পৃষ্ঠা:সুৰ বিচাৰি বাৰ বছৰ.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

প্ৰবন্ধৰ সৈতে একধৰ্মী হলেও সংকটময় অৱস্থাৰপৰা উঠি অহা অসমীয়া ভাষা- সংস্কৃতিৰ পুনৰুদ্ধাৰৰ বাবে লেখকৰ মনত সৃষ্টি হোৱা সংকল্পবোধ তাৎপৰ্যপূৰ্ণ।
 সাম্প্ৰতিক সময়ত ভাৰতীয় শিক্ষা ব্যৱস্থাৰ বিসংগতিয়ে প্ৰকৃত মানৱ সম্পদ গঢ়াত হেঙাৰৰ সৃষ্টি কৰিছে, এই কথা প্ৰয়াত বৈশ্যই উপলব্ধি কৰিছিল ১৯৭৩ চনতে। শিক্ষা ব্যৱস্থাই তেখেতৰ অন্তৰত সৃষ্টি কৰা সংশয় ’বৰ্তমান শিক্ষা জগত’ শীৰ্ষক প্ৰবন্ধত বিশ্লেষণাত্মক দৃষ্টিকোণেৰে উত্থাপিত হৈছে।

 ’অসমত সাহিত্য চৰ্চাৰ সমস্যা’ শীৰ্ষক প্ৰবন্ধটিয়ে বাণিজ্যিক দৃষ্টিভংগীৰ পৃষ্ঠপোষকতাত গঢ়ি উঠা প্ৰকাশন গোষ্ঠীসমূহৰ স্বাৰ্থন্বেষী মনোভাব প্ৰকট কৰাৰ লগতে লেখকৰ ব্যক্তিগত কিছু অভিজ্ঞতাৰ অভিজ্ঞান উন্মুক্ত কৰিছে। অসমীয়া আলোচনীসমূহৰ নেতিবাচক কিছু কথা প্ৰবন্ধটিত উদ্ভাসিত হোৱাৰ লগতে সাহিত্যৰ ক্ষেত্ৰত এনে অৰাজকতাই যেন নবীন লেখকসকলৰ উৎকৰ্ষ সাধন পথৰ অন্তৰায় সেই বাৰ্তাও উজলি উঠিছে।

 ’অন্তঃসাৰ শূন্য : বৰ্তমান শিক্ষা জগত' শীৰ্ষক প্ৰবন্ধটিত শিক্ষা সম্পৰ্কীয় পূৰ্বৰ দুটি প্ৰবন্ধৰ দৰে শিক্ষানীতিৰ মেৰপাকত বিধ্বস্ত ছাত্ৰ-ছাত্ৰীৰ মানসিকতাৰ বিপৰ্যয় আৰু তাৰ অনুষংগৰূপে সমাজ জীৱনলৈ নামি অহা নৈৰাজ্যৰ আলোকপাত কৰা হৈছে। শিক্ষাখণ্ডৰ সংস্কাৰ কামনা কৰা লেখকৰ সচেতন মনৰ দৃঢ়তা তাৎপৰ্যপূৰ্ণ।

 অসমীয়া সাহিত্য ক্ষেত্ৰৰ প্ৰসিদ্ধ পুৰুষ অতুল চন্দ্ৰ হাজৰিকাৰ জীৱনৰ সংক্ষিপ্ত আভাস আৰু তেখেতৰ সাহিত্যকৃতিৰ পৰিচয়মূলক বিবৃতিৰে পুষ্ট ’চমুকৈ অতুল চন্দ্ৰ হাজৰিকা’ শীৰ্ষক প্ৰবন্ধটিত লেখকৰ বিশ্লেষণাত্মক দৃষ্টিভংগীৰ পৰিৱৰ্তে সাহিত্যিকজনাক জনমানসত প্ৰতিষ্ঠা কৰাৰ দুৰ্বাৰ হেঁপাহ মূৰ্ত হৈছে।

 ‘বেজবৰুৱাৰ হাস্যৰস’ শীৰ্ষক প্ৰবন্ধটিত কৃপাবৰী চৰিত্ৰৰ সৈতে লেখকৰ একাত্মতা ব্যঞ্জিত হৈছে। সমাজ বাস্তৱতাক ব্যংগ কৰিবলৈ বেজবৰুৱাই আশ্ৰয় লোৱা পন্থাৰ সৈতে লেখক প্ৰয়াত বৈশ্যৰ আন্তৰিক অভিব্যক্তিৰ যি আশ্চৰ্যজনক সংযোগ সেয়া তাৎপৰ্যপূৰ্ণ। অৱশ্যে বেজবৰুৱাৰ হাস্যৰসধৰ্মী ৰচনাৰ কিছুমান সূক্ষ্ম দোষ বৈশ্যৰ দৃষ্টিৰ পৰা সাৰি যাব পৰা নাই, ইয়ে তেখেতৰ সমালোচনাৰ নিৰপেক্ষতাৰ আভাস দাঙি ধৰে।

 ’বৰ্তমান সমাজ সংস্কাৰৰ উপায়’ শীৰ্ষক প্ৰবন্ধটিৰ জৰিয়তে সমাজ সচেতন লেখক ৰূপে নিজকে প্ৰতিষ্ঠা কৰাত প্ৰয়াত বৈশ্যই উজুটি খোৱা নাই। ৰাজনৈতিক সচেতনতাৰ অধিকাৰী বৈশ্যৰ মনৰ বিকাৰৰ কাৰণ স্বৰূপে সামাজিক দুৰ্নীতিয়ে সৃষ্টি কৰা পাৰিপাৰ্শ্বিকতা প্ৰবন্ধটিৰ পটভূমিত দৃষ্টিগোচৰ হয়। শিক্ষা আৰু জ্ঞানৰ সমাযোজনে এখন দেশক, এটা জাতিক সভ্যতাৰ শীৰ্ষবিন্দুত উপনীত কৰাব পাৰে— প্ৰবন্ধটিৰ মূল বক্তব্য বিষয় এইটোৱেই।