পৃষ্ঠা:সুৰ বিচাৰি বাৰ বছৰ.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২
সুৰ বিচাৰি বাৰ বছৰ

আছে। জ্যোতিৰ এই মৌলিক সৃষ্টি অসমীয়া সংস্কৃতিৰ আপুৰুগীয়া সম্পদ হৈ চিৰকাল ৰৈ থাকিব।

 মন কৰিবলগীয়া কথা যে জ্যোতিপ্ৰসাদৰৰ মূল লক্ষ্য সংস্কৃতি নিৰ্মাণহে আছিল। অৰ্থ উপাৰ্জন নাছিল। তেওঁ ধনীৰ সন্তান আছিল; কিন্তু ধনমোহ নাছিল। নিজকে শ্ৰেষ্ঠ শিল্পীৰূপে প্ৰতিষ্ঠা কৰাৰ ভাবমূৰ্ত্তিও বোধহয় তেওঁৰ নাছিল। সুন্দৰ সংস্কৃতিৰে দেশ পোহৰাবলৈ উদাৰতা আৰু ত্যাগৰ আদৰ্শেৰে তেওঁ ধুমুহাৰ দৰে কাম কৰি গৈছিল।

 জ্যোতি প্ৰসাদৰ সহযোগী আছিল বিষ্ণুৰাভা। বিষ্ণুৰাভাৰ সাংস্কৃতিক জীৱনৰ বাণী জ্যোতি প্ৰসাদতকৈ ভিন্নসুৰী আছিল৷ তেওঁ শঙ্কৰ-মাধৱৰ আদৰ্শৰ অনুগামী হৈ মাৰ্ক্স আৰু লেনিনৰ আদৰ্শত অৱগাহন কৰিছিল আৰু তেওঁলোকৰ আদৰ্শেৰে জ্যোতিস্মান হৈ কৰ্মপথ ৰচনা কৰিছিল। অসমীয়া জাতিৰ ঐক্য সংহতিৰ অৰ্থে পাহাৰ ভৈয়ামৰ জাতি-উপজাতিৰ সাংস্কৃতিক মিলন ঘটাবলৈ নৃত্য-গীত, চিত্ৰনাট আদিত আত্মনিয়োগ কৰিছিল। অসমীয়া জাতিক পুঁজিবাদী শোষণমুক্ত কৰিবলৈ পৰ্বতে কন্দৰে গাঁৱে-ভূঞে ঘূৰি ফুৰি সভা-সমিতি পাতি হোজা ৰাইজক সমাজবাদৰ কথা কৈ ফুৰিছিল। বিশাল সমাজবাদী অসমীয়া জাতি গঠনাৰ্থে তেওঁ দুৰ্বিসহ জীৱন যাপন কৰিছিল। কথা আৰু কামৰ মিলন ঘটাবলৈ তেওঁ ধনীৰ সন্তান হৈয়ো ধনমোহ ত্যাগ কৰি জনগণৰ সমভাগী হৈ জুপুৰীৰ আশ্ৰয় লৈছিল। তেওঁৰ জীৱন আছিল ত্যাগৰ। আশুতোষ মন আছিল আকাশৰ দৰে উদাৰ। সেয়েহে তেওঁ জুপুৰীত থাকিও হাঁহি হাঁহি বিশ্বৰ ছন্দে ছন্দে মহানন্দে নাচিব পাৰিছিল। তেওঁ কলাগুৰু আছিল; কিন্তু কলাগুৰুৰ ভাবমূৰ্তি লৈ ফুৰা শিল্পী তেওঁ নাছিল। অৰ্থৰ বাবে কলাসৃষ্টি কৰাটো তেওঁ কল্পনাই কৰা নাছিল।

 জ্যোতি বিষ্ণুৰ পিছতে এইক্ষেত্ৰত নাম লব লাগিব ভুপেন হাজৰিকাৰ৷ জ্যোতিপ্ৰসাদ আৰু বিষ্ণুৰাভাৰ সান্নিধ্য লাভৰ সৌভাগ্য ভূপেন হাজৰিকাৰ হৈছিল। কিন্তু এই মহান শিল্পীদ্বয়ৰ ত্যাগ আৰু উদাৰতাময় আদৰ্শৰ প্ৰভাৱ হাজৰিকাৰ জীৱনত সিমান নপৰিল। আৰম্ভণিৰ কালছোলাত ভূপেন হাজৰিকাই সমাজবাদী আদৰ্শৰ গীত গাইছিল। “একাবেকা বাটেৰে কঢ়িয়াওঁ কঢ়িয়াওঁ বৰ বৰ মানুহৰ দোলা”, “অগ্নি যুগৰ ফিৰিঙটি মই”আদি গীতত ইয়াৰ আভাস আছে। কিন্তু পিছৰ ফালে হাজৰিকাৰ আদৰ্শ বিভ্ৰাট ঘটা যেন হ'ল। অসমত ভাৰতীয় গণনাট্য সঙঘৰ দীপ্তিমান কালছোৱাত হাজৰিকাই যি আদৰ্শৰ গীত গাইছিল সেই আদৰ্শ প্ৰতিধ্বনি পিছৰ কালৰ গীতবোৰত নাই যেন লাগে। পিছৰ ফালে হাজৰিকাই স্থান-কাল, সুযোগ-সুবিধা বুজি প্ৰত্যুৎপন্নমতিতাৰে সকলো