পৃষ্ঠা:সুৰ বিচাৰি বাৰ বছৰ.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
88
সুৰ বিচাৰি বাৰ বছৰ

সময় সুযােগ উলিয়াব পৰা নাই।

 ভূপেন হাজৰিকাক জনতাৰ শিল্পী বুলি কোৱা হয় যদিও লক্ষ্য কৰিলে দেখা যায় জনতাৰ ভিতৰৰ যুৱ সমাজৰ মাজতহে হাজৰিকাৰ জনপ্রিয়তা অধিক। বয়ােবৃদ্ধ চিন্তাশীলৰ স্তৰতাে হাজৰিকা প্রীতি আছে; কিন্তু ই সিমান উত্তাল নহয়। যুৱক হাজৰিকা আৰু যুৱকোত্তৰ হাজৰিকাৰ বেছিভাগ গীতেই স্কুল কলেজীয়া যুৱক-যুৱতীসকলৰ বিশেষ আকর্ষণৰ বস্তু। প্রায় অর্ধশতাব্দী জুৰি হাজৰিকাই উদাত্ত কণ্ঠেৰে গীত গালে আৰু এই অর্ধ শতাব্দী জুৰি স্তৰে স্তৰে অসমৰ যুৱক-যুৱতীসকল হাজৰিকাৰ গীতৰ যাদুত আকর্ষিত হৈ তেওঁৰ গীতৰ সভাত একাণপতীয়া শ্রোতা হৈ আহিছে। শিশু সকলৰ উদ্দেশ্যে হাজৰিকাই বেচি গীত লিখা বা গােৱা নাই। বৃদ্ধ সকলৰ মানসিকতালৈ চাইও বেচি গীত লিখা বা গােৱা নাই। গতিকে এতিয়ালৈ হাজৰিকাৰ গীতৰ সভাসমূহত প্রশংসামুখৰ হাত চাপৰিৰ গঢ় উলিয়ালেও দেখা যাব হাজৰিকাই যুৱ সমাজৰ প্রশংসাৰ হাত চাপৰিয়েই বেচিকৈ পাইছে। কিন্তু হাজৰিকাক প্রধানকৈ অনুপ্ৰেৰণা যােগােৱা আৰু হাজৰিকায়াে প্রধানকৈ মনােৰঞ্জন দিয়া অসমৰ যুৱ সমাজৰ সাংস্কৃতিক উচ্ছংখলতা আৰু পতন মুখীতাৰ বিপৰীতে হাজৰিকাই কোনােদিনে মাত মতাটো পৰিলক্ষিত হােৱা নাই।

 যুৱ সমাজৰ সংস্কৃতি ভাৱনা, চর্চা আজি কোন দিশে গতি কৰিছে তালৈ চকু দিবৰ হ’ল। কিন্তু চকু দিয়া কামটো কৰিব কোনে? সংস্কৃতিৰ মাজত সােমােৱা অপসংস্কৃতিক চিনি উলিয়াব কোনাে? সাধনালব্ধ জ্ঞানেৰে সমৃদ্ধ সংস্কৃতিৰ দিপাল সকলেহে পুংখানুপুংখৰূপে সংস্কৃতিৰ মাজত সােমােৱা অপসংস্কৃতি চিনি উলিয়াব পাৰিব। সেই সকলেহে জাতীয় কর্তব্যবােধেৰে অভিভাৱকৰ মনােভাবেৰে বুজনি দি অপসংস্কৃতিৰ বাহক সকলক সংস্কৃতিৰ শুদ্ধ পথৰ সন্ধান দিব পাৰিব। আৰু সংস্কৃতিৰ মাজত সােমােৱা অপসংস্কৃতি আঁতৰাব পাৰিব। সেই সংস্কৃতিৰ দিপাল সকলৰ উপদেশ-পৰামৰ্শ আদিহে এইক্ষেত্ৰত কাৰ্যকৰীহ'ব।বর্তমান আমাৰ সংস্কৃতি জগতৰ অন্যতম প্রবীণ দিল হ’ল ভূপেন হাজৰিকা। সংস্কৃতি সংস্কাৰৰ এই মহান জাতীয় কর্তব্য সাধনৰ ক্ষেত্ৰত তেওঁ অগ্ৰসৰ হ'ব পাৰে। অসমৰ নাট ঘৰে ঘৰে, বিহুতলীয়ে বিহুতলীয়ে, বাৰেবৰণীয়া সংস্কৃতি সভাই সভাই হাজৰিকাই কণ্ঠ শােণিত নিগৰাই আছে। তেওঁ এতিয়াও ক্লান্ত হােৱা নাই। তেওঁৰ গীতৰ সভাৰ হেজাৰ শ্ৰোতাৰ মাজত তেওঁৰ গীততে তল গৈ থকা উদীয়মান সংস্কৃতিৰ সেৱক যুৱক-যুৱতীসকলক ছাত্র- ছাত্রী বুলি ভাবি লৈ তেওঁলােকৰ উদ্দেশ্যে মঞ্চত গীত পৰিৱেশনৰ আগে বা পাছে । কিঞ্চিৎ সময় গুৰু স্থানীয় হাজৰিকাই জাতীয় সংস্কৃতিৰ শুদ্ধ পথ নির্দেশক আষাৰ।