-সুৰীয়া ভাৰতীয় গান পৰিহাৰ কৰি ইংৰাজী সুৰৰ গান (যেনে বৰবৰুৱা ৰচিত) গাব লাগে। শতকৰা নিৰান্নবৈটাত বিননি থকা ৰবীন্দ্র সঙ্গীত, অঙ্কীয়া ভাওঁনাৰ বিলাপবােৰ বৰ্জন কৰিব লাগে। তেওঁ আকৌ কৈছে— "ডেকা অসমে যদি কিতাপ পঢ়িব খুজিছে, আজি কালিৰ সেই কুকুৰ-কন্দলি নভেলবােৰ নপঢ়ি গ্রীক এৰিষ্টফেনিছ পঢ়ক, জেৰম্ কে জেৰম্‌ পঢ়ক, 'পঞ্চ’ পঢ়ক, বঙলা দ্বিজু ৰায়ৰ 'হাঁসিৰ গান’ পঢ়ক বা গাওক, আৰু ঘাইকৈ কৃপাবৰ বৰবৰুৱাৰ ‘টোপােলা’, ‘ওভতনি’, ‘বুৰবুৰণি’ পঢ়ক, সভাত নিং নি ভাওৰীয়াৰ বৰ্ণনা শুনক, আৰু নিজৰ জীৱনত হাঁহিৰ ৰােল তােলক, কল্লোল কৰক। শেষত কওঁ ডেকা অসম, যদি তুমি বৰবৰুৱাৰ কথা নুশুনা, তেন্তে তুমি য’তে মৰাগৈ মৰা, বৰবৰুৱাৰ গাত দোষ নাই। বৰবৰুৱাই কিন্তু অকলে হাঁহি তেওঁৰ বাকী ডােখৰ কটাব।” এয়ে বেজবৰুৱাৰ স্পষ্ট দৃষ্টিভঙ্গী।

 অৱশ্যে বেজবৰুৱাই দুখক অঙ্গীকাৰ কৰা নাই। কিন্তু কান্দি কান্দি পৃথিৱীখন দুখৰ বােজাৰে পূৰ্ণ কৰাৰ পক্ষপাতি তেওঁ নাছিল।


*কৃপাবৰ বৰুবৰুৱা বেজবৰুৱাৰ ছদ্মনাম ৷

[ ৭৯ ]  সমাজ আৰু জাতীয় জীৱনৰ শুধৰণত যে ব্যঙ্গৰ বিশেষ কাৰ্য্যকাৰীতা

আছে সেই সম্বন্ধে বেজবৰুৱাৰ স্পষ্ট ধাৰণা আছিল। বেজবৰুৱাই কৈছে— “এৰিষ্টফেনিছৰ দিনৰ পৰা আজিলৈকে satire বা বিদ্ৰুপাত্মক ৰচনাৰ এটা ওখ ঠাই আছে। অসমীয়া সাহিত্যিত এনে ঠাই নাথাকিবৰ কাৰণ কি ক’ব নোৱাৰো।” সাহিত্য আৰু সমাজৰ দোষ গুচাবৰ নিমিত্তে, ভুল সুধৰাবৰ নিমিত্তে সঁচা তৰ্ক আৰু সঁচা সমালোচনা ডাঙৰ অস্ত্ৰ। এই কথা উপলব্ধি কৰিয়েই বেজবৰুৱাই হাঁহি- কৌতুক, বিদ্ৰুপ, ব্যঙ্গৰ আশ্ৰয় লৈয়েই সমাজ সংস্কাৰকৰ ভূমিকাত অৱতীৰ্ণ হৈছিল। বেজবৰুৱাই অৱশ্যে কেতিয়াবা কেৱল হাঁহিৰ বাবেই কৌতুক প্ৰদ ৰচনাৰ সৃষ্টি কৰিছে, কিন্তু এনে সৃষ্টি তাকৰীয়া। বেজবৰুৱাৰ সৰহ সংখ্যক লেখাতে প্ৰকাশ পোৱা হাস্যৰসৰ মাজত প্ৰচ্ছন্ন হৈ আছে এটি দুখ আৰু সেই দুখৰ উৎস হ’ল অসুখী জন্মভূমিৰ দুৰ্বল ৰূপ। পাশ্চাত্য জগতৰ সংস্পৰ্শত বিকৃত হোৱা সংক্ৰান্তি যুগৰ ক্ষয়িষ্ণু অসমীয়া সমাজখনৰ দুৰ্বলতাবোৰ স্থূল হাস্যৰসৰ মাজেৰেই হওক নাইবা সূক্ষ্ম হাস্যৰসৰ মাজেৰেই হওক দূৰ কৰাটোৱেই আছিল বেজবৰুৱাৰ হাস্যৰস সৃষ্টিৰ মূল লক্ষ্য। অসমীয়াৰ দুৰ্বলতা, নিৰাশাবাদ, নীচতা-ভীৰুতা, সংঙ্কীৰ্ণতা, আলস্য আদি বেজবৰুৱাই সহিব নোৱাৰিছিল। এইবোৰ দূৰীকৰণাৰ্থে তেওঁ অহৰ্নিশে চিন্তিত আছিল। অসমীয়া জাতিয়ে পুৰনি পৃথিৱীক নকৈ চোৱাৰ পৰা বঞ্চিত হোৱাৰ যি আশঙ্কা আৰু বেদনা অন্তৰত উদ্ভৱ হৈছিল সিয়েই বেজবৰুৱাক কৃপাবৰৰ ভূমিকাত অৱতীৰ্ণ হ’বলৈ প্ৰেৰণা দিছিল।

 হাঁহি কৌতুক কৃপাবৰী ৰচনাৰ উপকৰণ। এই হাঁহি কৌতুকৰ উদ্দেশ্য আছিল জাতিৰ জীৱনৰ অসঙ্গতিবোৰৰ প্ৰতি সকলোৰে দৃষ্টি আকৰ্ষণ কৰা। ইয়াৰ প্ৰকৃতিত গ্ৰাম্যতা অথবা তীক্ষ্ণতা নাই। বুদ্ধিনিষ্ঠতাও আছে বুলি ক’ব নোৱাৰি৷ তাত আছে মাথোন জীৱনৰ অসম্পূৰ্ণতা আৰু অসঙ্গতিবোৰৰ প্ৰতি বেদনা মিহলি কটাক্ষ।

 অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ প্ৰতি অশ্ৰদ্ধা, বাতৰি কাকতৰ সঘন মৃত্যু আৰু অসমীয়াৰ উদাসীনতা, পাৰিবাৰিক সমস্যা, শাহু-বোৱাৰীৰ অহি নকুল সম্পৰ্ক, স্ত্ৰীৰ প্ৰতি স্বামীৰ অনুচিত ব্যৱহাৰ, ধৰ্ম্মধ্বজ সকলৰ ধৰ্মৰ নামত অন্যায় অধৰ্ম, সত্ৰীয়া সংস্কৃতিৰ জীৰ্ণাৱস্থা, অসমীয়াৰ কানি-পান, এলাহ, নিদ্ৰা, ইংৰাজী শিক্ষিত ডেকাৰ ৰোমাণ্টিক উপন্যাসৰ প্ৰেমৰ অনুকৰণ, ন-কৈ গঢ় লোৱা নগৰীয়া সভ্যতাৰ শূন্যগৰ্ভতা, শিক্ষাব্যৱস্থাৰ ত্ৰুটি আদি নানা অসঙ্গতি সমূহক উপহাস কৰি অসুখী জন্মভূমিক সুস্থ কৰাৰ উদাৰ কৃপাবৰী ভঙ্গী অকল প্ৰসংশনীয়ই নহয় আদৰণীয়ও। বেজবৰুৱাৰ সময়ৰ অসমীয়া সমাজখনত আমোলাতন্ত্ৰৰ মেৰপাকত পৰা অসমীয়া [ ৮০ ] তথা ভাৰতীয় বিষয়াৰ প্ৰতিক্ৰিয়াশীলতা, সাম্প্ৰদায়িক বাটোৱাৰা, কৰ্মবিমুখতা, বক্তৃতা বিলাস আদি দুৰ্গুণবোৰ ইংৰাজ শাসনৰূপী বৰগছৰ সুশীতল ছাঁত নিদ্ৰালু হৈ আছিল৷ গাঁৱলীয়া জীৱনত আছিল মানৱতাবোধ। সেয়েহে গাঁৱলীয়া জীৱনক এৰি তথাকথিত ভেমেৰে ভৰা বিষয়াবোৰৰ বদগুণ সংস্কাৰ কৰাৰ অৰ্থে সেইবোৰক বেজবৰুৱাই উপহাস কৰিছিল। সেয়েহে বেজবৰুৱাৰ মনত জগৰা মণ্ডল বিদ্ৰুপৰ পাত্ৰ নাছিল। তেওঁৰ বিদ্ৰুপৰ লক্ষ্য আছিল আঁৰপটৰ উকীলজনহে।

 বেজবৰুৱাই অতি সাধাৰণ কথা বৰ আড়ম্বৰেৰে প্ৰকাশ কৰি, উচ্চধৰণৰ কথা অতি সাধাৰণভাবে প্ৰকাশ কৰি, নিজে সজা অদ্ভুত পটন্তৰ আৰু সংযুক্ত শব্দাৱলী আদি ব্যৱহাৰ কৰি হাস্যৰসৰ সৃষ্টি কৰিছে। মিহলি ভাষাৰ প্ৰয়োগ কৰি, ভুল ভাষা আৰু শব্দ প্ৰয়োগ কৰি, ভাবৰ বিসঙ্গতি দেখুৱাই, অজ্ঞতা প্ৰকাশ কৰি আৰু অদ্ভুত ভাব সংকেটৰ দ্বাৰাও বিমল হাস্যৰস প্ৰদান কৰিছে। বেজবৰুৱাৰ ৰচনাত বাগাড়ম্বৰ, শব্দ বিলাস, বাহুল্য দোষ আছে। কিন্তু এই দোষবোৰ বেজবৰুৱাৰ ক্ষেত্ৰত গুণ হৈ দেখা দিছে। বেজবৰুৱাৰ পূৰ্ণ বিকাশৰ কাৰণে এনেবোৰ দোষৰ প্ৰয়োজন আছিল। বেজবৰুৱাই হাস্যৰস অৱতাৰণাৰ বাবে ব্যৱহাৰ কৰা বাক্যৰীতি অনন্য সদৃশ। দেশী, বিদেশী, নিৰৰ্থক যেনে শব্দই নহওক লাগে বিশেষ স্থানত সুপ্ৰয়োগৰ ফলত সেই সেই শব্দই হাঁহিৰ খলকনি তোলে। বহুতো ঠাইত হাস্যৰস বুদ্ধিনিষ্ঠ অৱশ্যে নহয়। ক’তো ক’তো ই সৰল, সাধাৰণ। তেওঁৰ ব্যঙ্গ আৰু বক্ৰাঘাতৰ আঘাত হাস্যৰসৰ আনন্দৰ মাজত লুকাই থাকে।

 বেজবৰুৱা অসমীয়া সাহিত্যৰ সকলোকেইটি দিশৰে বাটকটীয়া সাহিত্যিক। তেওঁ কোনো এটি ধাৰাত বিশেষ নহয়। কিন্তু তেওঁ তেওঁৰ সমগ্ৰ সাহিত্যৰ মাজত অসাধাৰণ হৈ জিলিকি আছে। সামগ্ৰিক সাহিত্যিক ব্যক্তিত্বত তেওঁ উজ্বল ভোটাতৰা। কোনোবা এজন ইংৰাজ লেখকে কৈছিল - তিনিবছৰ সুখ্যাতি থকা সাহিত্য ঝনঝনাই যোৱা। ত্ৰিশ বছৰ থাকিলে যশস্যা। তিনিশ বছৰ থাকিলে অমৰ আৰু তিনিহাজাৰলৈ থাকিলে হ’মাৰ। এই মন্তব্যৰ কোনখিনি বেজবৰুৱাৰ সাহিত্যত খাটে সঠিককৈ ক’ব নোৱাৰি, কিন্তু বেজবৰুৱাৰ হাস্যৰসাত্মক ৰচনাৱলীয়েই যে তেওঁৰ ভাষাৰ ওপৰত থকা অদ্ভুত দখলৰ সাক্ষৰ যুগমীয়াকৈ বহন কৰি থাকিব ই ধুৰুপ।


দৈনিক অসম, ১৫ মাৰ্চ ২০১৫ চন, দেওবৰীয়া আলোচনী। (প্ৰয়াত বৈশ্যই প্ৰৱন্ধটো ২০/০৬/৮৭ তাৰিখে লিখি থৈ গৈছিল।) [ ৮১ ]

বৰ্তমান সমাজ সংস্কাৰৰ এটি উপায়

 সমাজখনত আজি যি ফালেই চকু দিয়া যায়, দেখা যায় তাতেই দুৰ্নীতিৰ ৰাজত্ব। বৰ্তমান সকলো শ্ৰেণীৰ লোকেই কম-বেছি পৰিমাণে দুৰ্নীতিযুক্ত। সমাজৰ গৰিষ্ঠ সংখ্যক এনে দুৰ্নীতিযুক্ত মানুহৰ লগত তেনেই লঘিষ্ঠ সংখ্যক সাধু, সৰল, সৎ-প্ৰকৃতিৰ লোক লগ লাগি বৰ্তমান আমাৰ চৰকাৰ গঠন কৰা হৈছে। বেচি সংখ্যক ভোটাৰৰ মত দানৰ প্ৰকৃতি অনুধাৱন কৰিলে এইটো বুজা যায় যে বৰ্তমান চৰকাৰো দুৰ্নীতিমুক্ত নহয়। আৰু চৰকাৰ দুৰ্নীতিমুক্ত নোহোৱাৰ ফলতেই সমাজৰ সকলো স্তৰতে নীতি-দুৰ্নীতিৰ টনা আঁজোৰাত আজি দুৰ্নীতিৰ জয়েই পৰিলক্ষিত হৈছে।

 আজন্ম তপস্যালব্ধ জ্ঞানশিৰে সমৃদ্ধ ঋষি-মুনিসকলে গভীৰ মননশীলতাৰে যি নীতিশাস্ত্ৰসমূহ ৰচনা কৰি থৈ গ’ল, সেই শাস্ত্ৰসমূহৰ নৈতিক আপ্ত বাক্যৰ প্ৰভাৱ আজি নাই। আজি অতীতৰ ভাববাদী নৈতিক আদৰ্শ বৰ্তমানৰ বস্তুবাদী নৈতিক আদৰ্শৰ হাতত নিৰ্যাতিত। খেলপথাৰত দীঘলীয়া দৌৰ প্ৰতিযোগিতাত নিৰ্দিষ্ট দূৰত্বত উপনীত হৈ জয়লাভ কৰাৰ উদ্দেশ্যে প্ৰতিযোগীসকলৰ ভিতৰত প্ৰতিযোগিতাৰ মাজতেই জ্ঞাতসাৰেই হওক বা অজ্ঞাতসাৰেই হওক ঠেলা-হেঁচা হোৱা দেখা যায়। আৰু প্ৰতিযোগীসকলৰ প্ৰতিজনে ইজনে সিজনক পিছ পেলাই যিকোনো প্ৰকাৰে লক্ষ্য স্থানত উপনীত হ’বলৈ চেষ্টা চলায়। প্ৰতিযোগীসকলৰ মূল লক্ষ্য হ’ল দূৰত্বৰ শেষ বিন্দু। দূৰত্বৰ শেষ বিন্দুলৈ ধাবমান হওঁতে সঙ্গী খেলুৱৈ কোন ক’ত কি ভাবে ৰৈ যায় তাৰ প্ৰতি প্ৰতিযোগীসকলৰ কোনেও দৃষ্টি নাৰাখে। আজিৰ সমাজতো জীৱনৰ খেল পথাৰত মানুহৰ মাজত চলিছে এক সুদীৰ্ঘ প্ৰচণ্ড দৌৰ। এই দৌৰ প্ৰতিযোগিতাত মানুহৰ মূল লক্ষ্য হ’ল বস্তুবাদী আদৰ্শমত্ত এক চূড়ান্ত বিলাসী জীৱন। এই বিলাসমত্ত খেলুৱৈসকলে কোনে কাক কি ভাবে ঠেলা- হেঁচা কৰি পিছ পেলাই অগ্ৰসৰ হৈছে তাৰ কোনো ইয়ত্বা নাই। এই ঠেলা-হেঁচাতেই সৃষ্টি হৈছে সমাজৰ যতবোৰ দুৰ্নীতি। প্ৰাচীনপন্থী ভাববাদী পণ্ডিতসকলৰ মতে উন্নতি বা প্ৰগতিৰ স্বৰূপ বৰ্তমানৰ উন্নতি বা প্ৰগতিৰ স্বৰূপতকৈ বেলেগ। সৎকৰ্ম আচৰণ কৰি সজ জীৱন যাপনৰ মাজেৰে লাভ কৰা আত্মাৰ উন্নতিকহে প্ৰাচীন পন্থী [ ৮২ ] পণ্ডিতসকলে প্ৰকৃত উন্নতি বুলি গণ্য কৰিছিল। কিন্তু বৰ্তমানৰ উন্নতি বা প্ৰগতিৰ জোখমাখত আত্মাৰ উন্নতি বা সৎকৰ্ম, সজ চিন্তাৰ উন্নতি আদিৰ স্থান গৌণ। নীতি- দুৰ্নীতি যিকোনো প্ৰকাৰে অৰ্থাগমৰ পথ সুগম কৰি লাভ কৰা বস্তুৰ প্ৰাচুৰ্যইহে বৰ্তমান উন্নতিৰ মানদণ্ড। আজিৰ সমাজত সামাজিক উচ্চমূল্যবোধ বস্তুবাদী ভাবেৰে সৃষ্টি হোৱাৰ ফলত প্ৰাচীন আদৰ্শসম্ভূত জ্ঞানীসকলৰ আজি বিবেক দংশন উপস্থিত হৈছে। কৰ্তব্য অকৰ্তব্যৰ দংশনত অতীষ্ঠ হৈ বহুতো জ্ঞানীয়ে সমাজত সমাদৃত তথাকথিত বস্তুবাদী আদৰ্শভক্ত দুৰ্নীতিযুক্ত লোকৰ অনুগামী হোৱা দেখা গৈছে। জ্ঞানীৰ এই জীৱন প্ৰবাহ দেখিলে ধাৰণা হয়, বৰ্তমানৰ শিক্ষাত অন্তৰ্ভুক্ত প্ৰাচীন নীতি শিক্ষা এক ভীৰু প্ৰহসন মাত্ৰ। কিয়নো বৰ্তমানৰ শিক্ষাই যি নীতি শিক্ষা দিয়ে আজি তাক পালন কৰোতা প্ৰায় নাইকিয়া হৈ আহিছে। কোনোবাই পালন কৰিলেও প্ৰত্যক্ষ বা পৰোক্ষ ভাবে সি বিদ্ৰুপৰ পাত্ৰ হোৱাহে দেখা যায়। আৰু এনে বিদ্ৰুপত অতীষ্ঠ হৈয়ো বহু নৈতিক বলত বলীয়ান লোকে দুৰ্নীতিৰ মাজত আত্মজাহ দিয়ে। বৰ্তমানৰ ত্ৰিশ শতাংশ ভাৰতীয় শিক্ষিত লোকৰ অধিকাংশই এনে আত্মঘাটী।

 লক্ষ্য কৰিলে দেখা যায় দুৰ্নীতিৰ ক্ষেত্ৰত অশিক্ষিত সকলতকৈ শিক্ষিতসকল বেচি ভয়াবহ। দুৰ্নীতিযুক্ত অশিক্ষিতবোৰে হয়তো জীয়াই থকাৰ নিম্মতম প্ৰয়োজনৰ বাবে দুৰ্নীতিৰে চুৰি চাতুৰি আদি কুকাৰ্যবোৰ কৰে। এইবোৰ দুৰ্নীতিপৰায়ণক সহজে চিনি পোৱা যায়। গতিকে নানা শাস্তি বিধান আদি কৰি হ’লেও এইবোৰৰ পৰা সমাজক ৰক্ষা কৰাৰ ব্যৱস্থা সহজে কৰিব পৰা যায়। দুৰ্নীতিপূৰ্ণ শিক্ষিতসকলক কিন্তু সহজে চিনা টান। এই শ্ৰেণীৰ শিক্ষিতসকল চিক্‌মিকিয়া পালিচৰ তলত থাকে। এওঁলোক ভদ্ৰ বেশৰ ঠগ, প্ৰবঞ্চক, চৌৰ্যবৃত্তিধাৰী অসাধু লোক। এওঁলোকে জীয়াই থকাৰ উচ্চতৰ বা উচ্চতম বিলাসী প্ৰয়োজনৰ বাবে সভ্য লোকৰ মুখা পিন্ধি কাগজে-কলমে চুৰি ডকাইতি আদি কুকাৰ্য কৰে। এই সকলৰ পৰাহে আজি সমাজক শুদ্ধ ৰূপে ৰক্ষা কৰাটো টান হৈ পৰিছে। বৰ্তমান দুৰ্নীতিৰ অত্যাচাৰ এনেভাবে চলিব ধৰিছে যে সমাজত সৎলোক অস্তিত্ব ৰাখি বাস কৰাটোৱে সমস্যা হৈ পৰিছে। কিন্তু এই সমস্যা দূৰীকৰণাৰ্থে নৈতিক বলত বলীয়ান সভ্য জ্ঞানীসকল ঐক্যবদ্ধ হৈ প্ৰস্তুত হ’বই লাগিব। এইটো নিশ্চিত সত্য বুলি ধৰি ল’ব লাগিব যে সতৰ চিন্তা সতে কৰি তাৰ প্ৰতিৰক্ষাৰ ব্যৱস্থা নকৰিলে সতৰ এই সংখ্যাগৰিষ্ঠ অসতৰ সমাজত পৰিত্ৰাণ নাই। কিন্তু এইখিনিতে আন এটা মন কৰিবলগীয়া গুৰুত্বপূৰ্ণ কথা এই যে আত্মকেন্দ্ৰিক ভাবে সতে অকল সতৰ প্ৰতিৰক্ষাৰ কথা ভাবি কাৰ্যত নামিলে ভৱিষ্যৎ উত্তৰ পুৰুষৰ বিচাৰত সতে ৰক্ষা পোৱাটো টান হৈ [ ৮৩ ] পৰিব। এইদৰে এক পক্ষীয় ভাবে কাম কৰিলে, অসতক সৎ পথলৈ অনাৰ প্ৰযত্ন নকৰাৰ অপৰাধত এদিন হলেও জ্ঞানীৰ দল সমাজৰ বিচাৰত দোষী সাব্যস্ত হ’ব লাগিব আৰু সমালোচনাৰ তীক্ষ্ণ বাণত শৰবিদ্ধ হৈ তেওঁলোকে তেওঁলোকৰ কৃতকৰ্মৰ কৈফিয়ৎ দিব লাগিব। এনে অপৰাধী জ্ঞানীৰ কোনো কোনোৱে হয়তো জীৱন্ত অৱস্থাত সমাজৰ চকুত নপৰাকৈ হাত সাৰিব পাৰে; কিন্তু মৃত্যুৰ পিছত হলেও সময়ৰ হাতত তেওঁলোকৰ অপৰাধৰ এদিন বিচাৰ হ’বই। এই কথা মনত ৰাখি দূৰদৰ্শীতাৰে সৎসকলে সৎ হৈ থকাৰ উপৰিও অসৎবোৰকো সৎ পথলৈ অনাৰ মূল তত্ত্ব উদঘাটন কৰি তাক কাৰ্যত পৰিণত কৰাৰ চেষ্টা চলোৱা উচিত। ভৱিষ্যৎ বংশধৰসকলৰ নিৰংকুশ সাধু জীৱনৰ সুচল ক্ষেত্ৰৰ চিন্তা আজিয়েই নকৰিলে দেশৰ ভৱিষ্যৎ হ’ব অন্ধকাৰ। জংঘলৰ মাজত শস্যৰ বীজ ছটিয়াই থ’লে সি গজি উঠাৰ সম্ভাৱনা কম। ফলান শস্য পাবলৈ হ’লে জংঘল চাফ কৰি কৰ্ষণ আদিৰে সাৰুৱা ভূমি তৈয়াৰ কৰাৰ প্ৰথম প্ৰয়োজন। সেইদৰে ভৱিষ্যতৰ নিস্পাপ শিশুও কুসংস্কাৰযুক্ত বিষাক্ত সমাজত মানুহ ৰূপে গঢ়ি উঠাৰ সম্ভাৱনা কম। নিষ্পাপ শিশু প্ৰথম সান্নিধ্যলৈ অহা সমাজখন যি ধৰণৰ, যি গুণৰ, সেই গুণহে শিশুৱে প্ৰথমে গ্ৰহণ কৰিব। গতিকে শিশু প্ৰকৃত মানৱ হোৱাৰ বাবে নীতিপূৰ্ণ বিশুদ্ধ সমাজখনৰহে প্ৰথম প্ৰয়োজন।

