পৃষ্ঠা:সুৰ বিচাৰি বাৰ বছৰ.pdf/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৬
সুৰ বিচাৰি বাৰ বছৰ

চিন্তা ত্যাগ কৰি অৰ্থ প্ৰধান সমাজত খোজ মিলাই চলিবলৈ অৰ্থ চিন্তাত গৃহশিক্ষকৰ ৰূপত ফুৰিব লগা হৈছে। স্বাধীন দেশ এখনত শিক্ষকৰ এনে দৃশ্য অতি অবাঞ্ছনীয় আৰু লজ্জাকৰ। এনে অৱস্থাত কোনো শিক্ষকে কেতিয়াও দেশৰ প্ৰয়োজন অনুসৰি যথোপযুক্ত মানদণ্ডৰ শিক্ষাদান দিব নোৱাৰে।

 শিক্ষাদানৰ মানদণ্ড উন্নয়নৰ পৰিকল্পনাৰে প্ৰশিক্ষণ দিয়াৰ বাবে শিক্ষকসকলক বছৰে বছৰে দলে দলে বি.টি. প্ৰশিক্ষণ কেন্দ্ৰলৈ নিয়াৰ ব্যৱস্থা চৰকাৰে হাতত লৈছে। চৰকাৰৰ এই প্ৰচেষ্টা প্ৰশংসনীয়। কিন্তু বি.টি. প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকসকল থকা স্কুল সমূহতো পাঠদানৰ ক্ষেত্ৰত পূৰ্বৰ ৰীতিৰ বিশেষ সলনি হোৱা দেখা নাযায়। প্ৰশিক্ষণৰ আগতেও কৃতি শিক্ষক বুলি সমাদৃত শিক্ষকসকল প্ৰশিক্ষণৰ পিছত আৰু অধিক সংস্কাৰ হয় যদিও সেই গুণী শিক্ষকসকলেও স্কুলসমূহত যথোপযুক্ত সা-সুবিধা নথকাৰ কাৰণে তেওঁলোকৰ প্ৰতিভা দেখুওৱাৰ সুচল নাপায়। গতিকে চৰকাৰৰ এই প্ৰচেষ্টাও আজি সাৰ্থক হৈ উঠা নাই।

 উপযুক্ত মাটি পালেহে শিল্পীয়ে মনোমাহা মূৰ্তি সাজিব পৰাৰ দৰে উপযুক্ত ছাত্ৰ-ছাত্ৰীকহে শিক্ষকেও মনোমত শিক্ষাদান নিখুঁতভাৱে দিয়াৰ চেষ্টা কৰিব পাৰে। অনুপযুক্ত ছাত্ৰ-ছাত্ৰীক উপযুক্ত কৰাৰ গুৰু দায়িত্ব আপাত দৃষ্টিত শিক্ষকসকলৰ ওপৰত থকা যেন লাগে। কিন্তু বৰ্তমান সমাজত ছাত্ৰ-ছাত্ৰীৰ ওপৰত শিক্ষকৰ দায়িত্ব আংশিকহে, কিয়নো স্কুলত মাত্ৰ পাঁচঘণ্টা সময় শিক্ষকৰ লগত কটোৱাৰ পিছত ছাত্ৰ-ছাত্ৰীয়ে দিনটোৰ বাকী ঊনৈশ ঘণ্টা সময় স্কুলৰ বাহিৰত কটায়। এই সময়ছোৱাৰ গুৰু দায়িত্ব থাকে অভিভাৱকৰ হাতত। নানা ৰুচিপূৰ্ণ বৰ্তমান সমাজখনৰ সাধাৰণতে বেয়া গুণবোৰ গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলক যথোপযুক্ত পৰিচালনা কৰাত অভিভাৱক সকলৰো প্ৰায় ভাগকেই ব্যৰ্থ হোৱা দেখা যায়। ছাত্ৰ-ছাত্ৰীয়ে সমাজৰ ৰুচিৰ অনুকূলে আয়ত্ত কৰা ৰূপ এটা লৈহে স্কুলত প্ৰবেশ কৰে। ছাত্ৰ- ছাত্ৰীৰ দেহ-মনৰ প্ৰাক্‌ আয়ত্ত ৰূপৰ দোষ-ত্ৰুটি নিৰ্মূল কৰি উপযুক্ত ছাত্ৰ-ছাত্ৰী সজাৰ নিমিত্তে শিক্ষকে নানা সমস্যাৰ মাজেৰে হ’লেও ছাত্ৰ-ছাত্ৰীসকলক যি নীতিৰে শিক্ষা দিয়ে তাৰ প্ৰতি তেওঁলোকৰ বিশেষ মনোযোগ দেখা নাযায়। সাধাৰণতে নৈতিক আদৰ্শৰ উপদেশ দিয়া আৰু এই আদৰ্শৰ মাজতেই কালকটোৱা শিক্ষকসকলৰ বৰ্তমান সামাজিক মানদণ্ড দেখি ছাত্ৰ-ছাত্ৰীয়ে শিক্ষকৰ উপদেশমতে জীৱনৰ গতি সলোৱাৰ ইচ্ছা নকৰে। ফলত সমাজৰ সু বা কু আদৰ্শত গঢ়ি উঠা মনোভাৱ ছাত্ৰ-ছাত্ৰীৰপৰা আঁতৰি নাযায় আৰু প্ৰকৃত শিক্ষাদানৰ উপযোগী ছাত্ৰ- ছাত্ৰী, শিক্ষা অনুষ্ঠানসমূহত গঢ় লৈ নুঠে। শিক্ষকৰ সামাজিক জীৱন, উচ্চ মানবিশিষ্ট