পৃষ্ঠা:সুৰ বিচাৰি বাৰ বছৰ.pdf/৬০

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬০
সুৰ বিচাৰি বাৰ বছৰ

অপ্রকাশিত হৈ ৰৈ যায়। আলােচনীৰ ঐতিহ্যপূর্ণ মানদণ্ড আদিলৈ চাই লেখাসমূহ নির্বাচন কৰাৰ কাৰণেই হয়তাে এনে কার্য সংঘটিত হয়। কিন্তু সম্ভাৱনাযুক্ত চেমনীয়া সাহিত্যিকসকলৰ ক্ষেত্ৰত এনে কাৰ্যই কেতিয়াবা কেতিয়াবা হতাশাৰাে সৃষ্টি কৰে। এনে হতাশাৰে বিষণ্ণ হৈ বহু চেমনীয়া সাহিত্যিকে সাহিত্য সৃষ্টিৰ কলা-কৌশল আদিৰ খুঁতি-নাতি শিকি বুজি লােৱাৰ উদ্দেশ্যে প্রতিষ্ঠিত সাহিত্যিকসকলৰ কাষ চপা দেখা যায়। কিন্তু সাধাৰণতে সুন্দৰৰ পূজাৰী হিচাপে শান্ত-সৌম্য মূর্তিৰ অধিকাৰীয়েই হ’ব বুলি ভাবি থকা প্রতিষ্ঠিত সাহিত্যিকসকলৰ প্ৰায় ভাগেই সাহিত্যিকৰ গাম্ভীর্য প্রদর্শন কৰি তেওঁলােকৰ বহুমূলীয়া সময় নষ্ট কৰিব নােৱাৰাৰ ইংগিতময় সংক্ষিপ্ত দুই-এষাৰ কথাৰে সাহিত্য শিক্ষার্থীক হতাশ কৰি পঠোৱাৰ উদাহৰণাে নােহােৱা নহয়। অৱশ্যে সাহিত্য সাধনাই পৱিত্ৰ কৰা উদাৰ হৃদয়ৰ শান্ত-সৌম্য মূর্তিৰ অধিকাৰী সাহিত্যিকো অসমত নােহােৱা নহয়। সাহিত্য সাধনাত পথভ্রষ্ট হ’ব খােজা বহু তৰুণ সাহিত্যিকক এই শ্ৰেণীৰ সাহিত্যিকে নানা উপদেশেৰে পথৰ হেঙাৰ আঁতৰাই মানুহ কৰাৰ উদাহৰণা আছে। কিন্তু এই শ্ৰেণীৰ সাহিত্যিক সংখ্যা অসমত তেনেই কম।

 অসমীয়া সাহিত্যৰ আলােচনী জগতখনাে একমাত্র অর্থাগমক লক্ষ্য কৰিয়েই সস্তীয়া হৈ পৰা যেন লাগে। উচ্চমানৰ আলােচনীৰ সংখ্যাতাে আঙুলিৰ মূৰতেই গণিব পাৰি৷ যি দুই-চাৰিখন মানবিশিষ্ট আলােচনী ওলাইছে, সিও বিশেষ এচাম প্রবীণ সাহিত্যিকৰ চৰ্চা ক্ষেত্র হৈ থকা যেন অনুমান হয়। পাতল ৰুচিৰ আলােচনীত বহু প্রতিভাবান লেখকে ইচ্ছা থাকিলেও স্বকীয় আদৰ্শৰ বিপৰীতে লিখিবলৈ মন নকৰে। এই সকল লেখকৰ লেখাৰ বােৱঁতী সুঁতি এই কাৰণে মৰা সুঁতিৰ দৰে স্তিমিত হৈ গৈছে। সস্তীয়া বােলছবিৰ দৰে সস্তীয়া আলােচনীয়েও অল্পায়ুস হ’লেও বাচি থকা দিনকেইটাত কিছু হৈ-চৈৰ সৃষ্টি কৰে। এই হৈ-চৈত অসমীয়া পাঠক সমাজৰ এচাম ডেকা-ডেকেৰী আনকি বুঢ়া বুঢ়ীও ডুব যােৱাটো পৰিলক্ষিত হৈছে। পাঠক সমাজৰ এনে ৰুচিৰ ক্ৰম বৃদ্ধিয়ে মানবিশিষ্ট সাহিত্য সৃষ্টিৰ পথত এক অন্তৰাই হৈ থিয় দিছে।

 এনেবােৰ বিভিন্ন সমস্যাৰ মাজত হাবাথুৰি খাই যি কেইজন মুষ্টিমেয় সুৰুচিবান উঠি অহা লেখকে সাহিত্য সৃষ্টি কৰে, তেওঁলােকৰাে প্ৰায় ভাগেই একমাত্র আর্থিক দৈন্যৰ বাবে প্রকাশকৰ দুৱাৰে দুৱাৰে অনুগ্রহ বিচাৰি ফুৰিবলগীয়া হয়। প্রকাশক সকলৰো বেছিভাগেই সাহিত্যৰ মানদণ্ড আদিলৈ ভ্রুক্ষেপ নকৰি একমাত্র অর্থাগমত সহায়ক হােৱা নােহােৱাটোলৈ লক্ষ্য কৰিহে পুথি প্রকাশৰ নামত ধন খৰচ কৰিবলৈ