 বৰ্তমান সমাজখনৰ দুৰ্নীতিমুখী গতি ৰুদ্ধ কৰি নীতিমুখী কৰিবলৈ হ’লে পোন প্ৰথমে দুৰ্নীতিৰে উপাৰ্জন কৰা ধনৰ প্ৰাচুৰ্যৰ সামাজিক উচ্চ মূল্যবোধক নিম্ন মূল্যবোধলৈ পৰিবৰ্তন কৰিব লাগিব। সামাজিক মূল্যবোধৰ এই পৰিবৰ্তন যুদ্ধত আগৰণুৱা হ’ব লাগিব সমাজৰ সভ্য জ্ঞানী শ্ৰেণী আৰু এই যুদ্ধৰ প্ৰথম ক্ষেত্ৰ হ’ব লাগিব সমাজৰ আটাইতকৈ ক্ষুদ্ৰতম গোট প্ৰতিটো পৰিয়াল। ইয়াৰ পিছত লাহে লাহে প্ৰতিটো চুবুৰী, প্ৰতিখন গাওঁ আদিকৈ ক্ৰমে বিস্তৃতি ঘটাই পৰস্পৰে পৰস্পৰৰ লগত এক হৈ সমগ্ৰ বিশাল সমাজত এই সংস্কাৰ আন্দোলন বিয়পাই দিব লাগিব। এই আন্দোলনৰ ৰণুৱা সভ্য জ্ঞানীসকল ঐক্যবদ্ধ হোৱাৰো উজু উপায় আছে। বৰ্তমান সমাজত ভাল-বেয়া, সৎ-অসৎ একাকাৰ হৈ থাকিলেও সমাজত ইতিমধ্যে মুষ্টিমেয় এক শ্ৰেণীৰ লোকে জীৱনৰ ধামখুমীয়াত নৈতিকতা বিসৰ্জন নিদি মৰোঁ জীওঁ সোঁ আধিকৈ যুঁজ দি জীৱন নিৰ্বাহ কৰাৰ উদাহৰণো নোহোৱা নহয়। এই সকলৰ লগত বিবেকৰ দংশনত নানা প্ৰতিকুল পৰিস্থিতিৰ প্ৰভাৱত বাধ্য হৈ বিপথে গৈ অশান্তিত দিন কটোৱা জ্ঞানীসকল ফালৰি কাটি আহি সংঘবদ্ধ হ’ব লাগিব। কেতিয়াও অসৎ, দুৰ্নীতিপৰায়ণ নহওঁ বুলি দৃঢ়মন লৈ থাকিলে কোনেও কাকো [ ৮৪ ] জোৰকৈ দুৰ্নীতিপৰায়ণ কৰিব নোৱাৰে। জ্ঞানীৰ সমদল এইদৰে বৃদ্ধি হৈ আহিলে জ্ঞানীসকলৰ এখন ডাঙৰ সমাজ হ’ব। সেই সমাজখনে আজিৰ তথাকথিত দুৰ্নীতিৰে গঢ়ি উঠা সন্মানিত ভণ্ডসকলক নীতিৰ বলেৰে তুচ্ছ জ্ঞান কৰাৰ সাহস পাব। বেয়া কামৰ ফলেৰে গঢ় লোৱা সকলো বস্তুৱে যেতিয়া সভ্য জ্ঞানীৰ চকুত সামাজিক ভাবে হেয় প্ৰতিপন্ন হৈ পৰিব তেতিয়া এই হেয় ভাব পোৱাৰ ভয়ত মানুহে বেয়া কামলৈ লাহে লাহে পিঠি দিব। দুৰ্নীতিৰ পূজাৰ ঠাইত এইদৰে লাহে লাহে ঘৃণা গঢ় লৈ উঠিব আৰু ঘৃণিত দুৰ্নীতিৰ জীৱন যাপনৰ আকাংক্ষা ত্যাগ কৰি মানুহ যেতিয়া সৎ পথলৈ ধাবিত হ’ব তেতিয়াহে অনুক্ৰমে বৰ্তমানৰ সমাজখন বিশুদ্ধ পথলৈ আগবাঢ়িব। সময়ৰ বিৱৰ্তনত যেতিয়া এনেদৰে বিন্দু বিন্দুকৈ দুৰ্নীতি কমি আহিব, এদিন হয়তো সমাজত সভ্য জ্ঞানীৰ সংখ্যাই গৰিষ্ঠতা লাভ কৰিব। তেতিয়া এই গৰিষ্ঠ সংখ্যকৰ মাজৰ পৰাই হ’ব চৰকাৰ গঠন। জ্ঞানীয়ে যেতিয়া শক্তিৰ অধিকাৰী হ’ব, সমাজ যেতিয়া জ্ঞানীৰে পৰিপুষ্ট হ’ব, তেতিয়াহে সমাজত প্ৰকৃত মানুহ উভৈনদী হ’ব। প্ৰকৃত মানুহৰ সমাজত যি কোনো সুপৰিকল্পনাই সুন্দৰ ৰূপে ৰূপায়িত হ’ব। দেশত শান্তি বিৰাজ কৰিব।



বিৰুবাৰীৰ জনো প্ৰিণ্টিং প্ৰেছত মুদ্ৰিত আৰু জীৱন জ্যোতি সঙ্গীতাশ্ৰমৰ দ্বাৰা প্ৰকাশিত, ১৯৮০ চন [ ৮৫ ]

জ্ঞানীবৰ, তুমি ওলাই আহা

হেৰা ছেগ বুজি বুজি নীতি সলােৱা
ভণ্ড যােগীজন,
ভাবিছা কিয় এই দেশখন তােমাৰ পিতৃধন?
তােমাৰ বাহিৰে মাতৃভূমিৰ নাই কোনাে আপােনজন?
তুমি কোন ?
তুমি দেখােন ক্ষমতা লােভী
অনুগ্রহ বিচাৰি ঘৰে ঘৰে ফুৰা সাধাৰণজন
প্রতিশ্রুত সেৱক তুমি ৰাইজৰ ধন।
তােমাৰ মনত নাই?
তুমি হীনমন্য কৃতঘ্ন,
সেইবাবে তুমি গাদীত বহিয়েই পাহৰি যােৱা
তুমি ৰাইজৰ ধন।
তুমি অকৃতজ্ঞ,
ৰাইজক ভুলি সেয়েহে তুমি পাহৰি যােৱা
দুদিন আগৰ প্রতিশ্রুতি প্রতিজ্ঞা যত পণ।
তুমি নীচাত্মিকা ৰােগত ভােগা দৰিদ্ৰজন,
সেইবাবেহে দেশপ্রেমিকৰ মুখা পিন্ধি
আভিজাত্যৰ পেখন ধৰি
দুহাতে কেৱল খামুচি খামুচি
পেট পূৰােৱাৰ মন।
আকাশ বতাহ কম্পিত কৰি
সিংহনিনাদে গর্জন তুলি
জনকণ্ঠে গাইছে কত দেশৰক্ষাৰ গান
সেই গান তুমি শুনা নাই?
তুমি নীৰৱ নিমাত মৃতবৎ নিষ্প্ৰাণ
কেৱল গাদী ৰক্ষাৰ ধ্যান।

[ ৮৬ ]

গণতন্ত্ৰ, ধিক্ তোমাক,
তুমিয়েইতো নিৰ্বাচিলা
মদমত্ত স্বাৰ্থলোভী গণ
যিয়ে একো নুবুজি ক্ষমতা বলেৰে
কৰিলে দেশ উছন।
দেশ অধিকাৰী ৰাইজ,
যদি মাতৃভূমিক ৰাখিব খোজা
আঁতৰাই দিয়া শাসন যন্ত্ৰৰ মুৰ্খ যন্ত্ৰীগণ।
হেৰা জ্ঞানীৰ দল,
অকল জ্ঞান জ্ঞান বুলি ঢাপলি মেলি
নীৰৱে থাকিলে দেশক ভুলি
নাপাবা ই দেশত জ্ঞানৰ দাম।
তুমি ওলাই আহা!
বীৰ বেশেৰে নাশি দুষ্কৃতি
জিলিকাই তোলা ক্ষমতা ধাম
কৰি নিঃশেষ শোষণ, পেষণ, জ্বলন, পীড়ণ
ঘন তমসাৰ ঘোৰ আৱৰণ
ঢালি দিয়া তুমি জ্ঞানৰ কিৰণ
জিলিকাই তোলা দেশৰ নাম।
নকৰা যদি তুমি এই কাম
নৰ’ব ই দেশ যাব ৰসাতল
লাভ নাই কৰি একো লাভ নাই
বিফল আন্দোলন,
গগণ পৱন ভুৱন কঁপাই লাভ নাই কৰি
বিফল আস্ফালন৷



প্ৰয়াত উমেশ বৈশ্যৰ দ্বাৰা ৰচিত ‘অশান্ত জন্মভূমি’ পুথিৰ পৰা লোৱা হৈছে।
(প্ৰকাশ- ১ ডিচেম্বৰ ১৯৭৯ চন) [ ৮৭ ]

আমাৰ সংগীত কলাৰ বৰ্তমান অবস্থা

 সাহিত্যৰ দৰে সংগীতেও জাতীয় জীৱনত এক বিশিষ্ট ভূমিকা গ্ৰহণ কৰি আহিছে। আমাৰ সংগীত কলা এতিয়া সুন্দৰ সংস্কৃতিৰ সাজ হ’ব পাৰিছেনে নাই চাবৰ সময় হৈছে। কাৰণ আমাৰ সংগীত আকাশত এক ৰকমৰ খেলিমেলিৰ সৃষ্টি হৈছে। ইয়াৰ প্ৰভাৱত হয়তো সাংস্কৃতিক জীৱন ভাঙি চুৰমাৰ হৈ যাব পাৰে।

 দীৰ্ঘ দিনৰ শাসনৰ অন্তত ইংৰাজ গুচি গ’ল সঁচা; কিন্তু মদ, ভাং, কানি, আফিং আদিৰ দৰে সিহঁতৰ গীত-মাতৰ মুকলি প্ৰভাৱে এনেভাৱে শিপালে যে ই ভাৰতীয় সংগীত কলাৰ সৃষ্টিশীল আবেদন ধ্বংসতো কৰিলেই আনকি গলিত মাংসপিণ্ড সদৃশ প্ৰাণহীন বিকলাংগ জ্বণৰ দৰে অসাৰ্থক সংগীত কলাৰ সৃষ্টি কৰি আমাৰ জাতীয় জীৱনো বিষময় কৰি তুলিলে। সিহঁতে আমাৰ ভাৰতীয় সংগীতৰ বোৱঁতী সুঁতিত এক বিৰাট প্ৰতিবন্ধক হৈ থিয় দিলে। তানসেনৰ মৃত্যুৰ পিছৰে পৰা সেয়েহে সংগীতৰ ধাৰাই গতি সলালে।

 তানসেন ঢুকাল যদিও ভাৰতৰ সংগীতাকাশত জনম ল’লে একে গোষ্ঠীৰে সংগীতসেৱী ভাৰতীয় সংগীত কলাৰ সম্ৰাট আব্দুল কৰিম খাঁ, এনায়েট খাঁ, ওস্তাদ আলাউদ্দিন খাঁ আদি গুণী পুৰুষসকল যাৰ সুৰৰ মুৰ্চ্ছনাত অকল ইংৰাজেই নহয়, বিশ্বৰ আন আন জাতিও মুগ্ধ হ’ল। সিহঁতে মুক্ত কণ্ঠে স্বীকাৰ কৰিছে যে পৃথিৱীৰ ভিতৰত ভাৰতীয় শাস্ত্ৰীয় সংগীত কলাই শ্ৰেষ্ঠতম স্থান অধিকাৰ কৰিছে৷ কিন্তু প্ৰশ্ন উঠে, এনেহেন সংগীত সেৱীসকলে ভাৰতৰ পৰা পাইছে কি? আজীৱন তপস্যালব্ধ জ্ঞান ৰাশিৰ প্ৰকৃত মূল্যাঙ্কন ভাৰতীয়ই কৰিব পাৰিছে বুলি ক’ব নোৱাৰি৷ মূল্যাঙ্কন কৰিব নোৱাৰাৰ মূল কাৰণ হ’ল সংগীত কলাৰ সুস্থ জ্ঞানৰ অভাৱ। গুণীয়ে গুণীৰ মোল বুজে। পৃথিৱীৰ বিখ্যাত জাতিসমূহে ভাৰতীয় গুণীসকলৰ জ্ঞানক সম্বৰ্ধনা জনাইছে।

 বিচাৰ বুদ্ধিৰ অপৈণতা, মনোভাৱৰ পঙ্কিলতা, অসমীয়াৰ আটাইতকৈ বেছি কোৱা কথাষাৰ সম্ভৱতঃ এই ক্ষেত্ৰত খাটে। শুদ্ধ-অশুদ্ধ বিচাৰ কৰি বাট বুলাৰ তীক্ষ্ণতা বা তৎপৰতা আমাৰ বৰ কম। কলা কৃষ্টিৰ শুদ্ধ বাটেই যে জাতীয় জীৱনৰ প্ৰগতিৰ বাট অসমীয়াই বুজিছে বুলি কোৱা টান। সংৰক্ষণশীল মনোভাৱ লৈ [ ৮৮ ] নিজৰটোকে সাৱটি থাকি অইনৰ ভালখিনিৰ সহায় নােলােৱাকৈ কোনাে জাতিয়ে উন্নতি কৰিব পাৰে বুলি ভবা অনুচিত। অইনৰ সহায় ল’ব লাগে। কিন্তু নিজক অইনৰ মাজত বিলীন কৰি ধ্বংস কৰি নহয়— নিজৰ মৌলিকতা অক্ষুন্ন ৰাখিহে।

 বিহু আমাৰ বাপতি সাহােন, বিহুগীত আমাৰ বুকুৰ আপােন বুলি মুখস্থ মাতাে। আজিৰ বিহু গীত-মাতত অন্তৰৰ আবেদন নাই। এই গীতবােৰ পশ্চিমীয়া বতাহত আৰু ৰেডিঅ’ৰ চেপনিত বিকৃত হ’ল। লােকগীত, বিয়ানাম, দেহ বিচাৰৰ গীত, টোকাৰী গীত আদিৰ প্ৰণালীবদ্ধ পৰিবেশন প্রায় নাইকীয়া হ’ল। ধাই নাম, ধেমালী নাম, লখিমী সবাহৰ গীত, অপেছৰাৰ গীত, গোঁসাই সদাশিৱৰ নাম, বাৰমাহী গীত, জুনা, নাও খেলৰ গীত আদি কিতাপৰ পাতত বুৰঞ্জী হৈ ৰ’ল। অসমীয়াই সেইবােৰ আৰু চৰ্চা কৰিবনে? প্রাচ্য-পাশ্চাত্যৰ মুকলি প্ৰভাৱে আৰু অসমীয়া সমাজৰ সংৰক্ষণশীলতাৰ টানি ৰখা স্বভাৱে সেই সকলােবােৰ গীত-মাত বিলুপ্ত কৰি তাৰ ঠাইত কিছুমান বিদ্রুপ, বিজতৰীয়া গীত-মাতৰ সৃষ্টি কৰিলে।

 অসমৰ গাঁৱে-ভূঞে, পর্বতে-কন্দৰে প্রতিধ্বনিত হৈ থকা শংকৰ-মাধৱৰ বৰগীতৰ কথা সুঁৱৰিলে কেনেবা লাগে। কাব্যময় বৰগীতবােৰত অসমীয়াৰ নিজত্ব লুকাই আছে। হিন্দুস্থানী শাস্ত্রীয় সংগীতৰ ৰাগসমূহ (যেনে-কামােদ, আসােৱাৰী, ধনেশ্রী, গৌৰী, মল্লাৰ, বিলাৱল, আহিৰ আদি) আমাৰ বৰগীতসমূহতো আছে৷ কিন্তু তাৰ বিজ্ঞান অসন্মত পৰিবেশনে শংকৰ-মাধৱৰ নামত কলংকহে সানিছে। আধুনিক সুৰকাৰৰ কোনাে কোনােৱে বৰগীতৰ ৰাগ দুই এটিৰে সুৰ ৰচনা কৰাৰ বাবে বৈজ্ঞানিক পদ্ধতিত সুৰ মিশ্ৰণ কৰাত কোনাে বাধা বা আপত্তি থকা অনুচিত বুলি কৈ তাৰ পৰা সংগীতৰ ক্ৰমবিকাশত সুবিধাহে হয় বুলি কিছুমানে ভাবিব খােজে৷ কিন্তু কথা হ’ল সেই সুৰকাৰসকলে বৰগীতৰ ৰাগবােৰ জানে নে নাজানে। যদি জানে, বৈজ্ঞানিক পদ্ধতিত সুৰ মিশ্ৰণ কৰা কথাটো তেওঁলােকৰ ক্ষেত্ৰত প্রযােজ্য হ’ব পাৰে। কিন্তু যাৰ ৰাগৰ বিষয়ে জ্ঞান নাই, তেওঁলােকে বৈজ্ঞানিক পদ্ধতিত সুৰ মিশ্ৰণ কৰি বৰগীতৰ উন্নতি কৰা বা সংগীতৰ ক্ৰমবিকাশ কৰা কথাটো সম্পূর্ণ ভিত্তিহীন। অসমৰ ক্ষেত্ৰত প্রকৃত বৰগীতৰ ক্ৰমবিকাশ হৈছে বুলি। ক’ব নােৱাৰি। 'সুৰ ৰেখাত বৰগীত’ আদি কিতাপৰ গৱেষণামূলক প্রকাশে বৰগীতৰ ভৱিষ্যৎ আশা কিঞ্চিৎ পূর্ণ কৰিছে। সেইবােৰ প্ৰচলন কৰা উচিত। ’থিওৰিটিকেল’ বুৰঞ্জী লিখি কিতাপ আকাৰে থৈ দিয়াৰ বিশেষ লাভ নাই। সেইবােৰৰ শুদ্ধ প্রচাৰত অৰিহণা যােগাব কোনে? যিসকলে আশাশুধীয়া চেষ্টা কৰি জীৱনৰ প্রায় দুই- তৃতীয়াংশ সময় সংগীত সাধনা কৰি বিশেষ পাণ্ডিত্য লভিব নােৱাৰিলেও শুদ্ধ ৰাগ [ ৮৯ ] ৰূপ দিব পৰা গুণ অর্জন কৰিছে, সেইসকলে অসমৰ বিকৃত গীতবােৰৰ শুদ্ধ পৰিবেশনৰ প্রতি মনােযােগ দিয়া উচিত। কিন্তু অসমীয়া জনসাধাৰণৰ সহানুভূতি নাপাই তেওঁলােকেও সংগীত কলাৰ ক্ৰমবিকাশৰ চিন্তা কৰাৰ মনােবলখিনি হেৰুৱাই পেলাইছে। প্রকৃত শিল্পীক সমাদৰ কৰিবলৈকে অৱশ্যে এখন গুণী শিক্ষিত সমাজৰ দৰকাৰ। এই সমাজখন আমাৰ নাই বুলি কলেও বােধহয় বেছি কোৱা নহ’ব। এই সমাজ সৃষ্টি নােহােৱাৰ বাবে আমাৰ বর্তমান শিক্ষা পদ্ধতিকো দোষ দিব লাগিব। এই শিক্ষা ব্যৱস্থাত সংগীত কলাৰ সাংগীতিক মূল্য বুজাত ছাত্র-ছাত্রী তথা উচ্চ শিক্ষিত লােকসকলক সহায় কৰিব পৰা কোনাে বিধি-বিধান নাই। যি কেইজন মুষ্টিমেয় অনুসন্ধিৎসু সংগীতসেৱীয়ে সাধনা কৰি তিল্‌তিল্‌কৈ মৃত্যুমুখী হৈছে, তেওঁলােকে নিজ চেষ্টাৰ গুণত সেই সাধনাত ৰত আছে। এই সজ চেষ্টাত গুণী সমাজে বিশেষ সাৰ-পানী যােগােৱা নাই অথবা যােগাব পৰা নাই। সমাজৰ এই উদাসীনতাৰ কাৰণে অথবা অজ্ঞতাৰ কাৰণে সাংগীতিক মূল্যবোধ নাথাকিলেও সংগীতজ্ঞৰ অভিনয় কৰি অসমত সংগীত কলাৰ বিদ্রুপ জঁকা এটা বচাই ৰখাৰ প্রচেষ্টাই মূৰ দাঙি উঠিছে। বিজ্ঞানসন্মত প্রণালীহীন শ্রমবােৰ সমূলি পণ্ডশ্ৰমলৈ ৰূপান্তৰিত হৈছে যেন লাগে।

 সুৰ চৰ্চাৰ অভাৱত অসমীয়া লঘু গীত-মাতবােৰেও বেসুৰা বীভৎস ৰূপ লৈছে। লঘু গীত-মাতৰ এটা সুকীয়া মূল্য আছে। কিন্তু সেই মূল্যৰ প্রকৃত মূল্যাঙ্কন হ’বলৈ হ’লে লঘু শিল্পীসকলেও ব্যৱসায়ী ব্যস্ততাৰ নিষ্ফল নিচা পৰিত্যাগ কৰি নিয়মীয়াভাৱে সুৰ সাধন কৰিব লাগিব। লঘু সংগীতৰ শিল্পীসকলে শাস্ত্রীয় সংগীত চৰ্চা কৰিলে বেসুৰা বেমাৰটোৰ পৰা অব্যাহতি পাব বুলি বিশ্বাস কৰিব পাৰি৷

 আমাৰ সংগীত কলাৰ শােচনীয় পৰিস্থিতিৰ উন্নতিৰ বাবে চিন্তা কৰাৰ অতি প্রয়ােজন হৈ পৰিছে। যি কেইজন মুষ্টিমেয় লােকে এই বিষয়ৰ সাধনাত ৰত হৈছে তেওঁলােকে দৃঢ়ভাৱে কামত আগবাঢ়িব লাগিব। সমাজে প্রেৰণা দিবই লাগিব। নহ’লে আমাৰ সাংস্কৃতিক জীৱনত অজানিতে সােমাই যােৱা বেমাৰৰ বীজে অসমৰ জাতীয় জীৱন ধ্বংস কৰিব পাৰে। □



’নতুন অসমীয়া’, দেওবৰীয়া চ’ৰা, ৫ ডিচেম্বৰ ১৯৬৫ চনত প্রকাশিত।

[ ৯০ ]

বৰ্তমান শিক্ষা পদ্ধতিৰ আমূল

পৰিৱৰ্তনৰ উপায়

 স্বাধীনোত্তৰ যুগত বহু শিক্ষাবিদৰ বহু আয়োগ গঠন হ’ল; কিন্তু কোনো এটি আয়োগেই ফলপ্ৰদ ৰূপত ৰূপায়িত হোৱা দেখা নগ’ল। বৰ্তমান কোঠাৰী আয়োগৰ চিন্তাৰ অনুকুলে দেশৰ শিক্ষাই গতি কৰিছে; কিন্তু ইও ফলৱতী হ’ব বুলি আশা কৰিব নোৱাৰি। দেশৰ শিক্ষিত নিবনুৱাৰ দ্ৰুততম বৃদ্ধিয়ে ইতিমধ্যে কোঠাৰী আয়োগসন্মত শিক্ষাৰো নিষ্ফলতা প্ৰমাণ কৰিছে।

