পৃষ্ঠা:সুৰ বিচাৰি বাৰ বছৰ.pdf/১১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৪
সুৰ বিচাৰি বাৰ বছৰ

প্ৰতিপাদনত্ব, অবাচকতা, ক্লিষ্টতা, বৰ্ণ প্ৰতিকুলতা, পতৎ পকৰ্ষতা, কষ্টতা আৰু ভগ্ন প্ৰক্ৰমতা প্ৰভৃতি আনকেইটামানো গীতৰ মহাদোষ বুলি স্বীকাৰ কৰাটো যুক্তি বিৰুদ্ধ নহয়। কঠোৰ বৰ্ণৰ দ্বাৰা যিবিলাক গীত ৰচিত হয়, সেইবিলাক গীতত দুঃশ্ৰবত্ব দোষ থকা বুলিব লাগিব। ভগ্ন প্ৰক্ৰমতা অৰ্থাৎ ৰচনাৰ ক্ৰমভঙ্গ, পতৎ প্ৰকৰ্ষতা অৰ্থাৎ ক্ৰমে ৰচনাৰ অপকৰ্ষ ইত্যাদিকো গীতৰ দোষ বুলিব পাৰি।

 যদিও কোনো কোনোৱে কয় যে লজ্জা, ভয়, শিৰ কম্পন আদি অনেক দোষবোৰ গায়কৰেই গীতৰ নহয়; গায়কৰ দোষ গীতৰ দোষৰ ভিতৰত কিয় পৰিব? তাৰ সৎ উত্তৰ এই যে যেনেকৈ ৰচকৰ দোষত গীত দুষ্ট হয়, গায়কৰ দোষততা সেইদৰে গীত দুষ্ট হ'ব পাৰে। সেইবাবে গায়ক অথবা ৰচক এই দুয়োবিধকেই গীতৰ দোষ-গুণ সম্পাদক বুলি ক'ব লাগিব।

 গীতৰ যেনেকৈ দোষ বিচাৰ কৰা হ'ল তেনেকৈ গুণ বিচাৰ কৰাও উচিত। কি কি গুণ গীতত সংঘটিত হয়। আলঙ্কাৰিকসকলে কাব্যত মাধুৰ্য্য, ওজঃ আৰু প্ৰসাদ এই তিনিটা গুণ নিৰ্ণয় কৰি গৈছে। যদিও সঙ্গীতকাৰসকলে গীতত তাৰ নাম গন্ধো উল্লেখ কৰা নাই, কিন্তু আমাৰ গীত বিশেষে সেই তিনিওটা গুণৰ সমাবেশ স্বীকাৰ কৰিব লাগিব। যি গীত শুনিলে শ্ৰোতাৰ চিত্ত দ্ৰৱীভূত হয় আৰু আহ্লাদ সাগৰ উচ্ছাসিত হৈ উঠে সেই গান মাধুৰ্য্য গুণ বিশিষ্ট; যিহেতু তাত মাধুৰ্য্য গুণৰ ব্যঞ্জক মধুৰ ৰচনা বিদ্যমান হৈ থাকে। যি গান শুনিলে চিত্ত বিস্ফাৰিত হয়, যাৰ বন্ধন অতি গাঢ়ৰূপ তাত ওজঃ গুণ আছে আৰু শুনা মাত্ৰেই যি গানৰ পদবোৰৰ অৰ্থ বুজি পোৱা যায়, তাত প্ৰসাদ গুণ নিহিত আছে।





মূল ৰচনাঃ ক্ষেত্ৰমোহন গোস্বামী
অনুবাদঃ উমেশ বৈশ্য
বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য সম্পাদিত ‘নবযুগ'ত প্ৰকাশিত, বুধবাৰ, ৮ ফেব্ৰুৱাৰী ১৯৬৭ চন