পৃষ্ঠা:সুৰ বিচাৰি বাৰ বছৰ.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ভূপেন হাজৰিকাৰ সাংস্কৃতিক জীৱনঃ
এটি পৰ্যালোচনা

 কলাকাৰে বিভিন্ন মাধ্যমৰ সহায়েৰে বিভিন্ন কলাৰ সৃষ্টি কৰে। মাধ্যম আয়ত্বলৈ অনাৰ উদ্দেশ্যে কলাসৃষ্টিৰ মাধ্যমৰ ওপৰত চলে শিল্পীৰ প্ৰথম সাধনা। মাধ্যম আয়ত্বাধীন হোৱাৰ পিছত আৰম্ভ হয় শিল্পীৰ কলাসৃষ্টি। যি সকল শিল্পীয়ে মাধ্যমৰ ওপৰত সাধনাৰ প্ৰথম স্তৰ বিশুদ্ধ প্ৰণালীৰে অতিক্ৰম কৰিব নোৱাৰে সেই সকল শিল্পীৰ কলাসৃষ্টি সাৰ্থক হ'ব নোৱাৰে। কলাকাৰ নাম লৈ আজীৱন সংগ্ৰাম কৰিলেও সেই সকল শিল্পীয়ে কলাত প্ৰাণ সঞ্চাৰ কৰিব নোৱাৰে। আমাৰ অসমৰ গীত-মাতৰ জগতখনত এই শ্ৰেণীৰ শিল্পীৰ সংখ্যাই সৰহ। কি শাস্ত্ৰীয়, কি লঘু উভয়বিধ সঙ্গীত কলাতেই প্ৰাণৱন্ত কলাসৃষ্টি কৰিব পৰা কৃতি শিল্পীৰ সংখ্যা অসমত তেনেই তাকৰ।

 গীত সৃষ্টিৰ মাধ্যম স্বৰ সমূহক সাধনাৰে বিশুদ্ধ ভাবে আয়ত্ব কৰি বিশেষ নায়কী আৰু গায়কীৰে সৃষ্টিশীল সুৰৰ ইন্দ্ৰজালেৰে লঘু গীত-মাত সৃষ্টি কৰাৰ ক্ষেত্ৰত অসমত ভূপেন হাজৰিকাৰ সমকক্ষ শিল্পী নাই বুলিব পাৰি। হাজৰিকাৰ স্বভাৱ মধুৰ কণ্ঠ সাধনাত সুমধুৰ। স্বৰৰ ওপৰত হাজৰিকাৰ বলিষ্ঠ দখল আছে। সেয়েহে তেওঁৰ গীত বেসুৰা দোষত দুষ্ট নহয়। মধুৰ কণ্ঠেৰে সকলো গীতকেই সুৰত গোৱা বাবে তেওঁৰ যি কোনো গীতেই কাণত অমিয়া ঢালে।

 কথা ভাব সুৰ আৰু তালৰ শুভ মিলনতহে পূৰ্ণাঙ্গ সঙ্গীত কলাই ৰূপ লৈ উঠে। কথাৰ ভাবৰ লগত সেই ভাব মূৰ্ত্তিমন্তকাৰী সুৰ আৰু তালৰ শুভ মিলন ঘটোৱাত হাজৰিকাৰ দক্ষতাৰ তুলনা নাই। গীতৰ কথাত ভাঁহি উঠা ছবি তেওঁৰ সুৰৰ পৰশত জীৱন্ত হৈ শ্ৰোতাৰ চকুত জিলিকি উঠে। এই চিত্ৰধৰ্মিতা হাজৰিকাৰ গীতৰ প্ৰধান বৈশিষ্ট্য। বেচিভাগ অসমীয়া লঘু সঙ্গীত শিল্পীৰ গীতত এনে স্পষ্ট চিত্ৰ দেখা পোৱা নাযায়। তেওঁৰ “ৰুম ঝুম ঝুম ঝুমুকা কঁপাই”গীতটি শুনাৰ লগে লগে অঙ্গে অঙ্গে শোভাযুক্ত চাওতালী গাভৰুজনীয়ে লাজতে ৰূপ লুকুৱাই ৰূপচী নৈত গাধোৱা দৃশ্যটি চকুৰে চাই থকা যেন লাগে। “কত জোৱানৰ মৃত্যু হ’ল”গীতটি শুনি থাকিলে সীমান্তৰ ৰণক্ষেত্ৰত বিচৰণ কৰা যেন লাগে। “ফুট গধূলিতে কপিলী খুটিত”গীতটি শুনিলে নলবাহাদূৰ ছেত্ৰীয়ে গাই বিচৰাৰ চলেৰে কাঞ্চীজনীক মনৰ মৰম যচা দৃশ্যটি