 নিবনুৱা সমস্যা দেশৰ প্ৰধান প্ৰধান সমস্যাসমূহৰ ভিতৰত অন্যতম। আচলতে নিবনুৱা’ শব্দটোৰ ব্যৱহাৰিক অৰ্থ হৈছে—বন নোহোৱা বা বন বিচাৰি নোপোৱা লোক। অৰ্থাৎ বন যাৰ নাই সি নিবনুৱা। এই সূত্ৰমতে বিচাৰ কৰিলে ভাৰতৰ নিবনুৱা সমস্যাই ভাৰতত বনৰ অভাৱ ঘটাটোকে বুজায়; কিন্তু স্বৰূপাৰ্থত ই সত্য নহয়। ভাৰতত আজি সৰু-বৰ অজস্ৰ বন পৰি আছে; তথাপিও দেশত শিক্ষিতসকলৰ বেছি ভাগে চকুৰ আগত থকা বন দেখিও নেদেখা হৈ কিয় নিবনুৱাৰূপে ঘূৰি ফুৰে তাৰ প্ৰকৃত কাৰণ আজি শিক্ষাবিদৰ চিন্তাত ধৰা পৰা নাই। দেশত আজি শিক্ষিত নিবনুৱা বানপানীৰ দৰে বাঢ়িছে। শিক্ষিত লোকে উচ্চ শিক্ষা লোৱাৰ পিছত সাধাৰণতে আৰম্ভ হয় জীৱনৰ চাকৰি পৰ্ব। অশেষ নিকাৰভুঞ্জি চাকৰি পোৱাসকলে পঢ়া-শুনা সাৰ্থক হোৱা বুলি স্বস্তিৰ নিশ্বাস কাঢ়ে। আনহাতে অশেষ চেষ্টা কৰিও চাকৰিৰ ক্ষেত্ৰত ব্যৰ্থ হোৱা শিক্ষিতসকলে নিজকে নিবনুৱা তালিকা ভুক্ত কৰে। অন্য কাম চকুৰ আগত থাকোতেও সেইসকলে নিজকে নিবনুৱা ৰূপ দিয়া কাৰ্যৰপৰা এইটো স্থিৰ কৰিব পাৰি যে শিক্ষিত নিবনুৱাৰ চাকৰিটোহে হৈছে একমাত্ৰ বন। 'চাকৰিয়েই বন’—এই ধাৰণা আজি সমাজত বাৰুকৈয়ে শিপাইছে। লক্ষ্য কৰিলে দেখা যায় যে নিৰক্ষৰ অশিক্ষিত লোকৰ মাজত নিবনুৱা সমস্যা প্ৰায় নাই; কিয়নো তেওঁলোকে মান-অভিমান আদিৰ চিন্তা নকৰি সৰু বৰ যিকোনো এটি কাম কৰিয়েই জীৱিকা নিৰ্বাহ কৰে। শিক্ষিত নিবনুৱাসকলৰ ক্ষেত্ৰত কিন্তু এইটো দেখা নাযায়। তেওঁলোেকৰ মাজত মান-অভিমান আৰু নিজকে শিক্ষিত বুলি কৰা ভেম, অহংকাৰ আদি পৰিলক্ষিত হয়। গতিকে [ ৯১ ] তেওঁলোকৰ মনত কামৰ ভাল-বেয়া, সৰু-বৰ আদিৰ শ্ৰেণী বিভাগ আছে। ফলত তেওঁলোকে দৰকাৰ হ’লে নিবনুৱা ৰূপেই ঘূৰি ফুৰিব তথাপিও শৰীৰৰ শক্তি সামৰ্থ্য থাকিলেও তেওঁলোকে যিকোনো কাম কৰি জীৱিকা চলাই সমাজৰ সৰ্বসাধাৰণ শ্ৰেণীৰ লগত মিলি যাব নোখোজে। শিক্ষিত নিবনুৱাসকলৰ যিকোনো কাম কৰাৰ সৎ সাহসৰ অভাৱৰ বাবে অকল তেওঁলোকক জগৰীয়া কৰিব নোৱাৰি। ইয়াৰ বাবে আমাৰ বৰ্তমান সংৰক্ষণশীল কুসংস্কাৰযুক্ত সমাজখনো পৰোক্ষভাৱে দায়ী। বৰ্তমান সমাজৰ ভাবধাৰাও হৈছে চাকৰিমুখী৷ এইখন সমাজে এতিয়াও এজন সবল সুস্থ আদৰ্শ গাঁৱলীয়া খেতিয়কতকৈ চাকৰি কৰি কোনোমতে জীয়াই থকা পিয়ন এজনক বেছি মূল্য দিয়ে। বিয়াৰ বজাৰত পিয়নৰ লগত আদৰ্শ খেতিয়ক আজি পৰাভূত। সুযোগ্য কাঠমিস্ত্ৰি, ৰাজমিস্ত্ৰি, দৰ্জি, বাঢ়ৈ, সোণাৰী, কমাৰ একোজনতকৈ আজিৰ সমাজত চৌকিদাৰ, কেৰাণী, মহৰী আদিৰ সন্মান বেছি। জাকে জাকে, দলে দলে খেতিয়ক সন্তানসকল শিক্ষিত-অৰ্দ্ধশিক্ষিত হৈ নগৰে-চহৰে, গাঁৱে-ভূঞে চৌকিদাৰ, পিয়ন, কেৰাণী আদি ৰূপত দুৰ্বহ জীৱন যাপন কৰা দৃশ্যই আজি সমাজৰ চাকৰিমুখী মনোভাৱৰ জ্বলন্ত প্ৰমাণ দাঙি ধৰিছে।

 সমাজে সৃষ্টি কৰা কামৰ সৰু বৰ, উচ্চ-নীচ শ্ৰেণীবোৰৰ কাৰণে আৰু কাম অনুসৰি ব্যক্তিৰ সামাজিক মানদণ্ড সৃষ্টি কৰাৰ কাৰণে দেশত আজি ভুৱা মৰ্যাদাবোধৰ সৃষ্টি হৈছে আৰু এই মৰ্যাদাবোধৰ কাৰণেই আজি দেশৰ শিক্ষিত নিবনুৱাসকলে বন থাকিলেও নিবনুৱাৰূপে হাত সাৱটি বহি থাকিবলগীয়াত পৰিছে। উচ্চ শিক্ষিত নিবনুৱা এজনে চাকৰিৰ বিকল্পৰূপে হয়তো এখন পাণ দোকান দি হলেও জীৱিকা নিৰ্বাহ কৰিব পাৰিলেহেঁতেন; কিন্তু তেওঁৰ সমাজখনে পাণ দোকানীলৈ দেখুওৱা তুচ্ছ-তাচ্ছিল্যতাৰ কাৰণে তেওঁ সেই কাম বা বন কৰিব নোখোজে। এইদৰে বনুৱা হ’ব পৰা বা খোজা অজস্ৰ শিক্ষিত নিবনুৱা সমাজৰ এই মনোভাবৰ বাবে নিবনুৱা হৈয়ে আছে। এই সমাজখনৰ এনে ধৰণৰ তুচ্ছ-তাচ্ছিল্যতাৰ অজস্ৰ উদাহৰণ দাঙি ধৰিব পৰা যায়৷ গতিকে দেখা গ’ল বৰ্তমান সমাজৰ কুসংস্কাৰপূৰ্ণ মনোভাব শিক্ষিত নিবনুৱা সৃষ্টিৰ অন্যতম প্ৰধান কাৰণ।

 বৰ্তমানৰ শিক্ষাত নিবনুৱা সমস্যা সমাধানৰ উদ্দেশ্যে আই.টি.আই., পলিটেকনিক ইন্সটিটিউট, ক’টেজ ইণ্ডাষ্ট্ৰী আদিৰ জৰিয়তে বৃত্তিমূলক শিক্ষাৰ আঁচনি লোৱা হৈছে; কিন্তু ইও কৃতকাৰ্য হোৱা নাই। সাধাৰণ শিক্ষাৰ দিশত অকৃতকাৰ্য হৈ মনৰ ইচ্ছাৰ বিপৰীতে বাধ্য হৈ ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়ন কৰা বাবে এই অনুষ্ঠানসমূহৰ বিষয়বোৰতত আশানুৰূপ ফল দেখা নাযায়। বৰ্তমান সমাজত বৃত্তিমূলক শিক্ষা [ ৯২ ] লোৱা ছাত্ৰ-ছাত্ৰীৰ মূল্য সামাজিকভাৱে সাধাৰণ শিক্ষা লোৱা ছাত্ৰ-ছাত্ৰীৰ মূল্যতকৈ তুলনামূলকভাৱে কম হোৱাৰ ফলত বৃত্তিমূলক শিক্ষাত ইচ্ছুক শিক্ষাৰ্থী সংখ্যাও সাধাৰণতে কম। সমাজৰ এই ভাবধাৰাৰ ফলত স্থিৰ নিশ্চিত অকৃতকাৰ্যতাৰ কথা জনাৰ পিছতো সাধাৰণ শিক্ষাৰ দিশত আজি অগনণ ছাত্ৰ-ছাত্ৰীৰ দুৰ্বাৰ ঠেলা-হেঁচা ক্ৰমবৰ্দ্ধমান। এই ঠেলা-হেঁচাই সমাজত প্ৰচণ্ড ঢৌৰ সৃষ্টি কৰিছে। এই ঢৌৰ ফলত নীতি-দুৰ্নীতিৰ মাজেৰে কোনে ক’ত স্থান লৈছে তাৰ ইয়ত্বা নাইকিয়া হৈছে। এইখিনিতে ঘটিছে সমাজবাদী চিন্তাশীল চিন্তাৰ পৰাজয়, সূক্ষ্মদৰ্শী শিক্ষাবিদৰ সূক্ষ্মদৃষ্টিৰ পৰাজয়, বুদ্ধিজীৱী দেশনায়কৰ বুদ্ধিৰ অপমৃত্যু।

 সমাজৰূপী দেহ-মনৰ নানা সমস্যাৰূপী সংক্ৰামক বেমাৰৰ মূল নিৰ্ণয় আজিৰ সমাজ চিকিৎসকসকলে কৰিব পৰা নাই। বেমাৰৰ মূল নিৰ্ণয় কৰিব নোৱাৰি অনুমানৰ ওপৰত ঔষধ ব্যৱহাৰ কৰাৰ ফলত সাধাৰণতে ৰোগী আৰোগ্য নোহোৱাৰ দৰে সমাজত উদ্ভাসিত হোৱা দুৰ্নীতি, আকাল, নিবনুৱা সমস্যা আদি এশ এটা বেমাৰৰ মূল নিৰ্ণয় কৰিব নোৱাৰি অনুমানৰ ওপৰত এইবোৰৰ সমাধানৰ উদ্দেশ্যে নানা ধৰণৰ ব্যৱস্থা জধেমধে লোৱাৰ ফলত সমাজৰ বেমাৰসমূহ আৰোগ্যতো হোৱা নায়েই বৰং সমাজত দুৰাৰোগ্য ব্যাধিৰহে সৃষ্টি হৈছে।

 পশ্চিমৰ শিক্ষানীতি আগত ৰাখি আজি ভাৰতৰ শিক্ষাৰ মূল ভেটি গঢ়ি তোলা হৈছে। এই শিক্ষানীতিৰ অনুসৰণতেই স্বাধীনোত্তৰ যুগত ভাৰতত সহ-শিক্ষাৰ প্ৰচলন পূৰ্ণগতিত চলিছে। পিছে পশ্চিমৰ পৰিকল্পনা ভাৰতত কৰিলেও পাশ্চাত্যৰ শীতপ্ৰধান জলবায়ুত ৰূপ লৈ উঠা সহ-শিক্ষাৰ সুফল ভাৰতৰ দৰে গ্ৰীষ্মপ্ৰধান দেশত আশা কৰা ভুল। পাশ্চাত্যৰ শীতল জলবায়ুত ল’ৰা-ছোৱালীৰ জৈৱিক প্ৰবৃত্তিসমূহ জাগ্ৰত হয় ধীৰে ধীৰে। তাত ল’ৰা-ছোৱালীবোৰৰ বিশ বাইশ বছৰ পৰ্যন্ত জৈৱিক আকাংক্ষা পূৰণৰ প্ৰবৃত্তি বেছি প্ৰৱল হৈ নুঠে। তদুপৰি সেইবোৰ দেশৰ উন্নত মুক্ত সমাজ ব্যৱস্থাই ল’ৰা-ছোৱালীৰ মুক্ত বিচৰণ, সান্নিধ্য আদিৰ ক্ষেত্ৰত বিশেষ বাধাৰ সৃষ্টি নকৰাৰ ফলত সিহঁতৰ মনত সাধাৰণতে কোনো জৈৱিক ক্ষুধাজনিত প্ৰতিক্ৰিয়া পৰিলক্ষিত নহয়। গতিকে সেইবোৰ দেশত অহৰ্নিশে সহ-শিক্ষা চলিলেও ল’ৰা- ছোৱালীবোৰে এক সুস্থ স্বাস্থ্য লৈ সুস্থ পৰিবেশত শিক্ষাৰ প্ৰায় শত শতাংশ গ্ৰহণ কৰাত বেছি বাধাৰ সন্মুখীন নহয়। হাইস্কুলীয়া জীৱনৰ সুস্থিৰতাই বলীয়ান কৰি তোলা এই ল’ৰা-ছোৱালীবোৰ পিছৰ উচ্চ শিক্ষাৰ কালছোৱাতো সাধাৰণতে বিপথগামী হোৱাৰ আশংকা নাথাকে। ফলত পশ্চিমৰ দেশবোৰত তেওঁলোকে বিচৰামতে ল'ৰা- ছোৱালীৰ মাজত প্ৰকৃত শিক্ষাই ৰূপ লৈ উঠে। প্ৰকৃত শিক্ষিত হৈ উঠাৰ পিছত [ ৯৩ ] শিক্ষিতসকলে দেশৰ প্ৰয়োজন অনুসৰি দেশসেৱা আগবঢ়োৱাৰ লগে লগে সবল সুঠাম নিৰোগী দেহ-মনৰ অধিকাৰী হৈ এক শান্তিপূৰ্ণ সাংসাৰিক জীৱনো যাপন কৰে।

 পশ্চিমৰ সহ-শিক্ষানীতি ভাৰতত চলোৱাৰ ফলত ভাৰতত ইয়াৰ ওলোটা ফল দেখা গৈছে। গৰম জলবায়ুৰ বাবে ভাৰতীয় ল’ৰা-ছোৱালীৰ দৈহিক, জৈৱিক আদি সকলো বস্তুৰে দ্ৰুত পৰিবৰ্দ্ধন ঘটে। ফলত আমাৰ দেশত ল’ৰাবোৰ প্ৰায় ষোল্ল সোতৰ বছৰ বয়সত আৰু ছোৱালীবোৰ প্ৰায় বাৰ তেৰ বছৰ বয়সত পিতৃ-মাতৃ হোৱাৰ যোগ্যতা পায়। এইখিনি সময়েই হ’ল ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ শিক্ষা জীৱনৰ মধ্যাহ্ন সময়; কিন্তু এইখিনি সময়তেই সহ-শিক্ষা নীতিৰে একেলগে পঢ়া-শুনা, খেলা-ধূলা আদি কৰাৰ ফলত ল’ৰা-ছোৱালীবোৰৰ মনত স্বাভাৱিকতে জৈৱিক প্ৰবৃত্তিবোৰ সঘনে জাগ্ৰত হোৱা দেখা যায়। এই জাগ্ৰত প্ৰবৃত্তি ৰক্ষণশীল ভাৰতীয় সমাজৰ অনুশাসনত অন্তৰ্মুখী হৈ বিকৃতৰূপে প্ৰকাশমান হোৱাৰ ফলত স্কুলীয়া ছাত্ৰ- ছাত্ৰীসকল আজি মানসিকভাৱে ৰুগ্ন হৈ পৰিছে আৰু এই ৰুগ্ন মনৰ দুৰ্বলতাই গা- কৰি উঠা কাৰণেই ছাত্ৰ-ছাত্ৰীসকলৰ আজি নৈতিক স্খলন ঘটিছে। কোমল বয়সতে বিপথগামী হোৱাৰ ফলত আনকি উপযুক্ত বয়সত উচ্চশিক্ষা লোৱা সময়ছোৱাত ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলৰ সুপথলৈ প্ৰত্যাৱৰ্তন অসম্ভৱ হৈ উঠে। এনে পৰিস্থিতিৰ মাজত আজি দেশৰ অগণন ছাত্ৰ-ছাত্ৰীয়ে দুশ্চৰিত্ৰজনিত ভগ্নস্বাস্থ্য আৰু বিকাৰগ্ৰস্ত মন লৈ আশা-নিৰাশাৰ মাজেৰে বাধ্য হৈ উচ্চ শিক্ষামহলা পৰ্যন্ত শিক্ষা লৈ থাকিব লগা হৈছে; কিয়নো ভাৰতত আজি কম শিক্ষাৰে উন্নত মানবিশিষ্ট জীৱন যাপন কৰাৰ কোনো সুব্যৱস্থা নাই। অসুস্থ মনেৰে ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়নত ধ্যান ভংগ ঘটাই অস্থিৰতাৰ মাজেৰে বাধ্য হৈ উচ্চ শিক্ষা সাং কৰাৰ ফলত তেওঁলোকৰ শিক্ষিত জীৱন হৈ পৰে অসাৰ্থক। অসাৰ্থক শিক্ষিতৰূপে গঢ়ি উঠাৰ ফলত এইসকল লোকে দেশৰ প্ৰয়োজন অনুসৰি দেশসেৱাতো আগবঢ়াব নোৱাৰেই আনহাতে ৰুগ্ন দেহ- মনৰ অধিকাৰী হৈ নিজৰ সাংসাৰিক জীৱনো বিষময় কৰি তোলে।

 সাধাৰণ শিক্ষাৰ দিশত শিক্ষিতসকলৰ ভিতৰত যিসকলক নম্বৰৰ মাধ্যমেৰে উচ্চ শ্ৰেণীভুক্ত কৰা হয় সেই সকলৰো প্ৰায় ভাগকে ব্যৱহাৰিক ক্ষেত্ৰত নিম্ন মানৰ দেখা যায়। এইক্ষেত্ৰত মেধাৱী ছাত্ৰ-ছাত্ৰীসকলৰ বেছি দোষ নাই। একেটা শ্ৰেণীতে থকা অধম, মধ্যম, উত্তম আদি ভিন ভিন পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বক্তৃতামুখী শিক্ষা দিয়াৰ ফলত উচ্চ মেধাৰ ছাত্ৰ-ছাত্ৰীসকলে উন্নতমানৰ শিক্ষা লাভৰ বেছি সুচল নাপায়। ভাৰতীয় শিক্ষাত এই অসুবিধা গোটেই ছাত্ৰ জীৱন জুৰি চলাৰ ফলত [ ৯৪ ] দেশৰ প্ৰয়োজনমতে উন্নত ছাত্ৰ-ছাত্ৰী বেছি ওলোৱা দেখা নাযায়। বৰ্তমান শিক্ষা পদ্ধতিত বেছি সংখ্যক অধম আৰু মধ্যম ছাত্ৰ-ছাত্ৰীলৈ লক্ষ্য ৰাখিয়ে স্কুল-কলেজত শিক্ষাদান দিয়া হয়। গতিকে শিক্ষা দানৰ মান এই অনুষ্ঠানসমূহত তেনেই নিম্নস্তৰৰ হোৱাটো স্বাভাৱিক। নিম্নমানৰ শিক্ষাদানৰ ফলত বেছিসংখ্যক ছাত্ৰ-ছাত্ৰী আজি সমাজৰ আবৰ্জনাৰূপে শিক্ষানুষ্ঠানসমূহত গঢ় লৈ উঠিছে। এনে পৰিবেশৰ মাজেৰে জীৱনৰ প্ৰায় আধা সময় পঢ়া-শুনা কৰি শিক্ষা সাং কৰাৰ পিছত শিক্ষিতসকলৰ কিছুমান হয় চাকৰি কৰা বনুৱা আৰু বেছি ভাগ হয় চাকৰিবিহীন নিবনুৱা। এই নিবনুৱাসকলৰ বেছি ভাগেই জীৱনৰ প্ৰায় ভৰ বয়সত জীৱিকাৰ নিৰাপত্তাৰ নিমিত্তে আন্দোলন, আস্ফালন আদি কৰি ঘূৰি ফুৰাৰ ভিতৰতে জৈৱিক ক্ষুধাৰ তাড়নাত নিবনুৱা অৱস্থাতেই সাংসাৰিক জীৱন বৰণ কৰে আৰু সংসাৰ সমুদ্ৰত কক্‌বকাই ফুৰি শিক্ষাৰ অসাৰ্থকতা অনুভৱ কৰে।

 দুৰ্বহ জীৱনযাত্ৰাৰ পথলৈ ঠেলি দিয়া বৰ্তমানৰ নিষ্ফল শিক্ষাৰ গতি ফলপ্ৰদ পথলৈ ঘূৰাই নিদিলে দেশৰ আজি কল্যাণ নাই। শিক্ষাৰ গতি কল্যাণমুখী কৰিবলৈ হলে বৰ্তমান প্ৰচলিত শিক্ষাপদ্ধতিৰ আমূল পৰিবৰ্তন সাধিব লাগিব। শিক্ষাৰ আমূল পৰিবৰ্তন অপৰিহাৰ্য বুলি সমাজত মাজে-সময়ে ধ্বনি উঠিছে সঁচা; কিন্তু আমূল পৰিবৰ্তনৰ বিজ্ঞানসম্মত পদ্ধতি নিখুঁতভাৱে আজি পৰ্যন্ত কোনেও দাঙি ধৰিব পৰা নাই। ফলত শিক্ষা সংস্কাৰৰ নামত দেশৰ অজস্ৰ ধন আজি অথলে গৈ আছে। নিস্ফল শিক্ষাৰ নামত ৰাজহুৱা ধনৰ এই অপচয় বন্ধ কৰাটো আজি সমগ্ৰ দেশবাসীৰ কৰ্তব্য হোৱা উচিত। ভাৰতৰ দৰে প্ৰায় ৮০% অশিক্ষিত সূক্ষ্মচিন্তাশূন্য লোকেৰে ভৰা দেশ এখনত দূৰদৰ্শী চিন্তাশীল চৰকাৰ গঠন হোৱাটো সহজ নহয়। গতিকে আজিৰ চৰকাৰে সূক্ষ্ম চিন্তা কৰি যে দেশত ফলপ্ৰদ শিক্ষা প্ৰৱৰ্তন কৰি দেশৰ ধনৰ সৎ ব্যৱহাৰ কৰিব তাক ভবাটোও কোনো চিন্তাশীলৰ কাৰণেই সমীচীন নহয়। স্বাধীনতা লাভৰ পিছৰ এই দীঘলীয়া কালছোৱাত দেখা গ'ল যে দেশৰ ৮০% লোকৰ সাৰশূন্য চিন্তাই নিৰ্বাচন কৰা বেছি সংখ্যক অন্তঃসাৰশূন্য নেতাই চৰকাৰ গঠন কৰি প্ৰগতিৰ নামত অনুক্ৰমে ঐতিহ্যমণ্ডিত ভাৰতক আজি সমস্যা জৰ্জৰিত পংগুদেশত পৰিণত কৰিলে। সেয়েহে এতিয়া আৰু স্বাভাৱিকতে নীৰৱতাপ্ৰিয় চিন্তাশীলসকল হাত সাৱটি নীৰৱে বহি থকাৰ সময় নাই। তেওঁলোক জাগ্ৰত হোৱাৰ সময় হ’ল। সমাজ পুখুৰীৰ গভীৰত থকা ৰেী বৰালি সদৃশ চিন্তাশীলসকলৰ ঐক্য চিন্তাৰ টৌত পানীজিয়লীত থাকি কোলাহলৰ মাজেৰে সমাজ চলোৱা অসংখ্য পুঠি-দৰিকণা সদৃশ চিন্তাশূন্যৰ সমদল নিশ্চয় চিটিকি উফৰি যাব আৰু চিন্তাশীলৰ সুচিন্তাই [ ৯৫ ] সমাজত ৰূপ লৈ উঠিব। চৰকাৰেও আজি ভাবিব লাগিব যে তেওঁলোকৰ চিন্তাতে দোষ-ত্ৰুটী থাকিব পাৰে। এইয়া তেওঁলোকৰ আত্মসমালোচনাৰ সময়। ঘৰত জুই লাগিলে সেই জুই নুমোৱাত সহায় কৰাটো ঘৰৰ সৰু বৰ সকলোৰে কৰ্তব্য। দেশৰূপী ঘৰত আজি বিভিন্ন সমস্যাৰ জুই জ্বলিছে। ইয়াক নিৰ্বাপিত কৰাত সহায় কৰাটোও দেশৰ সকলোৰে কৰ্তব্য। এই ক্ষেত্ৰত দেশৰ সৰু বৰ সকলো চিন্তাশীলৰ সুচিন্তাক চৰকাৰে আজি গুৰুত্ব দিয়া উচিত; কিয়নো চুপনীয়া বনতো বাঘ থকাৰ দৰে সৰু বুলি অৱহেলিত চিন্তাশীল চিন্তাতো দেশ উদ্ধাৰৰ উপায় থাকিব পাৰে। এনে গঠনমুখী চিন্তাৰেই গৱেষণা কৰি দেশৰ বিপথগামী শিক্ষা ক্ষেত্ৰক উদ্ধাৰ কৰাৰ উদ্দেশ্যে সৰ্বজনহিতকাৰী উপায় উদ্ভাৱন কৰা হৈছে। এই উপায় সমগ্ৰ দেশবাসীৰ বিবেচনাৰ্থে তলত দাঙি ধৰা হ’ল।

