পৃষ্ঠা:সুৰ বিচাৰি বাৰ বছৰ.pdf/৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৫
বৰ্তমান শিক্ষা পদ্ধতিৰ আমূল পৰিৱৰ্তনৰ উপায়

সমাজত ৰূপ লৈ উঠিব। চৰকাৰেও আজি ভাবিব লাগিব যে তেওঁলোকৰ চিন্তাতে দোষ-ত্ৰুটী থাকিব পাৰে। এইয়া তেওঁলোকৰ আত্মসমালোচনাৰ সময়। ঘৰত জুই লাগিলে সেই জুই নুমোৱাত সহায় কৰাটো ঘৰৰ সৰু বৰ সকলোৰে কৰ্তব্য। দেশৰূপী ঘৰত আজি বিভিন্ন সমস্যাৰ জুই জ্বলিছে। ইয়াক নিৰ্বাপিত কৰাত সহায় কৰাটোও দেশৰ সকলোৰে কৰ্তব্য। এই ক্ষেত্ৰত দেশৰ সৰু বৰ সকলো চিন্তাশীলৰ সুচিন্তাক চৰকাৰে আজি গুৰুত্ব দিয়া উচিত; কিয়নো চুপনীয়া বনতো বাঘ থকাৰ দৰে সৰু বুলি অৱহেলিত চিন্তাশীল চিন্তাতো দেশ উদ্ধাৰৰ উপায় থাকিব পাৰে। এনে গঠনমুখী চিন্তাৰেই গৱেষণা কৰি দেশৰ বিপথগামী শিক্ষা ক্ষেত্ৰক উদ্ধাৰ কৰাৰ উদ্দেশ্যে সৰ্বজনহিতকাৰী উপায় উদ্ভাৱন কৰা হৈছে। এই উপায় সমগ্ৰ দেশবাসীৰ বিবেচনাৰ্থে তলত দাঙি ধৰা হ’ল।

 ১। দৰিদ্ৰ জনৰ পৰা ধনৱন্ত জনলৈ ভাৰতৰ সকলো মানুহৰ ল’ৰা-ছোৱালীক এম.ই. (৭ম শ্ৰেণী) পৰ্যায়লৈ সাধাৰণ শিক্ষা বাধ্যতামূলক হিচাপে দিব লাগে। এই সময়ছোৱাত দৈনন্দিন জীৱনত অপৰিহাৰ্য সাধাৰণ শিক্ষা যেনে— ৰাজ্যিক ভাষা, ৰাষ্ট্ৰভাষা, অঙ্কবিদ্যা, সাধাৰণ জ্ঞান-বিজ্ঞান আৰু ভূগোল বিদ্যাত বিশেষ গুৰুত্ব দিব লাগে। ইংৰাজী, সংস্কৃত, আৰবী, ফাৰ্চী আদিক ঐচ্ছিক বিষয় হিচাপে শিক্ষা দিয়াৰ ব্যৱস্থা থাকিব লাগে।

 ২। অষ্টম শ্ৰেণীত উঠাৰ লগে লগে শিক্ষক আৰু অভিভাৱকৰ আলোচনাক্ৰমে সকলো ছাত্ৰ-ছাত্ৰীকে ছাত্ৰ-ছাত্ৰীসকলে সপ্তম শ্ৰেণীলৈ দেখুওৱা মেধালৈ লক্ষ্য ৰাখি জীৱনৰ উদ্দেশ্য নিৰ্ণায়ক কৰ্মভিত্তিক বৃত্তিমূলক শিক্ষা আৰু সাধাৰণ শিক্ষা— এই দুই দিশে লৈ যোৱাৰ ব্যৱস্থা কৰিব লাগে। যিসকল ছাত্ৰ- ছাত্ৰীৰ ৩০ নম্বৰ পোৱাৰো যোগ্যতা সন্দেহযুক্ত সেইসকলক বৃত্তিমূলক শিক্ষা বাধ্যতামূলকভাৱে দিয়াৰ ব্যৱস্থা কৰিব লাগে। নিম্ন মেধাৰ ছাত্ৰ-ছাত্ৰীসকল সাধাৰণ শিক্ষাৰ দিশেৰে শিক্ষা লৈ বাটে বাটে উজুটি খাই জিৰাই শতাই কোনোমতে বি.এ., এম.এ. আদি ‘পাছ’কৰি নিশ্চিত নিবনুৱা হোৱাৰ কোনো যুক্তি নাই।

 ৩। ৭ম শ্ৰেণীৰ শিক্ষান্ত পৰীক্ষাত যিসকলে ৫০% আৰু তাৰ ওপৰৰ নম্বৰ লাভ কৰি উত্তীৰ্ণ হয় সেইসকলকহে সাধাৰণ শিক্ষাৰ দিশত শিক্ষা লোৱাৰ সুযোগ দিব লাগে। এই পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ কোনোবাই যদি ইচ্ছা কৰে তেন্তে তেওঁৰ বাবে বৃত্তিমূলক শিক্ষা লোৱাৰ পথো মুকলি থাকিব লাগে। সাধাৰণ শিক্ষা লোৱা ছাত্ৰ-ছাত্ৰীসকলৰ মাজৰপৰা বৌদ্ধিক দিশত দেশৰ সকলো বিভাগৰ মেধাৱীসকলক তৈয়াৰ কৰাৰ ব্যৱস্থা কৰিব লাগে।