আছে। পৰিষ্কাৰ বস্তুৰেহে মলি গুচাব পৰাৰ দৰে বেয়া কলা-সংস্কৃতিক
আঁতৰাবলৈকেও পৱিত্ৰ প্ৰতিভাসম্পন্ন শিল্পকৃতিৰ দৰকাৰ। পৱিত্ৰ কলা-কৃষ্টি আমাৰ
হাততে আছে। পৃথিৱীৰ ভিতৰতেই আমাৰ ভাৰতীয় সঙ্গীত কলা ধনী। কিন্তু দুখৰ
বিষয় এই যে, এডিঙি পানীত নামি থাকিও আমি পানীৰ পিয়াহত মৰিছো। ভাৰতীয়
কলা-সংস্কৃতিৰ নানা আপুৰুগীয়া সম্পদৰ মাজত থাকিও আমি আমাৰ পেলনীয়া
বস্তুলৈ তৃষ্ণাতুৰ দৃষ্টিৰে চাই আছে। এই দৃষ্টি ঘৃণনীয়। ভাৰতীয় সঙ্গীতৰ বুৎপত্তি
অৰ্জন কৰি দেশৰ পৰা বিদেশী বেয়াবোৰ সাৰি-পুছি উলিয়াই দি সু-পৰিকল্পিত
এখন সাংস্কৃতিক সমাজ আমি সৃষ্টি কৰা উচিত। সমাজৰ পৃষ্ঠপোষক ৰূপে থকা
শিল্পীসকলে বুজা উচিত যে সমাজ সংগঠনত তেওঁলোকে দিয়া নিৰ্দেশৰ এক
সুকীয়া মূল্য আছে। তেওঁলোকে নিজা চিন্তাধাৰাক সুপথে চালিত কৰিলেহে
সমাজ সুপথে যাব, কলা-সংস্কৃতি, দেশ পোহৰ আৰু মধুৰ হৈ উঠিব। চাক্ষুষ
দৃষ্টিত দেখা পোৱা শিল্পীসমূহত বাহিৰে যে বিশেষ প্ৰতিভাসম্ভুত শিল্পী আমাৰ
মাজত নাই, এনে নহয়। পুখুৰীত থকা ঘাটক চেলেকনী মাছৰ বাহিৰেও গভীৰ
পানীত ডাঙৰ ডাঙৰ মাছ নীৰৱে থাকে। সচৰাচৰ প্ৰভাৱ বিস্তাৰ কৰা শিল্পীসমূহৰ
বাহিৰেও সমাজৰ গভীৰত নীৰৱ কৃতি শিল্পী বহুত আছে। এই সকলোবোৰে
এক গোট হৈ সৰ্বভাৰতীয় দৃষ্টিভঙ্গীৰে অসমীয়া গীত-মাতৰ জগতখনৰ উন্নতি
কল্পে আগবাঢ়ি অহা উচিত। নহ'লে নিজ অস্তিত্বৰ কথা পাহৰি মূল্যহীন গতিৰে
আগবঢ়া আমাৰ সঙ্গীত জগতখনৰ ধ্বংস বিনে কোনো গত্যন্তৰ নহ’ব।
^ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য সম্পাদিত 'নৱযুগ’ত প্ৰকাশিত, ২০ এপ্ৰিল ১৯৬৬ চন, বুধবাৰ।