পৃষ্ঠা:সুৰ বিচাৰি বাৰ বছৰ.pdf/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬১
অসমত সাহিত্য চর্চাৰ সমস্যা

আগবাঢ়ে। অর্থাগমত সহায়ক পুথি হ’লে তেওঁলােকে প্রকাশ কৰে আৰু ইয়াৰ বিপৰীত হ’লে তেওঁলােকে সুন্দৰ ভাবে ব্যৱসায়িক হাঁহি এটিৰে নেতিবাচক উত্তৰ দি লেখকক বিদায় দিয়ে। আর্থিক দৈন্যত জুৰুলা হােৱা বহু সম্ভাৱনাপূর্ণ লেখকৰ সুপ্ত প্রতিভা এইদৰেই নিঃশেষ হােৱাৰ উদাহৰণ প্ৰচুৰ আছে। স্বীকৃত নামী লেখকসকলেও যে প্রকাশকসকলৰ সহায়ত পুথি প্ৰকাশ কৰি কষ্টৰ তুলনাত আর্থিক দিশত বিশেষ লাভবান হয়, এনে নহয়। কষ্টৰ তুলনাত তেনেই নামমাত্র টকাৰ বিনিময়ত তেওঁলােকেও তেওঁলােকৰ বহুমূলীয়া ভাব সম্পদেৰে ভৰা পুথিসমূহ প্রকাশকৰ হাতত তুলি দিবলগীয়া হয়। সাহিত্য চর্চাৰ ক্ষেত্ৰত এনেবােৰ নিশ্চিত অর্থনৈতিক ঘাত-প্রতিঘাতৰ কথা চিন্তা কৰিয়েই হয়তাে বেছিভাগ সাহিত্যিকে আজি অসমত একক সাহিত্য সাধনাত ব্ৰতী হােৱা নাই। অসমৰ সাহিত্য জগৎ ঠিক এইদৰে চলি থাকিলে অসমৰ ভাষা সাহিত্য অনুক্রমে লোপ হওঁতে বেছি দিন নালাগিব।

 সাহিত্য চর্চাৰ ক্ষেত্ৰত দেখা দিয়া বিভিন্ন সমস্যাসমূহ দূৰীকৰণার্থে বিজ্ঞানসন্মত বলিষ্ঠ চিন্তাৰে মুখ্য ভূমিকা লােৱাটো অসম সাহিত্য সভাৰ এক মহান কর্তব্য বুলি আমি বিবেচনা কৰোঁ। অসমীয়া সাহিত্য জগতৰ বিভিন্ন স্তৰত অবাঞ্ছনীয় বিশৃংখলতাৰে যি সাহিত্য চর্চা চলিছে, সাহিত্য সভাৰ লগত ওতপ্রােতভাৱে জড়িত থকা উচ্চস্তৰৰ তথাকথিত সাহিত্যিক গােষ্ঠীয়ে আজি তাৰ বিশেষ খা-খবৰ ল’বলৈ ইচ্ছা কৰাটো দেখা নাযায়। বিশাল আকৃতিৰ ভূমিৰ ওপৰত অৱস্থিত হােৱা কাৰণেহে মিছৰৰ পিৰামিডৰ সুউচ্চ চূড়াৰ আকর্ষণীয় সৌন্দর্য বিশ্বত আজি আচৰিত ৰূপত জিলিকি উঠিছে। অসমীয়া সমাজখনৰ এক বিশাল অংশক সাহিত্যপ্রেমী কৰি লৈ তাৰ ওপৰত সাহিত্য সৌধ অৱস্থিত কৰিব পাৰিলেহে অসমীয়া সাহিত্যৰ উচ্চমান বিশিষ্ট সৌন্দর্য ৰূপ বিশ্ব পােহৰাই জিলিকি থাকিব। সেয়েহে আজিৰ চিন্তাশীল সাহিত্যিকসকলে কেৱল মুষ্টিমেয় সাহিত্যিকসকলৰ কাৰণেই সাহিত্য সৃষ্টিত ব্যস্ত থাকিলে নহ’ব; তেওঁলােকে বিশাল জনসাধাৰণৰ সাহিত্য পাঠৰ বা চৰ্চাৰ গতি-বিধি, ৰুচি আদিৰ প্রতি সততে দৃষ্টি ৰাখি উচ্চ স্তৰৰ সাহিত্যৰ মূল স্থিতি ভূমি জনসাধাৰণৰ সাহিত্যপ্রেমক বিশাল ৰূপত শক্তিশালী কৰাৰ প্রতিও সমানে যত্নপৰ হ’ব লাগিব। অসম সাহিত্য সভাৰ অধীনত গাঁৱে-ভূঞে, নগৰে-চহৰে যথেষ্ট শাখা সাহিত্য সভা আছে। প্রয়ােজন হলে এই শাখাৰ সংখ্যা বৃদ্ধি কৰি হ’লেও এইবােৰৰ দ্বাৰা জনসাধাৰণৰ মাজত সাহিত্য প্রেম জাগ্রত কৰাৰ উদ্দেশ্যে বিভিন্ন চেষ্টা চলাব পৰা যায়। এনে চেষ্টাৰ ফলত গাঁৱে-ভূঞে, নগৰে-চহৰে সাহিত্য অধ্যয়ন আৰু চৰ্চাৰ