পৃষ্ঠা:সুৰ বিচাৰি বাৰ বছৰ.pdf/১১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গীতৰ দোষ-গুণ

 ষড়জ বা খৰজ, ঋষভ বা ঋখব, গান্ধাৰ, মধ্যম, পঞ্চম, ধৈবত আৰু নিষাদ বা নিখাদ এই সাতোটা সুৰৰ প্ৰত্যেককে একোটা ধাতু বোলে। সচৰাচৰ কথোপকথনৰ সময়ত ইহঁতৰ সাঙ্কেতিক নাম সা, ৰে, গা, মা, পা, ধা আৰু নি ব্যৱহাৰ কৰা হয়। গীত ধাতু আৰু মাত্ৰা উভয়াত্মক। ধাতু আৰু মাত্ৰা এক হ'লেই গীতৰ সৃষ্টি হয়। গতিকে ধাতু আৰু মাত্ৰা এই দুটা গীতৰ কাৰণ অৰ্থাৎ অবয়ব। কাৰণৰ দোষ আৰু গুণ কাৰ্য্যত দেখা যায়। যেনেকৈ উত্তম সোণ হলে তাৰ দ্বাৰা নিৰ্মিত কুণ্ডল উত্তম হয় আৰু অধম সোণৰ অলঙ্কাৰো অধম হয়, তেনেদৰে ধাতু আৰু মাত্ৰা - এই দুয়োটাৰে দোষ-গুণ গীতত থাকে। এই উভয়ৰে দোষ বা গুণ কি? প্ৰথমতে পাঠকসকলৰ আগত দোষৰ কথাকেই আঙুলিয়াই দিয়া হ'ল।

 পুনৰুক্তি, শীঘ্ৰোচ্চাৰণ, প্ৰসাৰণ, লিঙ্কান্যত্ব, বিসন্ধি, সংযুক্তাক্ষৰ মোক্ষণ, অসংযুক্তৰ সংযোগ, হ্ৰস্ব-দীৰ্ঘ ব্যতিক্ৰম প্ৰভৃতি কেইটামানক যদিও সংস্কৃত আলঙ্কাৰিকসকলে মহাদোষ বুলি জ্ঞান কৰে, তথাপি সঙ্গীত শাস্ত্ৰমতে সেই সকলোবোৰ গীত দোষৰ ভিতৰত গণ্য নহয়। কিন্তু লজ্জা, ভয়, অপ্ৰকাশিত্ব অৰ্থাৎ ধাতু বা মাত্ৰাৰ অস্পষ্টতা সানুনাসিকতা অৰ্থাৎ নাকেৰে উচ্চাৰণ কৰিব নলগা শব্দক নাকেৰে উচ্চাৰণ কৰা, শিৰঃ কম্পন অৰ্থাৎ মুদ্ৰাদোষ, লয়স্থান বিবৰ্জন অৰ্থাৎ বেলয়, কাকুসুৰ অৰ্থাৎ বেসুৰ, বিকৃত সুৰ অৰ্থাৎ সুৰ কৰ্কশতা, বিশ্ৰাম অৰ্থাৎ অযোগ্য স্থানত বিৰাম, অশ্লীলত্ব অৰ্থাৎ ঘৃণা, অমঙ্গল আৰু লজ্জাব্যঞ্জক শব্দৰ প্ৰয়োগ, উৎকটতা অৰ্থাৎ যিবিলাক মাত্ৰা বা ৰাগ হঠাতে বোধগম্য নহয়, তাৰ সংযোগ, কাহ, নাকৰ পৰা ওলোৱা বিকৃত শব্দ আৰু আন কাৰণৰ পৰা হোৱা বাগৰুদ্ধতা, ব্যাকুলতা অৰ্থাৎ গানৰ সময়ত অস্থিৰতা প্ৰকাশ কৰা, তালহীনতা অৰ্থাৎ বেতলা, এই চৈধ্যটিকে সঙ্গীত শাস্ত্ৰকাৰসকলে দোষ বুলি গীতৰ সময়ত ইয়াক সৰ্বোতভাৱে পৰিত্যাগ কৰিবলৈ কৈছে। যদিও সঙ্গীত শাস্ত্ৰকাৰসকলে এই চৈধ্যটি দোষত বাহিৰে আৰু অন্য দোষ স্বীকাৰ কৰা নাই, কিন্তু বিবেচনা কৰিবলৈ গ'লে আলঙ্কাৰিকসকলৰ বিবেচিত দুঃশ্ৰবত্ব, অনুচিতাৰ্থ,