 ১। দৰিদ্ৰ জনৰ পৰা ধনৱন্ত জনলৈ ভাৰতৰ সকলো মানুহৰ ল’ৰা-ছোৱালীক এম.ই. (৭ম শ্ৰেণী) পৰ্যায়লৈ সাধাৰণ শিক্ষা বাধ্যতামূলক হিচাপে দিব লাগে। এই সময়ছোৱাত দৈনন্দিন জীৱনত অপৰিহাৰ্য সাধাৰণ শিক্ষা যেনে— ৰাজ্যিক ভাষা, ৰাষ্ট্ৰভাষা, অঙ্কবিদ্যা, সাধাৰণ জ্ঞান-বিজ্ঞান আৰু ভূগোল বিদ্যাত বিশেষ গুৰুত্ব দিব লাগে। ইংৰাজী, সংস্কৃত, আৰবী, ফাৰ্চী আদিক ঐচ্ছিক বিষয় হিচাপে শিক্ষা দিয়াৰ ব্যৱস্থা থাকিব লাগে।

 ২। অষ্টম শ্ৰেণীত উঠাৰ লগে লগে শিক্ষক আৰু অভিভাৱকৰ আলোচনাক্ৰমে সকলো ছাত্ৰ-ছাত্ৰীকে ছাত্ৰ-ছাত্ৰীসকলে সপ্তম শ্ৰেণীলৈ দেখুওৱা মেধালৈ লক্ষ্য ৰাখি জীৱনৰ উদ্দেশ্য নিৰ্ণায়ক কৰ্মভিত্তিক বৃত্তিমূলক শিক্ষা আৰু সাধাৰণ শিক্ষা— এই দুই দিশে লৈ যোৱাৰ ব্যৱস্থা কৰিব লাগে। যিসকল ছাত্ৰ- ছাত্ৰীৰ ৩০ নম্বৰ পোৱাৰো যোগ্যতা সন্দেহযুক্ত সেইসকলক বৃত্তিমূলক শিক্ষা বাধ্যতামূলকভাৱে দিয়াৰ ব্যৱস্থা কৰিব লাগে। নিম্ন মেধাৰ ছাত্ৰ-ছাত্ৰীসকল সাধাৰণ শিক্ষাৰ দিশেৰে শিক্ষা লৈ বাটে বাটে উজুটি খাই জিৰাই শতাই কোনোমতে বি.এ., এম.এ. আদি ‘পাছ’কৰি নিশ্চিত নিবনুৱা হোৱাৰ কোনো যুক্তি নাই।

 ৩। ৭ম শ্ৰেণীৰ শিক্ষান্ত পৰীক্ষাত যিসকলে ৫০% আৰু তাৰ ওপৰৰ নম্বৰ লাভ কৰি উত্তীৰ্ণ হয় সেইসকলকহে সাধাৰণ শিক্ষাৰ দিশত শিক্ষা লোৱাৰ সুযোগ দিব লাগে। এই পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ কোনোবাই যদি ইচ্ছা কৰে তেন্তে তেওঁৰ বাবে বৃত্তিমূলক শিক্ষা লোৱাৰ পথো মুকলি থাকিব লাগে। সাধাৰণ শিক্ষা লোৱা ছাত্ৰ-ছাত্ৰীসকলৰ মাজৰপৰা বৌদ্ধিক দিশত দেশৰ সকলো বিভাগৰ মেধাৱীসকলক তৈয়াৰ কৰাৰ ব্যৱস্থা কৰিব লাগে।

[ ৯৬ ]  ৪। ৭ম শ্ৰেণীৰ শিক্ষান্ত পৰীক্ষাত যিসকল চূড়ান্ত মেধাৱী বুলি পৰিচিত হ’ব সেইসকলক অষ্টম শ্ৰেণীৰ পৰাই দেশে বিচৰা মতে তীক্ষ্ণ মেধাযুক্ত দেশসেৱক তৈয়াৰ কৰাৰ বাবে পাবলিক স্কুল, সৈনিক স্কুল আদি বিভিন্ন দিশেৰে লৈ যোৱাৰ ব্যৱস্থা কৰিব লাগে। এই ছাত্ৰ-ছাত্ৰীসকলৰ কোনোবাই যদি ইচ্ছা কৰে তেন্তে তেওঁৰ বাবে সাধাৰণ শিক্ষাৰ পথ আৰু বৃত্তিমূলক শিক্ষাৰ পথো মুকলি থাকিব লাগে।

 ৫। সাধাৰণ শিক্ষাৰ দিশত অষ্টম, নবম, দশম এই তিনি বছৰ পঢ়াৰ পিছত ছাত্ৰ-ছাত্ৰীসকলৰ হাইস্কুল লিভিং চাৰ্টিফিকেট পৰীক্ষা পাতিব লাগে।

 ৬। বৃত্তিমূলক শিক্ষাৰ দিশতত এই তিনি বছৰ পঢ়াৰ পিছত ছাত্ৰ-ছাত্ৰীসকলৰ একে সময়তে সাধাৰণ শিক্ষাৰ হাইস্কুল লিভিং চাৰ্টিফিকেট পৰীক্ষাৰ সমমানবিশিষ্ট চাৰ্টিফিকেট পৰীক্ষা পাতিব লাগে।

 ৭। হাইস্কুল লিভিং চাৰ্টিফিকেট পৰীক্ষা ’পাছ’ কৰাৰ পিছত সাধাৰণ শিক্ষাৰ দিশত চাৰি বছৰ কলেজীয়া শিক্ষা দিয়াৰ ব্যৱস্থা থাকিব লাগে আৰু এই চাৰি বছৰৰ শেষত স্নাতক পৰীক্ষা পাতিব লাগে।

 ৮। হাইস্কুল লিভিং চাৰ্টিফিকেট পৰীক্ষাৰ সমমান পৰীক্ষা ’পাছ’ কৰাৰ পিছত বৃত্তিমূলক শিক্ষাৰ দিশতো চাৰি বছৰ বৃত্তিমূলক কলেজীয়া শিক্ষা দিয়াৰ ব্যৱস্থা থাকিব লাগে আৰু এই চাৰি বছৰৰ শেষত তাততা সাধাৰণ শিক্ষাৰ দৰে স্নাতক পৰীক্ষা পাতিব লাগে।

 ৯। বৃত্তিমূলক স্নাতক ডিগ্ৰী লাভৰ পিছত সকলোকে আত্ম নিৰ্ভৰশীল বৃত্তিত আত্মনিয়োগ কৰাৰ সুযোগ দিব লাগে। স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত এই দিশতো স্নাতকোত্তৰ শ্ৰেণীত পঢ়াৰ আৰু স্নাতকোত্তৰ ডিগ্ৰীৰ পিছত গৱেষণা কৰাৰ ব্যৱস্থা থাকিব লাগে।

 ১০। সাধাৰণ শিক্ষাৰ দিশত স্নাতক ডিগ্ৰী লাভৰ পিছত বৰ্তমানৰ দৰে স্নাতকোত্তৰ শ্ৰেণীত পঢ়া আৰু স্নাতকোত্তৰ ডিগ্ৰীৰ পিছত গৱেষণা আদি কৰাৰ ব্যৱস্থা থাকিব লাগে।

 ১১। সাধাৰণ শিক্ষাৰ দিশত উচ্চ মাধ্যমিক পৰ্যায়ত শিক্ষণীয় বিষয়ৰ বোজা বৰ্তমানতকৈ কমাব লাগে। ৰাজ্যিক ভাষা, ৰাষ্ট্ৰভাষা, অংকবিদ্যা, ভূগোল, বিজ্ঞান এই কেইটা বিষয় বাধ্যতামূলক কৰি ইংৰাজী, সংস্কৃত, আৰবী, ফাৰ্চী, বুৰঞ্জী আদি ঐচ্ছিক বিষয়ৰ অন্তৰ্ভুক্ত কৰিব লাগে।

 ১২। বৃত্তিমূলক শিক্ষাৰ দিশততা সাধাৰণ শিক্ষাৰ উচ্চ মাধ্যমিক পৰ্যায়ৰ সমমানৰ শিক্ষাৰ সময়ছোৱাত শিক্ষণীয় বিষয়ৰ বোজা বেছি দিব নালাগে। তাতো এই [ ৯৭ ] সময়ছোৱাত ৰাজ্যিক ভাষা, ৰাষ্ট্ৰভাষা, বৃত্তিমূলক বিষয় আৰু বৃত্তিমূলক বিষয়ৰ লগত সম্বন্ধ থকা অংকবিদ্যা শিক্ষাতহে গুৰুত্ব দিব লাগে। ইংৰাজী, সংস্কৃত, আৰবী, ফাৰ্চী আদিক ঐচ্ছিক বিষয়ৰ অন্তৰ্ভুক্ত কৰিব লাগে।

 ১৩। বৃত্তিমূলক শিক্ষাৰ দিশত স্নাতক শ্ৰেণীত ৰাজ্যিক ভাষা, ৰাষ্ট্ৰভাষা, বৃত্তিমূলক বিষয় আৰু এই বিষয়ৰ লগত সম্বন্ধ থকা অংক বিদ্যাৰ শিক্ষা দিব লাগে।

 ১৪। সাধাৰণ শিক্ষাৰ দিশত স্নাতক শ্ৰেণীত ইংৰাজী আৰু ৰাষ্ট্ৰভাষাক ঐচ্ছিক বিষয় হিচাপে ৰাখি বাকী বিষয়সমূহ বৰ্তমানৰ দৰে ৰাখিব লাগে।

 ১৫। বৃত্তিমূলক শিক্ষাৰ দিশত স্নাতকোত্তৰ শ্ৰেণীত একমাত্ৰ বৃত্তিমূলক বিষয়ৰহে শিক্ষা দিব লাগে।

 ১৬। সাধাৰণ শিক্ষাৰ দিশত স্নাতকোত্তৰ শ্ৰেণীত কোনো এটি বিষয়ৰহে শিক্ষা দিব লাগে।

 ১৭। সাধাৰণ শিক্ষা আৰু বৃত্তিমূলক শিক্ষা—এই দুয়োটা দিশতে আৰম্ভণিৰে পৰা শেষলৈ সকলো শিক্ষাদানৰ ব্যৱস্থা ৰাজ্যিক ভাষাৰে কৰিব লাগে। কেৱল স্নাতকোত্তৰ শ্ৰেণীত ইংৰাজী বিষয়ৰ শিক্ষাহে ইংৰাজী ভাষাৰ মাধ্যমেৰে দিব লাগে।

 ১৮। চূড়ান্ত মেধাৰ ছাত্ৰ-ছাত্ৰীসকলৰ ক্ষেত্ৰতো তেওঁলোকৰ বিশেষ বিষয়ৰ ওপৰত গুৰুত্ব সহকাৰে শিক্ষা দান দিয়াৰ লগতে সাধাৰণ শিক্ষাৰ দিশৰ দৰে পৰ্যায়ক্ৰমে অংকবিদ্যা, বিজ্ঞান, ভূগোল, ৰাজ্যিক ভাষা, ৰাষ্ট্ৰভাষা শিক্ষা দিয়াৰ ব্যৱস্থা কৰিব লাগে। এওঁলোকৰ ক্ষেত্ৰতো ইংৰাজী, সংস্কৃত, আৰবী, ফাৰ্চী আদিক ঐচ্ছিক বিষয়ৰ অন্তৰ্ভুক্ত কৰিব লাগে। সৰ্বভাৰতীয় দৃষ্টিভংগীলৈ লক্ষ্য ৰাখি এইসকল ছাত্ৰ-ছাত্ৰীক ৰাষ্ট্ৰভাষাৰ মাধ্যমেৰে শিক্ষা দিয়াৰ ব্যৱস্থা কৰিব লাগে।

 ১৯। ছাত্ৰ-ছাত্ৰীসকলৰ দিনলিপি বাধ্যতামূলক হ’ব লাগে। দিনলিপিত যিসকল ছাত্ৰ-ছাত্ৰীৰ নৈতিক গৰ্হিত কামৰ উল্লেখ থাকিব সেইসকলৰ নাম অনুষ্ঠানৰ মুৰব্বী গৰাকীয়ে বা অধ্যক্ষই লিপিবদ্ধ কৰিব লাগে আৰু গৰ্হিত কামৰ মাত্ৰাধিক্য ঘটিলে সেই সকলক দুই বছৰ শিক্ষান্ত পৰীক্ষা দিয়াৰপৰা বিৰত ৰখাৰ ব্যৱস্থা থাকিব লাগে।

 উপৰোক্ত পদ্ধতিৰে বৰ্তমান শিক্ষাৰ আমূল পৰিৱৰ্তন সাধিবলৈ হ’লে দেশত প্ৰথমতে কিছু অসুবিধাৰ সৃষ্টি হ’ব পাৰে; কিন্তু অসুবিধাৰ তুলনাত সুবিধা হ’ব প্ৰচুৰ, যাৰ ফলত সমগ্ৰ দেশে এক সুস্থিৰ পৰিবেশত প্ৰগতিৰ পথত গতি কৰিব।

 এই পদ্ধতিৰে শিক্ষাৰ আমূল পৰিৱৰ্তন সাধিলে তলত দিয়া সুবিধাসমূহ স্বাভাৱিকতে আহি পৰিব। [ ৯৮ ]  ১। বৰ্তমানৰ শিক্ষা ব্যৱস্থাত স্কুল-কলেজৰ শ্ৰেণীসমূহত চলি থকাৰ দৰে অধম, মধ্যম আৰু উত্তম মেধাৰ ছাত্ৰ-ছাত্ৰীৰ ভিৰ এই পদ্ধতিৰে গঢ়ি তোলা শ্ৰেণীসমূহত একেবাৰে নাথাকিব।

 ২। এই ভিৰ নথকাৰ ফলত মেধাৱী ছাত্ৰ-ছাত্ৰীসকলে যথোপযুক্ত শিক্ষা লাভৰ শান্তিপূৰ্ণ সুযোগ গ্ৰহণ কৰিব পাৰিব।

 ৩। মেধাৰ পূৰ্ণ বিকাশ ঘটাৰ ফলত দেশত প্ৰকৃত মেধা নিৰ্বাচিত হ’ব।

 ৪। এই মেধাৱীসকলৰ কোনো চাকৰি সমস্যা নাথাকিব; কিয়নো অষ্টম শ্ৰেণীত নিম্ন মেধাৰ ছাত্ৰ-ছাত্ৰীয়ে নাইবা কোনো ইচ্ছুক মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে সাধাৰণ শিক্ষাৰ দিশ ত্যাগ কৰাৰ পিছত সেইসকলে চাকৰি ক্ষেত্ৰত সাধাৰণ শিক্ষাৰে শিক্ষিত লোকৰ মাজত প্ৰতিদ্বন্দ্বী হৈ থিয় দিয়াৰ কোনো বাট নাথাকিব।

 ৫। বৃত্তিমুখী শিক্ষাৰে শিক্ষিতসকলে যিহেতু সেই দিশতো সাধাৰণ শিক্ষাৰে শিক্ষিতসকলৰ দৰে সমমানৰ চাৰ্টিফিকেট পাব, তেওঁলোকৰ মাজত কোনো সামাজিক নীচাত্মিকাবোধে ঠাই নাপাব। ফলত প্ৰতিজন ছাত্ৰ-ছাত্ৰীয়ে আত্মনিৰ্ভৰশীল বৃত্তিসমূহত উৎফুল্ল মনেৰে আত্মনিয়োগ কৰিব। নিবনুৱা সমস্যা সুন্দৰৰূপে সমাধান হ’ব।

 ৬। বৃত্তিমুখী শিক্ষাৰে শিক্ষিতসকলে মনৰ ৰুচি অনুসৰি আত্মনিৰ্ভৰশীল হোৱাৰ লগে লগে শিক্ষা কালৰ ভিতৰতো প্ৰয়োজন বোধ কৰিলে সাংসাৰিক জীৱন যাপন কৰিব পাৰিব। ইয়াৰ ফলত ছাত্ৰ-ছাত্ৰীৰ জৈৱিক শক্তিৰ অপচয় কমিব আৰু দেশে সবল-সুস্থ নাগৰিক পোৱাৰ বাট মুকলি হ'ব।

 ৭। সাধাৰণ শিক্ষাৰ দিশৰ ছাত্ৰ-ছাত্ৰীসকলেও উপযুক্ত বয়সত চাকৰি জীৱন আৰম্ভ কৰাৰ লগে লগে প্ৰয়োজনবোধ কৰিলে সাংসাৰিক জীৱনো যাপন কৰিব পাৰিব।

 ৮। কৰ্মৰ বিভাজনত আজিৰ সমাজত উচ্চ-নীচৰ যি অমানুষিক মূল্যবোধ চলি আছে সি আঁতৰি যাব। সমাজৰ প্ৰতিজনে এনে ফলপ্ৰদ শিক্ষা ল’বলৈ আগবাঢ়ি যোৱাৰ লগে লগে সমাজৰ কোনেও কাকো তুচ্ছ-তাচ্ছিল্য জ্ঞান কৰাৰ পথ নাথাকিব।

 এই পদ্ধতি প্ৰয়োগ প্ৰথমতে হ’ব পৰা অসুবিধা

 ১। সাধাৰণ শিক্ষানুষ্ঠানৰ সমান্তৰাল গতিত দেশত বৃত্তিমূলক শিক্ষানুষ্ঠান গঢ়ি তুলিবলৈ হ'লে যথেষ্ট পৰিমাণৰ অৰ্থৰ প্ৰয়োজন হ’ব। বৰ্তমান চৰকাৰে হয়তো এই অৰ্থ ব্যয় কৰিব নোৱাৰিব পাৰে।

 ২। বৃত্তিমূলক শিক্ষানুষ্ঠানত শিক্ষাদানৰ নিমিত্তে প্ৰথমতে উপযুক্ত শিক্ষক প্ৰয়োজন অনুসৰি নহ’ব পাৰে। [ ৯৯ ]  দেশৰ জ্বলন্ত সমস্যাসমূহ দূৰীকৰণার্থে দেশবাসীক এই ফলপ্রদ শিক্ষা পদ্ধতিৰ কথা বাতৰি কাকত, ৰেডিঅ’, কথাছবি, টেলিভিচন আদিৰ মাধ্যমেৰে জনাব লাগিব। ৰাজনৈতিক মেৰপাকে যাতে এই মহান কার্যত প্রতিবন্ধক হ’ব নােৱাৰে তালৈ লক্ষ্য ৰাখি দেশবাসীৰ মাজত জনমত গঠন কৰি এই পৰিকল্পনা ৰূপায়ণৰ উদ্দেশ্যে প্রয়ােজনীয় অর্থ সংগ্রহ চৰকাৰে জনসাধাৰণৰ পৰাই কৰি লৈ কামে কাজে লাগি গ’লে দেশৰ চাহিদামতে সাধাৰণ শিক্ষানুষ্ঠানৰ লগে লগে বৃত্তিমূলক শিক্ষানুষ্ঠানসমূহো যে লাহে লাহে গঢ়ি উঠিব ই অৱশ্যম্ভাৱী।

 ইতিমধ্যে নিবনুৱা হৈ থকা উচ্চ শিক্ষিত লােকসকলৰ মাজৰ পৰা ভিন ভিন বৃত্তিমূলক শিক্ষা দিব পৰা লােক বিজ্ঞাপনৰ জৰিয়তে বাচি উলিয়াই সেইসকলক প্রশিক্ষণ দি শিক্ষকৰূপে নিয়ােগ কৰি প্রথম পর্যায়ৰ কাম চলাব পৰা যায়। এইদৰে অন্ততঃ চাৰি পাঁচ বছৰ কোনােমতে চলাব পাৰিলে তাৰ পিছত লাহে লাহে এই অনুষ্ঠানবােৰতে উপযুক্ত শিক্ষক তৈয়াৰ হৈ উঠিব।

 এইদৰে প্ৰথমৰ জন্ম বেদনা সহ্য কৰি এই মহান পৰিকল্পনা ৰূপায়িত কৰিব পাৰিলে দেশৰ প্রধান সমস্যাসমূহৰ যে অৱসান ঘটিব ই ধুৰুপ।


 উক্ত প্ৰৱন্ধটো প্ৰকাশৰ পৰৱৰ্তী সময়ত হােৱা চৰ্চ্চা সম্পর্কে প্রয়াত বৈশ্যই ডায়েৰীত লিখা কথাৰ কিয়দাংশ—

 “বর্তমান শিক্ষা পদ্ধতিৰ আমূল পৰিবৰ্তনৰ উপায়” এই প্ৰৱন্ধটি ১/৮/৭৮ ইং তাৰিখে ছপা হৈ ওলােৱাৰ লগে লগে বন্ধুমহল, শিক্ষাবিদ, সাহিত্যিক, ৰাজনৈতিক নেতা আদি ভিন ভিন দিশৰ চিন্তাশীল সকলৰ মাজত ই এক আলােড়ন সৃষ্টি কৰিলে। মই ঠিক এনেকুৱা এটা পৰিৱেশ এই লেখাই সম্ভৱ বুলি ভবা নাছিলোঁ। পিছে যি কোনাে কাৰণেই নহওঁক, ই সকলােৰে সমাদৰ লাভ কৰিলে। দেশৰ তথাকথিত কর্ণধাৰ সকলৰ লগত ব্যক্তিগতভাৱে আলােচনা কৰিলোঁ। প্রাক্তন মুখ্যমন্ত্রী শৰৎ সিংহ, বর্তমান শিক্ষামন্ত্রী লক্ষ্যধৰ চৌধুৰী, N.C.E.R.T.-ৰ ভাৰপ্রাপ্ত বিষয়াসকলৰ লগত বিশেষভাৱে আলােচনা কৰিলোঁ। সকলােতে মাত্র এটাই কথা- “দেশত অস্থিৰ বাতাবৰণে বিৰাজ কৰিছে। দেশত কোনাে Leader নাই। গতিকে যিকোনাে সৎ কাৰ্য্যই বর্তমান মুর্তিমন্ত হােৱা টান। তথাপি চেষ্টা কৰক। আপােনাৰ চিন্তাই শিক্ষা সমাজত এক পৰিবৰ্তন আনিব পাৰে।”



পূৰ্ব্বদেশ প্ৰেছত মুদ্রিত আৰু জীৱন জ্যোতি সঙ্গীতাশ্ৰমৰ দ্বাৰা প্রকাশিত, ১ আগষ্ট ১৯৭৮ চন। [ ১০০ ]

