পৃষ্ঠা:সুৰ বিচাৰি বাৰ বছৰ.pdf/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭১
চমুকৈ অতুল চন্দ্ৰ হাজৰিকা

মধুৰী’, আৰু ‘ৰুণুক-জুনুক’ (১৯৫৩) —এইকেইখন হাজৰিকাৰ খণ্ড কবিতাৰ পুথি প্ৰকাশ পাইছে। ’মালিকী-মধুৰী’আৰু ৰুণুক-জুণুক’ শিশু উপযোগী কবিতাৰ সংগ্ৰহ। ‘মণিমালা’ চতুৰ্দশপদী কবিতাৰ আৰু ‘মুকুতামালা’ অষ্টপদী কবিতাৰ সমষ্টি। ১৯৭৯ চনত হাজৰিকাৰ শেহতীয়া কবিতাৰ সংগ্ৰহ ‘সন্ধ্যাৰ আৰতি’ প্ৰকাশ পায়। হাজৰিকাই জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা কিছুমানো ‘লুইতৰ পাৰৰ অগ্নিসুৰ’ নাম দি সম্পাদনা কৰে।

 কবি হিচাপে হাজৰিকা সূক্ষ্ম, অন্তস্পৰ্শী কল্পনাৰ অধিকাৰী নহয়। যি অৰ্থত যতীন দুৱৰা, ৰঘুনাথ চৌধুৰী, নলিনীবালা দেৱী, অম্বিকাগিৰী ৰায় চৌধুৰী আদিক কবি বুলিব পাৰি সেই অৰ্থত হাজৰিকাক ধৰিব নোৱাৰি। হাজৰিকাৰ বৰ্ণনা প্ৰতিভা আছে; কিন্তু গভীৰ জীৱন জিজ্ঞাসা নাই। অন্তৰ সঞ্চাৰী কল্পচিত্ৰ আৰু অভিনৱ আলোক সম্পাতী দৃষ্টিৰ বিশেষ পৰিচয় তেওঁৰ কবিতাত পোৱা নাযায়। জীৱনৰ উজ্জ্বল সৰু ঘটনা, অৱজ্ঞা, প্ৰাকৃতিক শোভা বা দৃশ্য আৰু পৰিস্থিতিক তেওঁ বহুত কবিতাত সৰস বৰ্ণনাৰে মনোমোহা কৰি তুলিছে। কোনো কোনো কবিতাত সমাজ সংস্কাৰৰ অস্ত্ৰস্বৰূপে তেওঁ ব্যঙ্গৰো আশ্ৰয় লৈছে। স্বদেশপ্ৰেম, মাতৃভূমি আৰু মাতৃভাষাৰ প্ৰতি একনিষ্ঠ ভক্তি তেওঁৰ কবিতাৰ অন্যতম বৈশিষ্ট্য। হাজৰিকাৰ কবিতাৰ বিষয়বস্তুৰ বিবিধতা আছে। কিন্তু সকলো কবিতাই সংবেদনশীল বা অন্তৰম্পৰ্শী হোৱা নাই। বেছিভাগ কবিতাতে ভাবাবেগৰ আন্তৰিকতা আৰু কল্পনাৰ মহত্ত্ব উপলব্ধি কৰা নাযায়। কিন্তু ’দেৱদাসী’, ‘সোণৰ হৰিণা’, ‘বালিচৰ’ আদি এচাম কবিতা প্ৰকৃত কাব্যিক সৌন্দৰ্যৰে ভৰপূৰ। তেওঁৰ কবিতাত অসমৰ প্ৰায়বোৰ নদ-নদী, ফল-ফুল, চৰাই-চিৰিকটিয়ে কবিতাৰ সাজ পিন্ধি প্ৰকাশ পাইছে।

নাট্যকাৰ অতুল চন্দ্ৰ হাজৰিকাঃ

 হাজৰিকা কবি, নাট্যকাৰ, মঞ্চৰ বুৰঞ্জীলেখক আৰু শিশু সাহিত্যিক হ’লেও হাজৰিকাৰ খ্যাতি নাট্যকাৰ ৰূপেহে। তেওঁৰ নাটসমূহ চাৰিটা শ্ৰেণীত ভগাব পাৰি— (১) পৌৰাণিক (২) বুৰঞ্জীমূলক (৩) বিবিধ বিষয়ক আৰু (৪) অনুবাদ।

 ‘নৰকাসুৰ’ (১৯৩০), নন্দ দুলাল' (১৯৩৫), কুৰুক্ষেত্ৰ’ (১৯৩৬), ‘শ্ৰীৰামচন্দ্ৰ’ (১৯৩৭), ’সাৱিত্ৰী’ (১৯৩৯), ‘বেউলা' (১৯৩৯), ’ৰুক্মিনীহৰণ’ (১৯৪৯), ‘চম্পাৱতী’ (১৯৪৯), ‘নিৰ্য্যাতিত’ (১৯৫০), ‘সীতা’ আৰু ‘দময়ন্তী’ তেওঁৰ পৌৰাণিক নাটক। এই শ্ৰেণীৰ নাটক বেছিভাগৰেই প্ৰকাশৰ মাধ্যম অমিত্ৰাক্ষৰ ছন্দ। কিছুমান পৌৰাণিক নাটকত অমিত্ৰাক্ষৰ ছন্দৰ লগতে তেওঁ মাজে