পৃষ্ঠা:সুৰ বিচাৰি বাৰ বছৰ.pdf/৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৪
সুৰ বিচাৰি বাৰ বছৰ

দেশৰ প্ৰয়োজনমতে উন্নত ছাত্ৰ-ছাত্ৰী বেছি ওলোৱা দেখা নাযায়। বৰ্তমান শিক্ষা পদ্ধতিত বেছি সংখ্যক অধম আৰু মধ্যম ছাত্ৰ-ছাত্ৰীলৈ লক্ষ্য ৰাখিয়ে স্কুল-কলেজত শিক্ষাদান দিয়া হয়। গতিকে শিক্ষা দানৰ মান এই অনুষ্ঠানসমূহত তেনেই নিম্নস্তৰৰ হোৱাটো স্বাভাৱিক। নিম্নমানৰ শিক্ষাদানৰ ফলত বেছিসংখ্যক ছাত্ৰ-ছাত্ৰী আজি সমাজৰ আবৰ্জনাৰূপে শিক্ষানুষ্ঠানসমূহত গঢ় লৈ উঠিছে। এনে পৰিবেশৰ মাজেৰে জীৱনৰ প্ৰায় আধা সময় পঢ়া-শুনা কৰি শিক্ষা সাং কৰাৰ পিছত শিক্ষিতসকলৰ কিছুমান হয় চাকৰি কৰা বনুৱা আৰু বেছি ভাগ হয় চাকৰিবিহীন নিবনুৱা। এই নিবনুৱাসকলৰ বেছি ভাগেই জীৱনৰ প্ৰায় ভৰ বয়সত জীৱিকাৰ নিৰাপত্তাৰ নিমিত্তে আন্দোলন, আস্ফালন আদি কৰি ঘূৰি ফুৰাৰ ভিতৰতে জৈৱিক ক্ষুধাৰ তাড়নাত নিবনুৱা অৱস্থাতেই সাংসাৰিক জীৱন বৰণ কৰে আৰু সংসাৰ সমুদ্ৰত কক্‌বকাই ফুৰি শিক্ষাৰ অসাৰ্থকতা অনুভৱ কৰে।

 দুৰ্বহ জীৱনযাত্ৰাৰ পথলৈ ঠেলি দিয়া বৰ্তমানৰ নিষ্ফল শিক্ষাৰ গতি ফলপ্ৰদ পথলৈ ঘূৰাই নিদিলে দেশৰ আজি কল্যাণ নাই। শিক্ষাৰ গতি কল্যাণমুখী কৰিবলৈ হলে বৰ্তমান প্ৰচলিত শিক্ষাপদ্ধতিৰ আমূল পৰিবৰ্তন সাধিব লাগিব। শিক্ষাৰ আমূল পৰিবৰ্তন অপৰিহাৰ্য বুলি সমাজত মাজে-সময়ে ধ্বনি উঠিছে সঁচা; কিন্তু আমূল পৰিবৰ্তনৰ বিজ্ঞানসম্মত পদ্ধতি নিখুঁতভাৱে আজি পৰ্যন্ত কোনেও দাঙি ধৰিব পৰা নাই। ফলত শিক্ষা সংস্কাৰৰ নামত দেশৰ অজস্ৰ ধন আজি অথলে গৈ আছে। নিস্ফল শিক্ষাৰ নামত ৰাজহুৱা ধনৰ এই অপচয় বন্ধ কৰাটো আজি সমগ্ৰ দেশবাসীৰ কৰ্তব্য হোৱা উচিত। ভাৰতৰ দৰে প্ৰায় ৮০% অশিক্ষিত সূক্ষ্মচিন্তাশূন্য লোকেৰে ভৰা দেশ এখনত দূৰদৰ্শী চিন্তাশীল চৰকাৰ গঠন হোৱাটো সহজ নহয়। গতিকে আজিৰ চৰকাৰে সূক্ষ্ম চিন্তা কৰি যে দেশত ফলপ্ৰদ শিক্ষা প্ৰৱৰ্তন কৰি দেশৰ ধনৰ সৎ ব্যৱহাৰ কৰিব তাক ভবাটোও কোনো চিন্তাশীলৰ কাৰণেই সমীচীন নহয়। স্বাধীনতা লাভৰ পিছৰ এই দীঘলীয়া কালছোৱাত দেখা গ'ল যে দেশৰ ৮০% লোকৰ সাৰশূন্য চিন্তাই নিৰ্বাচন কৰা বেছি সংখ্যক অন্তঃসাৰশূন্য নেতাই চৰকাৰ গঠন কৰি প্ৰগতিৰ নামত অনুক্ৰমে ঐতিহ্যমণ্ডিত ভাৰতক আজি সমস্যা জৰ্জৰিত পংগুদেশত পৰিণত কৰিলে। সেয়েহে এতিয়া আৰু স্বাভাৱিকতে নীৰৱতাপ্ৰিয় চিন্তাশীলসকল হাত সাৱটি নীৰৱে বহি থকাৰ সময় নাই। তেওঁলোক জাগ্ৰত হোৱাৰ সময় হ’ল। সমাজ পুখুৰীৰ গভীৰত থকা ৰেী বৰালি সদৃশ চিন্তাশীলসকলৰ ঐক্য চিন্তাৰ টৌত পানীজিয়লীত থাকি কোলাহলৰ মাজেৰে সমাজ চলোৱা অসংখ্য পুঠি-দৰিকণা সদৃশ চিন্তাশূন্যৰ সমদল নিশ্চয় চিটিকি উফৰি যাব আৰু চিন্তাশীলৰ সুচিন্তাই