সৃষ্টি ভাৰতীয় আন ব্যৱসায়ী প্ৰসিদ্ধ কলাকাৰসকলৰ কলা সৃষ্টিৰ তুলনাত অতি দুখীয়া বুলি ক'ব পাৰি। অসমীয়া শিল্পীসকলে অসমীয়া বৈশিষ্ট্য অটুত ৰখাৰ উপৰিও ভাৰতীয় সঙ্গীত কলাক সমাদৰ কৰিবলৈ শিকি ভাৰতৰ আন আন বিখ্যাত শিল্পীসকলৰ দৰে কলা সৃষ্টি কৰিলে অসমীয়া সঙ্গীতৰ মান অলপ বাঢ়িব বুলি আশা কৰিব পাৰি। পূৰ্ব-পশ্চিমৰ বিজাতীয় সংস্কৃতিক বুকুৰ মাজত লৈ বিশ্বপ্ৰেমৰ কৃত্ৰিম অভিনয় কৰি আমাৰ স্বদেশীয় সঙ্গীত কলাক নিশকটীয়া কৰাটো সমীচীন নহয়। ব্যৱসায়ী ভিত্তিত কলা সৃষ্টি কৰাৰ লগে লগে সমাজক সন্তুষ্টি দিয়াৰ উপৰিও জাতীয়তা ৰক্ষাৰ পিনেও লক্ষ্য ৰখাটো শিল্পীসকলৰ নিতান্ত কৰ্তব্য হোৱা উচিত।
অসমীয়া গীত-মাতসমূহত আমাৰ স্বদেশীয় বাদ্যবাজনাবিলাক যেন লাহে লাহে নোহাৱা হৈ যাব ধৰিছে। বাঁহী, চেতাৰ, এসৰাজ, সৰোদ, তবলা, চাহনাই আদিৰ শ্ৰদ্ধাপূৰ্ণ প্ৰচলন বা সমাদৰ অসমত প্ৰায় নাই বুলিবই পাৰি। অসমীয়া গীত-মাত আদিৰ লগত সংগত কৰিবলৈ এই বিলাকৰ প্ৰয়োজন বৰ বিশেষ দৰকাৰী বুলি ভবা যেন দেখা নাযায়। এইবিলাকৰ ঠাইত গীতাৰ, একৰ্দিয়ান, বঙ্গু, মেন্দোলিন আদি বাদ্য-বাজনাই ৰঘুমলা হৈ থিয় দিছে। গীতাৰ, একৰ্দিয়ানক আমি অসন্মান নকৰোঁ; কিন্তু নিজ দেশীয় বাদ্য-বাজনাক আমি ভাল পাওঁ। সচৰাচৰ স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীসকলে ডাঙৰ শিল্পীসকলক অনুকৰণ কৰি মহা আনন্দে বঙ্গু, মেন্দোলিন, গীতাৰ আদিৰে অসমীয়া গীত-মাতত প্ৰাণ আনিবলৈ চেষ্টা কৰা দেখা যায়। পিছে গীতৰ সুৰে আমেজ দিয়া দূৰৰ কথা, বেসুৰা কোলাহলে কাণত যাতনাহে দিয়ে। সাধনাহীন শিল্পীসকলৰ এনেধৰণৰ বিকৃত ৰুচিবোধ পৰিবৰ্তন কৰিবলৈ গুণী শিল্পীসকলে চেষ্টা কৰা উচিত।
অসমত বৈজ্ঞানিক পদ্ধতিত শাস্ত্ৰীয় সংগীত শিক্ষা দিয়াৰ ক্ষেত্ৰতো কিছু খেলিমেলি হোৱা দেখা যায়। সঙ্গীতৰ ডিগ্ৰী লাভৰ আকাংক্ষাই এতিয়ালৈকে গা কৰি উঠিব পৰা নাই যদিও অদূৰ ভৱিষ্যতে ই ব্যাধিৰূপে দেখা দিয়াৰ সম্ভাৱনা আছে। পিছে অকল ডিগ্ৰীয়ে জানো সঙ্গীতজ্ঞ সাজে? উচ্চ ডিগ্ৰীয়ে সঙ্গীতজ্ঞ সাজিব পাৰিলে, বিশ্ববিদ্যালয়ৰ উচ্চ ডিগ্ৰীয়ে সাহিত্যিক সাজিব পাৰিলে, ডিগ্ৰীবিহীন সঙ্গীতজ্ঞ আৰু সাহিত্যিকসকলে বিশ্বত সুনাম অৰ্জন কৰিব নোৱাৰিলেহেঁতেন। বিশ্বৰ মহান কলা শিল্পীসকলৰ অধিক সংখ্যকেই ডিগ্ৰীহীন। ইয়াতেই আমি সঙ্গীত কলাৰ ক্ষেত্ৰত ভাৰতীয় প্ৰসিদ্ধ কলাকাৰ ওস্তাদ আলাউদ্দিন খাঁ, আলি আকবৰ খাঁ, আমিৰ খাঁ, বাৰেগুলাম আলি