১। বৰ্তমানৰ শিক্ষা ব্যৱস্থাত স্কুল-কলেজৰ শ্ৰেণীসমূহত চলি থকাৰ দৰে অধম, মধ্যম আৰু উত্তম মেধাৰ ছাত্ৰ-ছাত্ৰীৰ ভিৰ এই পদ্ধতিৰে গঢ়ি তোলা শ্ৰেণীসমূহত একেবাৰে নাথাকিব।
২। এই ভিৰ নথকাৰ ফলত মেধাৱী ছাত্ৰ-ছাত্ৰীসকলে যথোপযুক্ত শিক্ষা লাভৰ শান্তিপূৰ্ণ সুযোগ গ্ৰহণ কৰিব পাৰিব।
৩। মেধাৰ পূৰ্ণ বিকাশ ঘটাৰ ফলত দেশত প্ৰকৃত মেধা নিৰ্বাচিত হ’ব।
৪। এই মেধাৱীসকলৰ কোনো চাকৰি সমস্যা নাথাকিব; কিয়নো অষ্টম শ্ৰেণীত নিম্ন মেধাৰ ছাত্ৰ-ছাত্ৰীয়ে নাইবা কোনো ইচ্ছুক মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে সাধাৰণ শিক্ষাৰ দিশ ত্যাগ কৰাৰ পিছত সেইসকলে চাকৰি ক্ষেত্ৰত সাধাৰণ শিক্ষাৰে শিক্ষিত লোকৰ মাজত প্ৰতিদ্বন্দ্বী হৈ থিয় দিয়াৰ কোনো বাট নাথাকিব।
৫। বৃত্তিমুখী শিক্ষাৰে শিক্ষিতসকলে যিহেতু সেই দিশতো সাধাৰণ শিক্ষাৰে শিক্ষিতসকলৰ দৰে সমমানৰ চাৰ্টিফিকেট পাব, তেওঁলোকৰ মাজত কোনো সামাজিক নীচাত্মিকাবোধে ঠাই নাপাব। ফলত প্ৰতিজন ছাত্ৰ-ছাত্ৰীয়ে আত্মনিৰ্ভৰশীল বৃত্তিসমূহত উৎফুল্ল মনেৰে আত্মনিয়োগ কৰিব। নিবনুৱা সমস্যা সুন্দৰৰূপে সমাধান হ’ব।
৬। বৃত্তিমুখী শিক্ষাৰে শিক্ষিতসকলে মনৰ ৰুচি অনুসৰি আত্মনিৰ্ভৰশীল হোৱাৰ লগে লগে শিক্ষা কালৰ ভিতৰতো প্ৰয়োজন বোধ কৰিলে সাংসাৰিক জীৱন যাপন কৰিব পাৰিব। ইয়াৰ ফলত ছাত্ৰ-ছাত্ৰীৰ জৈৱিক শক্তিৰ অপচয় কমিব আৰু দেশে সবল-সুস্থ নাগৰিক পোৱাৰ বাট মুকলি হ'ব।
৭। সাধাৰণ শিক্ষাৰ দিশৰ ছাত্ৰ-ছাত্ৰীসকলেও উপযুক্ত বয়সত চাকৰি জীৱন আৰম্ভ কৰাৰ লগে লগে প্ৰয়োজনবোধ কৰিলে সাংসাৰিক জীৱনো যাপন কৰিব পাৰিব।
৮। কৰ্মৰ বিভাজনত আজিৰ সমাজত উচ্চ-নীচৰ যি অমানুষিক মূল্যবোধ চলি আছে সি আঁতৰি যাব। সমাজৰ প্ৰতিজনে এনে ফলপ্ৰদ শিক্ষা ল’বলৈ আগবাঢ়ি যোৱাৰ লগে লগে সমাজৰ কোনেও কাকো তুচ্ছ-তাচ্ছিল্য জ্ঞান কৰাৰ পথ নাথাকিব।
এই পদ্ধতি প্ৰয়োগ প্ৰথমতে হ’ব পৰা অসুবিধা—
১। সাধাৰণ শিক্ষানুষ্ঠানৰ সমান্তৰাল গতিত দেশত বৃত্তিমূলক শিক্ষানুষ্ঠান গঢ়ি তুলিবলৈ হ'লে যথেষ্ট পৰিমাণৰ অৰ্থৰ প্ৰয়োজন হ’ব। বৰ্তমান চৰকাৰে হয়তো এই অৰ্থ ব্যয় কৰিব নোৱাৰিব পাৰে।
২। বৃত্তিমূলক শিক্ষানুষ্ঠানত শিক্ষাদানৰ নিমিত্তে প্ৰথমতে উপযুক্ত শিক্ষক প্ৰয়োজন অনুসৰি নহ’ব পাৰে।