পৃষ্ঠা:সুৰ বিচাৰি বাৰ বছৰ.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১
ভূপেন হাজৰিকাৰ সাংস্কৃতিক জীৱনঃ এটি পৰ্য্যালােচনা

নক্ষত্ৰ। অসমীয়া সংস্কৃতি জগতত তেওঁ কি দৃষ্টিভঙ্গীৰে কাম কৰিলে আৰু বৰ্তমান নতুন পুৰুষে সম্মুখীন হোৱা সাংস্কৃতিক সঙ্কটৰ পৰা শুদ্ধ পথে ৰূপান্তৰ হোৱাৰ বাবে তেওঁ নতুন পুৰুষক কি সুপৰামৰ্শ তথা আদৰ্শ প্ৰদান কৰিলে অসমীয়া কলা সংস্কৃতিৰ উত্তৰোত্তৰ কল্যাণৰ অৰ্থেই তাৰ এটা আলোচনা হোৱাটো উচিত।

 অসমীয়া জাতিৰ জাতীয়ত্ব শেষ হওঁ হওঁ অৱস্থাত শঙ্কৰদেৱৰ আৱিৰ্ভাৱ হয়। তেওঁ ভাষা-সাহিত্য, সঙ্গীত, চিত্ৰনাট্য আদি দান দি অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠা কৰি গ'ল। জনগণৰ নিৰুদ্ধ চৈতন্য সহজে জাগ্ৰত কৰাৰ একমাত্ৰ উপায় যে সঙ্গীত কলা-মহাপুৰুষে ইয়াক উপলব্ধি কৰিছিল। এই উপলব্ধিৰে তেওঁ সমাজ নিৰ্মাণকাৰী বাণী সমৃদ্ধ গীত-মাত, নাট-ভাওনা আদি সৃষ্টি কৰিছিল আৰু সত্ৰ, নামঘৰৰ মজিয়াত সমগ্ৰ অসমীয়াক একত্ৰিত কৰি বৰগীত, অঙ্কীয়া নাট, সত্ৰীয়া নৃত্য আদিৰ জৰিয়তে জনচিত্ত আকৰ্ষণ কৰি সমাজ সংস্কাৰৰ বিশুদ্ধ বাণী প্ৰচাৰ কৰিছিল। এইদৰেই শঙ্কৰদেৱে বিশাল অসমীয়া জাতি গঢ়ি থৈ গ'ল।

 এইক্ষেত্ৰত শঙ্কৰদেৱৰ বিশেষত্ব মন কৰিবলগীয়া। অলপ গমি চালে বুজা যায় যে শঙ্কৰদেৱে নিজকে শিল্পীৰূপে প্ৰতিষ্ঠা কৰিবলৈ সাধনা কৰি এই কলাবোৰ সৃষ্টি কৰা নাছিল। মৃতপ্ৰায় জাতি এটা পুনৰ নিৰ্মাণৰ অৰ্থে প্ৰয়োজনীয় জ্ঞান বিতৰণৰ উজু মাধ্যমৰূপেহে তেওঁ এই কলাবোৰৰ সৃষ্টি কৰিছিল। মাধৱদেৱকো সেই একেই আদৰ্শেৰে এইবোৰ সৃষ্টি কৰিবলৈ তেওঁ নিৰ্দেশ দিছিল।

 শঙ্কৰদেৱেৰ জন্মৰ ৫০০ বছৰ পিছত অসমীয়া সংস্কৃতি জগতত নতুন জোৱাৰ আনে জ্যোতিপ্ৰসাদে। সমগ্ৰ ভাৰততে তেতিয়া পাশ্চাত্যায়নৰ বতাহ বলিছে। এই বতাহে অসমকো চুইছে। দেশীয় সংস্কৃতি তেতিয়া স্বকীয়তা ৰক্ষাৰ সমস্যাত জৰ্জৰিত। এনে সময়তে জ্যোতিপ্ৰসাদে অসমীয়া জাতীয় সংস্কৃতি ৰক্ষাৰ চিন্তাত উদ্বিগ্ন হৈ উঠে। এনে চিন্তা এটি মনত লৈ কথাছবি শিল্পৰ বিভিন্ন শিক্ষা লাভৰ উদ্দেশ্যে তেওঁ পাশ্চাত্য জগতত প্ৰবেশ কৰে আৰু দেশ বিদেশ ঘূৰি জ্যোতিপ্ৰসাদে অসমীয়া কথাছবি, গীত-মাত, সাহিত্য-সংস্কৃতি জগতলৈ নতুন বাণী কঢ়িয়াই আনে। তেওঁ নিজেই ষ্টুডিঅ’ নিৰ্মাণ কৰি অসমীয়া সংস্কৃতিৰ কালিকাৰে “জয়মতী” উলিয়াই অসমীয়া ছবিশিল্পৰ দুৰ্গম বাট মুকলি কৰে। থলুৱা গীত-মাত, হিন্দুস্থানী সঙ্গীত আৰু পাশ্চাত্য সঙ্গীতৰ সমন্বয়েৰে জ্যোতিপ্ৰসাদে নতুন ৰূপৰ গীত সৃষ্টি কৰে। গীতবোৰৰ কিছুমানত হিন্দুস্থানী আৰু পাশ্চাত্য সুৰৰ অনুৰণন থাকিলেও ই ফলগুৰ দৰেহে থাকিল। সকলোবোৰ গীতৰেই উপৰি প্ৰবাহ কিন্তু অসমীয়া লোক সঙ্গীতৰ স্বকীয় ৰঙেৰে ৰঙীন হৈ স্বকীয় অসমীয়া সঙ্গীতৰ এটি ধাৰা ৰূপে জিলিকি আজিও বৈ