অসমত সঙ্গীতৰ ৰূপ

 ভাষা যেনেকৈ ব্যাকৰণৰ আদিতে সৃষ্টি হয়, কিন্তু ব্যাকৰণ নহ'লে ভাষাই শুদ্ধ ৰূপ নাপায়; তেনেকৈ সঙ্গীতে জনসাধাৰণৰ মুখত লোক-গীতমাতৰ ৰূপ লৈ যুগে যুগে বাগৰি আহে; কিন্তু ব্যাকৰণ নহ'লে ইও শুদ্ধ ৰূপ নাপায়। ব্যাকৰণ নিশিকাকৈ অশিক্ষিত গাঁৱলীয়া লোকসকলে কথা ক'ব পাৰে। সঙ্গীতৰ ব্যাকৰণ নিশিকাকৈয়ো মানুহে গীত গাব পাৰে। কিন্তু অশিক্ষিত লোক সকলৰ কথা-বতৰাত গ্ৰাম্যতা দোষ ৰৈ থকাৰ দৰে সঙ্গীতৰ ব্যাকৰণ নজনা লোকসকলৰ গীত-মাততো নানা শ্ৰুতিকটু দোষ সোমাই থাকে। সকলো জাতিৰে লোক গীত-মাতবোৰত কম- বেচি পৰিমানে এনে দোষ আছে। আমাৰ অসমীয়া গীত-মাতবোৰো এনে দোষৰ পৰা সম্পূৰ্ণ মুক্ত নহয়। ভাষা সাহিত্যৰ ক্ষেত্ৰত ভাষাবিদ সাহিত্যিকসকলৰ আশাশুধীয়া চেষ্টাৰ ফলত অসম কিছু পৰিমাণে আগবাঢ়িছে। কিন্তু সঙ্গীতজ্ঞসকলৰ চেষ্টাৰ ক্ৰটীৰ বাবেই অসমীয়া সঙ্গীতৰ মানদণ্ড নিম্ন স্তৰৰ হৈ আছে।

 আমাৰ বৰগীত, লোকগীত আদিৰ কণ্ঠশিল্পীসকলৰ বহুতেই সুৰৰ আশ্ৰয়ৰ বাবে tonic বা এটি মূল স্বৰৰ যে আৱশ্যক হয়, যিটোক সঙ্গীত বিজ্ঞানৰ বিধিমতে ‘সা’ বুলি কোৱা হয়, তাক নাজানে। সেয়েহে গীতৰ প্ৰকৃত স্কেল নিৰূপিত হোৱাত বাধা অহা দেখা যায়। ড° মহেশ্বৰ নেওগ সম্পাদিত 'স্বৰৰেখাত বৰগীত' নামৰ কিতাপত সঙ্গীত বিশাৰদ বীৰেন্দ্ৰকুমাৰ ফুকনে এই কথাখিনি আলোচনা কৰিছে। স্বৰজ্ঞান নাথাকিলে গায়কে মূল স্বৰ স্থাপন কৰিব নোৱাৰে। ফলস্বৰূপে গীতৰ মাজত একাধিকবাৰ স্কেলৰ সাল-সলনি দেখা দিয়াৰ উপক্ৰম হয়। মুখে মুখে শুনি গীতৰ সুৰ জানিব পাৰি। কিন্তু স্বৰ জনাটো সুকঠিন। আজিকালি স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীসকলে কলাকাৰৰ পৰিবেশ সাঁজি লৈ কথা প্ৰধান লঘু গীত-মাতবোৰ অৰ-তৰ পৰা শুনি সভা-সমিতিয়ে গাই ফুৰা দেখা যায়। কিন্তু স্বৰ জ্ঞানৰ অভাৱত বেছিভাগ গায়কেই সুৰৰ প্ৰাণ সৃষ্টি কৰিব নোৱাৰে। লঘু সঙ্গীত শিল্পীসকলৰ বহুতে স্বৰৰ পূৰ্ণ প্ৰকাশ কৰিবলৈ গুণী গুৰুৰ ওচৰত স্বৰ সাধনা নকৰাৰ কাৰণেই এনেকুৱা প্ৰাণহীন সঙ্গীতৰ সৃষ্টি হৈছে। অপৈণত শিল্পীসকলে সৃষ্টি কৰা গীত-মাতবোৰে অসমীয়া সঙ্গীত কলাৰ অন্যায় সাধিছে। [ ১০১ ]  অসমত সঙ্গীতৰ উপযুক্ত শিক্ষাৰ ব্যৱস্থা তেনেই দুৰ্বল। সেই নিমিত্তে আচল শিক্ষা নাপাই আগ্ৰহ থকা বহুতো লোকে কলামোদী মনটোক দমিত কৰিব নোৱাৰি লঘু গীত-মাত আদিৰ মাজতে জীৱনটো উটাই দিয়ে। বৈজ্ঞানিক পদ্ধতিপূৰ্ণ শিক্ষাৰ অভাৱত অসমৰ বহুতো ভৱিষ্যত থকা শিল্পী বিপথগামী হৈছে। সংশয় ছেদ কৰিব পৰা গুৰুৰ অভাৱৰ বাবেই আমাৰ সঙ্গীত কলাৰ শুদ্ধ বিকাশ ঘটা নাই।

 সঙ্গীত কলাই বিকৃত ৰূপ লোৱাৰ অইন এটা কাৰণ হ'ল শিল্পীসকলৰ অন্ধ অনুকৰণ আৰু নিজকে তুচ্ছ বুলি জ্ঞান কৰা স্বভাৱ। ব্ৰিটিছসকল অহাৰে পৰা তেওঁলোকক আমি অজ্ঞাতে ওখ আসন দিবলৈ আৰম্ভ কৰিলো। ভাষা-সংস্কৃতি আদি অজানিতে আঁকোৱালি ল'লো। সঙ্গীতৰ ক্ষেত্ৰতো নিজক বাদ দি বিজাতীয় সুৰ, বাদ্য, বাজনা আদিক আদৰি লৈ অসমীয়া কলাক কুন্ধচ কৰিলো। পশ্চিমীয়া সঙ্গীতৰ প্ৰতি উচ্চ মনোভাৱ আৰু নিজৰ সঙ্গীতৰ প্ৰতি নিকৃষ্ট মনোভাৱে আমাৰ সঙ্গীতক মাৰ সোধালে।

 চিনেমা শিল্পই পশ্চিমীয়া গীত-মাতৰ প্ৰচলনত সক্ৰিয় অংশগ্ৰহণ কৰিছে। প্ৰায় চৈধ্য বছৰ আগত চিনেমা সঙ্গীতে অসমত বিশেষ প্ৰভাৱ পেলাব পৰা নাছিল। গতিকে যিসকল সঙ্গীতমোদী আছিল, সেইসকলে স্বদেশীয় সঙ্গীতৰ চৰ্চাত মন দিব পাৰিছিল। কিন্তু যেতিয়া চিনেমাৰ জয়ডংকা বাজি উঠিল, অসমতো তাৰ বতাহ লাগিল। সেই বতাহত আমাৰ গীত-মাতৰো খুটি লৰিল।

 অসম চৰকাৰৰ অমনযোগ সঙ্গীত কলাৰ অৱনতিৰ আন এটা ঘাই কাৰণ। চৰকাৰে গুৱাহাটী ৰেডিঅ’ কেন্দ্ৰ খোলাৰ আগতে যিখিনি মনোযোগ দিছিল, তাৰ তুলনাত বৰ্তমানত একেবাৰে নাই বুলিবই পাৰি। ৰেডিঅ’ কেন্দ্ৰ খোলাৰ আৰম্ভণিতে প্ৰথম উদ্যমত কেইবাজনো অসমীয়া শিল্পীয়ে লক্ষ্নৌৰ ভাটখাণ্ডে সঙ্গীত বিদ্যালয় আদিলৈ গৈ শাস্ত্ৰীয় সঙ্গীতৰ সম্যক জ্ঞান আহৰণ কৰে। তাৰ পিছত এই প্ৰচেষ্টা ক্ৰমে কমি অহা দেখা গৈছে।

 সঙ্গীত বিশাৰদ ডিগ্ৰীটো লৈ আহিলেই যে সঙ্গীতজ্ঞ হ’ব, এনে নহয়। সঙ্গীতৰ ব্যৱহাৰিক জ্ঞান প্ৰদৰ্শন কৰিব জনাৰ ওপৰতহে সঙ্গীতৰ ডিগ্ৰীৰ কৃতিত্ব নিৰ্ভৰ কৰে। অসমত মুষ্টিমেয় যি কেইজন শাস্ত্ৰীয় সঙ্গীত শিল্পী আছে, তেওঁলোকৰো বিশেষ পাৰদৰ্শিতাৰ পৰিচয় অসমীয়া ৰাইজে দেখা নাই। অকল মৌনভাৱে ঘৰত বহি সঙ্গীতৰ চিন্তা কৰিলেই অসমীয়া সঙ্গীত জগত উন্নত হ'ব নোৱাৰে। আমাৰ অনুন্নত সঙ্গীত কলাক সৰ্বভাৰতীয় সঙ্গীতৰ পৰ্যায়লৈ নিয়াৰ

বাবে চেষ্টা কৰাটো আমাৰ একান্ত কৰ্তব্য হোৱা উচিত।

[ ১০২ ]  এই উদ্দেশ্য আগত লৈয়েই আজি প্ৰায় দহ বছৰমান আগতে কেইজনমান কলামোদী লোকে অশেষ কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি সদৌ অসম সঙ্গীত সন্মিলন স্থাপন কৰে। কিন্তু অতি পৰিতাপৰ বিষয়, নানা প্ৰতিকূল পৰিবেশৰ কাৰণেই হওঁক বা মুখ্য কৰ্মীসকলৰ ক্ষমতা প্ৰয়োগৰ অপচেষ্টাতেই হওঁক, নিচেই কম সময়ৰ ভিতৰতেই সন্মিলনৰ অগ্ৰগতি বন্ধ হৈ পৰে। সন্মিলন চলি থকা বছৰ কেইটাত অসমৰ বহু ঠাইতে সঙ্গীতৰ বিকাশ ঘটিছে। কিন্তু ই তেনেই নগণ্য।

 অসমত সঙ্গীত চৰ্চা, বিশেষকৈ অসমীয়া আৰু ভাৰতীয় উচ্চাঙ্গ সঙ্গীতৰ চৰ্চা জনপ্ৰিয় কৰা, সঙ্গীত শিক্ষাৰ মান আৰু পদ্ধতি নিৰ্দ্ধাৰণ কৰি শিক্ষাদানৰ সু- ব্যৱস্থা কৰা, মৃতপ্ৰায় অসমৰ গীত-মাত আদি উদ্ধাৰ কৰা আৰু অসমৰ বিভিন্ন ঠাইত সঙ্গীত সন্মিলনৰ শাখা স্থাপন কৰি সদৌ অসম ভিত্তিত এটা শক্তিশালী সংঘ সঙ্গীত সন্থা স্থাপন কৰাই আছিল সন্মিলনৰ মুখ্য উদ্দেশ্য। কিন্তু অসমীয়া শিল্পীৰ কৰ্মতৎপৰতাৰ অভাৱত উদ্দেশ্যবোৰ কিতাপৰ পাততেই লিখা ৰ'ল। কাৰ্যত হ'লে পৰিণত নহ'ল। গুৱাহাটী, যোৰহাট, ডিব্ৰুগড়, নগাঁও আদি ঠাইত সন্মিলন হৈ যোৱা বাবে সেই ঠাইবোৰত কমকৈ হ'লেও সঙ্গীত চৰ্চাৰ প্ৰেৰণাই মূৰ দাঙি উঠিছে। সন্মিলন যদি চলি থাকিলহেঁতেন, অসমৰ মৃতপ্ৰায় গীত-মাতবোৰ উদ্ধাৰ হোৱাৰ উপৰিও সঙ্গীতৰ মান, চৰ্চা আদি বৃদ্ধি হ'লহেঁতেন। নানা ঠাইৰ উচ্চাঙ্গ সঙ্গীতজ্ঞ- সকলৰ সঙ্গীত শুনি অসমৰ শিল্পীবৃন্দই তথা ৰাইজে উচ্চাঙ্গ সঙ্গীত কি, তাক কিছু পৰিমানে হ'লেও উপলব্ধি কৰিব পাৰিলেহেঁতেন। কিন্তু সন্মিলন বন্ধ হোৱা বাবে অসমে এই সকলোবোৰ সুবিধাৰ পৰা বঞ্চিত হ'ব লগাত পৰিছে।

 শিল্পীসকলৰ একতা নহ'লে আমাৰ সঙ্গীত কলা ভালদৰে জীয়াই নাথাকিব। অসমত শিল্পীসকলৰ একতাৰ পূৰ্ণ অভাৱ ঘটিছে। অসমৰ বাহিৰলৈ গৈ বৈজ্ঞানিক পদ্ধতিত শিক্ষা গ্ৰহণ কৰা কলাকাৰসকলে একগোট হৈ সঙ্গীতৰ উন্নতি কল্পে চেষ্টা কৰা উচিত। মৃত সদৌ অসম সঙ্গীত সন্মিলনক পুনৰ জীৱন দি নতুন উদ্যমেৰে নতুন মনোবল লৈ ন-পুৰণি শিল্পী বৃন্দই তথা কলামোদী ৰাইজে যদি নতুন আঁচনি হাতত লৈ আগবাঢ়ি যায়, অদূৰ ভৱিষ্যতে যে আমাৰ গীত-মাতৰ জগতখন উন্নত হৈ পৰিব তাত কোনো সন্দেহ নাই।



^ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য সম্পাদিত 'নবযুগ’ত প্ৰকাশিত, ১৫ ডিচেম্বৰ ১৯৬৫ চন। [ ১০৩ ]

ভাৰতীয় সঙ্গীতৰ স্বকীয়তা ৰক্ষাৰ সমস্যা

 শব্দ ধ্বনি সপ্ত সুৰে শুদ্ধ প্ৰাণ সমন্বিতে সাধন ক্ৰিয়া সমাপন অতি সুকঠিন। ইয়াৰ বাবে লাগে শিল্পীৰ অশেষ ধৈৰ্য। ধৈৰ্যসহ সূক্ষ্ম চিন্তা নকৰিলে সুৰৰ প্ৰাণ উপলব্ধি কৰা টান। শুদ্ধ চিত্তে সুৰ চৰ্চা কৰিলে জ্ঞান আৰু আনন্দৰ দীপ্তি চিৰদিনেই পোৱা যায়। কিন্তু সূক্ষ্ম আনন্দ উপলব্ধি কৰালৈকে নীৰৱ সাধনাৰ মাজেদি যি গভীৰ চিন্তাযুক্ত অপেক্ষা কৰিব লগা হয়, তালৈ আমাৰ আজিৰ বৰ্তমান যুগৰ ব্যস্ত মানুহৰ ধৈৰ্য আৰু সময় নাই। অল্পায়াসতে পাতল আনন্দ পাবলৈ মানুহ ব্যাকুল হৈ উঠিল। ৰুচিবোধৰ পৰিবৰ্তন ঘটিল। কোনো গভীৰ বিষয় লৈ দীঘলীয়া সময় খৰচ কৰি গভীৰ আনন্দ পোৱাৰ কথা মানুহে যেন ভাবিব নোৱাৰা হ'ল। সেয়েহে যুগৰ পৰিবৰ্তনৰ লগে লগে ভাষা সাহিত্যৰ গভীৰতাই বৰ্তমান সময়ৰ লগত খাপ খোৱাকৈ অজানিতে বিভিন্ন ৰূপত তৰল অৱস্থা পোৱাৰ দৰে মনোযোগ দিবলগীয়া গভীৰ সঙ্গীত কলায়ো সময়ৰ লগে লগে তৰল, সহজবোধ্য লঘু গীত-মাত আদিৰ বিভিন্ন ৰূপত ৰূপান্তৰিত হ'ল।

 ভাৰতীয় সঙ্গীতৰ এটা গৌৰৱময় ইতিহাস আছে। এই ইতিহাস মুছলমান ৰজাসকলৰ ৰাজত্ব কালৰ সময়ত বিশেষকৈ আকবৰ, জোনপুৰৰ ৰজাসকল, দিল্লীৰ মহম্মদ চাহ আদিৰ দিনত গৌৰৱত সমুজ্জ্বল হৈ উঠে। আকবৰৰ ৰাজসভাত ধ্ৰুৱপদক (Dhruvapada) অতি সন্মান সহ পৰিবেশন কৰা হৈছিল। জোনপুৰী ৰজাসকলে আৰু দিল্লীৰ মহম্মদ চাহে খেয়ালক অতি সন্মান কৰিছিল। তেওঁলোকৰ ৰাজত্বকালত খেয়ালৰ বহুখিনি বিকাশ ঘটে। ধ্ৰুপদ আৰু খেয়ালৰ দৰে ঠুৱৰীয়েও অবধ (Avadh)ৰ নবাব ওৱাজীদ আলি ছাহ আদিৰ দিনত প্ৰসাৰতা লাভ কৰে। ৰজাঘৰীয়া পৃষ্ঠপোষকতাত এনেদৰে আমাৰ সঙ্গীতকলাই বিকাশ সাধন কৰিছিল। কিন্তু মুছলমান ৰাজত্বৰ পতনৰ লগে লগে ব্যৱসায়ী ৰূপ লৈ ব্ৰিটিছসকল ভাৰত সোমাল আৰু গোজে গৈ গছ হোৱাৰ দৰে সিহঁতে ভাৰতৰ চৌদিশ আৱৰি পেলালে। সিহঁতৰ প্ৰভাৱত আমাৰ জাতীয়তা বেমাৰী শিশুৰ দৰে থৰক বৰক হৈ পৰিল। সিহঁতে আমাক সিহঁতৰ দৃষ্টিৰেই সজালে। সকলোতে পৰাৰ দৰে আমাৰ কলা সংস্কৃতিটো সিহঁতৰ প্ৰভাৱ নপৰাকৈ নাথাকিল। লাহ[ ১০৪ ] বিলাসৰ মাজেদি ৰজাঘৰীয়া আমোলত ৰূপ লৈ উঠা আমাৰ সুৱদী সঙ্গীত কলাই ঘাট-মাউৰা শিশুৰ দৰেই যেন আলাই আথানি নোহোৱা এটা অৱস্থাৰ সন্মুখীন হ'ল। সেয়েহে সঙ্গীতজ্ঞসকলে সুবিধা অনুসৰি ভাৰতীয় জমিদাৰসকলৰ পৃষ্ঠপোষকতাৰ অথবা আন অনুকুল পৰিবেশৰ ওচৰ চাপিবলৈ আৰম্ভ কৰিলে। এনেদৰে অতীতৰ বুৰঞ্জীক সুঁৱৰি যুগৰ পৰিবৰ্তনত নানা নিৰ্যাতন ভূগী হলেও ভাৰতীয় সঙ্গীতকলা বা সঙ্গীতজ্ঞসকল আজিও জীয়াই আছে। ব্যস্ত মানুহৰ হৈ- চৈৰ পৰা আঁতৰি নীৰৱ সাধনাৰ মাজেদি ভাৰতীয় এমুঠি শিল্পীয়ে আমাৰ সঙ্গীত কলাৰ গৌৰৱময় ইতিহাস আজিও অক্ষুণ্ণ ৰাখিছে। সেই মহান শিল্পীসকল দীৰ্ঘায়ু হওঁক।

 আমাৰ সংস্কৃত ভাষাক অন্তঃসলিলা ফল্গু কৰি এৰি থৈ আন আন ভাষাই সমাজত প্ৰভাৱ বিস্তাৰ কৰাৰ দৰে বৰ্তমান ভাৰতীয় প্ৰকৃত সঙ্গীত কলাকো এফলীয়া কৰি থৈ আন আন কিছুমান ব্যৱসায়ী সঙ্গীত কলা ৰূপ লৈ উঠিছে। সংস্কৃতত ব্যুৎপত্তি থকা সাহিত্যিকৰ সাহিত্য সৃষ্টিত স্বাভাৱিকতে মিঠা সৌন্দৰ্য থকাৰ দৰে শাস্ত্ৰীয় সঙ্গীতত ব্যুৎপত্তি থকা সঙ্গীতজ্ঞৰ সঙ্গীত কলা সৃষ্টিতে এটা স্বাভাৱিক ৰমনীয়তা পৰিলক্ষিত হয়। আমাৰ ভাৰতীয় ব্যৱসায়ী সঙ্গীত কলাকাৰসকলৰ কিছুমানৰ কলা সৃষ্টিত স্বদেশীয় সঙ্গীতৰ আধাৰত নিহিত হৈ থকা সৌন্দৰ্য দেখা যায়। ভাৰতীয় সঙ্গীতৰ ৰাগ আৰু তালৰ মুৰ্চ্ছনাক কিছুমান শিল্পীয়ে সন্মান কৰিবলৈ পাহৰা নাই। এইখিনিতে ভাৰতৰ বিখ্যাত লঘু কণ্ঠ সঙ্গীত শিল্পী মহম্মদ ৰফি, মান্নাদে, লতা মঙ্গেশকাৰ, সন্ধ্যা মুখাৰ্জী, শচীনদেৱ বৰ্মন, হেমন্ত মুখাৰ্জী, নৌশাদ আলি আদিৰ নাম উল্লেখ কৰিব পাৰি। এই কলাকাৰসকলে আন্তৰিক ভক্তিৰে সৈতে ভাৰতীয় শাস্ত্ৰীয় সঙ্গীতৰ আধাৰত বহুতো লঘু সঙ্গীত সৃষ্টি কৰি জনতাৰ শিল্পী হিচাবে জনপ্ৰিয়তা অৰ্জন কৰিছে। এইসকলৰ ভিতৰতো অৱশ্যে অধিক টকাৰ সংখ্যাক মূল্য দি সমাজৰ একশ্ৰেণী পাতল লোকৰ মনোৰঞ্জন কৰিবলৈ কোনো কোনোৱে ৰংচঙীয়া ভাৰতীয় বৈশিষ্ট্যহীন হিট চং সৃষ্টি নকৰাকৈ থকা নাই। এনেধৰণৰ পশ্চিমীয়া প্ৰভাৱৰ উৰুঙা হিট চং কিছুমানে আমাৰ সঙ্গীতৰ পবিত্ৰতা হানি কৰা যেন লাগে। জনসাধাৰণক ভাৰতীয় সঙ্গীতৰ সোৱাদ উপলব্ধি কৰাবলৈ আজিৰ গুণী শিল্পীসকলে চেষ্টা চলোৱাটো উচিত। অল ইণ্ডিয়া ৰেডিঅ’ কেন্দ্ৰসমূহে শাস্ত্ৰীয় সঙ্গীতৰ ওপৰত আধাৰিত গীত-মাতসমূহ নিয়মীয়াভাৱে প্ৰচাৰ কৰি ভাৰতীয় সঙ্গীতৰ প্ৰতি সুবিচাৰ কৰিছে।

 আমাৰ অসমতো ব্যৱসায়ী শিল্পীৰ এটা শ্ৰেণী আছে। তেওঁলোকৰ কলা [ ১০৫ ] সৃষ্টি ভাৰতীয় আন ব্যৱসায়ী প্ৰসিদ্ধ কলাকাৰসকলৰ কলা সৃষ্টিৰ তুলনাত অতি দুখীয়া বুলি ক'ব পাৰি। অসমীয়া শিল্পীসকলে অসমীয়া বৈশিষ্ট্য অটুত ৰখাৰ উপৰিও ভাৰতীয় সঙ্গীত কলাক সমাদৰ কৰিবলৈ শিকি ভাৰতৰ আন আন বিখ্যাত শিল্পীসকলৰ দৰে কলা সৃষ্টি কৰিলে অসমীয়া সঙ্গীতৰ মান অলপ বাঢ়িব বুলি আশা কৰিব পাৰি। পূৰ্ব-পশ্চিমৰ বিজাতীয় সংস্কৃতিক বুকুৰ মাজত লৈ বিশ্বপ্ৰেমৰ কৃত্ৰিম অভিনয় কৰি আমাৰ স্বদেশীয় সঙ্গীত কলাক নিশকটীয়া কৰাটো সমীচীন নহয়। ব্যৱসায়ী ভিত্তিত কলা সৃষ্টি কৰাৰ লগে লগে সমাজক সন্তুষ্টি দিয়াৰ উপৰিও জাতীয়তা ৰক্ষাৰ পিনেও লক্ষ্য ৰখাটো শিল্পীসকলৰ নিতান্ত কৰ্তব্য হোৱা উচিত।

