পৃষ্ঠা:সুৰ বিচাৰি বাৰ বছৰ.pdf/১০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০১
অসমত সঙ্গীতৰ ৰূপ


 অসমত সঙ্গীতৰ উপযুক্ত শিক্ষাৰ ব্যৱস্থা তেনেই দুৰ্বল। সেই নিমিত্তে আচল শিক্ষা নাপাই আগ্ৰহ থকা বহুতো লোকে কলামোদী মনটোক দমিত কৰিব নোৱাৰি লঘু গীত-মাত আদিৰ মাজতে জীৱনটো উটাই দিয়ে। বৈজ্ঞানিক পদ্ধতিপূৰ্ণ শিক্ষাৰ অভাৱত অসমৰ বহুতো ভৱিষ্যত থকা শিল্পী বিপথগামী হৈছে। সংশয় ছেদ কৰিব পৰা গুৰুৰ অভাৱৰ বাবেই আমাৰ সঙ্গীত কলাৰ শুদ্ধ বিকাশ ঘটা নাই।

 সঙ্গীত কলাই বিকৃত ৰূপ লোৱাৰ অইন এটা কাৰণ হ'ল শিল্পীসকলৰ অন্ধ অনুকৰণ আৰু নিজকে তুচ্ছ বুলি জ্ঞান কৰা স্বভাৱ। ব্ৰিটিছসকল অহাৰে পৰা তেওঁলোকক আমি অজ্ঞাতে ওখ আসন দিবলৈ আৰম্ভ কৰিলো। ভাষা-সংস্কৃতি আদি অজানিতে আঁকোৱালি ল'লো। সঙ্গীতৰ ক্ষেত্ৰতো নিজক বাদ দি বিজাতীয় সুৰ, বাদ্য, বাজনা আদিক আদৰি লৈ অসমীয়া কলাক কুন্ধচ কৰিলো। পশ্চিমীয়া সঙ্গীতৰ প্ৰতি উচ্চ মনোভাৱ আৰু নিজৰ সঙ্গীতৰ প্ৰতি নিকৃষ্ট মনোভাৱে আমাৰ সঙ্গীতক মাৰ সোধালে।

 চিনেমা শিল্পই পশ্চিমীয়া গীত-মাতৰ প্ৰচলনত সক্ৰিয় অংশগ্ৰহণ কৰিছে। প্ৰায় চৈধ্য বছৰ আগত চিনেমা সঙ্গীতে অসমত বিশেষ প্ৰভাৱ পেলাব পৰা নাছিল। গতিকে যিসকল সঙ্গীতমোদী আছিল, সেইসকলে স্বদেশীয় সঙ্গীতৰ চৰ্চাত মন দিব পাৰিছিল। কিন্তু যেতিয়া চিনেমাৰ জয়ডংকা বাজি উঠিল, অসমতো তাৰ বতাহ লাগিল। সেই বতাহত আমাৰ গীত-মাতৰো খুটি লৰিল।

 অসম চৰকাৰৰ অমনযোগ সঙ্গীত কলাৰ অৱনতিৰ আন এটা ঘাই কাৰণ। চৰকাৰে গুৱাহাটী ৰেডিঅ’ কেন্দ্ৰ খোলাৰ আগতে যিখিনি মনোযোগ দিছিল, তাৰ তুলনাত বৰ্তমানত একেবাৰে নাই বুলিবই পাৰি। ৰেডিঅ’ কেন্দ্ৰ খোলাৰ আৰম্ভণিতে প্ৰথম উদ্যমত কেইবাজনো অসমীয়া শিল্পীয়ে লক্ষ্নৌৰ ভাটখাণ্ডে সঙ্গীত বিদ্যালয় আদিলৈ গৈ শাস্ত্ৰীয় সঙ্গীতৰ সম্যক জ্ঞান আহৰণ কৰে। তাৰ পিছত এই প্ৰচেষ্টা ক্ৰমে কমি অহা দেখা গৈছে।

 সঙ্গীত বিশাৰদ ডিগ্ৰীটো লৈ আহিলেই যে সঙ্গীতজ্ঞ হ’ব, এনে নহয়। সঙ্গীতৰ ব্যৱহাৰিক জ্ঞান প্ৰদৰ্শন কৰিব জনাৰ ওপৰতহে সঙ্গীতৰ ডিগ্ৰীৰ কৃতিত্ব নিৰ্ভৰ কৰে। অসমত মুষ্টিমেয় যি কেইজন শাস্ত্ৰীয় সঙ্গীত শিল্পী আছে, তেওঁলোকৰো বিশেষ পাৰদৰ্শিতাৰ পৰিচয় অসমীয়া ৰাইজে দেখা নাই। অকল মৌনভাৱে ঘৰত বহি সঙ্গীতৰ চিন্তা কৰিলেই অসমীয়া সঙ্গীত জগত উন্নত হ'ব নোৱাৰে। আমাৰ অনুন্নত সঙ্গীত কলাক সৰ্বভাৰতীয় সঙ্গীতৰ পৰ্যায়লৈ নিয়াৰ

বাবে চেষ্টা কৰাটো আমাৰ একান্ত কৰ্তব্য হোৱা উচিত।