পৃষ্ঠা:সুৰ বিচাৰি বাৰ বছৰ.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১
সুৰ বিচাৰি বাৰ বছৰ


বি.এ. শ্ৰেণীত নাম ভৰ্তি কৰিলোঁ। ঘৰুৱা প্ৰতিকূল পৰিবেশে মোক সকলো ফালৰ পৰা যেন সংযত কৰিলে। সঙ্গীত চৰ্চাৰ বাধাহীন গতি সেই সময়ছোৱাত মই অতি কষ্টেৰেহে অটুট ৰাখিবলৈ সক্ষম হৈছিলোঁ। সেই বছৰতে নলবাৰী কলেজৰ পৰা পি.ইউ. পাছ কৰি প্ৰফুল্ল কলিতা আৰু হৰেন দত্ত কটন কলেজত বি.এছ.চি. পঢ়িবলৈ যায়। কৰ্তব্যৰ আহ্বানত আমি সকলোৱে সাময়িক ভাৱে আঁতৰা আঁতৰি হ'লোঁ; কিন্তু আমাৰ যোগসূত্ৰ নিছিগিল। গুৰুদেৱে প্ৰফুল্ল হৰেনক গুৱাহাটীতে সঙ্গীত শিক্ষাৰ বাবে উপদেশ আগবঢ়ালে। সেই উপদেশ মতে তেওঁলোকে গুৱাহাটীত সঙ্গীত চৰ্চা আৰম্ভ কৰিলে। নানা বিপৰ্যয়ৰ মাজত হলেও ময়ো গুৱাহাটীলৈ গৈ গুণী গুৰুৰ ওচৰত সঙ্গীতৰ শিক্ষা পোৱাটো তেখেতে বিবেচনা কৰিলে; সেই মৰ্মে এদিন ময়ো গুৰুৰ পৰামৰ্শ অনুসৰি গুৱাহাটীৰ ছাত্ৰীবাৰীত থকা সঙ্গীত বিশাৰদ সুধীৰ চন্দ্ৰ চৌধুৰীৰ ওচৰত সঙ্গীত শিক্ষা গ্ৰহণ কৰিলোঁ। মই নলবাৰীৰ পৰা মাহত দুবাৰকৈ গুৱাহাটীলৈ যোৱা আৰম্ভ কৰিলোঁ। কিন্তু কেইমাহমান যোৱাৰ পিছত অনিবাৰ্য কাৰণবশতঃ গুৰুদেৱ সুধীৰ চন্দ্ৰ চৌধুৰীৰ ওচৰত মোৰ সঙ্গীত শিক্ষা গ্ৰহণ বন্ধ কৰিবলগীয়া হ'ল।

 ১৯৬৪ চন। মই বি.এ. পাছ কৰিলোঁ। এম.এ. পঢ়াৰ আকাংক্ষা জাগি উঠিল। একমাত্ৰ মনোবলক সাৰথি কৰি মা-দেউতাক কোনোমতে এবছৰ কষ্টেৰে হলেও চলিবলৈ দি ভাগ্য নিৰ্ণয়ৰ বাবে গুৱাহাটীলৈ গ'লো৷ তাত গৈ প্ৰফুল্ল, হৰেনৰ লগত ছাত্ৰীবাৰীৰ কটনিয়ান হোষ্টেলত আকৌ লগ লাগিলো। ছাত্ৰীবাৰীৰ কটনিয়ান হোষ্টেলত আকৌ পূৰ্ণোদ্যমে পুৱা-গধুলি সঙ্গীত ধ্বনি বাজিবলৈ ধৰিলে। আমি তিনিওজন গুৱাহাটীত থাকিলো সঁচা কিন্তু গীতশ্ৰীৰ জৰিয়তে অনুষ্ঠিত হোৱা সকলোবোৰ অনুষ্ঠানতে আমি জৰিত হৈ থাকিলোঁ।

 সঙ্গীত চৰ্চাৰ দৰে সাহিত্য চৰ্চাৰ দিশতো গীতশ্ৰীয়ে মোক যথেষ্ট ইন্ধন যোগাইছে। গুৰুদেৱৰ উৎসাহ উদ্দীপনাতে মই গীত কিছুমান লিখাৰ প্ৰেৰণা পাওঁ। মোৰ “শুভ্ৰ তুষাৰ ৰঙালী কৰি শোণিতৰ নামিল ঢল” এই শাৰীৰে আৰম্ভ কৰা, আৰু “তিমিৰ বিহীন উদয় আকাশৰ ধুৱলী বৰণ কপালত, কোন শিল্পীৰ তুলিকাই আঁকিলে তেজীৰঙা ফোট” এই শাৰীৰে আৰম্ভ কৰা গীত দুটিত সুৰাৰোপ কৰি তেখেতে মোক অসীম সাহস দিছে।

 গুৱাহাটীত থকা সময়ছোৱাত বহুতো সঙ্গীতজ্ঞৰ মই সান্নিধ্য পাইছোঁ। সেই সকলৰ ভিতৰত পূজনীয় হীৰেন শৰ্মা, ড° কবীন্দ্ৰ হুজৰী, পণ্ডিত ৰামপ্ৰৱেশ সিং, কেশৱ চাংকাকতী আদিৰ নাম বিশেষ ভাবে উল্লেখযোগ্য। তেখেতসকলৰ প্ৰেৰণাত