 অসমীয়া গীত-মাতসমূহত আমাৰ স্বদেশীয় বাদ্যবাজনাবিলাক যেন লাহে লাহে নোহাৱা হৈ যাব ধৰিছে। বাঁহী, চেতাৰ, এসৰাজ, সৰোদ, তবলা, চাহনাই আদিৰ শ্ৰদ্ধাপূৰ্ণ প্ৰচলন বা সমাদৰ অসমত প্ৰায় নাই বুলিবই পাৰি। অসমীয়া গীত-মাত আদিৰ লগত সংগত কৰিবলৈ এই বিলাকৰ প্ৰয়োজন বৰ বিশেষ দৰকাৰী বুলি ভবা যেন দেখা নাযায়। এইবিলাকৰ ঠাইত গীতাৰ, একৰ্দিয়ান, বঙ্গু, মেন্দোলিন আদি বাদ্য-বাজনাই ৰঘুমলা হৈ থিয় দিছে। গীতাৰ, একৰ্দিয়ানক আমি অসন্মান নকৰোঁ; কিন্তু নিজ দেশীয় বাদ্য-বাজনাক আমি ভাল পাওঁ। সচৰাচৰ স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীসকলে ডাঙৰ শিল্পীসকলক অনুকৰণ কৰি মহা আনন্দে বঙ্গু, মেন্দোলিন, গীতাৰ আদিৰে অসমীয়া গীত-মাতত প্ৰাণ আনিবলৈ চেষ্টা কৰা দেখা যায়। পিছে গীতৰ সুৰে আমেজ দিয়া দূৰৰ কথা, বেসুৰা কোলাহলে কাণত যাতনাহে দিয়ে। সাধনাহীন শিল্পীসকলৰ এনেধৰণৰ বিকৃত ৰুচিবোধ পৰিবৰ্তন কৰিবলৈ গুণী শিল্পীসকলে চেষ্টা কৰা উচিত।

 অসমত বৈজ্ঞানিক পদ্ধতিত শাস্ত্ৰীয় সংগীত শিক্ষা দিয়াৰ ক্ষেত্ৰতো কিছু খেলিমেলি হোৱা দেখা যায়। সঙ্গীতৰ ডিগ্ৰী লাভৰ আকাংক্ষাই এতিয়ালৈকে গা কৰি উঠিব পৰা নাই যদিও অদূৰ ভৱিষ্যতে ই ব্যাধিৰূপে দেখা দিয়াৰ সম্ভাৱনা আছে। পিছে অকল ডিগ্ৰীয়ে জানো সঙ্গীতজ্ঞ সাজে? উচ্চ ডিগ্ৰীয়ে সঙ্গীতজ্ঞ সাজিব পাৰিলে, বিশ্ববিদ্যালয়ৰ উচ্চ ডিগ্ৰীয়ে সাহিত্যিক সাজিব পাৰিলে, ডিগ্ৰীবিহীন সঙ্গীতজ্ঞ আৰু সাহিত্যিকসকলে বিশ্বত সুনাম অৰ্জন কৰিব নোৱাৰিলেহেঁতেন। বিশ্বৰ মহান কলা শিল্পীসকলৰ অধিক সংখ্যকেই ডিগ্ৰীহীন। ইয়াতেই আমি সঙ্গীত কলাৰ ক্ষেত্ৰত ভাৰতীয় প্ৰসিদ্ধ কলাকাৰ ওস্তাদ আলাউদ্দিন খাঁ, আলি আকবৰ খাঁ, আমিৰ খাঁ, বাৰেগুলাম আলি [ ১০৬ ] খাঁ, বিলায়েৎ খাঁ, নিশাদ হুচেইন খাঁ, আহমদজান বেৰ কাঢ়া, ৰবিশঙ্কৰ আদিৰ নাম উল্লেখ কৰিব পাৰে। কলাৰ ওপৰত আজীৱন তপস্যা কৰিয়েই আজি তেওঁলােক বিশ্বৰ নমস্য হ’ব পাৰিছে। তেওঁলােকৰ সঙ্গীতৰ ব্যৱহাৰিক জ্ঞানৰ তুলনা নাই। ডিগ্রীহীন বিশ্ববিখ্যাত সঙ্গীতজ্ঞসকল থাকিল বুলিয়ে যে সঙ্গীতৰ ডিগ্রী ল’ব নালাগে এনে নহয়। ডিগ্ৰী ল'ব লাগে, কিন্তু এইখিনি কথা মনত ৰখা উচিত যে বিশেষকৈ সঙ্গীতৰ ক্ষেত্ৰত ব্যৱহাৰিক জ্ঞানহীন ডিগ্ৰীৰ কোনাে বিশেষ মূল্য নাই। ডিগ্রী লাভ কৰাৰ লগে লগে শিকিব লগা সকলাে কথাৰে শেষ বুলি ভাবি লৈ তাৰ ওপৰত গুৰুত্ব আৰােপ কৰি সাধনা নকৰিলে শিল্পীৰ কৃতকার্যতা আহিব নােৱাৰে। আমাৰ সমাজত আজি ঠিক এই অৱস্থাটোকে দেখা গৈছে। যিসকল শাস্ত্রীয় সংগীত শিল্পীয়ে বাহিৰলৈ গৈ ডিগ্রী লৈ আহি অসম সােমাল, সেই সকলে কৃতকার্যতাৰে সৈতে সুশ্রাব্য সঙ্গীত পৰিবেশন কৰিব নােৱাৰা বাবে আজি গুণী মহলৰ পৰা সঙ্গীতজ্ঞ হিচাবে স্বীকৃতি পােৱা নাই। কিন্তু আনহাতে ঠায়ে ঠায়ে স্কুল-কলেজ পাতি হয়তাে জীয়াই থকাৰ প্রস্তুতিৰে তেওঁলােকে উঠি অহা শিল্পীসকলক এটা কৃত্রিম শিক্ষা দি অর্থহীন ডিগ্ৰীৰ অধিকাৰী কৰিছে। এই ডিগ্রী পােৱাৰ লগে লগে সঙ্গীতজ্ঞ হােৱাৰ দূৰন্ত কামনাৰে যি কলা চর্চা অসমত ৰূপ লৈ উঠিছে, ই সুন্দৰ কলা সৃষ্টি কৰিব পাৰিছে বুলি কোৱা টান। সঙ্গীত কলা গুৰুমুখী বিদ্যা। গুৰুবিনে এই কলাটো সম্ভৱ নহয়। পানী থােৱা পাত্ৰটোৰ গঢ় লােৱাৰ দৰে শিষ্যৰ ওপৰত গুৰুৰ প্ৰভাৱ পৰে। সঙ্গীতৰ ক্ষেত্ৰত সেয়েহে বিশেষকৈ গুৰু-শিষ্যৰ নির্বাচন মন কৰিবলগীয়া। গুৰু, শিষ্য আৰু শিক্ষা এই তিনিওটাৰ সু-সমন্বয়তহে সুন্দৰ কলাই ৰূপ লৈ উঠে। ইয়াৰ কোনােবা এটা নহ'লেও সুন্দৰ কলা সৃষ্টি হ’ব নােৱাৰে।

 মানৱ জীৱনত সঙ্গীতৰ অনিবার্যতা আছে। সূক্ষ্মভাৱে বিচাৰ কৰিলে দেখা যায় যে আমি উপলব্ধি কৰিলেও সঙ্গীতৰ ওপৰত বর্তমান সমাজে পৱিত্ৰ ভাব আৰােপ নকৰে। ল'ৰা-ছােৱালীয়ে সঙ্গীতত আত্মনিয়ােগ কৰিলেই অভিভাৱকসকলে পুৰণি কালৰ কথা নকওঁৱেই, আজিও কুপথে যােৱা বুলি জ্ঞান কৰে। কিন্তু প্রকৃত সঙ্গীতে ল'ৰা-ছােৱালীক কুপথে নিনিয়ে বৰং চিন্তাশীল আৰু ধৈর্যবানহে কৰে। লিখা-পঢ়াত ই অনিষ্ট সাধন কৰা বুলি ভবা কথাটো অর্থহীন। যাজ্ঞবল্কই এঠাইত কৈছে—

“বীণা বাদন তত্ত্বজ্ঞঃ শ্রুতি জাতি বিশাৰদঃ
তালজ্ঞশ্চাপ্রয়াসে মােক্ষামাং চ গচ্ছতি।।”

[ ১০৭ ] অর্থাৎ যিয়ে বীণা বাদনৰ প্ৰকৃত তত্ব বুজে, শ্রুতি আৰু জাতিৰ বিষয়ে যাৰ

জ্ঞান হয়, যাৰ তালৰ জ্ঞান হৈছে তেওঁ অপ্রায়াসে মুক্তি মাৰ্গত উঠিব পাৰে। এনেহেন সৰগীয় সঙ্গীত কলাক আমি সকলােৱে শ্ৰদ্ধাসহ সমাদৰ কৰা উচিত। অজ্ঞ জনসাধাৰণক বুজাই-বঢ়াই সঙ্গীতমােদী কৰাৰ ভাৰো আমাৰ শিল্পীসকলেই ল'ব লাগিব। সুন্দৰ সংস্কৃতিৰ নীতি সাপেক্ষ সৃষ্টি আৰু বর্তমান সমাজৰ এৰাব নােৱাৰা প্রয়ােজনীয়তাৰ মাজত সমন্বয় স্থাপন কৰি, নিজা জাতীয়তাৰ প্রতি লক্ষ্য ৰাখি যদি আজিৰ শিল্পীসকলে কলা সৃষ্টি কৰি যায়, আমাৰ স্বকীয়তা নিশ্চয় অক্ষুণ্ণ ৰ’ব।


বীৰেন্দ্ৰ কুমাৰ ভট্টাচার্য্য সম্পাদিত ‘নৱযুগ'ত প্রকাশিত, ৫ জানুৱাৰী ১৯৬৬ চন। [ ১০৮ ]


শিক্ষাত শিল্পৰ স্থান


 [১৮৮৩ চনৰ ৩ ডিচেম্বৰত মুঙ্গেৰ জিলাৰ খড়গপুৰত নন্দলাল বসুই জন্মগ্রহণ কৰে। বসুই ১৯০৫ চনত চৰকাৰী আর্ট স্কুলত প্রৱেশ কৰে। আর্ট স্কুলৰ শিক্ষা সমাপন কৰিও তেখেতে অবনীন্দ্র নাথৰ সহায়ত দীর্ঘকাল শিক্ষার্থী ৰূপে শিল্প সাধনাত নিযুক্ত থাকে। ১৯২০ চনৰ পৰা ১৯২৩ চনলৈ কলিকতাৰ ‘ছােচাইটি অব ওৰিয়েণ্টেল আর্ট’ৰ শিল্প বিদ্যালয়ৰ অধ্যক্ষতা কৰে। ১৯২৪ চনত বিশ্বভাৰতী কলাভৱনৰ অধ্যক্ষ পদত অধিস্থিত হয়। ১৯৬৬ চনৰ এপ্রিলৰ ১৬ তাৰিখে বসুৰ মৃত্যু হয়। তেখেতলৈ শ্রদ্ধার্ঘ্য হিচাবে এই প্ৰৱন্ধটি আগবঢ়োৱা হ'ল।]

 মানুহে আনন্দ পাবৰ কাৰণে আৰু জ্ঞান অনুশীলনৰ কাৰণে যিমান উপায় উদ্ভাৱন কৰিছে, তাৰ ভিতৰত ভাষাই এটি প্রধান স্থান অধিকাৰ কৰি আছে। ভাষাকেই বাহন কৰি সাহিত্য, দর্শন, বিজ্ঞান প্রভৃতিৰ চৰ্চা চলিছে। সাহিত্যই মানুহক আনন্দ দিয়ে, কিন্তু তাৰ প্ৰকাশৰ ক্ষেত্র সীমাবদ্ধ। সেই অভাৱ পূৰণ কৰিছে শিল্প, সঙ্গীত, নৃত্য ইত্যাদি কলাই। সাহিত্যৰ এটা নিজস্ব প্রকাশভঙ্গী থকাৰ দৰে শিল্প, সঙ্গীত, নৃত্যৰাে আছে। মানুহে ইন্দ্ৰিয়ৰ দ্বাৰা, মনৰ দ্বাৰা বহির্জগতৰ সকলাে বস্তুৰ তত্ববােধ আৰু ৰসবােধ কৰে। শিল্পই তাক আনৰ ওচৰত প্রকাশ কৰে। শিক্ষাৰ ক্ষেত্ৰত কলা-শিল্পৰ চৰ্চাৰ দ্বাৰা মানুহৰ তত্ববােধ আৰু ৰসবােধৰ উৎকর্ষ সাধিত হয় আৰু শিল্পৰ প্রকাশভঙ্গী আয়ত্ব হয়। চকুৰ কাম যেনেকৈ কাণৰ দ্বাৰা নহয়, তেনেকৈ ছবি, গান আৰু নাচৰ শিক্ষা কেৱল লেখা-পঢ়াৰ দ্বাৰা সম্ভৱ নহয়।

 আমাৰ শিক্ষাদানৰ আদর্শ যদি সর্বাঙ্গীন শিক্ষাদান হয়, তেনেহলে কলা- চৰ্চাৰ স্থান আৰু মান বিদ্যালয়ত লেখা-পঢ়াৰ লগত সমানে থকা উচিত। এই দেশৰ বিশ্ববিদ্যালয়ত এই দিশত এই পৰ্য্যন্ত যি ব্যৱস্থা লােৱা হৈছে, সি মুঠেই যথেষ্ট নহয়। ইয়াৰ কাৰণ মই ভাবাে, আমাৰ মাজত বহুতৰে বিশ্বাস, শিল্প চর্চা এক শ্রেণী বেতনভােগী শিল্পীৰেই একচেটিয়া কাৰবাৰ, সৰ্বসাধাৰণৰ লগত তেওঁলােকৰ কোনাে সম্পর্ক নাই। শিল্প নুবুজাৰ বাবে অনেক শিক্ষিত লােকেও গৌৰৱবােধ নকৰে। জনসাধাৰণৰতাে কথাই নাই, তেওঁলােকে ফটো আৰু ছবিৰ [ ১০৯ ] পার্থক্যটোও বুজি নাপায়; জাপানী সৰু সৰু পুতলাক শিল্পৰ শ্ৰেষ্ঠ নিদর্শন বুলি ভাবি লৈ অবাক হৈ থাকে। বিশ্ৰী ৰং কৰা ৰঙা-নীলা বেগুণী জার্মান কাগজ দেখি চকুৰ কষ্ট বােধতাে নকৰেই, বৰং উপভোেগহে কৰি থাকে; সহজ প্রাপ্য সস্তীয়া মাটিৰ কলহৰ পৰিৱর্তে প্রয়ােজনৰ দোহাই দি টিনৰ পাত্ৰ ব্যৱহাৰ কৰে।

 ইয়াৰ বাবে দায়ী দেশৰ শিক্ষিত সমাজ আৰু প্ৰধানকৈ বিশ্ববিদ্যালয়। আপাত দৃষ্টিত বিদ্যাৰ ক্ষেত্ৰত দেশবাসীৰ সংস্কৃতি যিমান বাঢ়িছে বুলি ভবা হয়, ৰসবােধৰ দৈন্যও ক্রমশঃ সিমান কষ্টদায়ক হৈ উঠিছে। ইয়াৰ প্ৰতিকাৰৰ উপায় তথাকথিত শিক্ষিত সমাজত কলা-শিক্ষাৰ ব্যাপক ভাৱে প্রচলন কৰা; কাৰণ এই শিক্ষিত সমাজেই জনসাধাৰণৰ আদর্শ স্বৰূপ। সৌন্দৰ্য্যবােধৰ অভাৱত মানুহে যে কেৱল ৰসৰ ক্ষেত্ৰতেই বঞ্চিত হয়, এনে নহয়, মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ ফালৰ পৰাও সি ক্ষতিগ্রস্ত হয়। সৌন্দর্য জ্ঞানৰ অভাৱত যি সকলে চোতালে-ঘৰে আবৰ্জনা সঞ্চয় কৰি ৰাখে, নিজৰ দেহৰ আৰু পােচাক-পৰিচ্ছদৰ মলি চাফ নকৰে, ঘৰৰ বেৰ, বাটে-পথে, ৰেলগাড়ীত পাণৰ পিক আৰু থু-খেকাৰ পেলায়, সেই সকলে যে কেৱল নিজৰেই স্বাস্থ্যৰ ক্ষতি কৰে এনে নহয়, জাতিৰ স্বাস্থ্যৰাে ক্ষতি কৰে। তেওঁলােকৰ দ্বাৰা যেনেকৈ সমাজ দেহত নানা ৰােগ সংক্রামিত হয়, তেনেকৈ তেওঁলােকৰ কুৎচিত আচৰণৰ কু-আদর্শও জনসাধাৰণৰ মাজত বিয়পি পৰে।

 আমাৰ মাজত এটা দল আছে— যিয়ে বিলাসী আৰু ধনী ব্যক্তি সকলকেই কলা চৰ্চাৰ একমাত্ৰ অধিকাৰী বুলি ভাবি লৈ দৈনন্দিন জীৱন যাত্ৰাৰ পৰা অৱজ্ঞাৰে কলাক নিৰ্বাসিত কৰি ৰাখিবলৈ খােজে। তেওঁলােকে পাহৰি যায় যে সুষমাই শিল্পৰ প্ৰাণ, টকাৰ মূল্যই শিল্প বস্তুৰ বিচাৰ কৰিব নােৱাৰে। গৰীৱ চাওঁতালে তাৰ মাটিৰ ঘৰটিকে সাজিকাচি মাটিৰ বাচন আৰু ফটাচিৰা কাপােৰ-কানিখিনিকেই পৰিপাটিকৈ ৰাখে। আকৌ কলেজীয়া অনেক শিক্ষিত ল'ৰাই প্রাসাদ সদৃশ হােষ্টেলৰ বা মেচৰ ঘৰত দামী কাপােৰ, আচ্‌বাব্‌ আদি য’তে ত’তে পেলাই বিশৃংখল কৰি ৰাখে। ইয়াত দেখা গৈছে দৰিদ্ৰ চাওঁতালৰ সৌন্দর্যবােধ, তাৰ জীৱন যাত্রাৰ অঙ্গীভূত আৰু প্ৰাণৱন্ত। ধনী সন্তানৰ সৌন্দর্যবােধ পােছাকী আৰু প্রাণহীন। কেলেণ্ডাৰৰ মেম-চাহেবৰ ছবিক ফ্রেমত বন্ধাই ভাল ছবিৰ কাষত স্থান দিয়াও অনেক শিক্ষিত লােকৰ ঘৰত দেখা যায়। ছাত্র মহলত ছবিৰ ফ্ৰেমৰ পৰা কাপােৰ ওলমি থকা, পঢ়া মেজত চাহৰ কাপ, আর্চী-ফণি আৰু কোকোৰ টিনত কাগজৰ ফুল সজাই থােৱা দেখা যায়। প্রসাধনত কাপােৰৰ ওপৰত বুকুখোলা কোট, [ ১১০ ] শাৰীৰ লগত মেম চাহাবী ওখ গৰাৰ জোতা, এই সকলোবোৰতেই ধন থাকিব বা নাথাকক সুষমাৰ অভাৱ আৰু সৌন্দৰ্যবোধৰ দৈন্য সূচিত হৈছে।

 আকৌ আন একশ্ৰেণীৰ লোক আছে যিসকলে কয়, ‘আৰ্ট কৰিলে। জানো পেট ভৰিব?’ ইয়াতে এটা কথা মনত ৰাখিব লাগিব। ভাষা চৰ্চাৰ যেনেকৈ দুটা দিশ— আছে এটা আনন্দ আৰু জ্ঞানৰ দিশ, আনটো অৰ্থ লাভৰ দিশ, তেনেকৈ শিল্প চৰ্চাৰো দুটা দিশ আছে— এটা আনন্দ দান কৰা আৰু আনটো অৰ্থদান কৰা। এই দুটা ভাগৰ নাম চাৰু শিল্প আৰু কাৰু শিল্প। চাৰুশিল্পৰ চৰ্চাই আমাৰ দৈনন্দিন দুখ দ্বন্দ্বই হেঁচি ৰখা মনক আনন্দলোকলৈ লৈ যায়, আৰু কাৰু শিল্পই আমাৰ নিত্য প্ৰয়োজনীয় বস্তুবোৰত সৌন্দৰ্য্যৰ সোণ পানী ছটিয়াই জীৱন- যাত্ৰাৰ পথক সুন্দৰ কৰি তোলাৰ উপৰিও অৰ্থাগমৰ পথো তৈয়াৰ কৰি দিয়ে। কাৰুশিল্পৰ অৱনতিৰ লগে লগে দেশত আৰ্থিক দুৰ্গতিৰ আৰম্ভ হৈছে। গতিকে প্ৰয়োজনৰ ক্ষেত্ৰত পৰা শিল্পক বাদ দিয়াটো জাতিৰ পক্ষে অৰ্থাগমৰ ফালৰ পৰাও অত্যন্ত ক্ষতিকৰ।

 শিল্প শিক্ষাৰ অভাৱে যে কেৱল আমাৰ বৰ্তমান জীৱন-যাত্ৰা অসুন্দৰ কৰি তুলিছে এনে নহয়, আমাৰ অতীত যুগৰ ৰসস্ৰষ্টাসকলৰ সৃষ্টি সম্পদৰ পৰাও আমাক বঞ্চিত কৰিছে। আমাৰ চকু তৈয়াৰী হোৱা নাই। সেইবাবে দেশৰ অতীত গৌৰৱ চিত্ৰ, ভাস্কৰ্য্য, স্থাপত্য আদিক আমি বুজিব পৰা নাছিলো। বহুদিন ধৰি ই আমাৰ অজ্ঞাত আছিল। বিদেশৰ পৰা সমাজদাৰ আহিবৰ প্ৰয়োজন হ’ল। সেইবোৰ তেওঁলোকেহে আমাক বুজাই দিলে। আধুনিক যুগৰ শিল্প সৃষ্টিও বিদেশীৰ মাজত স্বীকৃত নহ'লে আমাৰ দেশত আদৃত নহয়, ই আমাৰ লজ্জাৰ কথা।

 ইয়াৰ প্ৰতিকাৰৰ সম্বন্ধে এইবাৰ মোটামুটিভাৱে আলোচনা কৰা যাওঁক। শিল্প-শিক্ষাৰ মূল কথা হৈছে প্ৰকৃতিক আৰু ভাল ভাল শিল্প-বস্তুক শ্ৰদ্ধাৰে সৈতে চোৱা; সেইবোৰৰ লগত সঙ্গী হোৱা আৰু জাগ্ৰত সৌন্দৰ্যবোধসম্পন্ন লোকৰ লগত আলোচনা কৰি শিল্পক বুজাৰ চেষ্টা কৰা। বিশ্ববিদ্যালয়ৰ কৰ্তব্য— প্ৰত্যেক স্কুল-কলেজত অন্য শিক্ষাৰ লগে লগে শিল্প-শিক্ষাৰ স্থান ৰখা। শিল্পক পৰীক্ষা গ্ৰহণৰ সময়ত অৱশ্যে শিক্ষনীয় বিষয়ৰ ভিতৰত গণ্য কৰা আৰু প্ৰকৃতিৰ লগত ল'ৰা-ছোৱালীৰ যাতে পৰিচয় ঘটিব পাৰে তাৰ উপযুক্ত ব্যৱস্থা আৰু অৱকাশ ৰখা। অঙ্কন পদ্ধতি শিক্ষাৰ লগে লগে ল'ৰা-ছোৱালীৰ পৰ্য্যবেক্ষণৰ ক্ষমতা বাঢ়িব, ফলত তেওঁলোকে সাহিত্য, বিজ্ঞান, দৰ্শন প্ৰভৃতিৰ ক্ষেত্ৰতো সত্য দৃষ্টি লাভ [ ১১১ ] কৰিব। বিদ্যালয়ত কাব্য চর্চাৰ ব্যৱস্থা আছে; কিন্তু কাব্যত বিশ্ববিদ্যালয়ৰ পৰীক্ষা পাছ কৰিলেই ডাঙৰ কবি হ'ব নােৱাৰে। তেনেকৈ বিদ্যালয়ত শিল্প-শিক্ষাৰ আয়ােজন থাকিলেই যে সকলাে ল'ৰা-ছােৱালী শিল্পী হ’ব আৰু ভাল শিল্প সৃষ্টি কৰিব পাৰিব এনে আশা কৰা অৱশ্যে ভুল হ'ব।

 প্রথমতঃ ল'ৰা-ছােৱালীৰ বিদ্যালয়ত, পুথিভঁৰালত, পঢ়া-ঘৰত আৰু থকা ঘৰত কিছু কিছু ভাল ছবি, মূর্তি, চাৰু শিল্প আৰু কাৰু শিল্পৰ নিদর্শন (নাথাকিলে এইবিলাকৰ ভাল ফটো বা প্রতিচ্ছবি) সজাই ৰাখিব লাগিব।

