পৃষ্ঠা:সুৰ বিচাৰি বাৰ বছৰ.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বৰ্তমান শিক্ষা জগত


 বৰ্তমান ভাৰতৰ শিক্ষা জগতত শিক্ষাবস্তুৰ দ্ৰুত পৰিৱৰ্তন পৰিলক্ষিত হৈছে। আজি পৰ্যন্ত আমাৰ শিক্ষা পদ্ধতিত এক সুস্থিৰ পাঠ্যক্ৰম প্ৰস্তুত হৈ উঠা নাই। অস্থিৰ পাঠ্যক্ৰমৰ মাজেদি আগবাঢ়ি যোৱা বাবে দেশৰ লক্ষ লক্ষ ল’ৰা-ছোৱালী আজি পথভ্ৰষ্ট হৈছে। স্বাধীনতাৰ পিছৰে পৰা আজি পৰ্যন্ত এনে অস্থিৰ শিক্ষা ব্যৱস্থা চলি থকাৰ ফলত ভাৰতত আজি অগণন অসাৰ্থক শিক্ষিত লোকৰ সৃষ্টি হৈছে। এই ক্ৰমবৰ্দ্ধিত সৃষ্টিয়ে চৰকাৰৰ শিক্ষা বিভাগৰ চূড়ান্ত পৰাজয় ঘোষণা কৰিছে।

 জাতীয় ভাব-আদৰ্শ এৰোঁ বুলিলেই এৰিব পৰা বস্তু নহয়। জাতিৰ হাড়ে হিমজুৱে জাতীয় গুণ সোমাই থাকে। অনুশীলনৰ দ্বাৰা পৰিমাৰ্জিত কৰি এই গুণৰ উৎকৰ্ষ সাধন কৰিব পাৰি আৰু এনে উৎকৰ্ষতাৰে জাতীয় বৈশিষ্ট্য জিলিকাই তোলাৰ লগে লগে প্ৰয়োজনবোধে প্ৰগতিশীল দৃষ্টিভঙ্গীৰে বিজাতীয় গ্ৰহণযোগ্য বস্তুৰেও জাতিৰ সমৃদ্ধি সাধন কৰিব পাৰি। কিন্তু নিজৰ গ্ৰহণযোগ্য বস্তু থাকোতেও তাক নিচিনি বা চিনিলেও তাৰ প্ৰতি আস্থা নাৰাখি অইনৰ ক্ষয়িষ্ণুয়েই হওক অথবা বলিষ্ঠ গ্ৰহণযোগ্য বস্তুৱেই হওক তাৰ বিচাৰ বিশ্লেষণ নকৰি আমদানি কৰি থাকিলে মাত্ৰাধিক বিজাতীয় প্ৰভাৱে জাতিৰ স্বকীয়তা ৰক্ষাত বাধাৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি আগবাঢ়ি গ’লে এটি জাতি নিজ অস্তিত্ব ৰাখি সমৃদ্ধিশালী কৰি গঢ়ি তোলাত কোনো আউল নালাগে। পিছে এই ক্ষেত্ৰত ভাৰতৰ আজি আউল লগা দেখা গৈছে। ভাৰতীয় আদৰ্শ প্ৰগতিৰ পৰিপন্থী বুলি জ্ঞান কৰি ভাৰতে ইয়াৰ উৎকৰ্ষৰ নিমিত্তে বিশেষ চেষ্টা কৰা নাই আৰু ঐতিহ্যমণ্ডিত আদৰ্শ বুলি ভাবি ইয়াক ত্যাগ কৰিবও খোজা নাই। আনহাতে দেখা গৈছে পশ্চিমৰ ক্ষিপ্ৰ প্ৰগতি দেখি পাশ্চাত্য আদৰ্শৰ প্ৰতি ভাৰতৰ আসক্তি বাঢ়ি আহিছে। কিন্তু দুই আদৰ্শৰ গ্ৰহণ আৰু বৰ্জন যোগ্য গুণাগুণ বিচাৰ কৰি দুয়োৰে মাজত ভাৰতে সমন্বয় স্থাপন কৰিব পৰা নাই। এই ক্ষেত্ৰত ভাৰত আজি কিংকৰ্তব্য বিমূঢ় হৈ পৰিছে। এনে অৱস্থাৰ মাজত নিজৰ শক্তি, সামৰ্থ্য, সময়, সুযোেগ আদিলৈ লক্ষ্য নাৰাখি ভাৰতে আজি য'তেই জিলিকনি দেখিছে ততেই থাপ মাৰি ধৰিছে। ফলত