 দ্বিতীয়তঃ ভাল ভাল শিল্পৰ নিদৰ্শনৰ ছবি আৰু ইতিহাস দি ল'ৰা-ছােৱালীৰ সহজবােধ্য কিতাপ উপযুক্ত লােকৰ দ্বাৰা যথেষ্ট পৰিমাণে লিখাব লাগিব।

 তৃতীয়তঃ ছায়াচিত্ৰৰ সহায়ত মাজে মাজে স্বদেশৰ আৰু বিদেশৰ বছা- বছা ভাল-ভাল শিল্পবস্তুৰ লগত ল'ৰা-ছােৱালীক পৰিচয় কৰি দিব লাগিব।

 চতুর্থতঃ মাজে মাজে উপযুক্ত শিক্ষকৰ লগত ল'ৰা-ছােৱালীয়ে নিকটৱর্তী যাদুঘৰ বা চিত্রশালালৈ গৈ অতীত শিল্পকীৰ্তিৰ নিদর্শন চাই আহিব লাগিব। বিদ্যালয়ৰ পৰা ফুটবল মেছ খেলিবলৈ বাহিৰলৈ যােরাৰ ব্যৱস্থা যেতিয়া হ'ব পাৰে, চিত্রশালা বা যাদুঘৰ চাই অহাত একো অসম্ভৱ নহয়। এই কথা মনত ৰাখিব লাগিব। এটা ভাল শিল্প-বস্তু নিজৰ চকুৰে দেখিলে আৰু বুজিলে শিল্পদৃষ্টি যিমান বিকশিত হয়, এশটা বক্তৃতা শুনিলে সিমান নহয়। ভাল ছবি, ভাল মূর্তি সৰুৰে পৰা দেখি দেখি কিছু বুজি, কিছু নুবুজি ল'ৰা-ছােৱালীৰ চকু তৈয়াৰী হ’ব, পিছত আপােনা আপুনি তেওঁলােকৰ শিল্পৰ ভাল-বেয়া বিচাৰ কৰাৰ শক্তি আহি পৰিব আৰু লাহে লাহে সৌন্দৰ্য্যবােধ জাগৰিত হ'ব।

 পঞ্চমতঃ প্ৰকৃতিৰ লগত ল'ৰা-ছােৱালীৰ যােগ সাধন কৰাৰ উদ্দেশ্যে বিভিন্ন ঋতুত বিভিন্ন উৎসৱৰ আয়ােজন কৰিব লাগিব। সেই আয়ােজনৰ ভিতৰত সেই সেই ঋতুৰ ফল-ফুলৰ সংগ্রহ, আৰু শিল্প, কাব্যত সেই সেই ঋতু সম্বন্ধে যি সমস্ত সুন্দৰ সৃষ্টি হৈছে তাৰ লগত যিমান দূৰ সম্ভৱ ল'ৰা-ছােৱালীৰ পৰিচয় ঘটোৱাৰ ব্যৱস্থা থাকিব লাগিব।

 ষষ্ঠতঃ প্রকৃতিত যি ঋতু উৎসৱ চলিছে তাৰ লগত ল'ৰা-ছােৱালীক পৰিচয় কৰি দিব লাগিব। শৰতৰ ধাননি পথাৰ আৰু পদ্মবন, বসন্তত পলাশ-শিমলুৰ মেলা তেওঁলােকে যাতে নিজৰ চকুৰে দেখি আনন্দ পায়, তাৰ ব্যৱস্থা কৰিব লাগিব। বিশেষকৈ নগৰবাসী ল'ৰা-ছােৱালীৰ বাবে এই ব্যৱস্থা অতি প্রয়ােজনীয়। গাঁৱৰ ল'ৰা-ছােৱালীৰ এই দিশত কেৱল দৃষ্টি আকর্ষণ কৰিব পাৰিলেই হ’ব। [ ১১২ ] এই সকলো ঋতু উৎসৱৰ কাৰণে বিশেষভাৱে ছুটী দি বনভোজৰ আৰু ঋতু উপযোগী বেশ-ভূষা আৰু খেলা-ধূলাৰ ব্যৱস্থা কৰিব লাগিব। এবাৰ প্ৰকৃতিৰ লগত সখী পাতি ল'লে, প্ৰকৃতিক সঁচাকৈয়ে ভাল পাবলৈ শিকিলে ল'ৰা-ছোৱালীৰ অন্তৰত ৰসৰ উৎস আৰু কোনোদিন নুশুকাব। কাৰণ প্ৰকৃতিয়েই যুগে যুগে শিল্পীক শিল্পসৃষ্টিৰ উপাদান জগাই আহিছে।

 শেষ কথা এই যে বছৰৰ কোনো এক সময়ত বিদ্যালয়ত এটি শিল্প সৃষ্টিৰ উৎসৱ পাতিব লাগিব। শিল্পবস্তু যিমানেই সামান্য হওক প্ৰত্যেক শিক্ষাৰ্থীয়ে কিছু নহয় কিছু শিল্প-বস্তু নিজ হাতে তৈয়াৰ কৰি আনি শ্ৰদ্ধাৰে সৈতে উৎসৱত যোগদান দিব লাগিব আৰু ল'ৰা-ছোৱালীৰ সৃষ্টি শিল্প বস্তুবোৰ উৎসৱৰ অৰ্ঘ্যৰূপে সংগ্ৰহ কৰি সজাই থ'ব লাগিব। নৃত্য, গীত, শোভাযাত্ৰা প্ৰভৃতিৰ দ্বাৰা উৎসৱটিক সৰ্বাঙ্গসুন্দৰ কৰি তোলাৰ চেষ্টা কৰা দৰকাৰ। উৎসৱৰ নিৰ্দিষ্ট এটা সময় নিৰ্দ্ধাৰণ কৰা উচিত। দেশ ভেদে সেইটো পৰিবৰ্তন হ'ব পাৰিব।






মূল ৰচনাঃ নন্দলাল বসু
অনুবাদঃ উমেশ বৈশ্য

বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য সম্পাদিত 'নবযুগ'ত প্ৰকাশিত, বুধবাৰ, ২৭ এপ্ৰিল ১৯৬৬ চন। [ ১১৩ ]

গীতৰ দোষ-গুণ

 ষড়জ বা খৰজ, ঋষভ বা ঋখব, গান্ধাৰ, মধ্যম, পঞ্চম, ধৈবত আৰু নিষাদ বা নিখাদ এই সাতোটা সুৰৰ প্ৰত্যেককে একোটা ধাতু বোলে। সচৰাচৰ কথোপকথনৰ সময়ত ইহঁতৰ সাঙ্কেতিক নাম সা, ৰে, গা, মা, পা, ধা আৰু নি ব্যৱহাৰ কৰা হয়। গীত ধাতু আৰু মাত্ৰা উভয়াত্মক। ধাতু আৰু মাত্ৰা এক হ'লেই গীতৰ সৃষ্টি হয়। গতিকে ধাতু আৰু মাত্ৰা এই দুটা গীতৰ কাৰণ অৰ্থাৎ অবয়ব। কাৰণৰ দোষ আৰু গুণ কাৰ্য্যত দেখা যায়। যেনেকৈ উত্তম সোণ হলে তাৰ দ্বাৰা নিৰ্মিত কুণ্ডল উত্তম হয় আৰু অধম সোণৰ অলঙ্কাৰো অধম হয়, তেনেদৰে ধাতু আৰু মাত্ৰা - এই দুয়োটাৰে দোষ-গুণ গীতত থাকে। এই উভয়ৰে দোষ বা গুণ কি? প্ৰথমতে পাঠকসকলৰ আগত দোষৰ কথাকেই আঙুলিয়াই দিয়া হ'ল।

 পুনৰুক্তি, শীঘ্ৰোচ্চাৰণ, প্ৰসাৰণ, লিঙ্কান্যত্ব, বিসন্ধি, সংযুক্তাক্ষৰ মোক্ষণ, অসংযুক্তৰ সংযোগ, হ্ৰস্ব-দীৰ্ঘ ব্যতিক্ৰম প্ৰভৃতি কেইটামানক যদিও সংস্কৃত আলঙ্কাৰিকসকলে মহাদোষ বুলি জ্ঞান কৰে, তথাপি সঙ্গীত শাস্ত্ৰমতে সেই সকলোবোৰ গীত দোষৰ ভিতৰত গণ্য নহয়। কিন্তু লজ্জা, ভয়, অপ্ৰকাশিত্ব অৰ্থাৎ ধাতু বা মাত্ৰাৰ অস্পষ্টতা সানুনাসিকতা অৰ্থাৎ নাকেৰে উচ্চাৰণ কৰিব নলগা শব্দক নাকেৰে উচ্চাৰণ কৰা, শিৰঃ কম্পন অৰ্থাৎ মুদ্ৰাদোষ, লয়স্থান বিবৰ্জন অৰ্থাৎ বেলয়, কাকুসুৰ অৰ্থাৎ বেসুৰ, বিকৃত সুৰ অৰ্থাৎ সুৰ কৰ্কশতা, বিশ্ৰাম অৰ্থাৎ অযোগ্য স্থানত বিৰাম, অশ্লীলত্ব অৰ্থাৎ ঘৃণা, অমঙ্গল আৰু লজ্জাব্যঞ্জক শব্দৰ প্ৰয়োগ, উৎকটতা অৰ্থাৎ যিবিলাক মাত্ৰা বা ৰাগ হঠাতে বোধগম্য নহয়, তাৰ সংযোগ, কাহ, নাকৰ পৰা ওলোৱা বিকৃত শব্দ আৰু আন কাৰণৰ পৰা হোৱা বাগৰুদ্ধতা, ব্যাকুলতা অৰ্থাৎ গানৰ সময়ত অস্থিৰতা প্ৰকাশ কৰা, তালহীনতা অৰ্থাৎ বেতলা, এই চৈধ্যটিকে সঙ্গীত শাস্ত্ৰকাৰসকলে দোষ বুলি গীতৰ সময়ত ইয়াক সৰ্বোতভাৱে পৰিত্যাগ কৰিবলৈ কৈছে। যদিও সঙ্গীত শাস্ত্ৰকাৰসকলে এই চৈধ্যটি দোষত বাহিৰে আৰু অন্য দোষ স্বীকাৰ কৰা নাই, কিন্তু বিবেচনা কৰিবলৈ গ'লে আলঙ্কাৰিকসকলৰ বিবেচিত দুঃশ্ৰবত্ব, অনুচিতাৰ্থ, [ ১১৪ ] প্ৰতিপাদনত্ব, অবাচকতা, ক্লিষ্টতা, বৰ্ণ প্ৰতিকুলতা, পতৎ পকৰ্ষতা, কষ্টতা আৰু ভগ্ন প্ৰক্ৰমতা প্ৰভৃতি আনকেইটামানো গীতৰ মহাদোষ বুলি স্বীকাৰ কৰাটো যুক্তি বিৰুদ্ধ নহয়। কঠোৰ বৰ্ণৰ দ্বাৰা যিবিলাক গীত ৰচিত হয়, সেইবিলাক গীতত দুঃশ্ৰবত্ব দোষ থকা বুলিব লাগিব। ভগ্ন প্ৰক্ৰমতা অৰ্থাৎ ৰচনাৰ ক্ৰমভঙ্গ, পতৎ প্ৰকৰ্ষতা অৰ্থাৎ ক্ৰমে ৰচনাৰ অপকৰ্ষ ইত্যাদিকো গীতৰ দোষ বুলিব পাৰি।

 যদিও কোনো কোনোৱে কয় যে লজ্জা, ভয়, শিৰ কম্পন আদি অনেক দোষবোৰ গায়কৰেই গীতৰ নহয়; গায়কৰ দোষ গীতৰ দোষৰ ভিতৰত কিয় পৰিব? তাৰ সৎ উত্তৰ এই যে যেনেকৈ ৰচকৰ দোষত গীত দুষ্ট হয়, গায়কৰ দোষততা সেইদৰে গীত দুষ্ট হ'ব পাৰে। সেইবাবে গায়ক অথবা ৰচক এই দুয়োবিধকেই গীতৰ দোষ-গুণ সম্পাদক বুলি ক'ব লাগিব।

 গীতৰ যেনেকৈ দোষ বিচাৰ কৰা হ'ল তেনেকৈ গুণ বিচাৰ কৰাও উচিত। কি কি গুণ গীতত সংঘটিত হয়। আলঙ্কাৰিকসকলে কাব্যত মাধুৰ্য্য, ওজঃ আৰু প্ৰসাদ এই তিনিটা গুণ নিৰ্ণয় কৰি গৈছে। যদিও সঙ্গীতকাৰসকলে গীতত তাৰ নাম গন্ধো উল্লেখ কৰা নাই, কিন্তু আমাৰ গীত বিশেষে সেই তিনিওটা গুণৰ সমাবেশ স্বীকাৰ কৰিব লাগিব। যি গীত শুনিলে শ্ৰোতাৰ চিত্ত দ্ৰৱীভূত হয় আৰু আহ্লাদ সাগৰ উচ্ছাসিত হৈ উঠে সেই গান মাধুৰ্য্য গুণ বিশিষ্ট; যিহেতু তাত মাধুৰ্য্য গুণৰ ব্যঞ্জক মধুৰ ৰচনা বিদ্যমান হৈ থাকে। যি গান শুনিলে চিত্ত বিস্ফাৰিত হয়, যাৰ বন্ধন অতি গাঢ়ৰূপ তাত ওজঃ গুণ আছে আৰু শুনা মাত্ৰেই যি গানৰ পদবোৰৰ অৰ্থ বুজি পোৱা যায়, তাত প্ৰসাদ গুণ নিহিত আছে।





মূল ৰচনাঃ ক্ষেত্ৰমোহন গোস্বামী
অনুবাদঃ উমেশ বৈশ্য
বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য সম্পাদিত ‘নবযুগ'ত প্ৰকাশিত, বুধবাৰ, ৮ ফেব্ৰুৱাৰী ১৯৬৭ চন
[ ১১৫ ]


মিলন গীত


জনসমুদ্ৰ এই দেশৰ
বিভিন্ন জাতিগণ,
আহা আগুৱাই নাশি ভেদাভেদ
গাওঁ মিলনৰ গান॥

পাহাৰৰে বাসী আমি
স্বাধীন জনজাতি
এই ভাৰতভূমিত আমি
আদিম অধিবাসী,
যুগ যুগ ধৰি সাৱটিছে
এই দেশৰে মাটি,
আমাৰ উদাৰ হিয়া প্ৰাণ
গাওঁ মিলনৰ গান॥

সিন্ধু নদীৰ তীৰত আমি
আৰ্য্য হিন্দু হ’লো আহি
বেদ-বেদাঙ্গ-ধম্মপদৰ পূণ্য বাণী দিলোঁ আমি
‘বসুধৈৱ কুটুম্বকম্‌’ বিশ্বজিনি দিলোঁ বাণী
‘অহিংসা পৰম ধৰ্ম্ম’ বুদ্ধ বাণী দিলো আমি
পশ্চিম দেশৰ বাসী আমি।
মুছলিম আৰু মিছনাৰী
বিলাই ইছলাম যীশুৰ বাণী
ভাৰত ভূমি পালোঁ আহি
পালোঁহি হিন্দুস্থান,
গাওঁ মিলনৰ গান॥

[ ১১৬ ]

ভাৰতবৰ্ষ আমাৰ দেশ
মিলন তীৰ্থ আমাৰ দেশ
আমি মহাজাতি
মাতৃভূমি ভাৰতী
আমাৰ জয় নিচান,
গাওঁ মিলনৰ গান
প্ৰেমৰ ঐক্যতান॥







প্ৰয়াত উমেশ বৈশ্যৰ দ্বাৰা ৰচিত, সুৰাৰোপিত আৰু প্ৰচাৰিত এই গীতটি ‘সুৱাগী’ ১ম বছৰ, ২য় সংখ্যা ১৯৮১ত প্ৰকাশিত। [ ১১৭ ]

চকুৰ পচাৰতে প্ৰয়াত উমেশ বৈশ্যৰ জীৱনটো


 জন্ম ১৯৩৯ চনৰ ৩ অক্টোবৰ। নলবাৰী জিলাৰ বালিলেচা গাঁৱৰ স্বৰ্গীয় বন্তিৰাম বৈশ্য আৰু স্বৰ্গীয়া পৱিত্ৰপ্ৰিয়া বৈশ্যৰ জ্যেষ্ঠ সন্তান। বালিলেছা মজলীয়া স্কুলৰ পৰা বৃত্তিসহ এম.ভি. পাছ (পুৰস্কাৰ হিচাবে ৰূপৰ মুদ্ৰা আৰু নগদ ধন লাভ) কৰি ১৯৫৯ চনত নলবাৰী গৰ্ডন হাইস্কুলৰ পৰা মেট্ৰিক উত্তীৰ্ণ। সপ্তম শ্ৰেণীতেই মাৰ্ঘেৰিটাত সদৌ অসম ভিত্তিত হোৱা ৰচনা প্ৰতিযোগিতাত দ্বিতীয় স্থান লাভ। ১৯৬২ চনত নলবাৰী কলেজৰ পৰা আই.এছ চি উত্তীৰ্ণ হৈ সেই কলেজতে বি.এ. শ্ৰেণীত নামভৰ্তি। ১৯৬৩-৬৪ চনত নলবাৰী মহাবিদ্যালয়ৰ ‘মহাবিদ্যালয় সপ্তাহ’ৰ কবিতা প্ৰতিযোগিতাত প্ৰথম স্থান লাভ। ১৯৬৪ চনত বি.এ. পাছ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ত এম.এ. শ্ৰেণীত নামভৰ্তি আৰু ১৯৬৭ চনত এম. এ. (অসমীয়াত) উত্তীৰ্ণ। ১৯৮৫ চনত বি.টি. উত্তীৰ্ণ। ছাত্ৰাৱস্থাৰ পৰাই বিভিন্ন স্কুল শিক্ষকতা কৰা বৈশ্যই ১৯৬৬ চনত গুৱাহাটীৰ বাণীকান্ত সোঁৱৰণী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত যোগদান কৰে আৰু ১৯৯২ চনত সেই বিদ্যালয়ৰে বিষয় শিক্ষক হিচাপে নিযুক্ত হয়। ১৯৯৩ চনত উপাধ্যক্ষ পদত নিযুক্ত হয় আৰু ১৯৯৫ চনৰ ১ এপ্ৰিলৰ পৰা অধ্যক্ষৰূপে কাৰ্য্যনিৰ্বাহ কৰি থকা অৱস্থাতে ১৯৯৮ চনৰ ১ আগষ্টত মাত্ৰ ৫৯ বছৰ বয়সতে অকাল বিয়োগ ঘটে। উল্লেখযোগ্য যে বিদ্যালয়ত যোগদান কৰাৰ পিছৰে পৰা শিক্ষানুষ্ঠানখনৰ সৰ্বাংগীন উন্নতিৰ বাবে অক্লান্ত সেৱা আগবঢ়োৱা প্ৰয়াত বৈশ্যৰ অৱদানসমূহৰ ভিতৰত অন্যতম হ’ল তেখেতে ৰচনা আৰু সুৰ কৰা বিদ্যালয় সংগীতটো আৰু “বাণীকান্ত সোঁৱৰণী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয় ঃ ইয়াৰ জন্ম আৰু ক্ৰমবিকাশৰ সংঘাটময় ইতিহাস” নামৰ গৱেষণামূলক প্ৰৱন্ধটো (১৪ পৃষ্ঠাজোৰা এই প্ৰৱন্ধটো বিদ্যালয়ৰ আলোচনী 'বাণীদীপ’ত দ্বাদশ সংখ্যা ১৯৯৫ চনত প্ৰকাশ হয়।)

 ১৯৫৮ চনৰ ১৬ আগষ্ট। নলবাৰী দেৱীৰাম পাঠশালা হাইস্কুলৰ এটি কোঠাত গুৰুদেৱ চৈয়দ জমিৰুদ্দিন আহমেদে ‘গীতশ্ৰী সঙ্গীত বিদ্যালয়’ আৰম্ভ কৰে। সেই বছৰতে নৱম শ্ৰেণীৰ বৈশ্যই গীতশ্ৰীত নামভৰ্তি কৰে আৰু শাস্ত্ৰীয় [ ১১৮ ] সঙ্গীত শিক্ষাৰ আৰম্ভ হয়। পৰৱৰ্তী সময়ত গুৱাহাটীৰ ছাত্ৰীবাৰীত থকা সঙ্গীত বিশাৰদ সুধীৰ চন্দ্ৰ চৌধুৰী আৰু অসমৰ অন্যতম শ্ৰেষ্ঠ কণ্ঠশিল্পী বীৰেন্দ্ৰ কুমাৰ ফুকনৰ ওচৰত সংগীত শিক্ষা গ্ৰহণ কৰে। গুৱাহাটীত থকা সময়ছোৱাত আন বহুতো সঙ্গীতজ্ঞৰ সান্নিধ্য লাভ কৰে। সেইসকলৰ ভিতৰত পূজনীয় হীৰেন শৰ্মা, ড° কবীন্দ্ৰ হুজৰী, পণ্ডিত ৰামপ্ৰৱেশ সিং, কেশৱ চাংকাকতী আদিৰ নাম বিশেষভাৱে উল্লেখযোগ্য। শাস্ত্ৰীয় সঙ্গীতৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণৰ বাবে লক্ষ্নৌৰ ভাটখাণ্ডে মহাবিদ্যালয়ৰ পৰা প্ৰথমা, মধ্যমা উত্তীৰ্ণ হৈ বিশাৰদত নামভৰ্তি। পৰৱৰ্তী সময়ত দুখনমান মিউজিক কলেজত শিক্ষা প্ৰদান কৰাৰ উপৰিও নিজ গৃহতে ‘জীৱন জ্যোতি সংগীতাশ্ৰম’ নামেৰে সঙ্গীতৰ স্কুল স্থাপন আৰু মৃত্যু পৰ্যন্ত সঙ্গীত চৰ্চা।

 ১৯৫৪ চনত ষষ্ঠ শ্ৰেণীত পঢ়ি থাকোতেই অতুলচন্দ্ৰ হাজৰিকা সম্পাদিত শিশু আলোচনী ‘দীপক'ত 'ৰাতিপুৱা' নামৰ কবিতা এটি প্ৰথম ছপা হয়। স্কুলীয়া জীৱনত হাত শিক্ষা স্বৰূপে লিখা গল্প-কবিতা ‘আলোক’ বাতৰি কাকতত আৰু ভিন ভিন স্কুলৰ আলোচনীত প্ৰকাশ হোৱাৰ উপৰিও হাতেলিখা ছমহীয়া আলোচনী ‘ফুলকলি’ প্ৰকাশ। স্নাতকোত্তৰ কালছোৱাত অসমৰ কলা-সংস্কৃতিৰ বিষয়ে লিখা কেইবাটাও প্ৰৱন্ধ একেৰাহে নতুন অসমীয়া, দৈনিক অসম, নৱযুগ, ৰূপম আদিত প্ৰকাশ। পৰৱৰ্তী সময়ত ১৯৮১ চনত নিজ গৃহত ‘জনো প্ৰিন্টিং প্ৰেছ’ নামেৰে এটি প্ৰেছ স্থাপন আৰু নিজৰ তত্ত্বাৱধানত দুমহীয়া আলোচনী ‘সুৱাগী’ প্ৰকাশ। সমান্তৰাল ভাৱে বিভিন্ন আগশাৰীৰ বাতৰি কাকত, আলোচনী আদিত কবিতা, গীত, প্ৰৱন্ধ আদি প্ৰকাশৰ উপৰিও কবিতা, গীতৰ পুথি তথা পাঠ্যপুথি প্ৰকাশ। প্ৰকাশিত পুথিৰ ভিতৰত উল্লেখযোগ্য হ’ল মিলন (কাব্য- ১৯৮০), অশান্ত জন্মভূমি (১৯৭৯), তই যুক্তি যুদ্ধ কৰ (১৯৮০), প্ৰগতিৰ গান (২০১০,মৰণোত্তৰভাৱে প্ৰকাশিত), ৰচনা মালিকা (১৯৭৭), বৰ্তমান শিক্ষা পদ্ধতিৰ আমূল পৰিবৰ্তনৰ উপায় (১৯৭৮) আদি।

 পদ্মশ্ৰী অতুলচন্দ্ৰ হাজৰিকা, কথাশিল্পী যোগেশ দাস, প্ৰখ্যাত বুৰঞ্জীবিদ বেণুধৰ শৰ্মা, পণ্ডিত তীৰ্থনাথ শৰ্মা, বীৰেন বৰকটকী, ড° হীৰেন গোহাঁই, ড° মামণি ৰয়ছম গোস্বামী, নলিনীধৰ ভট্টাচাৰ্য্য, ড° ভূপেন হাজৰিকা, ড° অমৰজ্যোতি চৌধুৰী আদি মহান শিল্পী-সাহিত্যিক-শিক্ষাবিদৰ সমালোচনাত উচ্চ স্থানপ্ৰাপ্ত প্ৰয়াত বৈশ্যৰ বহুতো কবিতা, গীত, প্ৰৱন্ধ, পুথি আদি বৰ্তমানেও অপ্ৰকাশিত

হৈ আছে।□ [ ১১৯ ]
 

পৰিশিষ্ট
প্ৰয়াত উমেশ বৈশ্যৰ সৃষ্টি কৰ্মৰ ওপৰত কেইটামান
উল্লেখযোগ্য অভিমত/সমালোচনা

[ ১২০ ] বিশিষ্ট কথাশিল্পী শ্ৰীযুত যোগেশ দাসৰ দুআষাৰ

 শ্ৰীউমেশ বৈশ্যৰ 'মিলন’ কাব্যখনিৰ মূল প্ৰেৰণা প্ৰেম— কিন্তু এই প্ৰেম অলপ পৃথক প্ৰকৃতিৰ, নিতান্ত গতানুগতিক যৌৱন ধৰ্মী প্ৰেম নহয়। অৱশ্যে বৈশ্য কবি ডেকা কবি আৰু ডেকা মানুহ হিচাপে যৌৱন ধৰ্মী প্ৰেমৰ গীত গোৱাও তেওঁৰ পক্ষে তেনেই স্বাভাৱিক। দৰাচলতে কাব্যখনিৰ পাত লুটিয়াই পঢ়ি গ'লে সাধাৰণ প্ৰেমৰ গীত যেনেই লাগেঃ

চঞ্চল তুমি ৰূপহী কিশোৰী
 চঞ্চল তোমাৰ হাঁহি,
হলোঁ চঞ্চল দেখি মনোহৰ
 পদুমী চকুৰ পাহি।
চকুৰে জনাই মনৰ ব্যথা
 ওচৰ চাপিলা আহি,
ঠকে ঠকে কঁপা ওঁঠ দেখি পালোঁ
 নোকোৱা কথাটি বুজি।

 কিবা কাৰণত এই প্ৰেমিকাটি কবিৰ পৰা আঁতৰি গৈছিল। তাৰ পিছত বিৰহৰ অনুভূতি, প্ৰেয়সীৰ অবুজ আচৰণ বুজিবৰ বৃথা চেষ্টা, কবিৰ প্ৰেমময় চিত্তৰ জয়লাভত আস্থা প্ৰকাশ ইত্যাদিৰ দীঘলীয়া পংক্তিবোৰ বিচিত্ৰ ছন্দৰ মাজেদি বিচিত্ৰ ভাবে ব্যক্ত কৰা হৈছে। এইখিনিলৈ কবিতাটোক সাধাৰণ প্ৰেম বিৰহৰ ছন্দময় প্ৰকাশ যেনেই লাগে। কিন্তু অলপ সাৱধানে লক্ষ্য কৰি গলে অনুমান কৰা টান নহয় যে এই সাধাৰণ কথাৰ মাজতো অসাধাৰণ বা বিশেষ কিবা এটা আছে যিটোৱে গোটেই কবিতাটোৰ প্ৰকৃত মূল্য নিৰূপণ কৰিব। হেৰাই যোৱা প্ৰিয়াৰ ছবিটি নৈসৰ্গিক জগতত বিচাৰি হাবাথুৰি খোৱা, প্ৰিয়া সৰগলৈ গুচি যোৱা বুলি অনুভৱ কৰা, দুয়োটি প্ৰাণ একেটি বুলি ভাবিবপৰা ইত্যাদি কথাত ইয়াৰ আভাস আছে। তদুপৰি তলৰ

পংক্তিটোৱে স্পষ্টতৰ ৰূপত ইয়াৰ ইংগিত দিছে ঃ নিজৰ মনক কবিয়ে কৈছে— [ ১২১ ]

ধৈৰ্য্য বিনে আন মই
নেদেখোঁ উপায় আৰু
 আঁকি ল কল্পনাতে
 সখিৰ মূৰতি;
তাকে চাই চাই তই
গুচাব লাগিব তোৰ
 আছে যত ক্ষুধা তৃষ্ণা
 অসীমৰ প্ৰতি।

 এই ‘অসীমৰ প্ৰতি’ কথাষাৰেই বৈশ্য কবিৰ প্ৰেম যে শতদল ফুলা আৰু ভূমণ্ডল ঘূৰা প্ৰেমৰ শাৰীৰ এই কথা আমাক উপলব্ধি কৰোৱায়। প্ৰাচীন ভক্তিমূলক গীতৰ কথা এৰিলেও আধুনিক যুগত ৰবীন্দ্ৰ নাথ ঠাকুৰৰ ভালেমান গীতকে যুগপৎ মানবীয় আৰু আধ্যাত্মিক মিলন-বিৰহৰ অৰ্থত গ্ৰহণ কৰিব পাৰি৷ ‘তুমি’ কাব্যত অম্বিকাগিৰী ৰায়চৌধুৰীয়ে অতি স্পষ্টৰূপত এনে দ্ব্যৰ্থবোধক প্ৰেমাকৰ্ষণৰ দৃষ্টান্ত আমাৰ সাহিত্যত দাঙি ধৰি গৈছে। বিয়েত্ৰিচৰ প্ৰতি ডাণ্টেৰ আকৰ্ষণে গৈ অমৰ লোকত উপনীত হোৱাৰ উদাহৰণটো সৰ্ব্বজন বিদিত দৃষ্টান্ত। উমেশ বৈশ্যৰ বয়সলৈ চালে অৱশ্যে (২৬ বছৰ) এই সকল মহৎ কবিৰ তুলনা অলপ আশ্চৰ্যজনক বোধ হ'ব। তথাপি তেওঁৰ উপলব্ধিটোত সন্দেহ কৰিবলগীয়া একো নাই। কাব্যখনিৰ শেষৰ পিনে তেওঁ এবাৰ আকস্মিক ভাৱে এই উপলব্ধিৰ প্ৰমাণ দিছে। তেওঁ উপলব্ধি কৰিছে গৈ যে “শুদ্ধ মনৰ অধিকাৰী” হব পাৰিলে তেওঁৰ সখিয়ে তেওঁৰ সেই মনত থিত্‌‌‌‌ লব— যেনেকৈ অম্বিকাগিৰীয়ে কামনা-বাসনাৰ সিপাৰত থকা প্ৰেমৰ অধিকাৰী হৈ মনোৰথ পূৰ্ণ কৰিব পাৰিছিল। বৈশ্য কবিয়ে কলুষতা নাশ’ কৰাৰ একমাত্ৰ উপায় স্বৰূপে সুৰৰ’ আশ্ৰয় ললে—ইয়াৰ দ্বাৰা তেওঁ কি বুজাইছে কোৱা টান; সম্ভৱতঃ সংগীত-সৃষ্ট ইন্দ্ৰজাল অপাৰ্থিৱ বস্তু কাৰণে তাৰ মাজত সোমাই পৰি এক অপাৰ্থিৱ জগতক আশ্ৰয় কৰাৰ কথাকে কৈছে। যি হওক, এনে ধৰণৰ কথা সদায়েই ৰহস্যময় হয়। শেষত কবিৰ দুখৰ ৰাতি পুৱাল। কাৰণ সেই সুৰৰ লগতে তেওঁৰ সখিও একাকাৰ হৈ গ'ল আৰু কবি নিজেও সখি বা সুৰ হৈ গ'ল। এয়ে মিলন। এই মিলন সাধাৰণ ডেকা-গাভৰুৰ মিলন নহয়। এক অপাৰ্থিৱ ভাৱ-জগতত দুটি বাস্তৱ প্ৰাণ এক হৈ যোৱাৰ কথা উপলব্ধি কৰাটো সাধাৰণ কথা হৈ থাকিব নোৱাৰে। নহলে বিৰহ-বেদনাত কষ্ট ভুগি থকা কবিয়ে সেই উপলব্ধিৰ অন্তত শান্তি লাভ কৰিব নোৱাৰিলেহেঁতেনঃ

শেষ হ’ল মোৰ বেদনা ভাগৰ
মন সুন্দৰ হ’ল,

[ ১২২ ]

জীৱনৰ যত কলা এন্ধাৰ
নাইকিয়া হৈ গ’ল।
 সসীম মানৱে বিচাৰি বিচাৰি
 অসীমক যে পালোঁ
 পৰাণত জ্বলা বিৰহৰ জুই
 আজিহে নুমুৱালোঁ।

চেনিকুঠী যােগেশ দাস
গুৱাহাটী
১৪ মার্চ, ১৯৭১


পদ্মশ্রী অতুল চন্দ্র হাজৰিকাদেৱৰ এষাৰ

 প্রকৃত মিলনৰ বাটত বাধা-বিঘিনিৰ হেঙাৰ বহুত। কিন্তু পাঠকৰ চকুত শ্রীবৈশ্যৰ এই 'মিলন’ৰ বােৱঁতী সুঁতিত ডকা-চাকনৈয়া নাই। এই ‘মিলন’ সুঁতিৰ তলি গভীৰ হলেও স্বচ্ছ, ওপৰৰ পৰাই মনিব পাৰি, গতি সাৱলীল, বাটে বাটে চমকি থমকি যাবৰ আৱশ্যক নকৰে। মই পুৰণি মানুহ, পুৰণি দৃষ্টিভঙ্গীৰে পঢ়ি চাই ভালেই পাইছোঁ—অৱশ্যে সমালােচনাৰ বিতচকু চকুত আৰি লােৱা নাই। বুজাই কবলগীয়াখিনি অধ্যাপক শ্রীযােগেশ দাসেই ফঁহিয়াই কৈছে। তাৰ ওপৰত মই মাত নেমাতিলেও হব।

তপােবন, আশীৰ্ব্বাদেৰে—
গুৱাহাটী শ্রীঅতুল হাজৰিকা

৩|৬|৭১ [ ১২৩ ]

অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি
বীৰেন বৰকটকীৰ সমালোচনা

 নবীন কবি শ্ৰীবৈশ্যই এই ‘মিলন’ কাব্যখনৰ বিষয়বস্তু লৈছে প্ৰেম। সাধাৰণ প্ৰেমৰ মাজেদি অসীমক সন্ধান কৰা কবিৰ মনৰ ইচ্ছা। সেয়েহে কবিয়ে⸺

চঞ্চল তুমি ৰূপহী কিশোৰী
চঞ্চল তোমাৰ হাঁহি
হলো চঞ্চল দেখি মনোহৰ
পদুমী চকুৰ পাহিত ভোল গৈ

 ‘প্ৰণয় সুৰভি সনা’ গান গাই তেওঁৰ সুৰৰ আকুল বিননি শুনিবলৈ প্ৰেয়সীক আহ্বান জনালেও এদিন তেওঁ উপলব্ধি কৰিলে মহাশূন্যৰ আহ্বানেই প্ৰকৃত আহ্বান। এই আহ্বানৰ অন্তত কবিৰ মন সুন্দৰ হ'ল’ পাৰ্থিৱ বেদনা, ভাগৰ শেষ হ’ল আৰু আত্মতৃপ্তি লাভ কৰিলে—

সসীম মানৱে বিচাৰি বিচাৰি
অসীমক যে পালোঁ
পৰাণত জ্বলা বিৰহৰ জুই।
আজিহে নুমুৱালোঁ।

 প্ৰেমৰ কবিতাত বিৰহ বেদনাৰ ছন্দময় প্ৰকাশ সাধাৰণতে হোৱাৰ দৰে মিলনৰ এই দীঘলীয়া কবিতাটোতো সেয়েই আছে। প্ৰেয়সীক এদিন কবিয়ে ভাল পাইছিল- ‘চকুৱে চকুৱে পৰি চাৰি চকু থৰ হৈ গৈছিল’, ‘ভৈৰৱ সুৰৰ বীণখনি’ কবিৰ বাজিছিল আৰু মনৰ পৰা আন্ধাৰ আঁতৰি গৈছিল। কবিয়ে উপলব্ধি কৰিছিল— কবি আৰু প্ৰিয়াৰ 'একেটি প্ৰাণ একেই হিয়া।'

 পাৰ্থিব জগতত জীৱনৰ গতি সহজ নহয়। প্ৰেমৰ জগতততা মিলনৰ ঠাইত কেতিয়াবা বিষাদ নামেহি। কবিৰ প্ৰেমততা হয়তো সেয়ে হ’ল। যদিও তেওঁৰ প্ৰিয়াই কৈছিল তেওঁ ‘আজীৱন পৰাণৰ চেনেহ লগৰী’ হৈ থাকিব, তথাপি কবিৰ জীৱনলৈ বিচ্ছেদ আহিল (হয়তো প্ৰিয়া সৰগলৈ গুছি গ’ল)। গতিকে প্ৰিয়াৰ অবিহনে কবিয়ে বিৰহ বেদনা লৈ প্ৰিয়াৰ সন্ধানত মন মেলি দিলে অসীমৰ বুকুলৈ— প্ৰকৃতি পাত পাত কৰিলে— বন বিহঙ্গক সুধিলে প্ৰিয়াৰ বাতৰি

কোৱাহে বিহগী সৰগৰ দূত
প্ৰিয়া গ’ল ক’ত উৰি?

 নিজৰাৰ পাৰ, শিলনিৰ বুকু, হাবি-বন-সাগৰ, আকাশ সকলোতে বিৰহ বেদনাত [ ১২৪ ] জৰ্জৰিত কবিয়ে মনৰ আকুল বেদনা লৈ প্ৰিয়াৰ সন্ধান কৰিলে, কিন্তু 'কোনেওতো নকয় বাতৰি'।

 প্ৰিয়া বিৰহৰ বেদনা কবিয়ে উপশম ঘটাবলৈ বিচাৰিছে ধৈৰ্যৰ মাজেদি, জীৱন বীণৰ বিভিন্ন সুৰৰ মাজেদি অসীমৰ পৰশ লগা প্ৰেমৰ মোহনীয় ৰূপ দেখা পালে। কবিয়ে ‘সুৰৰ দুৱাৰ মেলি’ মন পোহৰাই পেলালে—মনৰ কলুষ আন্ধাৰ সকলো আঁতৰি গ'ল। অসীমৰ বুকুত সাতোটি সুৰৰ সঙ্গীতৰ ধ্বনিৰ মাজত কবিৰ সাধনা সিদ্ধি হ’ল- সসীমৰ মাজেদি আৰম্ভ কৰা প্ৰেমৰ পৰিতৃপ্তি ঘটিল অসীমৰ মাজত— পৰাণত জ্বলা বিৰহৰ জুই নুমাল।

 নবীন কবিৰ 'মিলন’ কাব্যখন পঢ়িলে অনুমান হয় যে কবিৰ মনৰ ওপৰত অম্বিকাগিৰি ৰায়চৌধুৰীৰ 'তুমি’ কাব্যৰ প্ৰভাৱ পৰিছে। ভাৰতীয় দৰ্শনত বিশ্বাসী বিভিন্ন প্ৰথিতযশা কবিয়ে প্ৰেমৰ ক্ষেত্ৰত অসীমৰ সম্বাদ যি ধৰণেৰে পোষণ কৰিছে, কবি বৈশ্যই তাকেই পোষণ কৰিবলৈ চেষ্টা কৰিছে। মাজে মাজে খায়ামী সুৰো প্ৰতিধ্বনিত হৈছে। (তুমি আৰু মই বেলেগ নহয়.... মিলনৰ ঠাই প্ৰণয় সাগৰে)।

বীৰেন বৰকটকী

(নাহেন্দ্ৰ পাদুন সম্পাদিত ‘অসম সাহিত্য সভা পত্ৰিকা’ত

প্ৰকাশিত, প্ৰথম সংখ্যা, ১৯৮১ চন।)


অসমীয়া সাহিত্যৰ ওজা সাহিত্যিক বুৰঞ্জীবিদ

শ্ৰীযুত বেণুধৰ শৰ্ম্মাদেৱৰ এষাৰ

 “বঙ্গাল’’ৰ (বিদেশী) ষড়যন্ত্ৰমূলক হেঁচা নিবাৰণৰ অৰ্থে শ্ৰীমান উমেশ বৈশ্য এম্. এ.ৰ প্ৰাণত যি কুৰা জুই জ্বলিছে, তাৰ ৰূৰুৱনিত ভাষা উফৰি গৈছে —সেই বোৰলৈ চকুমুদি শ্ৰীমান বৈশ্যক কৈছে— তেওঁ যিমান পাৰে লিখি যাওঁক; বৰ্ণবিন্যাসলৈ নেচাই এতিয়া লেখি যোৱাৰহে কথা। অশান্ত জন্মভূমি তেতিয়াহে শান্ত হ'ব।

সুৱাগপুৰ  শ্ৰীবেণুধৰ শৰ্মা
গুৱাহাটী-৮

২৩|১১|৭৯ [ ১২৫ ]

তীক্ষ্ণধী পণ্ডিত সাহিত্যিক

শ্ৰীযুত তীৰ্থ নাথ শৰ্মাদেৱৰ এষাৰ

 'তই যুক্তি-যুদ্ধ কৰ’ নামৰ কবিতা-সংগ্ৰহত থকা কবিতা কেইটি বৰ্ত্তমান সমস্যা আৰু হেন্দোলদোপৰ উত্তাপত উথলি উঠা কবি-মনৰ উতল। কবিতাকেইটি লেখত কম হলেও জোখত পাতল নহয়। এটা স্বাভাৱিকতে উগাৰি উঠা প্ৰেৰণা কবিয়ে অনুভৱ কৰিছে, ইয়াত থকা কবিতাকেইটি তাৰেই একোটি ফিৰিঙটি। সাময়িক আন্দোলনৰ উথল-পাথলত গা-উঠি উজান দিয়াৰ কৃত্ৰিমতা ইয়াত নাই। বৰ্তমান সঙ্কটময় জাতীয় যুদ্ধৰ সন্ধিক্ষণত ৰণ-শিঙা বজোৱা এনে কবিতাৰ প্ৰয়োজন হৈছে।

 সমাজৰ সকলো স্তৰৰ লোকেই এনেহেন “এইবাৰ নিবাৰ” যুদ্ধত কেৰ্কেটুৱাৰ বাঁহপাতেই ভেটি স্বৰূপ অৰিহণাৰ যোগান ধৰিব লাগে। তাতে সমাজৰ পৃষ্ঠপোষক কবি, শিল্পী, সাহিত্যৰ পূজাৰীসকলৰ দায়িত্ব ততোধিক। কবি বৈশ্যই এই পুথিত থকা ‘ক্ষুৰতীক্ষ যুক্তি-বুদ্ধিৰ হেং দাং তুলি ধৰ’ নামৰ কবিতাত সেই কথা ক্ষুৰতীক্ষ্ণ ভাষাতে ব্যক্ত কৰিছে, আপুনি আচৰি আনকো প্ৰেৰণা দিছে। কবিৰ অভিযান সফল হওক। ইতি—

ভৰলুমুখ শ্ৰীতীৰ্থ নাথ শৰ্মা
গুৱাহাটী
২৯। ১ | ৮০

বিশিষ্ট পণ্ডিত, সাহিত্যিক, সমালোচক

ড° হীৰেন গোহাঁইৰ একাষাৰ

 শ্ৰীযুত উমেশ বৈশ্যৰ গীতৰ সংকলন “প্ৰগতিৰ গান” পঢ়ি ভাল পালোঁ। সহজ-সৰল আৰু সাৱলীল ভাষা, গীতিময় ছন্দ আৰু জীৱন্ত আবেগৰ আবেদন গীতবোৰৰ বৈশিষ্ট্য। গীতবোৰ শুনাৰ সৌভাগ্য মোৰ হোৱা নাই, কিন্তু মোৰ ধাৰণা গীতবোৰে গীতিকাৰৰ উদ্দেশ্য সফল কৰিব।

 গীতিকাৰৰ উদ্দেশ্য দেশসেৱা। অসমবাসীক হেৰোৱা অতীতৰ গৌৰৱৰ প্ৰতি সজাগ কৰি বৰ্তমানৰ অৱসাদ আৰু এলাহৰ পৰা জাগি উঠিবলৈ আৰু শত্ৰুৰ [ ১২৬ ] আক্ৰমণৰ পৰা দেশৰক্ষা কৰিবলৈ তেখেতে উদাত্ত আহ্বান দিছে। এই শত্ৰু কোন, তাৰ সুস্পষ্ট ব্যাখ্যা নাই। মাজে সময়ে ধাৰণা হয় প্ৰতাৰণাকাৰী দেশনেতা, স্বাৰ্থপৰ বুদ্ধিজীৱী, শোষক আদিয়েই শত্ৰু। মাজে মাজে আকৌ ভাব হয় বহিৰাগতকে শত্ৰু বুলি অভিহিত কৰা হৈছে। অৱশ্যে বুদ্ধ, গান্ধী আদিৰ উল্লেখে প্ৰমাণ কৰে গীতিকাৰ সংকীৰ্ণমনা বিচ্ছিন্নতাবাদী নহয়।

 সি যি কি নহওঁক, গীতিকাৰে যে দেশৰ সৰ্বসাধাৰণ ৰাইজকে দেশ বুলি বুজিছে, সি সন্তোষৰ কথা। দেশৰ মানুহৰ প্ৰগতি অবিহনে দেশৰ প্ৰগতি অসম্ভৱ আৰু সেই দায়িত্ব প্ৰধানকৈ ৰাইজে নিজেই কান্ধ পাতি ল’ব লাগিব। আৰু এক আকৰ্ষণীয় বৈশিষ্ট্য এয়ে যে এই শ্ৰমজীৱী জনতাৰ মাজত অনৈক্য আৰু ভেদাভেদ নিৰ্মূল কৰিবলৈকো গীতিকাৰে সঁকিয়নি দিছে। অৱশ্যে ভেদাভেদৰ কাৰণ সম্পৰ্কে গীতিকাৰ সিমান সচেতন নহয়। জনজাতীয় সকল কেৱল বাহিৰৰ উচটনিতে অ- জনজাতীয়ৰ বিৰুদ্ধে ক্ষুব্ধ হৈছে বুলিলে কথাটো বেছি সৰলীকৰণ কৰা হ’ব।

 কিন্তু সমাজৰ শত্ৰু যে মুখা পিন্ধি থাকে, মানুহে সহজে চিনিব নোৱাৰে, গীতিকাৰৰ সেই সাৱধানবাণী সময়োপযোগী :

অগণি জ্বলাই শান্তিভূমিত
 দূৰণিত সৌৱা কোন?
দহন জাৰণ যন্ত্ৰণা চাই।
 মিচিকি হাঁহিছে চোন।

 তদুপৰি গীতিকাৰৰ মন নিঃসন্দেহে প্ৰগতিবাদী। তেওঁ অতীতৰ মোহত আচ্ছন্ন হৈ থকা নাই?

সাধুকথাৰ ইন্দ্ৰজালত
 প্ৰগতি ৰুদ্ধ হ’ল
ৰুদ্ধ কোঠাৰ অন্ধকাৰত
 বিকাশ বন্ধ হ’ল।

 শ্ৰীযুত বৈশ্যৰ গীতে বিকাশৰ বাট মুকলি কৰাত সহায় কৰক, ইয়াকে কামনা কৰিলোঁ।


গুৱাহাটী বিশ্ববিদ্যালয়
১০।১১।৯০
ড° হীৰেন গোহাঁই
 
[ ১২৭ ]

প্ৰয়াত উমেশ বৈশ্যৰ হস্তাক্ষৰৰ চানেকি

[ ১২৮ ]
[ ১২৯ ]

এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।

ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে এই লিংকত উপলব্ধ।

 

এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।